৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জয়দ্ৰথৰ দৰ্পচূৰ্ণ

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য • প্ৰকাশিতঃ ২৮ নৱেম্বৰ, ২০২৫
৯ মিনিট পঠন • ১৪৬১ বাৰ পঢ়া হৈছে

 (৭)

নৱনীতা ভট্টাচাৰ্য্য

 

অজগৰৰ সাধুটো কৈ উঠি মাকে বনীক ক’লে, “সেইবাবে মানুহ কেতিয়াও অহংকাৰী হ’ব নালাগে৷ যিমানেই গুণ-গৰিমা, ধন-সোণ নাথাকক কিয় মানুহ সদায় বিনয়ী হ’ব লাগে৷ অহংকাৰে মানুহক লোভী কৰিও তোলে৷ কথাতে কয় নহয় - লোভেই পাপ আৰু পাপেই মৃত্যু৷”

মাকৰ মুখে মুখে বনীয়েও কথাষাৰ আওৰাই দুপাক মান জঁপিয়ালে৷ মাকে তাক টানি বহুৱাই ক’লে, আজি তোমাক তেনে এটা সাধু কওঁ শুনা-

বনবাসৰ সময়ত কিছুদিনৰ বাবে পঞ্চপাণ্ডৱ কাম্যক বনত আছিল৷ সেই সময়ত তেওঁলোক ধৌম্য মুনিৰ আশ্ৰমত আশ্ৰয় লৈছিল৷ এদিনৰ কথা, পঞ্চপাণ্ডৱে মুনিৰ অনুমতি লৈ মৃগয়া কৰিবলৈ ওলাই গৈছিল আৰু দ্ৰৌপদী ঘৰত অকলে আছিল৷ এনেতে সেই ফালেদি দুৰ্যোধনৰ ভনীজোঁৱায়েক সিন্ধুৰাজ জয়দ্ৰথ পাৰ হৈ গ’ল৷ হঠাৎ তেওঁ দ্ৰৌপদীক দেখা পাই থমকি ৰ’ল৷ দ্ৰৌপদীৰ ৰূপত মোহিত হৈ তেওঁ সেই ৰূপহীগৰাকী কোন তাকে জানিবলৈ মন কৰিলে৷ সেইবাবে তেওঁ লগৰ ৰজা এজনক আশ্ৰমলৈ পঠিয়াই দিলে৷ ৰজাজনে গৈ নিজৰ চিনাকি দি তালৈ কিয় গৈছে তাৰ উদ্দেশ্য বৰ্ণনা কৰিলে৷ দ্ৰৌপদীয়ে সকলো কথা বুজি পাই তেওঁ নিজৰ চিনাকি দাঙি ধৰি ক’লে যে, দুৰ্যোধনৰ ভনীজোঁৱায়েক তেওঁলোকৰো আপোন৷ পঞ্চপাণ্ডৱ আহি তেওঁলোকক দেখা পালে বৰ সন্তোষ পাব৷ সেইবাবে তেওঁ জয়দ্ৰথক মাতি আদৰ-সাদৰকৈ আগবঢ়াই নি চোতালত বহিবলৈ দিলে আৰু জা-জলপানৰ যোগাৰ কৰি দিলে৷ দুষ্ট মনৰ জয়দ্ৰথে জলপানৰ ওপৰত চকু ফুৰাই ক’লে, “তোমাৰ স্থান ৰাজকাৰেঙতহে, বনত নহয়৷ এতিয়াই মোৰ ৰথত উঠাঁ৷”

জয়দ্ৰথৰ কথা শুনি দ্ৰোপদীৰ খঙে চুলিৰ আগ পালেগৈ৷ তেওঁ জয়দ্ৰথক অতি সোনকালে তাৰ পৰা আঁতৰি যাবলৈ ক’লে, নহ’লে পঞ্চপাণ্ডৱ আহি কি দশা কৰিব তাক বৰ্ণনা কৰিলে৷ জয়দ্ৰথে কিন্তু দৌপদীক কথা নুশুনি তেওঁক টানি নি ৰথত উঠাবলৈ চেষ্টা কৰিলে৷ দৌপদীয়ে উপায় নাপাই পুৰোহিত ধৌম্যক চিঞৰি চিঞৰি মাতিব ধৰিলে৷ ধৌম্য আহি পৰিস্থিতি বিষম দেখি ভীমক চিঞৰি মাতি মাতি ৰথৰ পিছে পিছে দৌৰি যাবলৈ ধৰিলে৷ এনেতে পঞ্চপাণ্ডৱ উভতি আহি শিবিৰত কাকো নেদেখি চিন্তাত পৰিল৷ লগে লগে লিগিৰী এজনী আহি কান্দি কান্দি অলপ আগতে ঘটি যোৱা ঘটনাটো বিৱৰি ক’লে৷ কথাটো শুনাৰ লগে লগে সকলোৱে দৌপদীক বিচাৰি ওলাল৷ কিছুদূৰ যোৱাৰ পাছত তেওঁলোকে ধৌম্য মুনিৰ চিঞৰ শুনি তাক অনুসৰণ কৰি আগ বাঢ়ি যাবলৈ ধৰিলে৷ জয়দ্ৰথে তেওঁলোকক দেখি লগৰ ৰজাবিলাকক আগচি ধৰিবলৈ আদেশ দিলে৷ জয়দ্ৰথৰ মিত্ৰ ৰজাবিলাকৰ লগত পঞ্চপাণ্ডৱৰ তয়াময়া ৰণ লাগিল৷ পঞ্চপাণ্ডৱৰ ৰণৰ দক্ষতা দেখি জয়দ্ৰথে ভয় খাই দৌপদীক ৰথৰ পৰা নমাই হাবিৰ ফালে পলাবলৈ ধৰিলে৷ তেতিয়া যুধিষ্ঠিৰে লৰালৰিকৈ দৌপদীক ৰথত উঠাই লৈ আশ্ৰমলৈ আহিবলৈ ওলাল৷ অহাৰ সময়ত তেওঁ ভীমক উদ্দেশ্যি ক’লে, “ভীমসেন, জয়দ্ৰথ যিমানে পাপী নহওক কিয় দুঃশালা আৰু গান্ধাৰীৰ কথা সুঁৱৰি প্ৰাণে মৰাটো উচিত নহ’ব৷”

ইফালে অৰ্জুন আৰু ভীম দুয়ো মহাবিক্ৰমেৰে জয়দ্ৰথৰ পিছে পিছে খেদি গ’ল৷ অৰ্জুনে জয়দ্ৰথৰ ৰথৰ ঘোঁৰাকেইটাক মাৰিলে আৰু ভীমে জয়দ্ৰথৰ পাহকটা চুলিকোছা থাপ মাৰি ধৰি কৰঙন দুটাৰ মাজত সুমুৱাই লৈ কুঁহিয়াৰ চেপা দি চেপিবলৈ ধৰিলে৷ জয়দ্ৰথে ধৰফৰাবলৈ ধৰিলে৷ এনেতে অৰ্জুনে যুধিষ্ঠিৰে কৈ যোৱা কথাষাৰ ভীমক সোঁৱৰাই দি জয়দ্ৰথক প্ৰাণে মাৰিবলৈ হাক দিলে৷

তাকে শুনি ভীমৰ খং উঠি গ’ল৷ খঙতে তেওঁ জয়দ্ৰথৰ চুলিত সেওঁতা ফলাৰ নিচিনাকৈ খুৰাই পাটি আঁকি দিলে আৰু জৰীৰে বান্ধি যুধিষ্ঠিৰৰ ওচৰলৈ লৈ আহিল৷ যুধিষ্ঠিৰে জয়দ্ৰথৰ অৱস্থা দেখি ফিচিককৈ হাঁহি এটা মাৰি ভীমক ক’লে, “এওঁক যাবলৈ দিয়াঁ৷”

ভীমে তেতিয়া ক’লে, “দৌপদীয়ে ক’লেহে ইয়াক মুক্তি দিয়া হ’ব৷”

দৌপদীয়ে তেতিয়া ক’লে, “এওঁক মূৰত পাঁচটা জঁটা দেখিয়েই বুজিছোঁ, এওঁ যে আমাৰ যাউতি-যুগীয়া দাস৷ এতিয়া এওঁক মুকলি কৰি দিয়াই ভাল হ’ব৷” ভীমে তেতিয়া জয়দ্ৰথৰৰ হাতে-ভৰিয়ে বান্ধি থোৱা জৰীৰ বান্ধোন খুলি দিলে৷ মুক্তি পায়েই জয়দ্ৰথে যুধিষ্ঠিৰক ভক্তিভাৱে সেৱা কৰি লাজে-অপমানে তাৰ পৰা গুচি গ’ল৷”

মাকে কথাখিনি কৈ অলপ জিৰণি লোৱা দেখি বনীয়ে ক’লে, “শেষত পঞ্চপাণ্ডৱৰ হাতত জয়দ্ৰথেও হাৰ মানিলে৷”

“ঠিকেই কৈছা। কিন্তু সিদিনাখন হাৰ মানিলে হয়, তথাপি পাণ্ডৱ পুত্ৰৰ সমস্যা শেষ নহ’ল কিয়নো লাজে-অপমানে মৰ্মাহত হৈ জয়দ্ৰথে গংগাস্নান কৰি মহাদেৱক তপস্যা কৰিবলৈ ধৰিলে৷ কঠোৰ তপস্যাৰ ফলত তেওঁ মহাদেৱৰ পৰা এটা বৰ পালে৷ বৰটো হ’ল তেওঁ এদিনৰ বাবে অৰ্জুনৰ বাহিৰে আন চাৰিজন পাণ্ডৱক জিনিব পাৰিব৷”

“অ’ তাৰমানে জয়দ্ৰথে অৰ্জুনৰ বাহিৰে আন চাৰিজন পাণ্ডৱক বধ কৰিছিল নেকি?”-বনীয়ে চিন্তিত মনেৰে ক’লে৷

“সেইয়া তুমি শুনোতে ভুল কৰিলা নহয়৷ মই এদিনৰ বাবেহে জিনিব পাৰিব বুলিহে কৈছিলোঁ৷ মহাদেৱৰ এই বৰৰ ফলতে জয়দ্ৰথে এদিন যুদ্ধত চাৰি পাণ্ডৱক ৰুদ্ধ কৰি ৰাখিছিল আৰু সিদিনাখনেই কুৰুক্ষেত্ৰৰ যুদ্ধত ডাঙৰ ঘটনা এটা ঘটিছিল৷”

“কি ঘটনা, মা?”- বনীয়ে পুনৰ সুধিলে৷

সিদিনাখন আছিল কুৰুক্ষেত্ৰৰ যুদ্ধৰ ত্ৰয়োদশ দিন৷ দ্ৰোণাচাৰ্যই পাণ্ডৱৰ পক্ষৰ এজন নহয় এজন মহাৰথীক বধ কৰাৰ উদ্দেশ্যে এনে এক বেহু ৰচনা কৰিছিল যে যাক ভেদ কৰাটো পাণ্ডৱসকলৰ বাবে অতি কঠিন হৈ পৰিছিল৷ সেই বেহুটোৰ নাম আছিল চক্ৰবেহু৷ কিয়নো ই আছিল চকৰি এটাৰ লেখীয়া ঘূৰণীয়া আকৃতিৰ৷ এই চকৰিটোৰ ভিতৰত আঠোটা ঘূৰণীয়া তৰপৰে পাক খাই থকা কুণ্ডলী এটাৰ ৰূপত লানি নিছিগা ধাৰাৰে সৈন্যখিনি সজাই থোৱা থকে৷ ইয়াত প্ৰৱেশ কৰা আৰু উভতি ওলাই অহাৰ দুৱাৰ মাথোন এখন৷ এই বেহু ৰচনা কৰি দ্ৰোণই তাৰ বিভিন্ন সন্ধিস্থলত বচা বচা যোদ্ধাসকলক থৈছিল৷ এই বেহুটোৰ দুৱাৰৰখীয়া আছিল জয়দ্ৰথ৷ এই বেহুটো ভেদ কৰাৰ কৌশল অকল চাৰিজনেহে জানিছিল৷ তেওঁলোক হ’ল অৰ্জুন, কৃষ্ণ, প্ৰদুন্ম আৰু অভিমন্যু৷ সিদিনাখন আকৌ কৌৰৱসকলে কৌশল কৰি অৰ্জুনক আন যোদ্ধাৰ লগত যুদ্ধত ব্যস্ত ৰাখিছিল, কাৰণ তেওঁলোকে জানিছিল অৰ্জুনক বধ কৰাটো অসম্ভৱ৷ অৰ্জুনৰ অনুপস্থিতিত সিদিনাখন অভিমন্যু চক্ৰবেহু ভেদ কৰিবলৈ ওলাল৷ অভিমন্যুৱে আকৌ চক্ৰবেহুত প্ৰৱেশ কৰাৰ কৌশলটোহে জানিছিল৷ কেনেকৈ ওলাই আহিব লাহে সেইটো হ’লে তেওঁ নাজানিছিল৷ অভিমন্যুৰ পিছে পিছে আন আন ৰথী-মহাৰথীসকল গৈছিল যদিও জয়দ্ৰথে সকলোকে আগচি ধৰি সোমোৱাত বাধা দিছিল৷ কিয়নো মহাদেৱৰ বৰটোৰ ফলত সিদিনাখন প্ৰত্যেকেই জয়দ্ৰথৰ ওচৰত হাৰ মানিবলগীয়া হৈছিল৷ ফলত অভিমন্যু অকলে বেহুৰ ভিতৰলৈ সোমাই গৈছিল আৰু অতি পাৰদৰ্শিতাৰে যুঁজি বহুতো ৰথীক নিধন কৰিছিল৷ অভিমন্যুৰ নিপুণতা দেখি সকলোৱে তবধ মানিলে৷ সেই যুদ্ধত দুৰ্যোধনৰ পুতেক লক্ষ্মণ অভিমন্যুৰ হাতত মৰিছিল৷ তাকে দেখি দুৰ্যোধনে সকলোকে চিঞৰি চিঞৰি ক’লে, “আপোনালোকে যিকোনো প্ৰকাৰে অভিমন্যুক বধ কৰক৷”

অৱশেষত দ্ৰোণাচাৰ্য, কুলগুৰু কৃপাচাৰ্য, অংগৰাজ কৰ্ণ, গুৰুপুত্ৰ অশ্বত্থামা আৰু কৃতবৰ্মা এই ছয়জন মহাৰথীয়ে চাৰিওফালৰ পৰা বেঢ়ি ধৰি অভিমন্যুৰ ওপৰত শৰ-প্ৰহাৰ কৰিবলৈ ধৰিলে৷ অতি সাহসিকতাৰে সকলো যোদ্ধাকে ধৰাশায়ী কৰিও অৱশেষত অভিমন্যুৱে হাৰ মানিলে আৰু সেই যুদ্ধত তেওঁৰ মৃত্যু হ’ল৷ অন্যায় সমৰত অভিমন্যুক বধ কৰা দেখি অৰ্জুনে প্ৰতিজ্ঞা কৰিলে যে, “কাইলৈৰ ভিতৰতে মই জয়দ্ৰথক বধ কৰিম, নহ’লে মই জুইত জাঁপ দি জাহ যাম৷”

অৰ্জুনৰ প্ৰতিজ্ঞা শুনি কৌৰৱৰ শিবিৰত হুৱা-দুৱা লাগি গ’ল৷ পাছদিনা ছজনকৈ মহাৰথী জয়দ্ৰথৰ ৰখীয়া হৈ থাকিল৷ দ্ৰোণই চক্ৰশটক নামৰ এটা দুৰ্ভেদ্য বেহু সাজি উলিয়ালে৷ সকলোকে নেওচি জয়দ্ৰথক মাৰিবলৈ টান হৈ পৰিল৷ ইফালে বেলি বুৰ যাবৰ সময় হ’ল৷ তাকে দেখি দুৰ্যোধনে মনে মনে ভাবিব ধৰিলে যে “বেলি বুৰ যোৱালৈকৈ জয়দ্ৰথক ৰাখিব পাৰিলে অৰ্জুনৰ প্ৰতিজ্ঞা ভংগ হ’ব আৰু তেতিয়া তেওঁ আপোনা-আপুনি জুইত জাহ যাব৷ অৰ্জুনৰ শোকত বাকী চাৰিজন পাণ্ডৱো মৰিব৷ তেতিয়া ময়ে ৰাজসুখ ভোগ কৰিব পাৰিম৷”

পৰিস্থিতি চাই কৃষ্ণই অৰ্জুনক ক’লে, “সখা, জয়দ্ৰথক মাৰিবলৈ টান হৈ পৰিছে৷ ইফালে সময়ৰো নাটনি৷ গতিকে ছলনাৰ আশ্ৰয় ল’ব লাগিব৷ মই যোগৰ মায়াৰে বেলিটো ঢাকি ধৰিম৷ তেতিয়া জয়দ্ৰথে ঘেৰৰ মাজৰ পৰা ওলাই আহিব৷ সেই ছেগতে তুমি জয়দ্ৰথৰ মূৰটো কাটি নি তেওঁৰ পিতৃৰ কোলাত পেলাবা৷”

এইবুলি কৈয়ে কৃষ্ণই বেলিটো ঢাকি ধৰিলে৷ সকলোৱে ভাবিলে দিনটোৰ অন্ত পৰিলে৷ সেই চেগতে অৰ্জুনে বিশেষ কৌশলেৰে জয়দ্ৰথক বধ কৰিলে৷ কিয়নো জয়দ্ৰথৰ জন্মৰ সময়তে তেওঁৰ পিতৃ বৃদ্ধক্ষত্ৰই আকাশবাণী শুনিবলৈ পাইছিল যে “তোমাৰ পুত্ৰক কোনোবা বিখ্যাত যোদ্ধাই শিৰচ্ছেদ কৰি বধ কৰিব৷” তাকে শুনি বৃদ্ধক্ষত্ৰই ভবিষ্যতৰ শত্ৰুক অভিশাপ দি ক’লে যে, “মোৰ পুত্ৰৰ কটা মূৰ যিয়ে মাটিত পেলাব, তাৰো মূৰ ফালি এশফাল হ’ব৷”

সেইবাবে কৃষ্ণৰ কথা মতে অৰ্জুনে জয়দ্ৰথলৈ এনে এবিধ আলৌকিক শৰ মাৰি পঠিয়ালে যে শৰপাটে জয়দ্ৰথৰ মূৰটো নি সন্ধ্যা উপাসনা কৰি থকা বৃদ্ধক্ষত্ৰৰ কোলাত পেলাই দিলে৷ হঠাৎ কোলাত কিবা এটা পৰাত তেওঁ উচপ খাই সেইটো আছাৰ মাৰি পঠিয়ালে৷ লগে লগে তেওঁৰ মূৰটো ফালি ছিৰাছিৰ হৈ গ’ল৷

আনফালে কৃষ্ণই মায়া সামৰিলত গোটেইখন পোহৰেৰে ফটফটীয়া হৈ উঠিল৷ কৃষ্ণ আৰু অৰ্জুনে শংখ বজাই জয়দ্ৰথৰ মৃত্যু হ’ল বুলি সকলোকে জনাই দিলে৷

ন
লেখকৰ পৰিচয়

নৱনীতা ভট্টাচাৰ্য্য

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)