৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বাহুবলী ভীম

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য • প্ৰকাশিতঃ ২৮ ছেপ্টেম্বৰ, ২০২৫
৫ মিনিট পঠন • ১১৭২ বাৰ পঢ়া হৈছে

(৫)


ভীম-হনুমানৰ মিলন


প্ৰতিশ্ৰুতি অনুসৰি মাকে সিদিনাখন বনীৰ আগত ভীম আৰু হনুমানৰ মিলনৰ কাহিনীটো ক’বলৈ আৰম্ভ কৰিলে-

তেতিয়া পাণ্ডৱসকল পাশাখেলত হাৰি বনবাস খাতি আছিল৷ তেওঁলোকে নানা ঠাই ঘূৰি ফুৰি তেতিয়া বদৰিকাশ্ৰমত প্ৰৱেশ কৰিছিল৷ সেইসময়তে এদিন বতাহে উৰুৱাই অনা এপাহ অতি ধুনীয়া সোণবৰণীয়া পদুম ফুল দ্ৰৌপদীৰ সন্মুখতে পৰিলহি৷ দ্ৰৌপদীয়ে সেই ফুলপাহ বুটলি আনি ভীমক দেখুৱাই তেনেকুৱা আৰু কেইপাহমান ফুল আনি দিবলৈ খাটনি ধৰিলে৷

দ্ৰৌপদীৰ অনুৰোধ মৰ্মে ভীমে সেই ফুলৰ সৰোবৰ বিচাৰি ওলাই গ’ল৷ এনেতে কিছুদূৰ যোৱাৰ পাছত ভীমে হৰিণাৰ জাক, বনৰীয়া গাহৰি, ম’হ, সিংহ, শিয়াল আদি জাকে জাকে চলি থকা এখন পথাৰ দেখা পালে৷ তাৰ পাছত নানা ধৰণৰ কলগছেৰে উপচি থকা কলৰ বাৰী এখন দেখা পালে৷ সেই বাৰীখনত সোমায়ে ভীমে কেইজোপামান কলগছ উভালি পেলালে৷ লগে লগে গছত পৰি থকা চৰাইবোৰ উৰা মাৰিবলৈ ধৰিলে৷ ভীমে সেই চৰাইবোৰৰ পিছ লৈ গৈ থাকিল৷ কিছুদূৰ যোৱাৰ পাছত তেওঁ এটা সৰোবৰ পালে৷ তেওঁ সৰোবৰটো পায়েই তাত নামি গা ধুবলৈ ধৰিলে৷ পানীৰ পৰা উঠি আহি ভীমে তেওঁৰ শংখটো বজাবলৈ আৰম্ভ কৰিলে৷ শংখৰ মাত শুনি বনৰ সিংহবোৰে গুজৰিবলৈ আৰম্ভ কৰিলে আৰু জাকে জাকে হাতীবোৰ ওলাই আহি চিঞৰিবলৈ আৰম্ভ কৰিলে৷ মুঠতে বনখনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল৷

তাৰ ওচৰতে আকৌ হনুমান আছিল৷ ভায়েক ভীমে তাত তেনেদৰে হুলস্থুল কৰা দেখি তেওঁ চিন্তাত পৰিল৷ কিয়নো সেইডোখৰ আছিল স্বৰ্গৰ দুৱাৰমুখ৷ সেই ঠাইটুকুৰাত তেনেদৰে হুলস্থুল কৰাটো নিষিদ্ধ৷ সেইবাবে হনুমানে থিৰাং কৰিলে যে ভীমক বাটতে আগচি ধৰিব লাগিব৷ সেই বাটটো তেনেই ঠেক আছিল৷ ৰাস্তাৰ দুয়োফালৰ গছ-বন ঠেলি কোনোমতে এজন মানুহ আগুৱাই যাব পাৰে৷ হনুমানে বাটতে শুই নেজডাল জোকাৰিব ধৰিলে৷ সেই শব্দ পৰ্বতৰ গাত ঠেকা খাই ৰজনজনাই উঠিল৷ শব্দটো শুনি ভীমে উচপ খাই উঠিল৷ ওচৰ চাপি আহি দেখে মস্ত শিল এটাৰ ওপৰত বান্দৰ এটা শুই আছে৷ ভীমে ওচৰলৈ আহি বাট এৰি দিবলৈ ক’লে৷ হনুমানে তেতিয়া ভীমলৈ চাই ক’লে, “মোৰ গা নৰিয়া৷ তুমি আহি মোৰ টোপনি ভাঙিলা৷ এই বাটেৰে দেৱলোকলৈ যায়৷ তুমি তালৈ যাব নোৱাৰাঁ৷”

হনুমানৰ কথা শুনি ভীমে খঙেৰে ক’লে, “তুমিনো কোন? মোৰ যিয়ে নহওক কিয় মই যামেই৷ মোৰ ৰাস্তা এৰি দিয়াঁ৷”

তেতিয়া হনুমানে ক’লে, “মই এটা বান্দৰ৷ মোৰ গা নৰিয়া৷ লৰচৰ কৰিব পৰা শক্তি মোৰ নাই৷ যাব যদি খুজিছা মোক ডেই গুচি যোৱাঁ৷”

ভীমে তেতিয়া ক’লে, “মই সেই পাপ কাম কৰিব নোৱাৰোঁ৷ নহ’লে তাহানিৰ হনুমানে সাগৰ ডেই যোৱাৰ দৰে তোমাক নহয়, পৰ্বতটোকে ডেই গলোহেঁতেন৷”

ভীমৰ কথা শুনি হনুমানে ক’লে, “হনুমাননো কোন?”

“হনুমান হ’ল মোৰ ককাই৷ মহা গুণবান আৰু প্ৰতাপী বীৰ৷ ময়ো ইচ্ছা কৰিলে তোমাক এসেকা দিব পাৰোঁ৷”

হনুমানে ক’লে, “মই এতিয়া বুঢ়া হৈছোঁ৷ তাতে গা নৰিয়া৷ উঠিবকে নোৱাৰোঁ৷ তুমি দয়া কৰি নেজডাল আঁতৰাই কাষেদি গুচি যোৱাঁ৷”

ভীমে কিন্তু নেজডাল দুহাতেৰে ধৰি দাঙিব খুজিও নেজডাল দাঙিব নোৱাৰিলে৷ গোটেই গা ঘামি-জামি গ’ল যদিও নেজডাল অকণো লৰচৰ কৰিব নোৱাৰিলে৷ তেতিয়া ভীমে ভুল ধৰিব পাৰি হাতযোৰ কৰি ক’লে, “মই আপোনাক নক’বলগীয়া বহুতো কথাই ক’লো৷ মোক দায় নধৰিব৷ আপুনি কোন? কোনোবা দেৱতা নে সিদ্ধ পুৰুষ৷”

হনুমানে তেতিয়া নিজৰ ৰূপলৈ আহি চিনাকি ক’লে, “মই হনুমান৷ ভগৱান শ্ৰীৰামে মোক অমৰ হোৱাৰ আশীৰ্বাদ দিছিল৷ সীতা মায়ে বৰ দি কৈছিল, মই যেতিয়াই যি বস্তু বিচাৰোঁ, তেতিয়াই সি মোৰ ওচৰত ওলাবহি৷ শুনা ভীম, এই পথেৰে তুমি আৰু আগুৱাই যাব নোৱাৰিবা৷ তুমি যি পদুম বিচাৰি আহিছা, সেই ফুল ফুলি থকা সৰোবৰটো সেইখিনিতে পাবা৷”

ভীমে হনুমানক সেৱা জনাই আশীৰ্বাদ ল’লে আৰু নিজৰ দুখৰ কাহিনী বিৱৰি ক’লে৷ হনুমানে ভীমৰ কথা শুনি ক’লে, ‘মই অৰ্জুনৰ ধ্বজাৰ ওপৰত বহি লৈ হুংকাৰ কৰিম৷ সেয়ে হ’লে তোমালোকে অনায়াসে শত্ৰু সংহাৰ কৰিব পাৰিবা৷” এইবুলি কৈ হনুমান তাৰপৰা গুচি গ’ল৷ এনেদৰে ভীম আৰু হনুমানৰ মিলন ঘটিছিল৷

মাকৰ সাধু শুনি বনীয়ে পুনৰ গদাটো হাতত লৈ ক’লে, “ভীমৰ সমান শক্তিশালী কোনো নাই৷ ময়ো মহাশক্তিশালী৷”

“আছে৷”

বনীৰ ভাও দেখি মাকে মিচিকিয়াই হাঁহি ক’লে, “ভীমেও কিন্তু সময়ৰ আগত হাৰ মানিবলগীয়া হৈছিল৷”

মাকে কথাষাৰ ক’বহে পালে বনী দাং খাই উঠিল৷ তাকে দেখি মাকে ক’লে, “মহাভাৰতত তেনে এটা সাধুও …

মাকে কথাষাৰ ক’বহে পালে বনীয়ে লগে লগে মাকক সাধুটো ক’বলৈ অনুৰোধ কৰিব ধৰিলে৷ মাকে কিন্তু বনীক আগতে পঢ়া মেজত বহিবলৈহে আদেশ দিলে৷ মাকৰ আদেশ মতে সি পঢ়িবলৈ বহিল আৰু উপযুক্ত সময় অহালৈ অপেক্ষা কৰিলে৷

(আগলৈ)

ন
লেখকৰ পৰিচয়

নৱনীতা ভট্টাচাৰ্য্য

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)