৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বৰষুণৰ ৰেহ-ৰূপ

লেখকঃ নিৰু দত্ত • প্ৰকাশিতঃ ২৪ জুলাই, ২০২৫
২ মিনিট পঠন • ৪২১৫ বাৰ পঢ়া হৈছে

 নিৰু দত্ত

 

 

 

কিন্‌কিনীয়া বৰষুণত  মূৰত জাপি লৈ

কেনকেনাই কলীয়া পথাৰ পালেগৈ ।

বাপেক আছিল দৰক মাৰি নাঙলৰ মুঠিত ধৰি

গহৰা গজা ঘাঁহ খাই বলধযোৰ আছিল চৰি ।

 

ছাগলি খেদা বৰষুণত নুসুমাবা কাপোৰ

ৰ'দচেৰেঙাই হাঁহি মাৰে আঁতৰায় ডাৱৰ।

বে বেকৈ ছাগলীজাকে ভিৰাই লৰ মাৰে

কাণত পানী সোমাই যদি থিতাতে পৰি মৰে।

 

ধাৰাসাৰে বৰষুণ দিলে খাল-ডোং ভৰে 

পথাৰ-সমাৰ একাকাৰ ৰাইজৰ টোপনি হৰে। 

বানপানীত গাঁও বুৰে  বিলৈ-বিপত্তি অপাৰ

মথাউৰি ভাঙে গঁৰা খহে  নাই পাৰাপাৰ।

 

কলহৰ কাণে ঢলা জাক এপ্ৰিল-মে'ত পাবা

ন-পানীত উজানৰ মাছ ধৰিবলৈ যাবা।

হিলদল ভাঙি বৰদৈচিলা মাকৰ ঘৰলৈ যায়

সপ্তাহৰ মূৰত ওভতে চকুলোৰে ওপচায়। 

 

শিল-বৰষুণ আহুকলীয়া ঘৰৰ চাল ফুটে

ডবা-পিটা বৰষুণত কতনো ঘটনা ঘটে। 

বতাহ ধুমুহাৰ লগতে যদি আহে হুৰহুৰাই 

ডাঙৰ ডাঙৰ  গছ উভালি পৰে গিৰিসায়।

 

পেনপেনীয়া বৰষুণৰ নেৰানেপেৰা ধাৰ

 গাঁৱৰ বাট  বোকাময়  চিন বাৰিষাৰ ।

 বৰষুণৰ ৰেহ-ৰূপ গুণি কৰিবা নিজৰ কাম

আজিলৈ সামৰোঁ দেই ধৰোঁগৈ ৰাম নাম।

 

***


ঠিকনা : 

        নিশান্ত নিবাস

       ১নং পদুমণি

       সৰুপথাৰ- ৭৮৫৬০১

        ৭০০২২৪১১৪৫

 

 

 

 

 

***

 

 


ন
লেখকৰ পৰিচয়

নিৰু দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)