৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বিলখন নোহোৱা হ'ল আয়াং

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২০ জুলাই, ২০২৫
২ মিনিট পঠন • ৬৬৮ বাৰ পঢ়া হৈছে

মানস প্ৰতিম দত্ত


ক্ৰমশঃ পথাৰ হ'ব ধৰা বিল এখনে 

মেটেকাৰ মাজৰ পৰা কাবান জুৰিছে।

নৈপৰীয়া প্লাষ্টিকৰ পাহাৰ। পানীত বিষাক্ত অৱশেষ। মাছৰ শ্বাসত বিষ।

ক'ৰ পৰা ক'লৈ গৈছে মাজনিশাৰ জোনাকী পৰুৱা।

আয়াং ঐ, বিলপৰীয়া নাৱত বহি কথা পাতোঁগৈ ব'ল। 

মাছুৱৈ আৰু ডিঙৰা। মাছ আৰু পানী।

বিলৰ পাৰত এতিয়া ইমান ওখ দালান ভেটি!

আয়াং মোৰ,

এতিয়া ধূলিৰ বতাহ, অযথা যন্ত্ৰৰ কোলাহল।  

পখিলাৰ ভঙা ধূসৰ পাখি। ক'ত বহি জুৰিবি বিয়া নামৰ সফুঁৰা- মিদাং নিঃতম।

খিলখিল পদুমৰ হাঁহি, ভেঁটফুলৰ পাহি। 

ক'ত হেৰাল তোৰ স'তে বিচাৰি ফুৰা মকুৱা, শেলুক, চেঁচুৰ।

বিলৰ দৰেই হেৰাই যায় আমাৰ বান্ধোন। ভাগি যায় জীৱন সুৰভি।  

গছৰ শিপা মৰে, মাটি ভেদি বালি বাঢ়ে।  

তথাপি ক’ৰবাত, এতিয়াও শুনো,  

তোৰ সেই ৰিণিকি ৰিণিকি মাত 

আয়াং ঐ, কাংকান কাংকান। 

বিলৰ পাৰত কেনেকৈ সুৰ দিবি, ক'ত আছে বাঁহীৰ মাত।  

এবাৰ থমকি চাইছোঁ। নিজে নিজক দেখিছোঁ।

সকলোকে ফাকি দিও নিজক দিব পৰা নাই।

ফাকি দিয়া কি ইমান সহজ!

জীৱন বৰ ডাঙৰ সাঁথৰ।  

নাজানো নোহোৱা বিলখন কি! সাঁথৰ নে কৌতুক!

মোৰ নে বিলখনৰ!

আহিবি আয়াং

এদিন আমি বিলৰ পাৰলৈ যাম। নাওবোৰ বিচাৰি চাম।

কিজানি বিলখন ওভতাই 

আমি আকৌ আমাক দেখা পাম!

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)