৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বাহুবলী ভীম

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য • প্ৰকাশিতঃ ২৯ জুন, ২০২৫
৫ মিনিট পঠন • ৩৬৮৩ বাৰ পঢ়া হৈছে

নৱনীতা ভট্টাচাৰ্য্য


(২)

হিড়িম্বক বধ আৰু হিড়িম্বাৰ সৈতে বিৱাহ

 

মাকে বনীক দিয়া প্ৰতিশ্ৰুতি অনুসৰি সিদিনাখন হিড়িম্বাৰ সাধুটো ক’বলৈ আৰম্ভ কৰিলে - জতুগৃহৰ পৰা ওলাই পঞ্চপাণ্ডৱে মাক কুন্তীৰ লগত গৈ গৈ গংগা নদী পাৰ হ’ল৷ তাৰ পাছত আকাশৰ নক্ষত্ৰবোৰ চাই দিশকেইটা বুজি ল’লে আৰু তেওঁলোক দক্ষিণৰ ফালে যাবলৈ ঠিক কৰিলে৷ বহুদূৰ খোজ কাঢ়ি গৈ গৈ তেওঁলোক অটব্য হাবি এখনত সোমাল৷ দুখে-ভাগৰে সকলো ক্লান্ত হৈ পৰিল আৰু পানী বিচাৰি হাহাকাৰ কৰিব ধৰিলে৷ অৱশ্যে ভীমৰ সিমান ভাগৰ লগা নাছিল৷ সেইবাবে তেওঁ সকলোকে জিৰণি ল’বলৈ দি পানী বিচাৰি গ’ল৷ কিছু পৰৰ পাছত ভীমে অনা পানী খাই সকলোৱে এঘুমটি মাৰি ল’বলৈ ল’লে৷ সকলো ইমানে ভাগৰুৱা হৈ পৰিছিল যে অলপ জিৰণি লোৱাৰ পাছতে সকলোকে টোপনিয়ে ঘেৰি ধৰিলে৷ ভীমে সকলোকে শুবলৈ দি ৰখীয়া হিচাপে সাৰ পাই থাকিল৷

তেওঁলোক শুই থকা ঠাইডোখৰৰ কিছু নিলগত থকা শাল গছ এজোপাত আকৌ হিড়িম্ব নামৰ ভয়ংকৰ ৰাক্ষস এটাই বাস কৰিছিল৷ তাৰ গাটো আছিল কিচকিচিয়া ক’লা, পকা আঙঠাৰ দৰে ৰঙা চকু, গাধৰ কাণৰ দৰে দীঘল আৰু কণী-চানেকীয়া কাণ আৰু ষাড়গৰুৰ নিচিনা ডবহা দুখন কান্ধ৷ পঞ্চপাণ্ডৱক দেখি তাৰ মানুহৰ মঙহ খোৱাৰ হেঁপাহ জাগি উঠিল৷ সি তাৰ ভনীয়েকক মাতি আনি পঞ্চপাণ্ডৱক দেখুৱাই আধা-মৰা কৰি আনিবলৈ ক’লে৷ ককায়েকৰ কথা শুনি হিড়িম্বা গিৰিপকৈ উঠি পাণ্ডৱসকলৰ ওচৰ পালেগৈ৷ কিন্তু ভীমক দেখি হিড়িম্বাৰ মন সলনি হৈ গ’ল৷ ভীমক দেখি তাই কি উদ্দেশ্যেৰে তালৈ গৈছিল সকলো পাহৰি গ’ল আৰু ভীমক বিয়া কৰাবলৈ মন মেলিলে৷ সেইবাবে হিড়িম্বাই মায়াৰ বলেৰে ধুনীয়া ছোৱালী এজনী হৈ ভীমৰ ওচৰলৈ আহি ক’লে, “এই বনত হিড়িম্ব নামৰ ৰাক্ষস এজন আছে৷ মই তেওঁৰে ভনীয়েক৷ তেওঁ আপোনালোকৰ মঙহেৰে ভোজ পাতিবলৈ মন কৰিছে৷ সেইবাবে তেওঁ মোক ইয়ালৈ পঠিয়াইছে৷ কিন্তু মই সেইটো কাম নকৰোঁ৷ মই আপোনাক ৰক্ষা কৰিবলৈহে ইয়ালৈ আহিছোঁ৷ মই আপোনাক স্বামী হিচাপে বৰণ কৰিছোঁ৷ আপুনি য’লৈকে যাব খোজে, ত’লৈকে যাবলৈ মই সাজু৷ আপুনি মোৰ লগত ওলাওক৷”

হিড়িম্বাৰ কথা শুনি ভীমে হাঁহি ক’লে, “মই মোৰ আপোনসকলক এৰি ক’লৈকো নাযাওঁ, যাব নোৱাৰোঁ৷ তেওঁলোক আটাইবোৰ ধুনীয়াকৈ শুই আছে৷ মই তেওঁলোকৰ টোপনি ভাঙিবও নোৱাৰোঁ আৰু শুনা- ৰাক্ষস হওক, যক্ষ হওক বা গন্ধৰ্ব হওক- সকলোৱে মোৰ হাতত এটা পিটিকাৰ বন৷”

ইফালে হিড়িম্বা উভতি যোৱাত পলম হোৱা দেখি হিড়িম্ব আহি সেইখিনি ওলালেহি৷ ভনীয়েকক সুন্দৰী ৰূপত দেখি হিড়িম্বই সকলো বুজি পালে খঙে তাৰ চুলিৰ আগ পালেগৈ৷ খঙত জ্বলি-পকি সি পাণ্ডৱসকলৰ ফালে চোঁচা ল’লে৷ ভীমে বাকীসকল সাৰ পায় বুলি ভাবি আগচি ধৰি হিড়িম্বক অলপ আঁতৰলৈ চোঁচৰাই নিলে৷ তাৰ পাছত দুয়োৰে মাজত ভীষণ মাল-যুঁজ লাগিল৷ দুয়োৰে দপদপনিত সকলোৰে টোপনি ভাগিল৷ তেনেতে অৰ্জুনে ভীমৰ ওচৰলৈ আহি ক’লে, “দাদা, তুমি পলম নকৰিবা৷ ৰাতি পুৱাবৰ হৈছে৷ দোকমোকালিৰ সময়ত ৰাক্ষসবোৰৰ বল বাঢ়ে৷ তাক সোনকালে বধ কৰাঁ৷”

অৰ্জুনৰ কথা শুনি ভীমে হিড়িম্বক মুৰৰ ওপৰত তুলি টাকুৰী ঘূৰোৱাদি ঘূৰাবলৈ ধৰিলে৷ তাৰ পাছত মাটিত থেকেচা মাৰি পেলাই দিলে আৰু ভৰিৰে গচকি ধৰিলে৷ ভীমৰ ভৰ সহ্য কৰিব নোৱাৰি তাৰ প্ৰাণ-বায়ু উৰি গ’ল৷

ভীমে হিড়িম্বক বধ কৰি হিড়িম্বাৰ ফালে চালে৷ হিড়িম্বাই ভয় খাই কুন্তীৰ ওচৰলৈ গৈ হাত যোৰ কৰি মনৰ সকলো কথা ভাঙি-পাতি ক’লে৷ হিড়িম্বাৰ কথা শুনি যুধিষ্ঠিৰে তেওঁৰ কথাতে হয়ভৰ দিলে৷ মাক আৰু চাৰি সহোদৰৰ সন্মতিত ভীম আৰু হিড়িম্বাৰ বিয়া পাতি দিয়া হ’ল৷ কিছুদিনৰ পাছত তেওঁলোকৰ সন্তান এটা জন্ম হয়৷ সন্তানটিৰ নাম ৰখা হয় ঘটোৎকচ৷ ঘটোৎকচো এজন পৰাক্ৰমী যোদ্ধা আছিল৷ কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত তেওঁ বহুতো যোদ্ধাক বধ কৰি শেষত কৰ্ণৰ অব্যৰ্থ বাণৰ আঘাতত মৃত্যুবৰণ কৰিছিল৷ তেওঁৰ মৃত্যুৱে পঞ্চপাণ্ডৱক মৃত্যুৰ পৰা উদ্ধাৰ কৰি গৈছে৷ কিয়নো কৰ্ণই ঘটোৎকচক মাৰিবলৈ বিশেষ একঘাতিনী শৰপাট ব্যৱহাৰ কৰিছিল৷ সেই শৰপাট তেওঁ ইন্দ্ৰৰ পৰা বৰ স্বৰূপে পাইছিল৷ এই শৰপাট তেওঁ অৰ্জুনক বধ কৰিবলৈ বুলি থৈ দিছিল৷ কিন্তু সিদিনাখন ঘটোৎকচক বধ নকৰিলে কৌৰবৰ পৰাজয় নিশ্চিত আছিল৷ সেইবাবে উপায়হীন হৈ ঘটোৎকচক মাৰিবলৈ তেওঁ সেই শৰপাট ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল৷

ঘটোৎকচৰ কথা শুনি বনীৰ চকু সেমেকি উঠিল৷ তাৰ ঘটোৎকচৰ বিষয়ে আৰু অলপ জানিবলৈ মন আছিল, কিন্তু সি কিবা এটা কোৱাৰ আগতেই মাকে ক’লে, “ভীমে হিড়িম্বৰ বাহিৰেও বহুতো ৰাক্ষসক বধ কৰি পৰিয়ালৰ লগতে সমাজকো ৰক্ষণাবেক্ষণ দিছিল৷

মাকৰ কথা শুনি বনীৰ তেনে আৰু এটা কাহিনী শুনিবলৈ মন গ’ল৷ সেইবাবে সি মাকক অসুৰ বধৰ আৰু এটা সাধু ক’বলৈ খাটনি জুৰিলে৷ বনীৰ কথা শুনি মাকে ক’লে, “সোণ, এতিয়া তোমাৰ পঢ়াৰ সময়৷ আৰু এটা কথা, এদিনত এটা সাধুহে শুনিব পাৰি৷ সেইবাবে তুমি আৰু কিছু সময় অপেক্ষা কৰিব লাগিব৷”

(আগলৈ)

 

ন
লেখকৰ পৰিচয়

নৱনীতা ভট্টাচাৰ্য্য

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)