৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আন’ৰা

লেখকঃ ৰিমলী বৰকটকী • প্ৰকাশিতঃ ২৩ মে’, ২০২৫
৪ মিনিট পঠন • ৩৬৩ বাৰ পঢ়া হৈছে
আন’ৰা
ডাঙৰকৈ চাওক (Zoom)

 ৰিমলী বৰকটকী


আন’ৰা।

বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি চৰ্চিত এটি নাম৷

আজিৰ লেখাৰ বিষয় এই ছবি ছবি আন’ৰা, যিয়ে ৯৭তম একাডেমী বঁটা প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ অৰিজিনেল চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি ছবিখনে কাঁ চলচ্চিত্ৰ মহোৎসৱত Palme d’or বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল৷ আমেৰিকান এই ছবিখন প্ৰথমে কাঁ চলচ্চিত্ৰ মহোৎসৱতে প্ৰিমিয়াৰ কৰা হৈছিল ২১মে’, ২০২৪ ত৷ পৰৱৰ্তী সময়ত ২০২৪ ৰে অক্টোবৰ মাহৰ ২৪ তাৰিখে ছবিখন দৰ্শকৰ বাবে মুকলি কৰি দিয়া হয়৷ পাঁচোটিকৈ অস্কাৰৰে জিলিকাৰ লগতেই অন্যান্য বঁটা-বাহন তথা মনোনয়ন লাভ কৰিবলৈয়ো সক্ষম হৈছে আন’ৰাই৷ ছবিখন বৰ্তমান দৰ্শকৰ বাবে জি ফাইভত উপলব্ধ৷ আন’ৰাৰ পৰিচালনা কৰিছে টাঞ্জাৰিন, ৰে’ড ৰকেটৰ দৰে আদি বহুল চৰ্চিত ছবিৰ পৰিচালক শ্বন বেকাৰে৷ ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছে শ্বন বেকাৰেই৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰুকলিনৰ এটি ষ্ট্ৰীপ ক্লাবত কাম কৰা এক্স’টিক ডাঞ্চাৰ (ক্লাবলৈ অহাসকলৰ আগত তৰপ তৰপকৈ দেহৰ বস্ত্ৰ গুচাই, মনোৰঞ্জন প্ৰদান কৰা নৰ্তকী) এনিৰ কাহিনী আন’ৰা৷ ছবিৰ আৰম্ভণি হয় ষ্ট্ৰীপ ক্লাৱত এনিৰ গতানুগতিক নৈশচৰ্যাৰে৷ তাৰ মাজতেই ২৩ বছৰীয়া এনিয়ে লগ পায় এজন ২১ বছৰীয়া ৰাছিয়ান যুৱক ইভানক৷ ইভান, যিয়ে ভালদৰে ইংৰাজী ক’ব নোৱাৰে আৰু এনি যিয়ে ৰাছিয়ান বুজি পোৱাৰ লগতে, ভঙা ভঙাকৈ ক’বও পাৰে৷ দুয়ো দুয়োকে লগ পায় আৰু এই লগপোৱাই এনিৰ জীৱনলৈ এক বিৰাট পৰিৱৰ্তন আনিবলৈ ধৰে৷ দুয়ো ক্লাৱৰ বাহিৰত, ইভানৰ আমেৰিকাৰ ঘৰত পাছদিনা লগ হয়৷ দুয়োৰে মাজত কায়িক নৈকট্য বাঢ়ে৷ আৰু বাঢ়ি বাঢ়ি এনে এক পৰ্যায় পায়গৈ যে ইভানে এনিক এসপ্তাহৰ বাবে তাৰ প্ৰেয়সী হৈ থাকিবৰ বাবে অনুৰোধ কৰে৷ অৰ্থৰ বিনিময়ত মান্তি হোৱা এনিয়ে অৱশেষত ইভানৰ এক অভাৱনীয় প্ৰস্তাৱৰ সন্মুখীন হয়৷ ইভানে এনিক বিৱাহৰ প্ৰস্তাৱ দিয়ে৷ হতভম্ব এনিয়ে অৱশেষত ইভানৰ প্ৰস্তাৱত মান্তি হয় আৰু দুয়ো লছ এঞ্জেলছত বিৱাহপাশত আৱদ্ধ হয়৷ ইভানৰ বিৱাহৰ খবৰ ৰাছিয়ান ক’লা ব্যৱসায়ী ইভানৰ পিতৃৰ কাণত পৰাৰ লগে লগে হাহাকাৰ লাগে৷ কাহিনীয়ে গতি সলায়৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইভানৰ স্থিতি কি হয়, এনিয়ে কি কৰে, কিদৰে সিহঁত দুয়োৰে সম্পৰ্ক প্ৰচুৰ প্ৰতিকূলতাৰ মাজেৰে যায়, তাক লৈয়েই ছবিখন আগবাঢ়ে৷ বিশেষকৈ জটিল সময়খিনিত এই যেন এনিৰ ভাগি পৰাৰ ৰূপ এটা দেখিবলৈ পোৱা যাব এনে লাগি থাকে যদিও, পোৱা নেযায়৷ অন্তৰ্নিহিত সেই আৱেগৰ বহিঃপ্ৰকাশ ছবিৰ অন্তিম দৃশ্যত ঘটে৷ যিহেতু ষ্ট্ৰীপ ক্লাৱ, এক্স’টিক নৰ্তকীৰ কথা আছে গতিকেই স্বাভাৱিকতেই ছবিখনত ইন্দ্ৰিয় উদ্দীপক কিছু দৃশ্যাংশৰ উপস্থাপন কৰা হৈছে, কিন্তু এক সুষম মাত্ৰাত৷ আৰম্ভণিৰ হৈ-চৈ, আনন্দময় পৰিৱেশ মধ্যাংশৰ পৰা যতি পৰে আৰু শেষাংশলৈ ই এক বিষাদময় পৰিৱেশলৈ পৰিৱৰ্তিত হয়৷ আৰু ক্ৰমশঃ ছবিখনৰ মনোগ্ৰাহিতা বৃদ্ধি পায়৷ ছবিখনৰ কি দিশৰ প্ৰশংসা নকৰিম সিও এক বিষয়৷ ছবিখনৰ শক্তি হৈছে এখন সুষম গতিৰ চলচ্চিত্ৰৰ বাবে এখন গতিশীল আৰু সু-সংৰচিত চিত্ৰনাট্যৰ লগতে পৰিচালনা৷ ছবিখনৰ সম্পাদনাৰ দিশ, চিনেমেট’গ্ৰাফী, আৱহ সংগীত সকলো দিশেই প্ৰশংসনীয়৷ ছবিখনৰ সম্পাদনাও কৰিছে পৰিচালক শ্বন বেকাৰেই৷

এতিয়া আহিছোঁ অভিনয়ৰ দিশলৈ৷ প্ৰথমেই নাম ল’ব লাগিব ছবিখনৰ নাম ভূমিকাত অভিনয় কৰা এনি বা আন’ৰা অৰ্থাৎ মিকি মেডিচনৰ সাৱলীল অভিনয়ৰ কথা৷ সকলো পৰিস্থিতিতেই মিকি মেডিচন নিজৰ চৰিত্ৰটোত এনেদৰে একাত্ম হৈ আছিল যে সেই চৰিত্ৰটোত মেডিচনৰ বাদে আন কাৰো কথা ভবাৰ থলেই নাই৷ লগতে ইভানৰ চৰিত্ৰত অভিনয় কৰা মাৰ্ক ইডেলষ্টিনৰ অভিনয়ো শলাগনীয়৷ মুঠতে কোনো দিশৰে পৰাই আন’ৰা ছবিখন চাই নিৰাশ নহয় আপুনি৷

 ***

লেখিকাৰ ই-মেইল : rimli.borkotoky1985@gmail.com

 

ৰ
লেখকৰ পৰিচয়

ৰিমলী বৰকটকী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)