৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মিমি আৰু ৰিনিৰ কথা

লেখকঃ জ্যোতিশিখা দত্ত • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২৫
১ মিনিট পঠন • ১৮৬৩ বাৰ পঢ়া হৈছে

 জ্যোতিশিখা দত্ত

 

মিমি আৰু ৰিনি

দুয়ো বাই-ভনী

নিতৌ দুয়ো খায়

একোটাকৈ কণী৷

 

কণী খাই বল পাই

পঢ়া-শুনা কৰে

পাঠসমূহ আওঁৰাই

গুৰুৱে কোৱাৰ দৰে৷

 

এক দুই তিনি চাৰি

গণিতৰ পাঠ

একে দুয়ে তিনি

আৰু পাঁচে দুয়ে সাত৷

 

অ-ফলা পঢ়ি উঠি

ক-ফলা পঢ়ে

আ-কাৰ ই-কাৰবোৰ

পঢ়ে ধীৰে ধীৰে ৷

 

ছবি আঁকি দুয়োটিয়ে

বৰ ভাল পায়

ফুল আৰু ফল আঁকে

গান গাই গাই৷

 

ফলি-কিতাপ সামৰি

প্ৰাৰ্থনা কৰে

পঢ়াৰ শেষত দুয়ো

খেলিবলৈ লৰ মাৰে৷

*** 

 

ঠিকনা : 

জালুকবাৰী, গুৱাহাটী: ৭৮১০১৩

দূৰভাষ : ৭০০২১২০০২১

ই-মেইল : jyotisikhadatta@gauhati.ac.in

জ
লেখকৰ পৰিচয়

জ্যোতিশিখা দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)