৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কেৰিয়াৰ হিচাপ কনটেণ্ট ক্ৰিয়েটৰ (Content Creator)

লেখকঃ ড°বুলজিৎ বুঢ়াগোহাঁই • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২৫
৪ মিনিট পঠন • ১২৭৬ বাৰ পঢ়া হৈছে

ড° বুলজিৎ বুঢ়াগোহাঁই


ডিজিটেল যুগৰ বিকাশৰ লগে লগে কনটেণ্ট ক্ৰিয়েটৰ (Content Creator) হিচাপে কেৰিয়াৰ গঢ়াৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে৷  কনটেণ্ট ক্ৰিয়েটৰে ডিজিটেল প্লেটফৰ্মসমূহত (যেনে - য়ুটিউব, ইনষ্টাগ্ৰাম, ফে’চবুক, ব্ল’গ, প’ডকাষ্ট আদি) বাবে বিভিন্ন ধৰণৰ বিষয়বস্তু (Content) সৃষ্টি আৰু প্ৰকাশ কৰে৷ কনটেণ্ট ক্ৰিয়েটৰসকলে নতুন ধাৰণাৰে দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিব পৰা বিষয়বস্তু ভিডিঅ’, লেখা, অডিঅ’, ফটোগ্ৰাফী, লাইভ ষ্ট্ৰিমিং আদিৰূপত সৃষ্টি কৰে৷ কনটেণ্ট ক্ৰিয়েটৰসকলে  স্বাধীনভাৱে কাম কৰিব পাৰে, কোনো প্ৰতিষ্ঠানৰ লগত যুক্ত হ’ব পাৰে, বা বিভিন্ন ব্ৰেণ্ডৰ সৈতে সহযোগিতা কৰিব পাৰে৷

এজন সফল কনটেণ্ট ক্ৰিয়েটৰ হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – সৃজনশীলতা গুণ, নিয়মানুৱৰ্তিতা ,কল্পনা শক্তি, শিকাৰ প্ৰবৃত্তি, দায়িত্ববোধ, মৌলিকতা, প্ৰযুক্তিগত দক্ষতা, ধৈৰ্য্য আদি৷

কনটেণ্ট ক্ৰিয়েটৰ হ’বলৈ বা কনটেণ্ট তৈয়াৰ কৰিবলৈ কোনো বিশেষ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই৷ কিন্তু গণসংযোগ আৰু সাংবাদিকতা শিক্ষা গ্ৰহণ কৰিলে ভাল হয়৷ দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো গণসংযোগ আৰু সাংবাদিকতা শিক্ষা গ্ৰহণ কৰিব পৰা বহুত শিক্ষানুষ্ঠান আছে৷ গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্ৰম তথা প্ৰশিক্ষণ আগবঢ়োৱা অসমৰ শিক্ষানুষ্ঠান কেইখনমান হ’ল- গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in), তেজপুৰ বিশ্ববিদ্যালয় (www.tezu.ernet.in), অসম বিশ্ববিদ্যালয়(www.aus.ac.in), ডিব্ৰুগড় বিশ্ববিদ্যালয় (www.dibru.ac.in), অসম মহিলা বিশ্ববিদ্যাল (www.awu.ac.in), কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়(www.kkhsou.in), কটন বিশ্ববিদ্যালয় (https://cottonuniversity.ac.in),  অসম ডনব’স্ক’ বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in), Turning Point Institute of Media & Creative Skills,  অসম সাংবাদিকতা বিদ্যালয়, গুৱাহাটী আদি৷

অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল- ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্বন(www.iimc.nic.in), ছিমবায়’ছিছ ইনষ্টিটিউট অৱ মিডিয়া এণ্ড কমিউনিকেশ্বন (www.simc.edu), পুনে বিশ্ববিদ্যালয় (www.unipune.ac.in), কলকতা বিশ্ববিদ্যালয় (www.caluniv.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in), ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুকলি বিশ্ববিদ্যালয় (http://rcguwahati.ignou.ac.in), এছিয়ান কলেজ অৱ জাৰ্ণেলিজিম (www.asianmedia.org),  ইণ্ডিয়ান ইনষ্টিটিউট অৱ জাৰ্ণেলিজিম এণ্ড নিউ মেডিয়া (http://www.iijnm.org), ছফিয়া ইনষ্টিটিউট অৱ ছ’চিয়েল কমিউনিকেশ্বন (http://www.scmsophia.com), লেডী শ্ৰীৰাম কলেজ (http://lsr.edu.in), খ্ৰীষ্ট বিশ্ববিদ্যালয় (www.christuniversity.in), ইন্দ্ৰপ্ৰস্থ কলেজ ফৰ ৱমেন (http://ipcollege.ac.in), জেভিয়াৰ ইনষ্টিটিউট অৱ কমিউনিকেশ্বন (www.xaviercomm.org), হায়দৰাবাদ বিশ্ববিদ্যালয় (www.commuoh.in), মনোৰমা স্কুল অৱ কমিউনিকেশ্বন (www.manoramajschool.com), এমিটি স্কুল অৱ কমিউনিকেশ্বন (https://amityonline.com), মুদ্ৰা ইনষ্টিটিউট অৱ কমিউনিকেশ্বন (www.mica.ac.in),  ভাৰতীয় বিদ্যা ভৱন (http://bhavansvc.org)  আদি৷

 

ড০ বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ : ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

বি.দ্ৰ. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে , তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে৷

ড
লেখকৰ পৰিচয়

ড°বুলজিৎ বুঢ়াগোহাঁই

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)