৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পখীৰ সুৱদি মাত

লেখকঃ মানসী গোস্বামী • প্ৰকাশিতঃ ২৮ ফেব্ৰুৱাৰী, ২০২৫
১ মিনিট পঠন • ৪৪১১ বাৰ পঢ়া হৈছে

মানসী গোস্বামী

 

 

অ’ ৰুণ, অ ৰুণ

মৌমাখিৰ গুণগুণ,

নূপুৰৰ ৰুণজুন

শুনি ভাল লাগে চোন।

 

কুলিয়ে কৰে কুউ কুউ

গছৰ ডালত বহি,

বিহু বুলি দূৰণিত

সেইটো মই কেতেকী।

 

সখী ঔ সখী ঔ

বোলে সখিয়তী,

হেঁটুলুক হেঁটুলুক

হেঁটুলুকা চৰাইটি।

 

কিলিউ কিলিউ মাত

সেইটো চোন শালিকা,

কাহিলী পুৱাতেই জানো

ফেঁচুৰ চিঁউ শুনিছা?

 

দুপৰীয়া নিজানত

কপৌৰ গধুৰ ৰুণ,

সাতভায়াৰ কোৰ্হাল

শেষেই নহয় চোন।

 

কোৱাক কোৱাক কৰি

ডাউকবোৰে মাতে,

ফেঁচাৰ কুৰুলিয়ে

ৰাতি গভীৰ কৰে।

 

পিউ পিউ মাতেৰে

পানীপিয়া পখীটি,

চিৰিক চিৰিক জঁপিয়াই

ঘনচিৰিকা চৰাইটি।

 

কা কা কৈ কাউৰীয়ে

আছে আলহী মাতি,

ভয় নকৰিবা যদি মাতে

হুদুৱে জয়াল ৰাতি।

 

শুনিবলৈ কি যে ভাল

নানা পখীৰ কাকলি,

নিৰলত শুনিবা

মন হ’ব মুকলি।।

 

কবিৰ ইমেইল – goswami.manoshi@gmail.com

 

ম
লেখকৰ পৰিচয়

মানসী গোস্বামী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)