৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জন্মভূমি আজি

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২৮ ফেব্ৰুৱাৰী, ২০২৫
২ মিনিট পঠন • ৪৪৮৮ বাৰ পঢ়া হৈছে

মূল :  বীৰেন্দ্ৰ চট্টোপাধ্যায় (বাংলা) 

অনুবাদ  : ৰুদ্ৰ সিংহ মটক

 

এবাৰ মাটিৰ ফালে চোৱাঁ

এবাৰ মানুহৰ ফালে।

 

এতিয়াও ৰাতি হোৱা নাই

অন্ধকাৰ এতিয়াও তোমাৰ বুকুৰ ওপৰত

কঠিন পাথৰৰ দৰে, তুমি উশাহ ল’ব পৰা নাই।

মূৰৰ ওপৰত এখন ভয়ঙ্কৰ ক’লা আকাশ

এতিয়াও বাঘৰ দৰে হাতোৰা দাঙি বহি আছে।

 

তুমি যেনেকৈয়ে নহওক এই পাথৰটো বগৰাই পেলোৱা

আৰু আকাশৰ ভয়াৱহতাক শান্ত কণ্ঠেৰে জনাই

দিয়াঁ - তুমি ভয় খোৱা নাই।

 

মাটিতো জুইৰ নিচিনা হ’বই

যদি তুমি ফচল ফলাব নাজানা;

যদি তুমি বৃষ্টি অনাৰ মন্ত্ৰ পাহৰি যোৱা

তোমাৰ স্বদেশ তেনেহ’লে মৰুভূমি।

যি মানুহে গান গাব নাজানে

যেতিয়া প্ৰলয় আহে তেওঁ বোবা আৰু অন্ধ হৈ যায় ।

 

তুমি মাটিৰ ফালে চোৱাঁ, সেয়া ৰৈ আছে;

তুমি মানুহৰ হাতত ধৰা, তেওঁলোকে কিবা ক’ব খোজে।

 

             ০০০

 

ঠিকনা ঃ

লাৰিকা গ্ৰীনভেলী

আজাৰা, গুৱাহাটী।

পিন-৭৮১০১৭,

ফোন নং -৭০০২৩০৩৮৮২ 

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)