৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বাণিজ্য (Commerce) শাখাত স্নাতক ডিগ্ৰীধাৰীৰ বাবে উচ্চ শিক্ষা আৰু কেৰিয়াৰ সুযোগ

লেখকঃ ড°বুলজিৎ বুঢ়াগোহাঁই • প্ৰকাশিতঃ ২৭ ফেব্ৰুৱাৰী, ২০২৫
৫ মিনিট পঠন • ১৬৫২ বাৰ পঢ়া হৈছে

 ড° বুলজিৎ বুঢ়াগোহাঁই


বাণিজ্য (Commerce) শাখাত স্নাতক ডিগ্ৰীধাৰী হ’লে উচ্চ শিক্ষা আৰু কেৰিয়াৰ সুযোগ লাভৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। স্নাতক ডিগ্ৰীধাৰীসকলে আগ্ৰহ আৰু লক্ষ্য অনুসৰি বিভিন্ন পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে।

 

স্নাতকোত্তৰ (M.Com.) : শিক্ষাৰ্থীয়ে স্নাতক বিষয় অনুসৰি এম ক’ম (M.Com) পাঠ্যক্ৰম অধ্যয়ন  কৰিব পাৰে৷ যেনে- একাউণ্টিং আৰু ফাইনেন্স (Accounting & Finance), বেঙ্কিং আৰু ফাইনেন্স (Banking & Finance), ই-কমাৰ্চ (E-commerce), ইণ্টাৰনেশ্বনেল বিজিনেচ (International Business), কৰ্পোৰেট চেক্ৰেটেৰীশ্বিপ (Corporate Secretaryship), টেক্সেশ্বন (Taxation) , ফাইনেন্‌চিয়েল (Financial Markets), বিজিনেছ ইক’ন’মি( Business Economics), মাৰ্কেটিং (Marketing), হিউমেন ৰিছ’ৰ্চ মেনেজমেণ্ট(Human Resource Management) ইত্যাদি৷

 

এম.কম (M.Com) ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত কেৰিয়াৰৰ বহুতো সুযোগ আছে। এই ডিগ্ৰীয়ে বিশেষকৈ একাউণ্টিং, বিত্ত, অৰ্থনীতি, বাণিজ্য আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত গভীৰ জ্ঞান প্ৰদান কৰে।  তলত এম.কম সম্পূৰ্ণ কৰাৰ পিছত উপলব্ধ কেৰিয়াৰৰ বিকল্পসমূহ আলোচনা কৰা হৈছে। 

 

এম.কম ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA) হোৱাটো এটা উৎকৃষ্ট বিকল্প হ’ব পাৰে। ইয়াৰ বাবে ICAI (Institute of Chartered Accountants of India)ৰ পৰীক্ষা দিব লাগে। চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA) হ’লে একাউণ্টিং, অডিটিং, টেক্সেশ্বন, ফাইনেঞ্চিয়েল এড্‌ভাইজৰ আদি ক্ষেত্ৰত কাম কৰিব পাৰে।

 

চাৰ্টাৰ্ড ফাইনেঞ্চিয়েল এনালিষ্ট (CFA) হৈছে বিত্তীয় বিশ্লেষণ আৰু বিনিয়োগ ব্যৱস্থাপনাৰ এটা আন্তৰ্জাতিক স্বীকৃত প্ৰমাণপত্ৰ। এই প্ৰমাণপত্ৰ থাকিলে ইকুইটি এনালিষ্ট, প্ৰটফ’লিঅ’ মেনেজাৰ, ইনভেষ্টমেণ্ট বেংকাৰ আদি পদত কাম কৰিব পাৰে।

 

চাৰ্টিফাইড মেনেজমেণ্ট একাউণ্টেণ্ট (CMA)হৈছে ব্যৱস্থাপনা একাউণ্টিং আৰু বিত্তীয় ব্যৱস্থাপনাৰ এটা প্ৰফেশ্নেল কোৰ্চ। এই কোৰ্চ কৰিলে কষ্ট একাউণ্টেণ্ট, ফাইনেঞ্চিয়েল এনালিষ্ট, বাজেট এনালিষ্ট আদি পদত কাম কৰিব পাৰে।

 

এম.কম ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত ফাইনেঞ্চ, মাৰ্কেটিং, হিউমেন ৰিচাৰ্চ, বা অপাৰেশ্যনছৰ দৰে স্পেচিয়েলাইজেশ্বনছ  সৈতে এমবিএ কৰিব পাৰে৷

 

এম.কম ডিগ্ৰীধাৰীসকলে বেংকিং আৰু বিত্তীয় সেৱাত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে IBPS, SBI, RBI আদিৰ পৰীক্ষা দি  প্ৰবন্ধক (PO), ক্লাৰ্ক, বিত্তীয় এনালিষ্ট, ৰিজাৰ্ভ বেংকত কাম কৰাৰ সুযোগ পাব পাৰে৷

 

এম.কম ডিগ্ৰীধাৰীসকলে SSC, UPSC, State PSC আদিৰ পৰীক্ষা দি চৰকাৰী চাকৰি লাভ কৰিব পাৰে। IAS, IPS, IRS, চিভিল চাৰ্ভিছ, টেক্সেশ্বন অফিচাৰ আদি পদত নিযুক্তি পাব পাৰে।

 

এম.কম সম্পূৰ্ণ কৰাৰ পিছত NET/SET পৰীক্ষা দি বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত অধ্যাপক হ’ব পাৰে।

 

ডিজিটেল যুগত ই-কমাৰ্চ আৰু ডিজিটেল মাৰ্কেটিং এটা সুন্দৰ কেৰিয়াৰ বিকল্প। ই-কমাৰ্চ মেনেজাৰ, ডিজিটেল মাৰ্কেটিং বিশেষজ্ঞ, SEO/SMO এক্সপাৰ্ট আদি পদত কাম কৰিব পাৰে।

 

এম.কম ডিগ্ৰীধাৰীসকলে প্ৰাইভেট কোম্পানীত একাউণ্টিং, ফাইনেঞ্চিয়েল এনালিষ্ট, টেক্সেশ্বন এক্সপাৰ্ট আদি পদত কাম কৰিব পাৰে।

 

এম.কম ডিগ্ৰীধাৰীসকলে ষ্টক মাৰ্কেট, ইনভেষ্টমেণ্ট এডভাইজৰ, বা মিউশ্বুৱেল ফাণ্ড এডভাইজৰ হিচাপে কাম কৰিব পাৰে।

 

এম.কম ডিগ্ৰীধাৰীসকলে বিশ্ব বেংক, IMF, UNESCO আদি আন্তৰ্জাতিক সংস্থাত কাম কৰিব পাৰে। ইক’ন’মিক এনালিষ্ট, পলিচি এড্‌ভাইজৰ, প্ৰজেক্ট মেনেজাৰ আদি পদত কাম কৰিব পাৰে।

 

এম.কম ডিগ্ৰীধাৰীসকলে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে। বিশেষকৈ ফাইনেঞ্চিয়েল প্লেনিং, কনচাল্টিং, বা ই-কমাৰ্চ ক্ষেত্ৰত।

 

পি.এইচ.ডি. (Ph.D.): এম.কম সম্পন্ন কৰাৰ পিছত গৱেষণা আৰু অধ্যাপনা ক্ষেত্ৰত আগ্ৰহীসকলে পি.এইচ.ডি. কৰিব পাৰে।

 

বাণিজ্য (Commerce) শাখাৰ শিক্ষাৰ্থীসকলৰ বাবে উচ্চ শিক্ষা, চৰকাৰী চাকৰি, প্ৰাইভেট চাকৰি, উদ্যোগিতা, ডিজিটেল প্লাটফৰ্মত কৰ্মসংস্থান আদি ক্ষেত্ৰত বিস্তৃত বিকল্প  কেৰিয়াৰ আছে৷ শিক্ষাৰ্থীসকলে নিজৰ দক্ষতা, আগ্ৰহ, আৰু লক্ষ্য অনুসৰি সঠিক পথ নিৰ্বাচন কৰিলে সফল কেৰিয়াৰ গঢ়িব পাৰে।

 

ড০ বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

বি.দ্ৰ. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে৷

ড
লেখকৰ পৰিচয়

ড°বুলজিৎ বুঢ়াগোহাঁই

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)