৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অচিন জগতত বাটলু

লেখকঃ স্মৃতিৰেখা দেৱী • প্ৰকাশিতঃ ২৯ জানুৱাৰী, ২০২৫
৫ মিনিট পঠন • ২৩৯৫ বাৰ পঢ়া হৈছে

 স্মৃতিৰেখা দেৱী

পোন্ধৰ দিনমানেই হ’ল, গ্ৰীনাৰ লোকসকল সেউজপুৰৰপৰা গ’লগৈ৷ তেওঁলোক একেবাৰে গুচি যোৱা দিনটো সেউজপুৰীয়াসকলৰ বাবে বৰ দুখৰ দিন আছিল৷ আৱেগক বৰকৈ প্ৰশ্ৰয় দিব নোখোজা গ্ৰীনাৰ জ্ঞানী তথা মৰমিয়াল প্ৰাণীকেইজনেও সেইদিনা চকুপানী টুকিছিল৷ সেই দিনটোলৈ মনত পৰিলে মহামন্ত্ৰী বৃকোদৰৰ বুকুখন আজিও বিষায়৷ সৰুমখাৰ দুখ অৱশ্যে কিছু পাতলিছে৷ সিহঁতজাকে গ্ৰীনাবাসীসকলে দি থৈ যোৱা সৰু-সুৰা যন্ত্ৰকেইটাকে লিৰিকি-বিদাৰি কিবাকিবি কৰি সময় কটাইছে৷ 

অৱশ্যে যন্ত্ৰকেইটা ব্যৱহাৰ কৰিবলৈ সিহঁতে গ্ৰীনাবাসীকেইজনৰপৰাই শিকি লৈ এটা ভাল কাম কৰিলে৷

মন গ’লেই গ্ৰীনাৰ লোকসকলৰ লগত যোগাযোগ কৰিবলৈও তেওঁলোকে এটা যন্ত্ৰ থৈ গৈছে৷ সেইটোৰ ব্যৱহাৰ বিশেষভাৱে মলুৱাই শিকি লৈছে কাৰণে সেউজপুৰীয়াসকলে গ্ৰীনাবাসীসকলৰ লগতে তাত থকা বাটলুৰ সৈতেও কথা-বতৰা পাতি থাকিব পাৰিছে৷

মহামন্ত্ৰী বৃকোদৰে মন কৰিছে, মহাৰাজ কেশৰীৰ মনটো দুখৰ মাজতো যেন ভাল লাগি আছে৷ লাহে লাহে সেউজপুৰীয়াসকলৰ বিশেষকৈ সৰুখিনি আধুনিক প্ৰযুক্তি তথা যন্ত্ৰপাতিৰ  ব্যৱহাৰৰ প্ৰতি আগ্ৰহী হৈ উঠা কথাটোৱেই তেওঁক আনন্দিত কৰিছে৷

সঁচাকৈ ই কম আনন্দৰ কথা নহয়৷ পৃথিৱীত অকল মানুহ বোলা প্ৰাণীবিধেহে এনেকুৱা যন্ত্ৰপাতি ব্যৱহাৰ কৰিব জানে৷ কিন্তু এতিয়া মানুহৰ উপৰি সেউজপুৰৰ প্ৰাণীসকলেও সেইবোৰৰ বিষয়ে শিকিব পাৰিছে৷ এইটো নিশ্চিতভাৱে সেউজপুৰৰ বাসিন্দাসকলৰ ভৱিষ্যতৰ বাবে খুব ভাল কথা৷

কথাবোৰ ভাবি ভাবি মহামন্ত্ৰী বৃকোদৰ লাহে লাহে গৈ মহাৰাজৰ বাসস্থলী পালেগৈ৷ মহাৰাজৰ গুহাটোৰ সম্মুখতে সেনাপতি হিতৰাম আৰু গেৰেলাকে ধৰি কেইবাজনো সভাসদে মহাৰাজলৈ বাট চাই আছিল৷ মহামন্ত্ৰীৰ আগমনত কেউজনে তেওঁক অভিবাদন জনালে৷

‘প্ৰণাম, মহামন্ত্ৰী ডাঙৰীয়া৷’

তেনেতে মহাৰাজ কেশৰীয়েও ভিতৰৰপৰা ওলাই আহি আসন গ্ৰহণ কৰিলেহি৷ আটায়ে শ্ৰদ্ধা-সম্ভাষণ জনোৱাৰ পাছত তেওঁ ক’লে–

‘আজি অসময়ত সকলো ওলালাহি যে? কিবা বিশেষ খা-খবৰ আছে নেকি?’

‘মহাৰাজ, মই আক’ এনেয়ে আপোনাৰ খবৰ এটা লওঁ বুলিহে এইমুৱা হৈছিলোঁ৷ এওঁলোকক ইয়াত দেখি মোৰ চিন্তাহে হৈছে৷ কিয় বা এওঁলোক আহিছে!’

বৃকোদৰে নিজৰ মনোভাব প্ৰকাশ কৰিলে৷ লগে লগে গেৰেলাই অতি নম্ৰভাৱে ক’বলৈ আৰম্ভ কৰিলে–

‘মহাৰাজ আৰু মহামন্ত্ৰী ডাঙৰীয়া, আপোনালোক চিন্তিত হ’বৰ একো কাৰণ নাই৷ আমি আচলতে ভাল খবৰ এটা দিবলৈহে মহাৰাজৰ ওচৰলৈ আহিলোঁ৷ এইকণ মহাৰাজৰ জিৰণিৰ সময় বুলি জানিও খবৰটো পাই আপোনাক নজনোৱাকৈ ৰৈ থাকিব নোৱাৰিলোঁ৷’

‘কথা একোষাৰ ক’বলৈ লৈ তোমালোকে বৰ দীঘলীয়া পাতনি মেলাঁ হে! কি কথা সোনকালে কোৱাঁ৷ নোকোৱাঁ যদি থাকক৷ মই ভিতৰলৈ যাওঁ, জিৰাওঁগৈ৷’

এইবুলি মহাৰাজে দীঘলকৈ হামি এটা মাৰিলে৷

‘মহাৰাজ, বাটলু মহাশয় আৰু দুদিনৰ পাছতে সেউজপুৰ পাবহি৷’

গোৰলাৰ কথা শুনি মহাৰাজৰ ভাগৰ আৰু টোপনি টোপনি ভাবটো যেন মুহূৰ্ততে পলাই পত্ৰং দিলে৷ বহি থকাৰপৰা উঠি আহি একেকোবে গেৰেলাক সাবটি ধৰি টপৰ টপৰকৈ কেইবাটাও চুমা খাই দিলেগৈ মহাৰাজ কেশৰীয়ে৷ লগতে তেওঁ ক’লে–

‘বৰ ভাল খবৰ... সঁচাকৈ বৰ ভাল খবৰ দিলাহি, গেৰেলা৷ বাটলুটোলৈ বাট চাওঁতে চাওঁতে মোৰ দিন নাযায়, ৰাতি নুপুৱায় যেন হৈছে৷’ মহাৰাজ খন্তেক ৰ’ল৷ তাৰ পাছত তেওঁ সুধিলে–

‘পিছে তোমালোকে নো এইটো খবৰ কেনেকৈ পালা?’

মহাৰাজে সাবটি ধৰি চুমা খাওঁতে তেওঁৰ কেশৰ দুডালমান নাকত সোমাই সুৰসুৰাই গেৰেলাক বৰকৈ আমনি দিছিল৷ হাঁচি এটা আহোঁ আহোঁ কৰিও অহা নাছিল৷ সেনাপতি হিতৰামে গেৰেলাৰ অৱস্থাটো চাই উপভোগ কৰি আছিল৷ গেৰেলাই মুখখন মেলি নাকৰ অশান্তি গুচাবলৈ যত্ন কৰি ইফাল-সিফাল কৰি আছিল৷

‘কি হ’ল গেৰেলা?’ – মহাৰাজে মাতষাৰ দিয়াৰ লগে লগেই উচপ খাই উঠিল গেৰেলা৷ লগে লগে হাইচৌ বুলি হাঁচি এটা মাৰিলে তেওঁ৷ তেহে তেওঁ সকাহ পালে৷

‘মহাৰাজ, গ্ৰীনাৰ লোকসকলে আমাক যে যন্ত্ৰ-পাতি কেইটামান দি গৈছে তাৰ ভিতৰতে তেওঁলোকক চাব পৰা আৰু চাই চাই তেওঁলোকৰ লগত কথা পাতিব পৰা যতন এটাও আছে৷ সেইটো কেনেকৈ ব্যৱহাৰ কৰে মলুৱাক তেওঁলোকে শিকাই দি গৈছে৷ আমাৰ সৰুমখা অলপ নহয়, মহাৰাজ৷ সিহঁতে সুবিধা পালেই সেই যন্ত্ৰটোৰ ওচৰ পায়গৈ৷ মলুৱাৰ নাতিহালেতো সেইটোৰ ব্যৱহাৰ শিকিয়ে পেলালে৷ সিহঁতৰে এটাই কিছুবেলিৰ আগতে সেই যন্ত্ৰটোত বাটলু মহাশয়ক উলিয়াই দিলে৷ বাটলু মহাশয়ৰ মাত শুনি আমি দৌৰি গৈ দেখোঁ যে সঁচাকৈ তেখেত যন্ত্ৰটোত ওলাই আছে৷ তেতিয়া সিহঁতক দাবী-হুমকি দিয়াৰ ঠাইত আমি তেখেতৰ সৈতে কথাহে পাতিলোঁ৷ তেখেতেই ক’লে কথাষাৰ৷ অৱশ্যে আমাৰ হিচাপত আৰু দুদিনৰ পাছতহে তেখেতক থ’বলৈ গ্ৰীনাৰ সেই যন্ত্ৰটো আহিব৷’

‘হওক দিয়া, হওক হওক৷ সেউজপুৰৰ সকলোকে খবৰটো জনাই দিয়াঁ৷ আৰু হেৰি কৰাঁ, হেৰি...’ মহাৰাজে কিছু চিন্তা কৰিলে আৰু ক’লে, ‘সেউজপুৰখন ধুনীয়াকৈ সজাই তুলিব লাগে৷ ৰামচন্দ্ৰ অযোধ্যালৈ উভতি আহোঁতে যেনেকৈ অযোধ্যা নগৰখন সজোৱা হৈছিল তেনেকৈ৷ ওঁ যোৱাঁ এতিয়া তোমালোক৷ ভাগে ভাগে কামত লাগি যোৱাঁ৷’

স
লেখকৰ পৰিচয়

স্মৃতিৰেখা দেৱী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)