৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অচিন জগতত বাটলু

লেখকঃ স্মৃতিৰেখা দেৱী • প্ৰকাশিতঃ ৩০ ডিচেম্বৰ, ২০২৪
৬ মিনিট পঠন • ৩৭৬ বাৰ পঢ়া হৈছে

 স্মৃতিৰেখা দেৱী


চাওঁতে চাওঁতে গ্ৰীনা নামৰ জগতখনৰপৰা অহা লোকসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু প্ৰতিপালনত সেউজপুৰ ৰাজ্যৰ বহুখিনি খালী হৈ থকা ঠাই গছ-লতাৰে ভৰি উঠিল৷ দেখাত প্ৰায় পৃথিৱীৰ মানুহৰ দৰেই, কিন্তু সম্ভৱতঃ মানুহতকৈ বেছি মৰমিয়াল এই লোকসকলৰ উপস্থিতিয়ে সেউজপুৰখনক যেন কিছু সলনি কৰি পেলালে– সেউজপুৰীয়াসকলেও আগৰ নিচিনাকৈ অলসভাৱে থাকি সময় অপব্যয় কৰিবলৈ বেয়া পোৱা হ’ল৷ ঘাইকৈ সৰুমখাৰ আচাৰ-আচৰণত আমূল পৰিৱৰ্তন লক্ষ্য কৰিলে মহাৰাজ কেশৰীয়ে৷

‘এয়া স্বাভাৱিকতেই শুভ লক্ষণ৷’ – ভাবিলে তেওঁ৷

অহা দুই-এদিনৰ ভিতৰতে সেউজপুৰৰপৰা গ্ৰীনা নামৰ জগতখনলৈ অলপ অলপকৈ গছপুলি নিয়া আৰম্ভ হ’ব৷ তাত তেওঁলোকে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা বেলেগ বেলেগ প্ৰকাৰৰ মাটিত বেলেগ বেলেগ প্ৰজাতিৰ গছপুলি ৰোপণ কৰিবগৈ৷

আদিৰপৰা এতিয়ালৈকে ঘটনাবোৰ মনত পেলাই মহাৰাজৰ মনটো কিবা এক দুখেৰে ভৰি পৰিল– তাৰ মানে গ্ৰীনাৰ অতিথিসকল সেউজপুৰৰপৰা যাবগৈ! এৰা! অতিথি যেতিয়া এদিন নহয় এদিন যাবতো লাগিবই৷ গ্ৰীনাৰ মাটি ইতিমধ্যে গছপুলি ৰোপণ কৰিব পৰাকৈ উপযুক্ত হৈ উঠা বুলি খবৰ আহিছেই৷ সেই মাটি ইয়ালৈ আনি কিবাকিবি পৰীক্ষাও কৰি চাইছে হেনো তেওঁলোকে৷ কিছুদিনৰ আগতে সেউজপুৰৰপৰা নি তাত ৰোৱা গছপুলিখিনিও হেনো লহপহকৈ বাঢ়িছে৷ খবৰ শুনি সেউজপুৰত থকা গ্ৰীনাৰ লোকসকল আনন্দিত হোৱা দেখি সেউজপুৰীয়াসকলেও মনত ৰং পাইছে৷

‘মহাৰাজ, অকলে অকলে কি ভাবি আছেনো?’ – সেনাপতি হিতৰামৰ মাতষাৰ শুনি মহাৰাজে তেওঁৰ ফালে ঘূৰি চালে৷

‘অ’, আহ আহ অ’, হিতৰাম৷ মই কি ভাবি আছোঁ জাননে?’ অকণমান সময় ৰৈ মহাৰাজে আকৌ ক’লে– ‘এই যে গ্ৰীনা নামৰ জগতখনৰপৰা অহা লোকসকল, মানে আমাৰ অতিথিসকল, তেওঁলোক হেনো ইয়াৰপৰা যাবগৈ৷ যোৱা তিনিমাহতকৈও বেছি সময়... চাচোন, তেওঁলোকে আমাক কেনেকৈ আপোন কৰি পেলালে! এতিয়া তেওঁলোকক এৰি দিবলৈকে মন যোৱা নাই অ’৷’

‘ঠিকেই কৈছে মহাৰাজ৷ ইমান কম দিনতে তেওঁলোকে সকলো সেউজপুৰীয়াৰ মনত বৰ দলৈকে সোমাই পৰিল৷ সৰুজাকেতো তেওঁলোক যাবগৈ বুলি শুনি কন্দা-কটা কৰিবলৈকে আৰম্ভ কৰিছে৷’ – হিতৰামে ক’লে৷

‘হয় নেকি? মোৰো খুব বেয়া লাগি আছে অ’ মনটো৷ অৱশ্যে তেওঁলোকে আশা কৰাৰ দৰেই কষ্টৰ ফল যে পাইছে সেই কাৰণে মনটো ভালো লাগিছে বুইছ৷ কেনেবাকৈ তেওঁলোকক আমাৰ ইয়াতে চিৰকাললৈ ৰাখি থ’ব পৰাহ’লে!’

‘মহাৰাজ, আপুনি দেখোন এইষাৰ একেবাৰে মোৰ পোৱালিটোৱে কোৱাদি কৈছে৷ বেয়া নাপাব, কিন্তু ল’ৰাই বুঢ়াই সমান বুলি কিয় কয় মই আজিহে বুজিলোঁ মহাৰাজ৷’– হিতৰামে হাঁহি হাঁহি ক’লে৷

‘ঐ তই মোক বুঢ়া বুলিছ হ’বলা? বয়স অৱশ্যে মোৰ ভালেখিনি হৈছে৷ সেইবুলি এতিয়াও তোৰ নিচিনা সাতোটা-আঠোটাক হৰুৱাব পৰা শক্তি আছে দেই এই বুঢ়াৰ দেহত৷ চাৱ নেকি প্ৰমাণ?’

এইবুলি মহাৰাজে হিতৰামৰ ফালে চোঁচা ল’বই খুজিছিল৷

‘জানো মহাৰাজ, জানো৷ ক্ষমা কৰক মহাৰাজ, মই ধেমালিহে...৷’ – ভয়ত বিতত হৈ হিতৰামে নতমস্তক হৈ ক’লে।

‘হেৰৌ, ময়ো ধেমালিহে কৰিছোঁ৷’ – মহাৰাজে থিতাতে মুখত হাঁহি এটা ফুটাই তুলিলে৷

‘মহাৰাজ, আপুনি সঁচাই কৈছে৷ গ্ৰীনাৰ লোকসকলক আমাৰ ইয়াতে ৰাখি থ’ব পৰাহ’লে তেওঁলোকৰ স্বভাৱ-চৰিত্ৰৰ সমানে সমানে মানে লাহে লাহে তেওঁলোকৰ বুদ্ধিমত্তাৰো ভাগ আমি পালোহেঁতেন৷ লাহে লাহে তেওঁলোকৰ প্ৰযুক্তিৰ কৌশলবোৰো আমি শিকিব পাৰিলোহেঁতেন৷ তেতিয়াহ’লে আমাৰ সেউজপুৰখন ভৱিষ্যতলৈও সুৰক্ষিত কৰি ৰাখিব পাৰিলোহেঁতেন৷’

হিতৰামৰ কথা শুনি মহাৰাজে মনে মনে ভাবিলে–

সেউজপুৰত বিভিন্ন ধৰণৰ লোক আছে৷ গ্ৰীনাৰপৰা অকল এক ধৰণৰ লোকহে ইয়ালৈ আহিছে৷ তেওঁলোক নিজে এটা বেলেগ জাতৰ, বেলেগ এখন পৃথিৱীৰ জীৱ হৈও এইখন সেউজপুৰৰ বেলেগ বেলেগ জাতৰ জীৱৰ সৈতে কেনেদৰে মিলিজুলি কাম কৰিছে, ন ন কথা শিকিছে, নিজেও আমাৰ লোকসকলক যতমানে ন ন কথা শিকাইছে৷ সূৰ্য নথকা সময়তো তেওঁলোকে চাৰিওফাল পোহৰ কৰি ৰাখিব জানে, বেলি আকাশত থাকোঁতেও বহুখিনি ঠাই ৰাতিৰ নিচিনাকৈ ঘোপমৰা আন্ধাৰ কৰি ৰাখিবও জানে৷ আটাইতকৈ ডাঙৰ কথা, তেওঁলোকৰ নেতাজনে কৈছেই বোলে গ্ৰীনাত থকা সা-সুবিধা আটাইবোৰ ইয়ালৈ আনিব পৰা নাই কাৰণে তেওঁলোকৰ অসুবিধাই হৈছে৷ তথাপি তেওঁলোকে কৰিবলগীয়া সকলো কাম কৰিবও পাৰিছে৷ আমি সেউজপুৰীয়াবোৰ সম্পূৰ্ণৰূপে প্ৰাকৃতিক জীৱ৷ তেওঁলোক পিছে আমাৰ জগতৰ মানুহ নামৰ জীৱবোৰৰ নিচিনাই কিছু কৃত্ৰিম৷ কিন্তু আমাৰ জগতৰ মানুহবোৰে প্ৰকৃতিৰপৰা ক্ৰমে ক্ৰমে আঁতৰি গৈছে, প্ৰকৃতিক ধ্বংসহে কৰিছে যদিও এই গ্ৰীনাবাসীসকলে প্ৰকৃতিক প্ৰকৃতি কৰি ৰাখিবলৈ ব্যগ্ৰহে হৈ পৰিছে৷ সেই উদ্দেশ্যে তেওঁলোকে নিজকে কেনেকৈ একাগ্ৰভাৱে কামত লগাইছে!

মহাৰাজৰ চকুহাল কিবা এক বুজাব নোৱৰা আনন্দত ঢুলঢুলীয়া হৈ উঠিছে৷ তেওঁৰ মুখলৈ তধা লাগি চাই থকা হিতৰামেও যেন সেই আনন্দৰ ভাগহে পাইছে– তেওঁৰো চকুহাল সেমেকি উঠিল৷

‘হয় মহাৰাজ৷ তেওঁলোক সফল হ’ল যেতিয়া আমিও আনন্দ লাভ কৰিলোঁ৷ আৰু মহাৰাজ, আনন্দৰ আৰু এটা বিষয় আছে নহয়৷’

‘আৰু এটা আনন্দৰ বিষয়! সেইটো কি?’

‘মহাৰাজ! আমাৰ বাটলু মহোদয়ো খব কম সময়তে জানো সেউজপুৰলৈ উভতি নাহিব?’

বাটলুৰ কথা সঁচাকৈ পাহৰি গৈছিল কেশৰীয়ে৷ তেওঁ ক’লে–

‘দেখিছ, মই মোৰ দেহলাওটোৰ কথাকে বাৰু পাহৰি যাব লাগেনে? বাটলু আহিব, বুইছ৷ আহিব সি৷ সি এইবাৰ উভতি আহিব৷ মোৰ মনটোৱে তাক দেখিলেহে শান্তি পাব৷’


(আগলৈ)

স
লেখকৰ পৰিচয়

স্মৃতিৰেখা দেৱী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)