৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পটহ’ল দাদা

লেখকঃ চন্দ্ৰাৱলী বৰঠাকুৰ • প্ৰকাশিতঃ ১৯ অক্টোবৰ, ২০২৪
৫ মিনিট পঠন • ৩৭৮৩ বাৰ পঢ়া হৈছে

 চন্দ্ৰাৱলী বৰঠাকুৰ

 

সময়ৰ লগে লগে আমাৰ বাট পথসমূহ উন্নত হৈছে৷ গাঁও তথা নগৰৰ পথবোৰো উন্নত পদ্ধতিৰে নিৰ্মিতও হৈছে৷ ই সমগ্ৰ অসমৰ প্ৰকৃত ছৱি নহ’লেও ই সাধাৰণভাৱে যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ কথা সূচায়৷ অৱশ্যে ভালকৈ চালে দেখা পোৱা যায় যে এনে নিমাৰ্ণতো বহুত আসোঁৱাহ আছে৷ উদাহৰণস্বৰূপে নগৰৰত থকা অসুৰক্ষিত উন্মুক্ত ফুটপথৰ কথা ক’ব পাৰি৷ হয়তো নলাসমূহ সময়ে সময়ে পৰিষ্কাৰ কৰাৰ উদ্দেশ্যে এনেকৈ ৰখা হয় কিন্তু বহু ক্ষেত্ৰত ইয়াত পৰি অনেকজন আহত হোৱাৰ লগতে মৃত্যু পৰ্যন্তও হোৱাৰ খবৰ পোৱা যায়৷ প্ৰকৃতপক্ষে চৰকাৰী প্ৰশাসনৰ এই ক্ষেত্ৰত দৃষ্টি দিয়াটো প্ৰয়োজনীয় কথা৷ কিন্তু বাস্তৱ ক্ষেত্ৰত তাক ভালকৈ প্ৰয়োগ কৰা দেখা নাযায়৷   

এনে এক অৱস্থা হৈছিল মুম্বাই ২০১৫৷ শান্তি সুখেৰে বাস কৰিছিল দাদাৰাও বিলহোৰৰ সৰু পৰিয়ালটো৷ ফলমূল, পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোলৈ হঠাৎ বাৰিষাৰ এটি ঘটনাই কাল অমাৱস্যা কঢ়িয়াই আনে৷ ঘটনাটি হৈছিল ২৫ জুলাই’ ২০১৫ চনত৷ দাদাৰাও বিলহোৰৰ ১৬ বছৰীয়া পুত্ৰ প্ৰকাশে প্ৰৱেশিকা পৰীক্ষত উত্তীৰ্ণ হৈ পলিটেক্‌নিক ইন্‌ষ্টিটিউটত নামভৰ্তিৰ বাবে গৈছিল৷ যোগেশ্বৰী ভিক্টৰী  অন্ধেৰীৰ গেটত এটা গাঁতত পৰি থিতাতে মৃত্যুৰ সন্মুখীন হ’ব লগা হয় প্ৰকাশৰ৷ সেই ঠাইৰ ডাঙৰ ডাঙৰ গাঁত তথা ৰাস্তাৰ দুৰৱস্থাৰ  বাবে এনে শোকাবহ দুঘৰ্টনা সংঘটিত হয়৷ উজ্জ্বল ভৱিষ্যত বনোৱাৰ প্ৰাক্ মুহূৰ্ততে আনৰ ভুলৰ বাবেই পৃথিৱীৰ পৰা চিৰ বিদায় ল’লে প্ৰকাশে৷   

মানৱ জীৱন পৰিবৰ্তনশীল৷  মৃত্যু চিৰন্তন সত্য কিন্তু ইও কেতিয়াবা সমাজলৈ এক অভাৱনীয় পৰিৱৰ্তন আনে৷ দাদাৰাও বিলহোৰৰ ঘৰত সকলো মৌন... স্তব্ধ! অবিশ্বাস্য হলেও সত্য যে মৃত্যুৰ কাৰণ মাথোঁ এটা সাধাৰণ গাঁত তথা বেয়া ৰাস্তা৷ সেই মাহতে ভাৰতৰ আন তিনিওজন ব্যক্তিয়েও এনে পথৰ দুৰ্গতিৰ বাবে মৃত্যুৰ সন্মুখীন হ’ব লগা হয়৷ এই ঘটনাৰ পাছতেই প্ৰশাসনৰ তত্ত্বাৱধানত চহৰৰ গাঁতসমূহ পুতি পেলোৱা হয়৷ এই কায্যই পিতৃৰ মনত পুত্ৰ শোক  কমাব নোৱাৰিলে কাৰণ প্ৰশাসনৰ এই পদক্ষেপ কিছু দিন পূৰ্বে হোৱা হেতেঁন, তেওঁৰ পুত্ৰক হেৰুৱাবলগা অৱস্থা নহ’লহেতেঁন !

সেয়েহে পুত্ৰক অমৰ কৰি তুলিবলৈ তেওঁ নতুন পদক্ষেপ ল’লে৷ নগৰ-গাঁওৰ আলি পথত দেখা পোৱা  গাঁতসমূহ নিজ প্ৰচেষ্টাৰে ইটা বালি বস্তাৰে ভৰাই পুতি পেলাব লৈ ধৰিলে৷ এই কাম কৰিবলৈ যাওঁতে বহুতে দাদাৰাওক নিন্দা কৰিছিল, বহু লোকে পাগল বুলি হাঁহিছিল৷ কিন্তু দাদাৰাওৰ বাবে এইয়া আছিল তেওঁৰ জীৱন সৰ্ব মহৎ কৰ্ম৷ তেওঁ বিচাৰিছিল তেওঁৰ দৰে আন কোনো পিতৃ মাতৃয়ে  যাতে তেওঁ পোৱা দুখ পাব লগা নহয়৷ প্ৰতিটো গাঁতপূৰণেই তেওঁৰ অন্তৰত জ্বলি থকা জুইকুৰাত শীতলতা প্ৰদান কৰিছিল৷   প্ৰতিটো গাঁত পূৰণেই তেওঁৰ বাবে আছিল পুত্ৰৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলিস্বৰূপ৷ কোনো কাৰণতে পিছলৈ ঘূৰি নোচোৱাকৈ পথ দুঘৰ্টনা প্ৰতিৰোধেই হৈ পৰিছিল দাদাৰাওৰ জীৱনৰ লক্ষ্য৷  

২০১৫ পৰা বৰ্তমানলৈকে তেওঁ হাজাৰতকৈ অধিক গাঁত পুতি  অনেকৰ জীৱন বচাইছে৷ তেওঁৰ এই মহৎ কৰ্মৰ বাবে তেওঁক “পটহ’ল দাদা” নামেৰে জনাজাত হয়৷ এই কৰ্মৰ বাবে তেওঁ “মহাৰাণা মেৱাৰ সন্মান” আৰু বিভিন্ন সাহসী বঁটা প্ৰদান কৰা হয়৷ ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁৰ অনুপ্ৰেৰণামূলক কামৰ বাবে নিমন্ত্ৰণো  জনায় ৷  

কেতিয়াবা জীৱনৰ আঘাতেও মানুহক মানসিকভাৱে ভাঙি নেপেলাই বৰং শক্তিশালী তথা প্ৰত্যাহ্বানেৰে আন বহু যুদ্ধৰ বাবে আমাক সাহসহে  যোগায়৷  মানসিক  শক্তি তথা বলেৰে আমি নিজৰ পুনৰ নিৰ্মাণ  কৰি সুন্দৰভাৱে নিজকে জীয়াই তুলিব পাৰো৷   সেয়েহে Lala Anthony ৰ এটা কথাই মোৰ বাৰুকৈ অনুপ্ৰেৰণা জগাই যে--

        "Life is filled with ups

          and downs and it’s

        just about how you

            react to them"

 

ঠিকনা:

চন্দ্ৰাৱলী বৰঠাকুৰ,

গুৱাহাটী বিশ্ববিদ্যালয়

চ
লেখকৰ পৰিচয়

চন্দ্ৰাৱলী বৰঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)