৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অচিন জগতত বাটলু

লেখকঃ স্মৃতিৰেখা দেৱী • প্ৰকাশিতঃ ২৬ ছেপ্টেম্বৰ, ২০২৪
৯ মিনিট পঠন • ৪০৫৩ বাৰ পঢ়া হৈছে

স্মৃতিৰেখা দেৱী

তথাপি ইপ্পি ডাঙৰীয়াৰ অনুৰোধ ৰাখি নিজৰ খুদমান আসনখনতে কিছু পোন হৈ বহি বাটলুৱে ক’বলৈ যত্ন কৰিলে –

‘আপোনালোক সকলোকে প্ৰণাম জনাইছোঁ৷ মই বৰ বেছি কথা নাজানো৷ আমাৰ পৃথিৱীত আপোনালোকৰ দৰে এবিধ প্ৰাণী আছে যিসকলক মানুহ বুলি কয়, তেওঁলোকে কিন্তু বহুত কথা জানে৷ বাৰু এতিয়া তেওঁলোক নাই যেতিয়া মই সেই বিষয়ে কৈ লাভ নাই৷ সঁচা কথা ক’বলৈ গ’লে গছে-বনে ভৰপুৰ চিৰসেউজীয়া সেউজপুৰখনৰ এজোপা গছো আমি সেউজপুৰীয়াসকলে ৰুই পোৱা নাই৷ এইখিনিতে মই আমাৰ সেউজপুৰৰ বিষয়ে কিছু পুৰণি কথাহে আপোনালোকক ক’ব খুজিছোঁ৷ অৱশ্যে যদিহে আপোনালোকে আমনি নাপায়৷’

সকলোৱে মৃদুভাৱে টেবুলত ঢকিয়াই ঢকিয়াই আগ্ৰহ প্ৰকাশ কৰিলে৷ বাটলুৱে পুনৰাই কৈ গ’ল–

‘আমি দেখা কথা নহয়, শুনিছোঁহে যে কেইবাশ বছৰৰ আগতে আমাৰ সেউজপুৰ ৰাজ্যখন থকা ঠাইত পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান প্ৰাণী মানুহৰ এখন গাঁও আছিল৷ তেতিয়া আমাৰ জুৰণি নৈখনো আজিৰ নিচিনা পানীৰে উপচি পৰা নাছিল৷ খৰালি নৈখন প্ৰায় শুকাই মাটি ওলাই গৈছিল; অকল বাৰিষাহে পানীৰ সোঁত বৈছিল৷ ঠাইবোৰ খুব শুকান আছিল হেনো৷ স্বাভাৱিকভাৱে গজা সৰু সৰু গছ-বন আছিল যদিও ডাঙৰ গছ নাছিলেই হেনো৷ সেই মানুহসকলৰ কেইজনমানে হেনো বেলেগ বেলেগ ঠাইৰপৰা বেলেগ বেলেগ গছৰ পুলি আনি নিজা নিজা ঘৰৰ চাৰিওফালে ৰুই পানী-দুনি দি বৰ কষ্ট কৰি ডাঙৰ কৰিছিল৷ প্ৰথমতে ৰোৱা গছবোৰ ডাঙৰ হোৱাৰ পাছত লাহে লাহে সিহঁতৰ পুলিবোৰ নিজে নিজে গজিবলৈ আৰম্ভ কৰিছিল৷ এনেদৰে আটায়ে গছ ৰোৱাৰ ফলতে ক্ৰমে ক্ৰমে মানুহৰ গাঁওখন এখন প্ৰকাণ্ড অৰণ্যলৈ ৰূপান্তৰিত হ’ল৷ সেই মানুহসকল সেই অৰণ্যখনৰ আত্মাৰ নিচিনা আছিল কাৰণ তেওঁলোকেই অৰণ্যখন সৃষ্টি কৰিছিল আৰু নিজৰ বাহিৰেও আন আন জীৱজন্তুও যাতে তাত থাকিব পাৰে তাৰ কাৰণে যত্ন কৰিছিল৷ তেওঁলোকে বেলেগ বেলেগ ঠাইৰপৰা বিভিন্ন-পশু-পক্ষী আনি অৰণ্যখনত থাকিবলৈ মেলি দিছিলহি৷ তেতিয়ালৈকে সকলো ঠিকেই আছিল৷ পিছে অৰণ্য ঘন আৰু গভীৰ হৈ অহাৰ লগে লাগে লাহে লাহে তালৈ কেইবাটাও মাংসাহাৰী জন্তুৰো আগমন ঘটিল৷ সিহঁতৰ সংখ্যা বঢ়াৰ লগে লগে মানুহৰ সৈতে অৰণ্যখনৰ দূৰত্ব বৃদ্ধি পাবলৈ ধৰিলে৷ মাংসাহাৰী মানেই  হিংস্ৰ নহয় যদিও কিছুমান হিংস্ৰ জন্তুৱে খাদ্যৰ কাৰণে কেতিয়াবা মানুহৰো অনিষ্ট কৰিবলৈ ধৰিলে৷ প্ৰথমে সিহঁতে মানুহৰ পোহনীয়া জন্তু হত্যা কৰি খাবলৈ ধৰিছিল৷ তাৰ পাছত কেতিয়াবা ভুলক্ৰমে মানুহক আক্ৰমণো কৰিবলৈ ধৰাত মানুহসকল তাৰপৰা আঁতৰি কেনিবা গ’লগৈ৷ সেই অৰণ্যখনকে পাছত আমাৰ মহাৰাজ কেশৰীৰ কোনোবা এজন পূৰ্বপুৰুষে সেউজপুৰ নাম দি শাসন কৰিবলৈ আৰম্ভ কৰিলে৷’

একেৰাহে বহু সময় ধৰি কথা কৈ কৈ বাটলুৱে দীঘলকৈ উশাহ এটা ল’লে৷

‘অ’, তাৰমানে আপোনালোকে সেউজপুৰত গছ-গছনি ৰোৱা নাই? তেন্তে আমাকনো আপুনি কেনেকৈ গছ ৰোৱাৰ আৰু ডাঙৰ কৰাৰ কৌশল শিকাব?’ বাটলুৰ অচিনাকী এজন লোকে সুধিলে৷ কথা কোৱাজনৰ মুখখন বাকী কেইজনতকৈ যেন অলপ খঙাল, বাটলুৰ তেনে অনুভৱ হ’ল৷ মাতষাৰো বৰ হুটা যেন শুনিলে সি৷ ‘অ’ তাৰমানে সেউজপুৰৰ তাহানিৰ হিটলাৰৰ নিচিনা ৰাইজৰ লগত জীণ নোযোৱা প্ৰাণী এইখন পৃথিৱীতো আছে!’ ভাবিলে সি৷ সোঁ হাতোৰাৰে নাকৰ আগটো খজুৱাই খজুৱাই সি পুনৰ নম্ৰভাৱে ক’বলৈ আৰম্ভ কৰিলে–

‘হয়, মহাশয়৷ এই কথাটো মই আগতেই কৈছোঁ৷ মই বা আমাৰ সেউজপুৰৰ কোনো এজন প্ৰাণীয়েই গছ ৰুই পোৱা নাই৷ কিন্তু আমি গছ প্ৰতিপালন কৰিব জানো৷ এসময়ত মই মানুহসকলৰ সমাজত আছিলোঁ৷ এতিয়াও মোৰ দুজনমান মানুহ বন্ধু আছে৷ নিজে দেখা আৰু তেওঁলোকৰপৰা জনা কেইটামান তথ্যৰ আধাৰত মই আপোনালোকক এই বিষয়ক দুষাৰমান কথা ক’ব পাৰিম বুলি ভাবিছোঁ৷’

‘বাটলু মহাশয়, আমি আপোনাৰ কথা শুনিবলৈ ইচ্চুক৷ অনুগ্ৰহ কৰি আপুনি কওক৷’

‘লুংলু, তুমি অকণমান শান্ত হৈ বহাঁ৷’ হিঙে লক্ষ্য কৰি আছিল যে লুংলুৰ কথা-বতৰাৰ সুৰটো বাটলুৰ বাবে কিছু অস্বস্তিকৰ হৈ পৰিছে৷ সেয়ে বাটলু যাতে স্বাভাৱিক হৈ থাকিব পাৰে তাৰ বাবে ব্যস্ত হৈ হিঙে সেই গোমোঠা আৰু খঙাল প্ৰাণীজনক উদ্দেশ্যি ক’লে৷ ‘অ’, এইজনৰ নাম তেনেহ’লে লুংলু!’ ভাবি ভাবি মিচিকিয়া হাঁহি এটা ওঁঠত ফুটাই তুলি বাটলুৱে ক’বলৈ আৰম্ভ কৰিলে–

‘পোনপটীয়াকৈ আচল কথালৈকে আহোঁ৷ গছপুলি ৰোপণ কৰিব কাৰণে প্ৰথমটো আৱশ্যকীয় বস্তু হৈছে উপযুক্ত মাটি৷ আপোনালোকৰ এই গ্ৰীনাৰ মাটিৰ চৰিত্ৰ আমাৰ পৃথিৱীৰ মাটিৰ লগত মিলে নে নিমিলে আপোনালোকে পৰীক্ষা কৰি চাইছেনে?’

‘এতিয়া অৱশ্যে চোৱা হোৱা নাই৷ মানে আমি জানো৷ কাৰণ পূৰ্বে বহুবাৰ এই পৰীক্ষা কৰা হৈছে৷’ ইপ্পিয়ে বাটলুৰ প্ৰশ্নৰ উত্তৰ দিলে৷

‘অক্সিজেন, নাইট্ৰ’জেন, কাৰ্বন, ফছফৰাছ, জিংক আদি উপাদানবোৰ এই মাটিত কি কি পৰিমাণত আছে সেইটো প্ৰথমে পৰীক্ষা কৰি চাওক৷ আৰু লগতে চাওক আমাৰ পৃথিৱীৰ মাটিৰ গুণাগুণো৷ দুয়োখিনি মিলিলেহে আমাৰ পৃথিৱীৰ গছ ইয়াত ডাঙৰ হ’ব পাৰিব৷ দ্বিতীয়তে পানী৷ পানীয়েই যে সকলো জীৱৰ কাৰণে অমৃতৰ নিচিনা সেয়া মই নক’লেও আপোনালোকে নিশ্চয় জানে৷ গতিকে আপোনালোকৰ ইয়াৰ পানী আৰু আমাৰ পৃথিৱীৰ পানীৰ পৰীক্ষাও কৰক৷ তাৰ পাছত আপোনালোকে আমাৰ পৃথিৱীৰ গুণাগুণেৰে মাটি আৰু পানী সৃষ্টি কৰক কৃত্ৰিমভাৱে৷  প্ৰথমে কিছু বছৰ তেনে কৃত্ৰিম মাটিত ৰুই লাহে লাহে আপোনালোকৰ মাটিৰ পৰিমাণটো বঢ়াই নিয়ক৷’

‘ইপ্পিৰ চকুহাল ডাঙৰ হৈ উঠিল৷ মুখনত ফুটি উঠিল এটা হাঁহি৷ হিঙকে ধৰি বাকীসকলৰো মুখত আনন্দৰ ভাব প্ৰকাশ পালে৷ বাটলুৱে মন কৰিলে, এইবাৰ লুংলু বোলাজনো যেন আনন্দিত হৈছে৷ সি উৎসাহিত বোধ কৰি পুনৰ ক’বলৈ ধৰিলে–

‘তাৰ পাছত আহিব তাপ আৰু পোহৰ৷ আমাৰ সূৰ্যৰ পোহৰৰ তাপ আপোনালোকৰ সূৰ্যটোৰ সৈতে কেতিয়াও একে নহয়৷ আপোনালোকৰ সূৰ্যৰ তাপ কিছু বেছি৷’

‘সেই তাপ কমকৈ পাবলৈ আমি গছপুলিবোৰক ছাঁ দি ৰাখিছোঁ দেখোন৷’ পুনৰাই ভেকাহি মৰাৰ দৰে কৈ উঠিল লুংলুৱে৷ বাটলু ৰৈ গ’ল৷ সি মন কৰিলে, লুংলুৰ আচৰণ বাকীকেইজনে ভাল পোৱা নাই৷ ইপ্পিয়ে লুংলুৰ ফালে হাত এখন দাঙি তেওঁক মনে মনে থাকিবলৈ ইঙ্গিত দিলে৷

‘কওক,আপুনি কওক৷’ ইপ্পিয়ে অনুৰোধ জনালে বাটলুক৷ বাটলুৱে আকৌ ক’বলৈ ধৰিলে–

‘আমাৰ পৃথিৱীৰ তুলনাত আপোনালোকৰ ইয়াত বৰষুণ খুব কমকৈ হয় যেন লাগিছে৷ ৰ’দো খুব চোকা৷ গতিকে লাহে লাহে আপোনালোকে ছাঁ দি ডাঙৰ কৰা গছবোৰ বাহিৰলৈ নিব লাগিব, মানে সিহঁতৰ ওপৰৰপৰা অলপ সময়ৰ বাবে ছাঁ গুচাই দিব লাগিব৷ লাহে লাহে ৰ’দত থকা সময় বঢ়াই নিব লাগিব৷ পাৰিলে আপোনালোকে কৃত্ৰিমভাৱে বৰষুণ দিয়াব পাৰিব লাগিব৷ আপোনালোকে নিশ্চয় এইকেইটা কাম কৰিব পাৰিব৷’

‘নিশ্চয়, নিশ্চয়৷ মই যি বুজিছোঁ, আমি কৰি অহামতেই কামবোৰ কৰি যাব লাগিব; কিন্তু আৰু সূক্ষ্মভাৱে দুটামান কথালৈ চকু দিব লাগিব৷ নহয়নে ডাঙৰীয়া?’

ইপ্পিয়ে প্ৰফুল্লিত মুখেৰে কৈ উঠি পুনৰ বাটলুক সুধিলে৷ বাটলুৱে উত্তৰ দিলে–

‘হয়, মহাদয়৷ আপোনালোকে আমাৰ পৃথিৱীৰপৰা ক্ৰমে ক্ৰমে কিছু মাটিও অনাৰ ব্যৱস্থা কৰক৷ লগতে ইয়াৰ মাটিও নি আমাৰ তাত কোনো ঠাইত মিহলাই দিয়কগৈ৷ তাৰ পাছত লাহে লাহে লক্ষ্য কৰক, ইয়াত আৰু তাত গছ-গছনি গজাৰ মাজত বেলেগ কিবা ঘটনা ঘটে নেকি৷’

‘লুংলু, দেখিলানে? আমি যিদৰে কৰি আহিছোঁ সেইদৰে আমি সফল হ’ব পৰা নাই৷ যদি আমি আৰু অকণমান কষ্ট কৰোঁ তেন্তে নিশ্চয় অতি সোনকালে আমাৰ এই শুকান গ্ৰীনা আগৰ দৰে সেউজীয়া হৈ উঠিব৷’

‘হয় ইপ্পি৷ নিশ্চয় আমি কৰিব লাগিব৷ ধন্যবাদ বাটলু ডাঙৰীয়াক৷’ লুংলুৱে এইবাৰ বাটলুক স্পষ্ট ভাষাৰে ধন্যবাদ জনালে৷ বাটলুৱে আকৌ ক’লে–

‘আপোনালোকে অকণো চিন্তা নকৰিব৷ ইচ্ছা থাকিলে, চেষ্টা কৰিলে যিকোনো উদ্দেশ্যই শফল হয়৷ মইতো আপোনালোকৰ সৈতে এইটো কামত আছোঁৱেই৷ দৰকাৰ হ’লে আন আন সেউজপুৰীয়ায়ো আপোনালোকক সহায় কৰিব৷ মই লক্ষ্য কৰিছোঁ, আমাৰ পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান জীৱ মানুহতকৈও আপোনালোক অধিক বুদ্ধিমান আৰু জ্ঞানী৷ তথাপি কওঁ, নিয়মীয়াকৈ কৰা অভ্যাসৰ কাৰণেই গছ-গছনি ৰোৱা আৰু ডাঙৰ কৰাৰ ক্ষেত্ৰত আমাৰ পৃথিৱীৰ মানুহসকল অধিক দক্ষ৷ আপোনালোকেও অভ্যাস কৰক, গ্ৰীনা আকৌ সেউজীয়া হৈ উঠিব৷ দৰকাৰ হ’লে আমাৰ সেউজপুৰৰ প্ৰাণীসকলৰ কিছু সংখ্যককো আপোনালোকে ইয়ালৈ লৈ আনিব পাৰিব, আপোনালোকৰ সুখ-দুখৰ সমভাগী হ’বলৈ৷ আপোনালোকৰ ইমান খৰকৈ অহা-যোৱা কৰিব পৰা যন্ত্ৰবাহন আছে যেতিয়া একো চিন্তাই নাই৷’

বাটলু ৰ’ল৷

বাকীকেইজন লোকৰ এজনেও এষাৰো কথা কোৱা নাই৷ কেউজনে তধা লাগি তাৰ মুখলৈ চাই আছে৷ সি এক প্ৰকাৰে লাজেই পাই গ’ল৷ তলমূৰকৈ সি ক’লে–

‘মই কিবা নক’বলগীয়া কথা ক’লোঁ যদি অনুগ্ৰহ কৰি ক্ষমা কৰে যেন৷’

‘ক্ষমা, ডাঙৰীয়া? আপুনি কয় কি?’ হিঙে এক প্ৰকাৰ চিঞৰি উঠিল৷

‘আপুনি আমাৰ ইয়াত গছ ৰোৱাৰ কৌশলৰ বিষয়ে কোৱা কথাখিনি খুব গুৰুত্বপূৰ্ণ৷ কিন্তু সেইখিনিতকৈও এই শেষৰ কথাখিনি অধিক মহত্ত্বপূৰ্ণ৷ ইমান ইতিবাচক কথা ক’লে আপুনি! এনে ইতিবাচকতাই আমাক নতুনকৈ মনোবল দিছে বাটলু ডাঙৰীয়া৷’

(আগলৈ)

স
লেখকৰ পৰিচয়

স্মৃতিৰেখা দেৱী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)