৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অব্যাহৃত

লেখকঃ ৰঞ্জুমণি মহন্ত • প্ৰকাশিতঃ ৩১ আগষ্ট, ২০২১
৪ মিনিট পঠন • ১৯৮৭ বাৰ পঢ়া হৈছে
অব্যাহৃত
ডাঙৰকৈ চাওক (Zoom)

শিশুসাহিত্যিক ইন্দ্ৰকান্ত কাৰ্কীদেৱলৈ শ্ৰদ্ধাঞ্জলি

ৰঞ্জুমণি মহন্ত

সপ্তম শ্ৰেণীত বৃত্তি পাওঁতে ‘মৌচাক’-ত “এওঁলোকে বৃত্তি লাভ কৰিছে” শিতানত মোৰ ফটো ওলোৱাত দেউতাই ‘মৌচাক’-ৰ সেই সংখ্যাটো কিনি আনিছিল আৰু সেইদিনাই মোৰ ‘মৌচাক’-ৰ সৈতে প্ৰথম পৰিচয় ঘটিছিল৷ তাৰ আগলৈকে মই ‘সঁফুৰা’হে পঢ়িছিলোঁ৷ ৰঙীন পৃষ্ঠাৰে সৈতে ডাঙৰৰ লেখাৰ লগতে অনেক অকণিৰ লেখাৰে ভৰপূৰ ‘মৌচাক’খনে মোক বৰকৈ মোহাচ্ছন্ন কৰি তুলিছিল৷ বিশেষকৈ সেই মাহৰে পৰা নতুনকৈ আৰম্ভ কৰা ‘ছৰজাইনৰ অতিথি’ শীৰ্ষক শিশু কল্পকাহিনীৰ প্ৰথমটো খণ্ডই মোক এনেকৈ আচ্ছন্ন কৰি তুলিলে যে মই ‘মৌচাক’খন এৰিব নোৱৰা হৈ পৰিলোঁ৷ ইটো সংখ্যাৰ পৰা সিটো সংখ্যালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকা হ’লোঁ৷ মাহটো নাযায়-নুপুৱায় লগা হ’ল৷ ‘মৌচাক’খন হাতত পৰাৰ লগে লগে প্ৰথমেই ‘ছৰজাইনৰ অতিথি’ পঢ়িহে বাকীবিলাক লেখা পঢ়োঁ৷

এইদৰে কেইমাহমান যোৱাৰ পাছত এদিন মৌচাকৰ পাতত এটা ঘোষণা চকুত পৰিল৷ ঘোষণাটোত কোৱা হৈছিল যে মৌচাকৰ অকণিসকলৰ মাজত ‘ছৰজাইন বঁটা’ নামেৰে এখনি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷ ‘ছৰজাইনৰ অতিথি’ৰ শেষৰ খণ্ডটোৰ লগত উপন্যাসখনৰ বিষয়ে এলানি প্ৰশ্ন প্ৰকাশ কৰা হ’ব৷ সেই প্ৰশ্নসমূহৰ উত্তৰৰ লগতে উপন্যাসখন পঢ়ি কেনে লাগিল চমুকৈ লিখি ‘মৌচাক’ৰ ঠিকনালৈ ডাকযোগে পঠাই দিব লাগিব৷ সম্পূৰ্ণ শুদ্ধ উত্তৰ আৰু শ্ৰেষ্ঠ মতামত দিওঁতালৈ আকৰ্ষণীয় পুৰস্কাৰ আগবঢ়োৱা হ’ব৷ ঘোষণাটোৱে ‘ছৰজাইনৰ অতিথি’ৰ প্ৰতি মোৰ আকৰ্ষণ দুগুণে বঢ়াই তুলিলে৷ স্কুলৰ পঢ়াতকৈও বেছি মনোযোগেৰে উপন্যাসখন পঢ়িবলৈ ধৰিলোঁ৷

ঘোষণামতেই উপন্যাসখনৰ শেষৰ খণ্ডটোৰ সৈতে প্ৰশ্ন এলানি প্ৰকাশ হ’ল৷ আন বহুতৰে দৰে ময়ো প্ৰতিযোগিতাত যোগদান কৰিলোঁ৷ ছমাহমানৰ উৎকণ্ঠা আৰু অধীৰ আগ্ৰহৰ অন্ত পেলাই এদিন যেতিয়া ফলাফল ঘোষণা কৰিলে, তেতিয়া আছিল মোৰ হতবাক হোৱাৰ পাল৷ কাৰণ ‘ছৰজাইন বঁটা’ৰ ফলাফলৰ প্ৰথম স্থানত আছিল মোৰ নাম৷ সপোনৰো অগোচৰ এই ঘটনাই মনলৈ আনি দিয়া আনন্দ-উত্তেজনাৰ ঢৌ নৌ মাৰ যাওঁতেই কেইদিনমান পাছতে ডাকত মোৰ নামত এখন চিঠি আহিল, য’ত ৰৈ আছিল মোৰ বাবে আন এটা বিস্ময়৷ কাৰণ ‘ছৰজাইন বঁটা’ পোৱাৰ বাবে শুভেচ্ছা জনাই সেই চিঠিখন দিছিল মোৰ সেই সময়ৰ আটাইতকৈ প্ৰিয় লেখক ‘ছৰজাইনৰ অতিথি’ৰ স্ৰষ্টা স্বয়ং শ্ৰদ্ধেয় ইন্দ্ৰকান্ত কাৰ্কীদেৱে৷

অসমীয়া শিশুসাহিত্যৰ ক্ষেত্ৰখনক অতি উচ্চমানৰ লেখাৰে সমৃদ্ধ কৰা লেখকসকলৰ ভিতৰত ইন্দ্ৰকান্ত কাৰ্কীদেৱ অন্যতম৷ তেখেতৰ ‘বগা ভালুক’ ‘ছৰজাইনৰ অতিথি’, ‘কাঠমাণ্ডু কাঠমাণ্ডু’, ‘জাল’, ‘চোৰধৰা যন্ত্ৰ’ৰ দৰে শিশুৰ মন-প্ৰাণ আলোড়িত কৰিব পৰা লেখা অসমীয়া ভাষাত খুউব কমেইহে আছে৷ বিশেষকৈ অসমীয়া শিশুসাহিত্যত যি এমুঠিমান কল্পকাহিনী আছে তাৰ ভিতৰত কাৰ্কীদেৱৰ ‘ছৰজাইনৰ অতিথি’ নিশ্চিতভাৱে অন্যতম৷

সাহিত্যচৰ্চাৰ বাহিৰেও তেখেতে সংগীতৰো চৰ্চা কৰিছিল৷ গোৰ্খা সংগীতৰ জগতখনৰ তেখেত এটা পৰিচিত নাম আছিল৷ গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক হিচাপেও তেওঁ নিজৰ এটা পৰিচিতি গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷

বহু উচ্চমানৰ লেখাৰে অসমীয়া শিশুসাহিত্যক সমৃদ্ধ কৰা এই প্ৰচাৰবিমুখ সাহিত্যিকজনে যোৱা ২৩.০৭.২০২১ তাৰিখে পৰলোকলৈ গতি কৰিলে৷  অত্যন্ত দুখৰ বিষয় এয়ে যে তেখেতে তেখেতৰ অৱদানৰ বাবে জীৱিত কালত কোনো ধৰণৰ স্বীকৃতিতো নাপালেই, আনকি মৃত্যুৰ বাতৰিটোৱেও অসমৰ প্ৰচাৰ মাধ্যমত বিশেষ গুৰুত্ব নাপালে৷

তেখেতৰ বিয়োগে অসমীয়া শিশুসাহিত্য জগতৰ এক অপূৰণীয় ক্ষতি কৰিলে৷ সাহিত্যিকজনাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিলোঁ৷

ৰ
লেখকৰ পৰিচয়

ৰঞ্জুমণি মহন্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)