৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰঘুবংশ

লেখকঃ মূল: মহাকবি কালিদাস • প্ৰকাশিতঃ ২৪ মে’, ২০২২
৯ মিনিট পঠন • ৩১৫৮ বাৰ পঢ়া হৈছে

অনুবাদ: কৌস্তুভমণি শইকীয়া দত্ত

|| ২য় অধ্যায় ||

দিলীপ আৰু নন্দিনী

পুৱাই যশস্বী প্ৰজাধিপতিৰ  জায়াই 

দামুৰিক দিয়ে পিবলৈ আৰু বান্ধি থয় নিলগাই

নন্দিনী গাইক সুৱাসিত মালাৰে সজাই

গোমাতাক এৰি দিয়ে বনলৈ যাবলৈ ।

অথ প্ৰজানামধিপঃ প্ৰভাতে জায়াপ্ৰতিগ্ৰাহিতগন্ধমাল্যাম্ |

বনায় পীতপ্ৰতিবদ্ধবৎসাং যশোধনো ধেনুমৃষেৰ্মুমোচ || ২-১||

শ্ৰৱণ কৰা বেদবাক্য যিদৰে অনুসৰণ কৰে স্মৃতিয়ে

নৰপতিৰ ধৰ্মপত্নীয়েও সেইদৰে

নন্দিনীৰ খুৰাই পবিত্ৰ কৰে যি পথৰ ধূলি 

সেই বাট অনুসৰণ কৰে ।

তস্যাঃ খুৰন্যাসপবিত্ৰপাংসুমপাংসুলানাং ধুৰি কীৰ্তনীয়া |

মাৰ্গং মনুষ্যেশ্বৰধৰ্মপত্নী শ্ৰুতেৰিবাৰ্থং স্মৃতিৰন্বগচ্ছৎ || ২-২||

আশ্ৰমৰ প্ৰান্তৰ পৰা মৰমী পত্নীক ঘূৰাই পঠায়

বনত সুৰভিকন্যাৰ  দায়িত্ব নিজে লয় ।

এনেদৰে ৰক্ষা কৰে যেন গাইৰ ৰূপত পৃথিৱী

চাৰিখন সাগৰ যেন দুগ্ধদায়িনী পয়োধৰা নন্দিনী।

নিবৰ্ত্য ৰাজা দয়িতাং দয়ালুস্তাং সৌৰভেয়ীং সুৰভিৰ্যশোভিঃ |

পয়োধৰীভূতচতুঃসমুদ্ৰাং জুগোপ গোৰূপধৰামিবোৰ্বীম্ || ২-৩||

অকলে যায় বনৰ মাজলৈ ব্ৰতপালনৰ অৰ্থে

অংগৰক্ষক বাহিনী নিষেধ কৰে

দেহৰক্ষাৰ বাবে আনৰ সহায় নিষ্প্ৰয়োজন

আপোন শক্তিৰেই শক্তিমান মনুৰ সন্তান । 

ব্ৰতায় তেনানুচৰেণ ধেনোৰ্ন্যষেধি শেষোঽপ্যনুয়ায়িবৰ্গঃ |

ন চান্যতস্তস্য শৰীৰৰক্ষা স্ববীৰ্যগুপ্তা হি মনোঃ প্ৰসূতিঃ || ২-৪||

মুখত তুলি দিয়ে কোমল সোৱাদ ঘাঁহ

খেদি দিয়ে ছালত পৰা মহ-মাখি আৰু দিয়ে ভৰি খজুৱাই

অবাধে যাবলৈ দিয়ে য’লৈকে যায় সেই গাই

নন্দিনীৰ সেৱাতে নিজক সঁপি দিয়ে ৰজাই ।

আস্বাদবদ্ভিঃ কবলৈস্তৃণানাং কন্ডূয়নৈৰ্দংশনিবাৰণৈঃশ্চ |

অব্যাহতৈঃ স্বৈৰগতৈশ্চ তস্যাঃ সম্ৰাট্ সমাৰাধনতৎপৰোঽভূৎ || ২-৫||

নন্দিনী ৰ’লে দিলীপো ৰয় খোজ ল’লে লগতে খোজ লয়

বহিলে তেওঁ জিৰণি লয় আৰু পানী খায় নন্দিনীয়ে খালে ।

ছাঁ হৈ নৃপতিয়ে অনুগমন কৰে সেই গাইক ।

স্থিতঃ স্থিতামুচ্চলিতঃ প্ৰয়াতাং নিষেদুষীমাসনবন্ধধীৰঃ |

জলাভিলাষী জলমাদদানাং ছায়েব তাং ভূপতিৰন্বগচ্ছৎ || ২-৬||

যদিওবা ৰাজনে পৰিত্যাগ কৰিছিল সকলো ৰাজচিহ্ন

তেওঁৰ তেজোদ্দীপ্ত ৰূপতে ৰাজলক্ষ্মী প্ৰকাশিত 

কুমত যদিও নাই মদক্ষৰণৰ চিন 

তেওঁ যেন এক গজৰাজ মত্ত।

স ন্যস্তচিহ্নামপি ৰাজলক্ষ্মীং তেজোবিশেষানুমিতাং দধান |

আসীদনাবিষ্কৃতদানৰাজিৰন্তৰ্মদাবস্থ ইব দ্বিপেন্দ্ৰঃ || ২-৭||

বনৰ লতাৰে চুলি বান্ধি ধনু-কাঁড় হাতত লৈ 

এনেদৰে কৰি আছিল বনত বিচৰণ 

মুনিৰ গৰু-গাইৰ ৰক্ষণৰ ছলেৰে যেন

অৰণ্যৰ অশুভ শক্তিহে কৰিছে দমন । 

লতাপ্ৰতানোদ্গ্ৰথিতৈঃ স কেশৈৰধিজ্যধন্বা বিচচাৰ দাবম্ |

ৰক্ষাপদেশান্মুনিহোমধেনোৰ্বন্যান্বিনেষ্যন্নিব দুষ্টসত্ত্বান্ || ২-৮||

বনত ঘূৰি ফুৰা বৰুণৰ দৰে ৰজা অনুচৰবিহীন

কাষৰ বৃক্ষৰ পখীয়ে কলৰৱ কৰি

নৃপত্ৰ প্ৰশস্তিত যেন গায় জয়গান ।   

বিসৃষ্টপাৰ্শ্বানুচৰস্য তস্য পাৰ্শ্বদ্ৰুমাঃ পাশভৃতা সমস্য |

উদীৰয়ামাসুৰিবোন্মদানামালোকশব্দং বয়সাং বিৰাবৈঃ || ২-৯||

সমীৰণৰ দৰে কোমল হাতেৰে গছত বগাই যোৱা লতিকাই

অগ্নিসম উজ্জ্বল দিলীপৰ শৰীৰত ফুল দিয়ে ছটিয়াই ।

যেন ঘৰৰ ছাদত উঠি নগৰৰ বালিকাই 

আদৰে ৰজালৈ বুলি  চাউল ছটিয়ায় ।

মৰুৎপ্ৰয়ুক্তাশ্চ মৰুৎসখাভং তমৰ্চ্যমাৰাদভিবৰ্তমানম্ |

অবাকিৰন্বাললতাঃ প্ৰসূনৈৰাচাৰলাজৈৰিব পৌৰকন্যাঃ || ২-১০||

যদিও হাতত ধনুকাঁড় , 

বীৰ ৰজাৰ হৃদয় আছিল দয়াৰ সাগৰ

তেওঁৰ সুন্দৰ অৱয়ব দেখি 

বহলকৈ মেল খালে হৰিণীৰ ডাঙৰ চকুবোৰ ।

ধনুৰ্ভৃতোঽপ্যস্য দয়াৰ্দ্ৰভাবমাখ্যাতমন্তঃকৰণৈৰ্বিশঙ্কৈঃ |

বিলোকয়ন্ত্যো বপুৰাপুৰক্ষ্ণাং প্ৰকামবিস্তাৰফলং হৰিণ্যঃ || ২-১১||

ফোপোলা বাঁহৰ ফুটাৰে বতাহ সোমাই বাঁহীৰ সুৰ বিয়পি পৰিছে

তাৰ লগত কুঞ্জই কুঞ্জই বনদেৱতাই তেওঁৰ যশোগান গাইছে ।

স কীচকৈৰ্মাৰুতপূৰ্ণৰৈন্ধ্ৰৈঃ কূজদ্ভিৰাপাদিতবংশকৃত্যম্ |

শুশ্ৰাব কুঞ্জেষু যশঃ স্বমুচ্চৈৰুদ্গীয়মানং বনদেবতাভিঃ || ২-১২||

ৰ’দত ক্লান্ত ছত্ৰহীন সেই ব্ৰতচাৰী ৰাজনৰ সেৱা কৰিলেহি

পাহাৰী নিজৰাৰ হিমকণা সিক্ত আৰু

ফুলৰ সুবাসেৰে সুবাসিত মলয়াই ।

পৃক্তস্তুষাৰৈৰ্গিৰিনিৰ্ঝৰাণমনোকহাকম্পিতপুষ্পগন্ধী |

তমাতপক্লান্তমনাতপত্ৰমাচাৰপূতং পবনো নিষেবে || ২-১৩||

বৃষ্টি অবিহনেও নিৰ্বাপিত হ’ল বনজুই 

ৰক্ষক ৰজাৰ প্ৰৱেশৰ লগে লগে বনত।

ফল-ফুলেৰে ভৰি পৰিল বননি

কোনো শক্তিমন্তই পীড়া নিদিয়া হ’ল দুৰ্বলক ।

শশাম বৃষ্ট্যাপি বিনা দবাগ্নিৰাসীদ্বিশেষা ফলপুষ্পবৃদ্ধিঃ |

ঊনং ন সত্ত্বেষ্বধিকো ববাধে তস্মিন্বনং গোপ্তৰি গাহমানে || ২-১৪||

দিন ব্যতীত হ’লে

কুঁহিপাতৰ দৰে তামৰঙী কিৰণৰ সূৰুয

আৰু গোধেনু উভয়েই নিজ নিজ পৰিভ্ৰমণেৰে

পৱিত্ৰ কৰে দিগন্ত আৰু ওভতে নিজা আৱাসলৈ ।

সংচাৰপূতানি দিগন্তৰাণি কৃৎবা দিনান্তে নিলয়ায় গন্তুম্ |

প্ৰচক্ৰমে পল্লবৰাগতাম্ৰা প্ৰভা পতংগস্য মুনেশ্চ ধেনুঃ || ২-১৫||

যি গাইৰ দুগ্ধৰে হয় দেৱকাৰ্য, পিতৃকাৰ্য আৰু অতিথিকাৰ্য সমাপণ

মধ্যম লোকপাল দিলীপে কৰে তেওঁৰ অুনগমন

এনে শোভা পায় যেন স্বয়ং শ্ৰদ্ধাই কৰে  সুমংগল অনুষ্ঠান।

তাং দেবতাপিত্ৰতিথিক্ৰিয়াৰ্থামন্বগ্যয়ৌ মধ্যমলোকপালঃ |

বভৌ চ সা তেন সতাং মতেন শ্ৰদ্ধেব সাক্ষাদ্বিধিনোপপন্না || ২-১৬||

তেওঁ গৈ থাকিল বনশোভা চাই চাই

পল্লৱিত জোপোহাৰ পৰা ওলাই আহিছিল বনগাহৰিৰ জাক

ময়ূৰবোৰ নিজ নিজ গছলৈ উভতিছিল 

হৰিণবোৰ শ্যামল বননিত শুই পৰিছিল

অৰণ্যলৈ ক্ৰমশঃ এন্ধাৰ নামিছিল ।

স পল্বলোত্তীৰ্ণবৰাহয়ূথান্যাবাসবৃক্ষোন্মুখবৰ্হিণানি |

যয়ৌ মৃগাধ্যাসিতশাদ্বলানি শ্যামায়মানানি বনানি পশ্যন্ || ২-১৭||

দুগ্ধপূৰ্ণ ওহাৰেৰে নন্দিনীৰ গমনত আছিল ধীৰ ছন্দ

ৰাজপুৰুষ থূলন্তৰ দিলীপৰো খোজ গধুৰ মনোজ্ঞ

দুয়ো কৰিছিল তপোবনৰ পথ অলংকৃত ।

আপীনভাৰোদ্বহনপ্ৰয়ত্নাদ্গৃষ্টিৰ্গুৰুৎবাদ্বপুষো নৰেন্দ্ৰঃ |

উভাবলংচক্ৰতুৰঞ্চিতাভ্যাং তপোবনাবৃত্তিপথং গতাভ্যাম্ || ২-১৮|

বশিষ্ঠৰ গোৰত্নক লৈ বনৰ পৰা উভতা নৃপতিলৈ

ৰাণীয়ে বনৰ প্ৰান্তত ৰৈ সতৃষ্ণ নয়নেৰে চাই ৰ’ল 

ধুনীয়া দুচকুৱে পলক পেলাবলৈও পাহৰি গ’ল ।

বশিষ্ঠধেনোৰনুয়ায়িনং তমাবৰ্তমানং বনিতা বনান্তাৎ |

পপৌ নিমেষালসপক্ষ্মপঙ্ক্তিৰুপোষিতাভ্যামিব লোচনাভ্যাম্ || ২-১৯||

নন্দিনীক আগত লৈ আহি আছিল নৃপতি

তেওঁলোকক আগবঢ়াই নিবলৈ আহিছিল ৰাজনৰ ধৰ্মপত্নী ।

এনে লাগিছিল  মাজত সন্ধ্যাৰ কিৰণ যেন নন্দিনী 

দুকাষে ৰজা-ৰাণী যেন দিন আৰু ৰাতি ।

পুৰস্কৃতা বৰ্ত্মনি পাৰ্থিবেন প্ৰত্যুদ্গতা পাৰ্থিবধৰ্মপত্ন্যা |

তদন্তৰে সা বিৰৰাজ ধেনুৰ্দিনক্ষপামধ্যগতেব সন্ধ্যা || ২-২০||

পয়স্বিনী গাইক সুদক্ষিণাই কৰিলে প্ৰদক্ষিণ 

নন্দিনীৰ শিৰৰ মধ্যস্থানতে যেন আছে সিদ্ধিৰ দ্বাৰ

দুই শিঙৰ মাজত কৰে অৰ্চন-পূজন হাতত পাত্ৰ আখৈৰ । 

প্ৰদক্ষিণীকৃত্য পয়স্বিনীং তাং সুদক্ষিণা সাক্ষতপাত্ৰহস্তা |

প্ৰণম্যচানৰ্চ বিশালমস্যাঃ শৃঙ্গান্তৰং দ্বাৰমিবাৰ্থসিদ্ধেঃ || ২-২১||

যদিও আছিল আই দামুৰীৰ বাবে উৎসুক 

ধৈৰ্য ধৰি অৰ্চন-পূজন কৰিলে গ্ৰহণ ।

সুখী হ’ল ৰজা-ৰাণী সেই সঁহাৰিত

এয়াযে ভক্তৰ প্ৰতি অনুগ্ৰহৰ লক্ষণ ।

বৎসোৎসুকাপি স্তিমিতা সপৰ্যাং প্ৰত্যগ্ৰহীৎসেতি ননদুতুস্তৌ |

ভক্ত্যোপপন্নেষু হি তদ্বিধানানাং প্ৰসাদচিহ্নানি পুৰঃফলানি || ২-২২||

বাহুবলেৰে শত্ৰু নিধনকাৰী দিলীপে 

জায়াসহ গুৰুৰ চৰণ সেৱি সামৰিলে সান্ধ্যকৃত্য ।

পুনৰ দোহনৰ শেষত জিৰণি লোৱা গোমাতাৰ সেৱাত হ’ল মগ্ন ।

গুৰোঃ সদাৰস্য নিপীড্য পাদৌ সমাপ্য সাংধ্যং চ বিধিং দিলীপঃ |

দোহাবসানে পুনৰেব দোগ্ধ্ৰীং ভেজে ভুজোচ্ছিন্নৰিপুৰ্নিষণ্ণাম্ || ২-২৩||

ৰক্ষকস্বৰূপ ৰজা গৃহিনীৰ সৈতে

এগছি প্ৰদীপ জ্বলাই নৈবেদ্য গাইৰ সমুখত ৰাখে 

শয়ন কৰিলে শোৱে জাগিলে জাগে ।

তামন্তিকন্যস্তবলিপ্ৰদীপামন্বাস্য গোপ্তা গৃহিণীসহায়ঃ |

ক্ৰমেণ সুপ্তামনু সংবিবেশ সুপ্তোত্থিতাং প্ৰাতৰনূদতিষ্ঠৎ || ২-২৪||

সন্তান বিচাৰি প্ৰজাৰঞ্জক মহীয়ান ৰাজনে মহিষী সহিতে

ব্ৰত পালনত মগ্ন হৈ ৰ’ল একেধাৰে তিনি সপ্তাহে ।

ইত্থং ব্ৰতং ধাৰয়তঃ প্ৰজাৰ্থং সমং মহিষ্যা মহনীয়কীৰ্তেঃ |

সপ্ত ব্যতীয়ুস্ত্ৰিগুণানি তস্য দিনানি দীনোদ্ধৰণোচিতস্য || ২-২৫||

পশুৰাজ আৰু ৰাজন 


এই কথা তাৰ পিছদিনাৰ-

অনুচৰ দিলীপৰ মনোভাৱ পৰীক্ষাৰ ভাব হ’ল মুনিৰ ধেনুৰ ।

নতুন ঘাঁহে গজালি মেলিছে হিমালয়ৰ গংগাপ্ৰপাতৰ সমুখত

নন্দিনী গৈ সোমাই থাকিল তাৰ নিকটৰ গৌৰীগুৰু গহ্বৰত  ।

অন্যেদ্যুৰাত্মানুচৰস্য ভাবং জিজ্ঞাসমানা মুনিহোমধেনুঃ |

গঙ্গাপ্ৰপাতান্তবিৰূঢশষ্পং গৌৰীগুৰোৰ্গহ্বৰমাবিবেশ || ২-২৬||

কোনো হিংস্ৰপ্ৰাণীয়ে গোপনে আক্ৰমণ নকৰক বুলি 

বনৰ শোভা চাই চাই আছিল যজ্ঞধেনু ৰখি ।

হঠাতে  ক’ৰবাৰ পৰা ওলালহি সিংহ

পলকতে নন্দিনীক ধৰিলে নোৱাৰিলে ততকে ধৰিব ।

সা দুষ্প্ৰধৰ্ষা মনসাপি হিংস্ৰৈৰিত্যদ্ৰিশোভাপ্ৰহিতেক্ষণেন |

অলক্ষিতাভ্যুৎপতনো নৃপেণ প্ৰসহ্য সিংহঃ কিল তাং চকৰ্ষ || ২-২৭||

(ক্ৰমশঃ)

ম
লেখকৰ পৰিচয়

মূল: মহাকবি কালিদাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)