৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মগনীয়া

১ মিনিট পঠন • ১৪৯৮ বাৰ পঢ়া হৈছে

মূল হিন্দী (ভিক্ষুক) : সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা 

অসমীয়া অনুবাদ: দীপমণি দাস

তেওঁ আহে

আমাৰ হৃদয় চিৰাচিৰ কৰি দিব পৰা দুৰ্বহ মুখ এখন লৈ ৰাস্তালৈ আহে

পেট আৰু পিঠি একাকাৰ কৰি

লাখুটি এডালত ভৰ দি

এমুঠি খুদকণ বিচাৰি- ভোক পূৰাবলে'

মুখফটা মোনাটো মেলি দিয়ে

আমাৰ হৃদয় চিৰাচিৰ কৰি

দুৰ্বহ মুখ এখন লৈ ৰাস্তালৈ আহে

লগত থাকে দুটি শিশু

যিয়ে সদায়ে হাত মেলে

সিঁহতে  আগবাঢ়ে বাওঁহাতেৰে পেট মোহাৰি মোহাৰি

আৰু সোঁহাতখন আগবঢ়ায় দয়াদৃষ্টি বিচাৰি

ভোকত যেতিয়া ওঁঠ শুকাই যায়

সিঁহতে দাতা, ভাগ্য বিধাতাৰ পৰা কিনো পায়?

এটুপি চকুলো পান কৰিয়ে সিঁহত ৰৈ যায়

কেতিয়াবা সিঁহতে চুৱাপাত চেলেকি থাকে ৰাস্তাত থিয় হৈ

আৰু সিঁহতৰ পৰা সেইবোৰ কাঢ়ি ল'বলৈ কুকুৰবোৰো ৰৈ থাকে!

ৰ'বা, ৰ'বা! মোৰ হৃদয়ত অমৃত আছে

মই তোমালোকক বিলাই দিম

অভিমন্যুৰ দৰে হ'ব পাৰিবা তোমালোক

তোমালোকৰ দুখবোৰ মই মোৰ হৃদয়ত ভৰাই লম!

**

ম
লেখকৰ পৰিচয়

মূল হিন্দী (ভিক্ষুক): সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)