৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সপোনত মোৰ দেশ

লেখকঃ মূল:জীৱন নামদুং • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২৩
৩ মিনিট পঠন • ১৪৩৭ বাৰ পঢ়া হৈছে

 মূল : জীৱন নামদুং

অনুবাদ : দক্ষিণা দেৱী গজুৰেল

 

যোৱা বা তাৰ আগৰ বছৰৰ কথা

ডিচেম্বৰ মাহৰ কোনোবা এটা চেঁচা জাৰৰ ৰাতি

নহ’লে ভাবকচোন

এটি অজান ধুমুহাৰ অন্ধকাৰৰ ৰাতি

কোনোবাই মোৰ ঘৰৰ দুৱাৰত

জোৰেৰে টুকুৰিয়াইছে

আতংকিত, ভয়-ভীত যদিও সচেতন হৈ

মই দুৱাৰ নোখোলাকৈ

ভিতৰৰপৰাই প্ৰশ্ন কৰিলোঁ

তুমি কোন?

লগে লগে প্ৰতি উত্তৰ

‘মই তোমাৰ দেশ’

দেশ বুলি ক’লেই

মানচিত্ৰৰ কথাই মনত পৰে মোৰ সদায় সদায়

তাৰ উপৰি

প্ৰাথমিক বিদ্যালয়ৰ পৰাই মই

পৰীক্ষাবোৰত দেশৰ মানচিত্ৰ অঁকাৰ ভিৰবোৰত

দহৰ ভিতৰত দহেই

পাইছিলোঁ কেতিয়াবা

আজি কিন্তু সেই দেশে

আশ্ৰয় নাপায়

নিজৰ প্ৰিয় দেশবাসীসকলৰ হৃদয়ত

বিশ্বাসত, মতত হাৰি পৰাস্ত হোৱাৰ পাছত

দুয়োটা সদনৰ শকুনি হাতবোৰৰ পৰা

মাজৰাতি মোৰ দুৱাৰৰ সমুখ আহি পাইছে

এনে ধৰণেই ভাবি আছিলোঁ

দুৱাৰ খোলাঁ! দুৱা খোলাঁ

অকস্মাতে আকাশবাণী হ’ল

নিজেই দুৱাৰ খোল খালে

‘মই তোমাৰ দেশ’ বুলি কোৱা ঠাইত

অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়া

আত্মসমৰ্পণ কৰিব নিবিচৰা

অতীত গৌৰৱেৰে উচ্চশিৰ 

এজন বৃদ্ধ সৈনিক মাত্ৰ থিয় আছিল

মীৰজাফৰ আৰু শকুনিবোৰৰ সৈতে

যুঁজি যুঁজি

ঠগ প্ৰবঞ্চনা আৰু অবিশ্বাসৰ বুলেটৰ আঘাতত

ফাটি ছি‍ৰাছি‍ৰ হোৱা

এজন শ্বহীদৰ জাৰ্চি সি পিন্ধিছিল

সেই জাৰ্চিটো ক’ৰবাত ক’ৰবাত

দেশৰ মানচিত্ৰৰ দৰেই দেখা গৈছিল

কেইবাটাও নিদ্ৰাহীন ৰাতি আৰু মানসিক চাপত হ’বলা

তাৰ চেহেৰা কাশ্মীৰৰ দৰেই (ডিছটাৰ্ব) আছিল

তিস্তা আৰু ব্ৰহ্মপুত্ৰৰ ঢৌবোৰ

তাৰ চকুত ওপঙি ৰৈছিল

অস্ত্ৰ-শস্ত্ৰবোৰ কাঢ়ি নিলেও

‘সহজে আত্মসমৰ্পণ কৰিব নিবিচৰা

আত্মাভিমানী সেই বৃদ্ধ সৈনিক

দুষ্মন্ত আৰু শকুন্তলাৰ পুত্ৰ হৈ

মীৰজাফৰ শকুনিবোৰৰ লগত জীয়াই থাকিব লগা হৈছিল

দুৰ্যোধন আৰু দুঃশাসনৰ লগত হাঁহিবলগীয়া হৈছিল

সেই বৃদ্ধ সৈনিকক চিনি পায়ো বুজি পায়ো

একো কৰিব নোৱাৰিলোঁ মই

সঁচাকৈ সেই বৃদ্ধ চিপাহী

বাস্তৱতে মোৰ দেশ আছিল।

           ***


ফোন: ৯৭০৬৪৭৬৯৮৫

ম
লেখকৰ পৰিচয়

মূল:জীৱন নামদুং

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)