৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বৰ্ণবৈষম্য আৰু শংকৰদেৱ

লেখকঃ বৰ্ণালী বৰা • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২৩
১০ মিনিট পঠন • ৪৩৩৪ বাৰ পঢ়া হৈছে
বৰ্ণালী বৰা

 

ভাৰতীয় বিদ্বান বি. আৰ. আম্বেদকাৰে কৈছিল- যিদিনাই দেশৰ সৰ্ব্বোচ্চ পদত এজন নিম্নবৰ্ণৰ ব্যক্তি অধিষ্ঠিত হ’বলৈ সক্ষম হ’ব, তেতিয়াৰপৰাই সমাজত বৰ্ণবৈষম্যমূলক বিচাৰধাৰাৰ বেলি ডুবিবলৈ আৰম্ভ কৰিব। ভাৰত স্বাধীন হোৱাৰ ৭৫ টা বছৰৰ অন্তত এইবাৰ এগৰাকী নিম্নবৰ্ণৰ (?) মহিলা ভাৰতৰ ৰাষ্ট্ৰপতি হ’ল। কিন্তু ভবাৰ দৰে দেশৰ সৰ্ব্বোচ্চ পদত নিম্নবৰ্ণৰ ব্যক্তি অধিষ্ঠিত হ’লেই সমাজৰ পৰা বৰ্ণবৈষম্যমূলক চিন্তাধাৰাই বিদায় মাগিবনে? সাম্প্ৰতিক সমাজত ঘটি থকা ঘটনা কিছুমানত চকু ফুৰালেই এই প্ৰশ্নটিৰ সমাধান বিচাৰি পোৱা যাব। অসমৰ ক্ষেত্ৰত বৰ বেছি দূৰলৈ নগৈ যোৱা বছৰতে ঘটি যোৱা মঙলদৈৰ ঘটনাটোক বিচাৰ কৰি চাব পাৰি। এগৰাকী নিম্নবৰ্ণৰ নাৰীক বিবাহ কৰোৱাৰ অপৰাধত এজন উচ্চবৰ্ণৰ পুৰুষক সমাজে এঘৰীয়া কৰিছে। আনকি মৃত্যুৰ দৰে জীৱনৰ চৰম সত্যয়ো ব্যক্তি দুজনৰ অপৰাধ মোচন কৰিব পৰা নাই। বিভিন্নজন ব্যক্তিয়ে এই ঘটনাৰ আঁৰত আন কাৰণ আছে বুলি মত পোষণ কৰিলেও ইয়াৰ অন্তৰালত প্ৰবাহিত হৈ থকা বৰ্ণবাদী চিন্তাক আতঁৰাই এই ঘটনাৰ সঠিক ব্যাখ্যা আগবঢ়াব পৰা নাযায়। এইখিনিতে উল্লেখযোগ্য যে বৰ্ণবাদী বিচাৰধাৰাৰ প্ৰসংগ উপস্থাপন হ’লেই অসমৰ বহুসংখ্যক মানুহে ইয়াৰ অৱস্থিতিকেই নস্যাৎ কৰি দিব বিচাৰে। কিন্তু বিভিন্ন সমীক্ষাত ভাৰত তথা অসমৰ বৰ্ণবাদী মানসিকতাৰ প্ৰকৃত স্বৰূপ উন্মোচিত হৈ আছে। বিশিষ্ট চিন্তাবিদ চেতন ভগতে এটা সমীক্ষাত কৈছে যে ভাৰতৰ মাত্ৰ পাঁচ শতাংশ বিবাহহে অসবৰ্ণ বা Inter-caste। ইয়াৰ পৰাই ভাৰতীয় সমাজত বৰ্ণবাদী বিচাৰধাৰ ব্যাপ্তিৰ গভীৰতা অনুধাৱন কৰিব পাৰি। অসমীয়া সমাজৰ বৰ্ণবাদী বিচাৰধাৰাক অৱশ্যে ভাৰতৰ অন্য ৰাজ্যৰ বৰ্ণবৈষম্যৰ কঠোৰতাৰ লগত তুলনা কৰিব নোৱাৰি। ব্ৰাহ্মণ্যবাদৰ মূল আধাৰস্বৰূপ জাতিভেদৰ প্ৰভাৱ অসম ৰাজ্যত ভাৰতৰ আন আন ৰাজ্যবিলাকৰ তুলনাত কমকৈ পৰাৰ ক্ষেত্ৰত সমালোচকসকলে প্ৰধানকৈ দুটা দিশৰ কথা সততে কয়। প্ৰথমটো হ’ল অসম ৰাজ্যখন অহিন্দু আৰু হিন্দুধৰ্ম গ্ৰহণ কৰিও হিন্দুৰ জাত প্ৰথাত অৰ্ন্তভুক্ত নোহোৱা জনজাতীয় মূলৰ মানুহেৰে আবৃষ্ট। দ্বিতীয়তে সৰ্বভাৰতীয় পটভূমিত গঢ়ি উঠা ভক্তি আন্দোলনৰ অংশস্বৰূপে অসমত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ দ্বাৰা গঢ়ি তোলা জাতিভেদবিৰোধী পৰিমণ্ডল। সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটত শংকৰদেৱৰ বৰ্ণবৈষম্য বিৰোধী দৰ্শন বিশ্লেষণ তথা অনুধাবনৰ যথেষ্ট প্ৰাসংগিকতা আছে। 

শংকৰদেৱৰ পটভূমি সময়ছোৱাত অসমত ব্ৰাহ্মণ্যবাদী বিচাৰধাৰাৰ লগতে তন্ত্ৰ-মন্ত্ৰ, বলি-বিধানৰ বিশেষ প্ৰভাৱ আছিল। ব্ৰাহ্মণ্যবাদী বিচাৰধাৰাৰে উদ্বুদ্ধ সমাজৰ উচ্চবৰ্ণৰ  লোকসকলে জনজাতীয় লোকসকলক হেয় চকুৰে চাইছিল। নিম্নবৰ্ণৰ প্ৰতি ব্ৰাক্ষণসকলৰ এই মনোভাৱৰ প্ৰতিফলন চৰ্যাপদতো সংৰক্ষিত হৈ আছে- “নগৰ বাহিৰে ডোম্বি তোহোৰি কুড়িআ। ছই ছোই জাই সো ব্ৰাহ্ম নাড়িআ”। 

বৰ্ণবৈষম্যৰ বিৰুদ্ধে শংকৰদেৱৰ স্থিতিক ভিন্ন সমালোচকে ভিন্ন সময়ত ভিন্ন ধৰণেৰে ব্যাখ্যা কৰিছে। শংকৰদেৱে শাক্ত পৰিয়ালত জন্ম গ্ৰহণ কৰিও বলি-বিধানৰ বিৰোধিতা তথা জাতিভেদ প্ৰথাক প্ৰশ্ৰয় নিদিয়া বৈষ্ণৱ ধৰ্মৰ বাণী বিলাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ জাতিভেদ প্ৰথাক পুলিয়ে-পোখাই উচ্ছেদ কৰিব পৰা নাছিল যদিও বৰ্ণবাদী মানসিকতাক দুৰ্বল কৰাত সহায় কৰিছিল। অৱশ্যে সামাজিক ক্ষেত্ৰত জাতিভেদৰ অনাৱশ্যকতাৰ কথা ক’তো শংকৰদেৱে কোৱা নাই। সামাজিক জীৱনত জাতিভেদ প্ৰথাক সম্পূৰ্ণভাৱে ধ্বংস কৰিবলৈ প্ৰত্যক্ষভাৱে চেষ্টা নকৰাৰ বাবে শংকৰদেৱ সমালোচিতও হোৱা দেখা যায়। চিন্তাবিদ ভবানন্দ দত্তৰ মতে “হিন্দু সমাজৰ সম্পত্তিৰ উত্তৰাধিকাৰ ব্যৱস্থা আৰু তাৰ ভিত্তিত প্ৰতিষ্ঠিত যি অৰ্থনৈতিক ব্যৱস্থা তাৰ পৰিৱৰ্তন তেখেতে বিচৰা নাছিল। জাতিভেদৰ সামাজিক ভিত্তি হল সম্পত্তিৰ উত্তৰাধিকাৰ ব্যৱস্থা আৰু মানুহৰ অৰ্থনৈতিক বৃত্তিৰ জন্মগত ভেদৰ ধাৰণা। এইটোৱেই সমগ্ৰ ভাৰততো হিন্দু সমাজৰ গাঁথনি আছিল আৰু নানা সমাজৰ উত্থান-পতনেও ইংৰাজ অহাৰ আগলৈকে এই সামাজিক ব্যৱস্থা ভাঙিব পৰা নাছিল। শংকৰদেৱেও এই ব্যৱস্থাৰ বাহিৰেও মানুহৰ সামাজিক অৱস্থিতিৰ কোনো অন্য ব্যৱস্থা কল্পনা কৰা নাছিল। শংকৰদেৱে প্ৰত্যক্ষভাৱে জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰা নাছিল যদিও তেওঁৰ পদক্ষেপসমূহ আওপকীয়াকে সমাজৰ নিম্নশ্ৰেণীৰ মানুহৰেই সৰ্বাত্মক উত্তৰণ কৰিবলৈ লৈছিল। ব্ৰাহ্মণ্যবাদত যি শাস্ত্ৰক স্ত্ৰী-শূদ্ৰৰ পৰা আঁতৰাই ৰখা হৈছিল, সেই শাস্ত্ৰক  তেওঁ সংস্কৃতৰ পৰা দেশীয় ভাষালৈ অনুবাদ কৰি জ্ঞানৰ দুৱাৰখনি খুলি দিছিল। তেওঁ লিখিছিল— “কৃষ্ণৰ কথাত যিটো ৰসিক। ব্ৰাহ্মণ জন্ম  তাৰ লাগে কিক। স্মৰোক মাত্ৰ হৰি দিনে-ৰাতি। নবাছে ভকতি জাতি-অজাতি”। ইয়াৰ দ্বাৰা শংকৰদেৱে ধৰ্মবস্তু কেৱল ব্ৰাহ্মণ-পু্ৰোহিতৰ মাজত আবদ্ধ নাৰাখি হৰি নাম লোৱা মাত্ৰেই নিম্ন-উচ্চ সকলো জাতিয়ে ধৰ্ম পাব বুলি ক’লে। সমাজত নিম্ন বা উচ্চ কোনো জাতি নাই তথা ভগৱানৰ বাবে সকলো এক- এই ধাৰণাৰে শংকৰদেৱে নীচ জাতিৰ অন্তৰৰ আত্মগ্লানি, হতাশাক আঁতৰাবলৈ প্ৰয়াস কৰিছিল। এনেবোৰ দিশে প্ৰমাণ কৰে যে প্ৰকৃততে কিছুমান সমালোচকে কোৱাৰ দৰে শংকৰদেৱ জাতিভেদ প্ৰথাৰ প্ৰতি উদাসীন নাছিল। বৰঞ্চ শংকৰদেৱে হয়তো সমসাময়িক সমাজখনত ব্ৰাহ্মণ আৰু নীহকুলীয়া ব্যক্তিক সমদৃষ্টিৰে চোৱাৰ পৰিৱেশ যে গঢ়ি উঠা নাছিল সেই কথা বুজি পাইছিল। সেয়েহে তেওঁ প্ৰত্যক্ষভাৱে উদাসীন থাকি কৌশলেৰে সমাজৰ পৰা জাতিভেদৰ বিষবাষ্প নোহোৱা কৰাৰ প্ৰয়াস কৰিছিল। এইক্ষেত্ৰত সমালোচক ময়ূৰ বৰাৰ মন্তব্য প্ৰণিধানযোগ্য — “জাতিভেদ সন্দৰ্ভত শংকৰদেৱৰ ভূমিকা আছিল অত্যন্ত বাস্তৱবুদ্ধিসম্পন্ন। যিহেতু তেওঁ বেদান্তৰ ব্ৰহ্মক গীতাৰ শ্ৰীকৃষ্ণৰ মাধ্যমেৰে আৰু ভাগৱতৰ ভকতিৰ জৰিয়তে জনসাধাৰণৰ বুকুৰ মাজলৈ নিবলৈ চেষ্টা কৰিছিল, সেয়েহে হয়তো গীতা বা ভাগৱতত থকা জাতিভেদৰ ধাৰণাটোৰ বিৰুদ্ধে প্ৰত্যক্ষ বিদ্ৰোহ ঘোষণা কৰা নাছিল। কাৰণ তেনে কৰিলে সেই পুথিসমূহৰ বাণীকো বিৰোধিতা কৰা হ’ব আৰু সমাজত নিজস্ব আধিপত্য আৰু প্ৰতিপত্তিৰে জীৱন নিৰ্বাহ কৰা ব্ৰাহ্মণসকলকো জোকাই লোৱা হ’ব। সেয়েহে তেওঁ কৌশলেৰে ব্ৰাহ্মণসকলক অপ্ৰাসংগিক কৰিছিল। তেওঁ কৈছিল- হৰিনামৰ ক্ষেত্ৰত কাৰো অগ্ৰাধিকাৰ থাকিব নোৱাৰে। কেৱল বেদমন্ত্ৰৰ ক্ষেত্ৰতহে ব্ৰাহ্মণৰ অগ্ৰাধিকাৰ থাকিব। কিন্তু যিহেতু বেদমন্ত্ৰৰ পাঠ আদিক অপ্ৰয়োজনীয় বুলি ঘোষণা কৰা হ’ল, সেয়েহে জাতিভেদৰ আধাৰ লাহে লাহে দুৰ্বল হৈ আহিল। হৰিনাম লোৱা চণ্ডালক হৰিনাম নোলোৱা ব্ৰাহ্মণতকৈ উচ্চস্থান প্ৰদান কৰি শংকৰদেৱে বৰ্ণভেদ প্ৰথাক নিশকতীয়া কৰিলে”। শংকৰদেৱৰ ভক্তসকলৰ মাজত নগা, গাৰো, জয়ন্তীয়া, কুমাৰ, কৈৱৰ্ত, মুছলমান আদি সকলো সম্প্ৰদায়ৰ মানুহ আছিল। অৱশ্যে তেওঁ নিজ ৰচনাত কেতবোৰ সামাজিকভাৱে নিম্ন জাতিৰ আখ্যা পোৱা লোকৰ ক্ষেত্ৰত কিছুমান নিম্নখাপৰ বিশেষণ ব্যৱহাৰ কৰিছে। যেনে- স্ত্ৰী শূদ্ৰ গণ অধম যৱন (ভাগৱত), স্ত্ৰী শূদ্ৰ বৈশ্য যত পাপ জাতি(ভক্তি ৰত্নাকৰ)। এনেবোৰ লেখনিয়ে নিম্ন জাতিৰ প্ৰতি শংকৰদেৱৰ দৃষ্টিভংগী উন্নত নাছিল যেন দেখুৱালেও ই মূলতঃ সেই সময়ৰ সমাজৰ দৃষ্টিভঙ্গীহে প্ৰতিনিধিত্ব কৰে বুলিব পাৰি। কাৰণ শংকৰদেৱে তেওঁৰ ধৰ্মমতৰ দ্বাৰা তথাকথিত নীচ জাতিৰ লোকসকলো হৰিনাম কীৰ্ত্তনৰ দ্বাৰা সমাজৰ উচ্চাসনত বহিব পাৰে বুলি কৈ গৈছে।

শংকৰদেৱ মূলতঃ এজন ধৰ্মপ্ৰচাৰক আছিল যদিও তেওঁ তাৰ লগতে এজন সমাজ সংস্কাৰকো আছিল। তেওঁৰ ধৰ্মমত জাতিভেদ প্ৰথাৰ বিৰোধী আছিল। সমাজৰ উচ্চ-নীচ সকলোকে তেওঁ সমান স্থান দিছিল। অৱশ্যে তাৰ বাবে তেওঁ ৰজাঘৰ তথা ব্ৰাহ্মণসকলৰ দ্বাৰা সমালোচিতও হৈছিল। শংকৰদেৱে কতো পোনপতীয়াভাবে জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰা নাই। প্ৰত্যক্ষভাৱে জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰা নাছিল যদিও তেওঁৰ পদক্ষেপসমূহে আওপকীয়াকৈ সমাজৰ নিম্নশ্ৰেণীৰ মানুহৰেই সৰ্বাত্মক উত্তৰণ কৰিবলৈ লৈছিল। ব্ৰাহ্মণ্যবাদত যি শাস্ত্ৰক স্ত্ৰী শূদ্ৰৰ পৰা আঁতৰাই ৰখা হৈছিল, সেই শাস্ত্ৰক তেওঁ সংস্কৃতৰ পৰা দেশীয় ভাষালৈ অনুবাদ কৰি জ্ঞান ভাণ্ডাৰৰ দুৱাৰখনি খুলি দিছিল। কিছুমান সমালোচকে কোৱাৰ দৰে শংকৰদেৰ জাতিভেদ প্ৰথাৰ প্ৰতি উদাসীন নাছিল। বৰঞ্চ শংকৰদেৱে সমসাময়িক সমাজখনৰ মনোভংগী বুজিবলৈ হয়তো সক্ষম হৈছিল। সেয়েহে তেওঁ প্ৰত্যক্ষভাৱে উদাসীন থাকি কৌশলেৰে সমাজৰ পৰা জাতিভেদৰ বিষবাষ্প নোহোৱা কৰাৰ প্ৰয়াস কৰিছিল। শংকৰদেৱৰ মৃত্যুৰ পিছত ক্ষমতা আৰু আদৰ্শজনিত খাম-খেয়ালিৰ পাকচক্ৰত বৈষ্ণৱসকল চাৰি ভাগত বিভক্ত হৈ পৰে তথা সাম্প্ৰতিক সময়তো অসমীয়া সমাজত শংকৰদেৱৰ বৰ্ণবৈষম্যবিৰোধী চিন্তাৰ বৰ বিশেষ অনুশীলন দেখা নাযায়। বৰঞ্চ শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মমতক দিনে ৰাতিয়ে আওৰাই থকা সকলেও এই দিশটো ভিন্ন যুক্তিৰে এৰাই চলিবলৈ চেষ্টা কৰে অথবা গভীৰভাৱে অনুধাৱনৰ প্ৰয়াস নকৰে। মঙলদৈৰ ঘটনাটোৰ অনুৰূপ ঘটনা অসমৰ চুকে- কোণে হয়তো হাজাৰটা ঘটি আছে। এইসমূহ নিৰ্মূলকৰণৰ বাবে আন একো নকৰিলেও অন্ততঃ শংকৰদেৱৰ দৰ্শন  হৃদয়ংগম কৰাৰ প্ৰাসংগিকতা আছে। বৰ বিশেষ নহ’লেও বৰ্ণবাদী মন-মানসিকতা দূৰীকৰণৰ ক্ষেত্ৰত ই কিঞ্চিত পৰিমাণে হ’লেও সহায়ক হৈ উঠিব পাৰে।

 

সহায়ক গ্ৰন্থ :

১। সমাজ সাহিত্য আৰু সংহতি, দিলীপ বৰা, ভৱানী, গুৱাহাটী, ২০০৮

২। জাতিভেদ প্ৰথা আৰু শংকৰদেৱ, ময়ূৰ বৰা, আঁক বাক, গুৱাহাটী, ২০১৯

 

ঠিকনা :

গৱেষক

অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়

 


ব
লেখকৰ পৰিচয়

বৰ্ণালী বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)