৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বিজ্ঞান আৰু সাহিত্য

লেখকঃ অভিজিত শৰ্মা বৰুৱা • প্ৰকাশিতঃ ২৬ ফেব্ৰুৱাৰী, ২০২২
৩০ মিনিট পঠন • ৩৩৩০ বাৰ পঢ়া হৈছে

 অভিজিত শৰ্মা বৰুৱা

 

আজি এই সভাত উপস্থিত জ্যেষ্ঠ-কণিষ্ঠ সকলোলৈকে শ্ৰদ্ধা-সম্ভাষণ জনাই বিজ্ঞানক বিষয়ৰূপে লৈ প্ৰতি বছৰে আয়োজন কৰা 'অন্যযুগ বক্তৃতামালা'ৰ উদ্যাক্তা 'অন্যযুগ' আলোচনীৰ পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। 

বিজ্ঞান শব্দটো সংস্কৃতৰ পৰাই আহিছে আৰু ইয়াৰ অৰ্থ হ’ল- বিশেষ জ্ঞান। অৰ্থাৎ বিজ্ঞান জ্ঞানৰ ভিতৰতে পৰে, কিন্তু সেই জ্ঞানৰ কিছুমান বিশেষ বৈশিষ্ট্য থাকিব লাগিব। বিজ্ঞানত থাকিবলগীয়া মূল বিশেষ বৈশিষ্ট্য হৈছে এয়ে যে বিজ্ঞান সদায়ে যুক্তিনিৰ্ভৰ আৰু প্ৰমাণনিৰ্ভৰ। বহু ক্ষেত্ৰত যুক্তিৰে কিছুমান তথ্য বা সূত্ৰ প্ৰতিপন্ন হ’লেও বিজ্ঞানে প্ৰমাণৰ বাবে বাট চায়। ১৯০৫ চনত আইনষ্টাইনে বিশেষ আপেক্ষিকতা তত্ত্বৰ সহায়েৰে ওচৰত বৃহৎ ভৰৰ অৱস্থিতিৰ বাবে পোহৰৰ গতিপথ বেঁকা হৈ যায় বুলি কৈছিল আৰু সেই গতিপথ কিমান ওচৰত থকা কিমান পৰিমাণৰ ভৰৰ বাবে কিমান বেঁকা হ’ব, টেবুলতে বহি তাক গণনা কৰিও উলিয়াইছিল। পিছে সুদীৰ্ঘ ১৪ বছৰৰ পাছত ১৯১৯ চনৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণত তাৰ প্ৰকৃত প্ৰমাণ নোপোৱালৈকে বিজ্ঞানীসমাজে সেই কথা সম্পূৰ্ণ মানি লোৱা নাছিল। ১৯৬৪ চনত প্ৰখ্যাত পদাৰ্থবিজ্ঞানী পিটাৰ হিগছে অব্যৰ্থ যুক্তিৰে কৈছিল যে ‘হিগছ বছন’ কণা বা ঈশ্বৰ কণাৰ অস্তিত্ব আছে, কিন্তু ২০১২ চনৰ ৪ জুলাইত ‘ইউৰোপিয়ান অৰ্গেনাইজেছন ফৰ নিউক্লিয়েৰ ৰিছাৰ্ছ’ বা CERN-এ তেওঁলোকৰ ‘লাৰ্জ হেড্ৰ’ন কলাইডাৰ’ত সেই কণাৰ বাস্তৱ সন্ধান পাওঁতেহে সেই কথা ১০০ শতাংশ মানি লোৱা হ’ল। এনে উদাহৰণ দেধাৰ আছে যি বিজ্ঞানৰ এই বিশেষ বৈশিষ্ট্যটোৰ কথা আঙুলিয়াই দিয়ে।

বিজ্ঞানক গৱেষণাগাৰ আৰু বিজ্ঞানীসকলৰ বিৰল মগজুৰ পৰা সাধাৰণ লোকৰ মাজলৈ লৈ যাবৰ বাবে সাহিত্যৰো বিশেষ প্ৰয়োজন আছে। সাহিত্যৰ জনপ্ৰিয়তা আৰু প্ৰসাৰ সেই প্ৰাচীন যুগৰপৰাই অব্যাহত আছে। সংস্কৃতত এটা শ্লোক আছে, যাৰ ভাবাৰ্থ হ’ল– ‘সাহিত্য, কলা আৰু সংস্কৃতিৰ প্ৰতি যিসকল লোক আকৃষ্ট নহয়, সেইসকল দুঠেঙীয়া জন্তুৰ দৰে’; পাৰ্থক্য মাথোঁ এটাই যে তেওঁলোকে ঘাঁহ নাখায়; পিছে তেওঁলোকে ঘাঁহ নোখোৱাটো বেছ স্বস্তিৰ কথাই। কাৰণ তেওঁলোকে ঘাঁহ খাবলৈ আৰম্ভ কৰিলে চাৰিঠেঙীয়া গৰুৰ বাবে ঘাঁহৰ আকাল হ’ব৷

বিজ্ঞানে সাহিত্যৰ পিঠিত উঠিয়েই জনসাধাৰণৰ কাষ চাপিবলৈ চেষ্টা কৰাটো মুঠেই অস্বাভাৱিক নহয়। বিজ্ঞান আৰু সাহিত্যৰ সুসমন্বয়ে বিজ্ঞানক সকলোৰে বোধগম্য কৰি তুলিব পাৰে, আনহাতে সাহিত্যকো এক নতুন ৰূপ প্ৰদান কৰিব পাৰে। বিজ্ঞান আৰু সাহিত্য– এই দুয়োৰে সমন্বয়ত এতিয়া ‘বিজ্ঞান সাহিত্য’ নামেৰে সাহিত্যত এক শাখাৰে সৃষ্টি হৈছে।  

অসমীয়া ভাষাত বিজ্ঞান সাহিত্য বুলিলে আমি মূলতঃ এই ভাষাত লিখিত জনপ্ৰিয় বিজ্ঞানবিষয়ক ৰচনাসমূহকে বুজোঁ। পিছে জনপ্ৰিয় বিজ্ঞান মানেনো আচলতে কি? ‘উইকিপিডিয়া’ই জনপ্ৰিয় বিজ্ঞানৰ সংজ্ঞা অতি চমুকৈ এইদৰে দিছে- ‘জনপ্ৰিয় বিজ্ঞান হ’ল সাধাৰণ পাঠকৰ উদ্দেশ্যে লিখিত বিজ্ঞানৰ কথা।’ জনপ্ৰিয় বিজ্ঞান লেখা বুলিলে আমি সাধাৰণতে বিজ্ঞান সম্পৰ্কীয় এনে লেখাকে বুজোঁ, যিবোৰ সাধাৰণ ৰাইজে বুজাকৈ সহজ-সৰল ভাষাত লিখা হৈছে, য’ত তাত্ত্বিক কথা বেছি নাই, গাণিতিক সূত্ৰৰ প্ৰাদুৰ্ভাৱো নাই। সেই হিচাপত অসমীয়া ভাষাত যিকোনো বিজ্ঞান লেখা আৰু জনপ্ৰিয় বিজ্ঞান লেখাৰ মাজত আচলতে বেছি পাৰ্থক্য নাই। লিখিত অসমীয়া সাহিত্য সৃষ্টি হোৱাৰ পৰা এতিয়ালৈকে ৰচিত বিজ্ঞান লিখনিৰ ভিতৰত তেনে লিখনি খুব কমেইহে আছে, যিবোৰ তত্ত্বগধুৰভাৱে কেৱল বিজ্ঞানীসমাজক উদ্দেশ্যি লিখা হৈছে, সাধাৰণ ৰাইজৰ বাবে লিখা হোৱা নাই। ইংৰাজী ভাষাৰ ‘ছায়েঞ্চ্ জাৰ্নেল’ৰ দৰে বিশুদ্ধ বিজ্ঞানৰ কথা আলোচনা কৰা বিজ্ঞান আলোচনী বা বিশুদ্ধ বিজ্ঞান বিষয়ক কিতাপ অসমীয়া ভাষাত ক’তনো আছে? ড০ দীনেশ চন্দ্ৰ গোস্বামীদেৱৰ দ্বাৰা সম্পাদিত অধুনালুপ্ত আলোচনী ‘দৃষ্টি’ত বিজ্ঞানৰ একোটা বিষয়ৰ বিষয়ে সবিশেষ আলোচনা কৰা হৈছিল ঠিকেই, পিছে সেয়াও সৰ্বসাধাৰণ পাঠকে বুজি পোৱাকৈহে লিখা হৈছিল। ‘অসম বিজ্ঞান সমিতি’ৰদ্বাৰা ১৯৬১ চনৰ পৰা প্ৰকাশিত ‘বিজ্ঞান জেউতি’ও মূলতঃ জনপ্ৰিয় বিজ্ঞান বিষয়ক আলোচনী। সাধাৰণ বাতৰি কাকত-আলোচনী আদিৰ বিজ্ঞান পৃষ্ঠাত বিজ্ঞানৰ কোনো কথা প্ৰকাশ হ’লেও সেয়া সকলোৱে বুজি পোৱা বিধৰহে হয়। তাত জটিল তত্ত্ব, সূত্ৰ আদি থাকিলে সম্পাদকেই কাটি পেলায় নাইবা লেখকক তাতকৈ সহজভাবে সৰ্বসাধাৰণ লোকৰ বোধগম্য হোৱাকৈ লিখিবলৈ অনুৰোধ কৰে। গতিকে বাকীনো থাকিলগৈ কি? ইয়াৰ অৰ্থ পাছে এইটো কেতিয়াও নহয় যে বিশুদ্ধ বিজ্ঞান চৰ্চা কৰা অসমীয়া মানুহ কোনো নাই। কিন্তু তেওঁলোকে ইংৰাজী ভাষাতহে সেই কাম কৰে বা তেনে গ্ৰন্থ, গৱেষণাগ্ৰন্থ, গৱেষণাপত্ৰ আদি ৰচনা কৰিলে ইংৰাজী ভাষাত কৰে। গতিকে মোটামুটিভাবে কথাটো এনেকুৱাই হ’লগৈ যে অসমীয়া বিজ্ঞান সাহিত্য জনপ্ৰিয় বিজ্ঞানেই।

অসমীয়া বিজ্ঞান সাহিত্যই লিখিত ৰূপ লোৱাৰ আগতে তাৰ এক কথিত ৰূপ আছিল। সেয়াও পিছে সাধাৰণ লোকসকলে বুজিব পৰাকৈ, যিমান পাৰি সহজকৈ ৰচনা কৰা হৈছিল। পাছত অৱশ্যে সেইবোৰক লিখিত ৰূপো দিয়া হ’ল। ডাকৰ বচনবোৰ এনে সাহিত্যৰ ভিতৰত পৰে।

অসমীয়া বিজ্ঞান সাহিত্য আৰম্ভ হৈছিল অনুবাদ সাহিত্য হিচাপে। মূলতঃ সংস্কৃত ভাষাৰ পৰা কিছু বিজ্ঞানবিষয়ক পুথি অসমীয়ালৈ অনুবাদ কৰা হৈছিল। আনুমানিক খ্ৰীষ্টীয় ১৪৩৪ চনত বকুল কায়স্থই সংস্কৃতৰ পৰা অনুবাদ কৰিছিল ‘কিতাবত মঞ্জৰী’। এইখন পুথি পদ্যত লিখা হৈছিল। তাৰ পাছত কবিৰত্ন দ্বিজে পদ্যৰ সলনি গদ্যত ভাস্কৰাচাৰ্য্যৰ ‘লীলাৱতী কথা’, চূড়ামণিৰ ‘জ্যোতিষ চূড়ামণি আৰু জ্যোতিষৰ পুথি ‘খণ্ডসাধ্য’ ৰচনা কৰে।  ১৬৯৫ চনমানত কবিৰাজ চক্ৰৱৰ্তীয়ে সংস্কৃতৰপৰা অনুবাদ কৰা পুথিখনৰ নাম আছিল ‘ভাস্বতী শাস্ত্ৰৰ কথা’। কবিৰাজ চক্ৰৱৰ্তী ৰচিত আন এখন কিতাপ হ’ল ‘অংকৰ আৰ্য্যা’। ১৭৩৪ চনত সুকুমাৰ বৰকাইথে অনুবাদ কৰা ‘হস্তিবিদ্যাৰ্ণৱ-সাৰসংগ্ৰহ’ পুথিখন পাছত প্ৰায় অবিকৃত ৰূপত পোৱা গৈছে। তাত থকা ব্যাখ্যামূলক চিত্ৰসমূহো বৰ যত্নসহকাৰে অংকণ কৰা হৈছিল। এই কিতাপখন অসম প্ৰকাশন পৰিষদে একেই ৰূপত প্ৰকাশ কৰি উলিয়াইছে। ১৭৪০ চনমানত কোনো অজ্ঞাত পণ্ডিতে অনুবাদ কৰে ‘ঘোঁৰা নিদান’। ১৮০৪ চনত সূৰ্য্যখড়ি দৈবজ্ঞই সংকলন কৰে ‘অশ্বনিদান’ নামৰ পুথিখন।

ঊণবিংশ শতিকাৰ তৃতীয় দশকৰ পৰা অসমত ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা খ্ৰিষ্টিয়ান মিশ্যনেৰীসকলে অসমীয়া ভাষাত আন পুথি প্ৰকাশৰ লগতে বিজ্ঞান বিষয়ক পুথিও প্ৰকাশ কৰিবলৈ লয় আৰু তেওঁলোকৰ চেষ্টাত সোই সময়ছোৱাত প্ৰায় ৫০ খনমান বিজ্ঞানৰ পুথি প্ৰকাশিত হয়। ন’কলেও হ’ব যে সেই কেইখন আচলতে জনপ্ৰিয় বিজ্ঞান বিষয়ক পুথিয়েই আছিল। ১৮৪৫ চনত নেথান ব্ৰাওনে ‘কিতাবত মঞ্জৰী’ক ‘পদগণিত’ আৰু ‘লীলাৱতী’ নামেৰে দুভাগত ভাগ কৰি প্ৰকাশ কৰে। তাৰ পাছত নেথান ব্ৰাওনৰ গণনাৰ পুথি ‘প্ৰথম গণনা’ আৰু এলিজা ব্ৰাওন আৰু নেথান ব্ৰাওনে একেলগে ৰচনা কৰা আন এখন গণনাৰ পুথি ‘দ্বিতীয় গণনা’ প্ৰকাশ হয়। ১৮৪৯ চনত ব্ৰাওনে অসমীয়া ভাষাৰ প্ৰথম ভূগোল বিষয়ক পুথি ‘ভূগোল শিক্ষক’ প্ৰকাশ কৰে। সেই বছৰতে ‘সমাচাৰ চন্দ্ৰিকা’ নামৰ আন এখন বিজ্ঞান বিষয়ক পুথি প্ৰকাশ পায়। ১৮৫৫ চনত নিধিৰাম কেওঁট ওৰফে নিধি লেভি ফাৰৱেলে প্ৰণয়ন কৰা ‘পদাৰ্থবিদ্যাসাৰ অৰ্থাৎ ইশ্বৰে স্ৰজা বস্তুৰ কথাত শিক্ষক ছাত্ৰৰ কথোপকথন’ প্ৰকাশ পায়। ১৮৭৪ চনত ‘পদাৰ্থবিদ্যাসাৰ’ৰ দ্বিতীয় তাঙৰণ প্ৰকাশ পায়। তাৰ পাছত মিশ্যনেৰীসকলে ‘বিজ্ঞানৰ বাৰেমতৰা’ নামৰ বিজ্ঞানৰ পুথি এখন প্ৰকাশ কৰিছিল। বহুদিন ধৰি অসমত চৰকাৰী ভাষা হিচাপে বাংলা ভাষাই ৰাজত্ব কৰাৰ পাছত ১৮৭৩ চনৰ পৰা অসমৰ চৰকাৰী ভাষা আকৌ অসমীয়া হয় আৰু পঢ়াশালিৰ শিক্ষাদানৰ মাধ্যমো অসমীয়া হয়। গতিকে পঢ়াশালিৰ বাবে নতুন অসমীয়া কিতাপ লিখিব তথা প্ৰকাশ কৰিবলগীয়া হ’ল। এই কামত মিশ্যনেৰীসকলেই আগভাগ ল’লে আৰু স্বাস্থ্যবিজ্ঞান, সাধাৰণ বিজ্ঞান, ভূগোল বিজ্ঞান আদি বিষয়ৰ নানা পাঠ্যপুথি প্ৰকাশ কৰিলে।

১৮৪৬ চনৰ পৰাই প্ৰথম অসমীয়া বাৰ্তালোচনী ‘অৰুনোদই’ৰ প্ৰকাশ আৰম্ভ হয়। ‘অৰুনোদই’ৰ প্ৰকাশ আৰম্ভ হওঁতেই ঘোষণা কৰা হৈছিল যে ই হ’ব ধৰ্ম, বিজ্ঞান আৰু সাধাৰণ বুদ্ধিমত্তাৰ উত্কৰ্ষৰ বাবে উত্সৰ্গিত এখন মাহেকীয়া কাকত। ‘অৰুনোদই’ৰ সংখ্যাবোৰ প্ৰকাশ হোৱাৰ পাছত দেখা গৈছিল যে তাত সঁচাকৈয়ে বিজ্ঞানৰ কথাবোৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছিল। তাত প্ৰকাশ পাইছিল ‘নেজাল তৰা’ (ধূমকেতু), ‘ধুঁআৰ ৰথ জোআ ৰেলৰদ’ (ট্ৰেইন চলাচল কৰা ৰেল লাইন), ‘ভাপৰ কল লগা ৰথ’ (ভাপ ইঞ্জিনেৰে চলা ৰেলগাড়ী) আদিৰ বিষয়ে চিত্ৰসহ বৰ্ণনা।‘অৰুনোদই’ৰ প্ৰতিটো সংখ্যাতে অন্ততঃ একোটাকৈ বিজ্ঞান বিষয়ক প্ৰবন্ধ আৰু খবৰ প্ৰকাশিত হৈছিল। বিভিন্ন বিষয়বোৰৰ ভিতৰত আছিল- গ্ৰহ, প্ৰিণ্টিং প্ৰেছ, পৃথিৱী, ৰক্ত পৰিসঞ্চৰণ তন্ত্ৰ, বনৰৌ, কাকতি ফৰিং, বাঘ আদি। তদুপৰি তাৰ পাছত বিভিন্ন সময়ত প্ৰকাশ পোৱা ‘আসাম বন্ধু’, ‘মৌ’, ‘জোনাকী’, ‘বিজুলী’, ‘ঊষা’, ‘আলোচনী’, ‘আসাম বান্ধৱ’, ‘বাঁহী’, ‘মিলন’, ‘আৱাহন’, ‘স্বাস্থ্য প্ৰদীপ’, ‘ৰামধেনু’ আদি সাহিত্য বিষয়ক আলোচনীবোৰেও জনপ্ৰিয় বিজ্ঞানৰ প্ৰবন্ধ-পাতি প্ৰকাশ কৰিছিল আৰু এনেকৈ অসমীয়া জনপ্ৰিয় বিজ্ঞানৰ ধাৰাটোক সাৰ-পানী দি জীয়াই ৰাখিছিল। বিশেষকৈ ‘জোনাকী’ আলোচনীত কিছুমান মূল্যৱান জনপ্ৰিয় বিজ্ঞান বিষয়ক প্ৰবন্ধ প্ৰকাশ পাইছিল। ‘অৰুনোদই’ৰ দৰে ‘জোনাকী’য়েও জন্মলগ্নতে ঘোষণা কৰিছিল যে আন বিষয়ৰ লগতে বিজ্ঞানো এই আলোচনীৰ আলোচনাৰ বিষয় হ’ব। এই ঘোষণা যে অমূলক নাছিল তাৰ প্ৰমাণ হ’ল ‘জোনাকী’ত প্ৰকাশ পোৱা কনকলাল বৰুৱাৰ ‘প্ৰাণীতত্ত্ব’, চাইফুদ্দিন আহমেদৰ ‘গছ-গছনিৰ উপকাৰিতা,’ বিষ্ণুৰাম শৰ্মা বৰুৱাৰ ‘জ্বালামুখী পৰ্বত’, বিজয়ৰাম বৰুৱাৰ ‘টেলিফোন বা দূৰশ্ৰৱণ যন্ত্ৰ’, ‘চুম্বক লো’, চন্দ্ৰধৰ বৰুৱাৰ ‘বায়ুৰ ভৰ’, ‘চকুৰ বেলেগ বেলেগ অংশ’, ৰজনীকান্ত বৰদলৈৰ ‘শৰীৰতত্ত্ব’, ‘ৰক্তাহাৰী পাদপ’, সত্যনাথ বৰাৰ ‘উত্তৰ মেৰু’, দুৰ্গেশ্বৰ শৰ্মাৰ ‘ফ’ন’গ্ৰাফ’, যোগকান্ত বেজবৰুৱাৰ ‘অদ্ভুত প্ৰাণী আৰু উদ্ভিদ’ আদি প্ৰবন্ধ। ‘পখিলা’ আৰু ‘পাৰিজাত’ নামৰ শিশু আলোচনী দুখনতো বিজ্ঞানক যথেষ্ট গুৰুত্ব দিয়া হৈছিল। ১৯৩৩ চনত প্ৰকাশিত ‘পখিলা’ত শিশুৰ উপযোগীকৈ পৃথিৱীৰ জন্মকথা, সাপ, সুমথিৰা, পানী-গছা, জোনলৈ যোৱাৰ উপায়, মংগল গ্ৰহৰ কথা, ৰেলগাড়ীৰ জন্ম, টেলিফোন, চন্দ্ৰ আদি বিষয়ৰ প্ৰবন্ধ প্ৰকাশ হৈছিল। আনহাতে ১৯৪০-৪২ চনত প্ৰকাশিত ‘পাৰিজাত’ত পৃথিৱী, ৰে’লগাড়ী, টেলিভিশ্যন, নক্ষত্ৰৰাজ মীৰা, ডিনামাইটৰ আৱিষ্কাৰক ন’বেল, এণ্টিছেপ্টিকৰ আৱিষ্কাৰক লিষ্টাৰ আদিৰ বিষয়ে সুলিখিত প্ৰবন্ধ প্ৰকাশিত হৈছিল।

জনপ্ৰিয় বিজ্ঞান বিষয়ক ৰচনাৰে বিজ্ঞানক জনসাধাৰণৰ ওচৰলৈ নিবৰ বাবে বিজ্ঞানৰ সাধকসকলৰ উপৰি আন অসমীয়া লেখকসকলেও চেষ্টাৰ ক্ৰুটি কৰা নাছিল। ১৮৯৭ চনত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই লিখি উলিয়াইছিল ‘স্বাস্থ্য ৰক্ষা বা গা ভালে ৰাখিবৰ উপায়’ নামৰ বিজ্ঞান বিষয়ক গ্ৰন্থখন। তাৰ পাছত প্ৰকাশ পালে কুশকান্ত বৰকটকী ৰচিত ‘প্ৰসূতি কিম্বা অসমীয়া ধাত্ৰীবিদ্যা’ (১৮৯৭), সত্যনাথ বৰা ৰচিত ‘আকাশ ৰহস্য’ (১৯১৬), প্ৰজ্ঞাসুন্দৰী দেৱী ৰচিত ‘ৰন্ধা-বঢ়া’ (১৯১৮), চিন্তাহৰণ পাটগিৰি ৰচিত ‘সৰস ৰসায়ন’ (১৯৩১), মণিৰাম ভূঞা ৰচিত ‘কৃষি কৰ্ম’ (১৯৩১), ভুবনৰাম বৰা ৰচিত ‘ফল উত্পাদনকাৰীৰ আদৰ্শ পুথি’ (১৯৩৮), উমেশ চন্দ্ৰ পাঠক ৰচিত ‘মানৱ বিকাশ’ (১৯৩৮) আদি বিজ্ঞান সম্পৰ্কীয় কিতাপ।

গৃহবিজ্ঞানক প্ৰথমে বিজ্ঞানৰ এক শাখা বুলি বহুতে গণ্য নকৰিলেও সময়ত গৈ গৃহবিজ্ঞানে বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা হিচাপে স্বীকৃতি পালে। সেই হিচাপত ১৯১৮ চনত প্ৰকাশিত প্ৰজ্ঞাসুন্দৰী দেৱীৰ ‘ৰন্ধা-বঢ়া’ বিষয়ক কিতাপখন গৃহবিজ্ঞান বিষয়ক প্ৰথম অসমীয়া পুথি। আনহাতে সেয়ে যদি হয়, তেন্তে মহিলাসকলে লিখা জনপ্ৰিয় বিজ্ঞান বিষয়ক পুথিৰ ভিতৰত ইয়েই প্ৰথম। ১৯৬০ চনত হিতেন্দ্ৰ বৰুৱা আৰু পাৰুকুট্টি বৰুৱাই ‘বিজ্ঞান আৰু বৈজ্ঞানিক’ নামৰ এখন কিতাপ লিখিছিল। এইখন বোধকৰো মহিলা বিজ্ঞান লেখিকাৰ দ্বিতীয় কিতাপ। তাৰ পাছত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ সম্পাদনাত প্ৰকাশ পোৱা ‘ৰামধেনু’ আলোচনীত অধ্যাপিকা সৰোজ দত্তই প্ৰায় নিয়মীয়াকৈ বিজ্ঞান বিষয়ক বাতৰি আৰু প্ৰবন্ধ লিখি উলিয়াইছিল। তাৰ পাছত অৱশ্যে অসমত মহিলা লেখিকা বাঢ়ি আহিল আৰু মহিলা লেখিকাৰ জনপ্ৰিয় বিজ্ঞান বিষয়ক প্ৰবন্ধ আৰু কিতাপৰ সংখ্যাও বাঢ়িল। অসম প্ৰকাশন পৰিষদে ড০ পৰমানন্দ মহন্তৰ সম্পাদনাত অৰুণোদইৰ পৰা স্বাধীনতাৰ সময়লৈকে বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত বিজ্ঞান বিষয়ক প্ৰবন্ধ পাতিৰ এক সংকলন প্ৰকাশ কৰিছে। এই সুবৃহৎ সংকলনখনত পিছে কোনো অসমীয়া লেখিকাৰ প্ৰবন্ধ নাই। ইয়াৰ কাৰণ অৱশ্যে দুটাতকৈ বেছি হ’ব নোৱাৰে। মানে হয় সেই সময়ছোৱাত মহিলা লেখিকাই বিজ্ঞান প্ৰবন্ধ লিখাই নাছিল, নহয় সম্পাদকৰ বাছনিত সেয়া নিৰ্বাচিত নহ’ল।

অসমীয়া ভাষাৰ প্ৰথম বিজ্ঞান আলোচনী সম্ভৱ ড০ কনক চন্দ্ৰ শৰ্মাৰ সম্পাদনা আৰু আশাসুধীয়া প্ৰচেষ্টাত প্ৰকাশ পোৱা ‘পশুপালন’। ড০ কনক চন্দ্ৰ শৰ্মা আছিল বিদেশত শিক্ষিত প্ৰথমজন অসমীয়া পশুবিজ্ঞানী। ১৯২৫ চনৰ পৰা ১৯৫২ চনলৈ এই আলোচনীখন প্ৰকাশ পাই আছিল। ১৯৬১ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা অসম বিজ্ঞান সমিতিয়ে এতিয়াও প্ৰকাশ হৈ থকা ‘বিজ্ঞান জেউতি’ নামৰ জনপ্ৰিয় বিজ্ঞান বিষয়ক আলোচনীখন প্ৰকাশ কৰিবলৈ লয়। বিজ্ঞান সাহিত্যক জনপ্ৰিয় কৰি তোলাত আৰু লগতে মানবিশিষ্ট জনপ্ৰিয় বিজ্ঞান বিষয়ক প্ৰবন্ধ-পাতি সৃষ্টি কৰাত ‘বিজ্ঞান জেউতি’য়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। এনে ৰচনাই যে এতিয়া বহুতো যোগ্য লেখকৰ হাতত এক নিটোল ৰূপ পৰিগ্ৰহ কৰিছে তাত ‘বিজ্ঞান জেউতি’ৰ ভূমিকা অনস্বীকাৰ্য। তদুপৰি অসম বিজ্ঞান সমিতিয়ে বিভিন্ন লেখকৰ হতুৱাই যথেষ্ট সংখ্যক জনপ্ৰিয় বিজ্ঞান বিষয়ক পুথি লিখাই আৰু প্ৰকাশ কৰি এক গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰিছে। অসমত বিজ্ঞান আলোচনীৰ সংখ্যা এনেয়েও বৰ কম। এতিয়া বিজ্ঞান জেউতিৰ বাহিৰে ‘নতুন আৱিষ্কাৰ’কে (সম্পাদক- শান্তনু তামূলী) ধৰি দুখনমান আলোচনীহে প্ৰকাশ পাই আছে। ‘বিজ্ঞান সুৰভি’ এখন ভাল আলোচনী আছিল যদিও সেইখনৰো প্ৰকাশ বন্ধ হৈ গৈছে।

অসম সাহিত্য সভাই ১৯৪৭ চনৰ পৰা ১৯৬৭ চনলৈকে ইয়াৰ বাৰ্ষিক অধিৱেশনবোৰৰ লগত একোখন ‘বিজ্ঞান সন্মিলনো’ অনুষ্ঠিত কৰি আহিছিল। সেই সন্মিলনবোৰত সভাপতিত্ব কৰিছিল অসমৰ একোজন বিজ্ঞান-সাধক তথা বিজ্ঞান লেখকে। সেইসকলৰ ভিতৰত আছিল নীলমণি ফুকন, লক্ষ্মীনাথ দাস, ড০ হিৰণ্যচন্দ্ৰ ভূঞা, ড০ ৰোহিণীকান্ত বৰুৱা, ড০ পবনচন্দ্ৰ মহন্ত, ড০ হৰিপ্ৰসাদ বৰুৱা, ড০ কালীনাথ শৰ্মা আদি বিজ্ঞান-সাহিত্যৰ লগত জড়িত ব্যক্তিসকল। পিছে তেওঁলোকৰ মূল্যবান ভাষণসমূহৰ প্ৰতিলিপি এতিয়া ক’তো পাবলৈ নাই। অধ্যাপক ক্ষীৰধৰ বৰুৱাই বিশিষ্ট সাহিত্যিক ফটিক হাজৰিকাৰ পৰা ১৯৫৬ চনৰ ধুবুৰী অধিৱেশনত লক্ষ্মীনাথ দাসে দিয়া অভিভাষণৰ এটা কপি সংগ্ৰহ কৰি ‘অসমীয়া বিজ্ঞান সাহিত্য : অতীতৰ পৰা বৰ্তমানলৈ’ গ্ৰন্থত সন্নিবিষ্ট কৰিছে। অসম সাহিত্য সভাই ১৯৮৪ চনৰ পৰা প্ৰকাশ কৰা ‘শিশু জ্ঞানকোষ’ৰ প্ৰথম তিনিটা খণ্ডত জনপ্ৰিয় বিজ্ঞানৰ কথাই প্ৰকাশ কৰা হৈছিল। সেই ‘শিশু জ্ঞানকোষ’ৰ মুখ্য সম্পাদক আছিল ড০ সত্যেন্দ্ৰনাথ শৰ্মা। বিজ্ঞান খণ্ডকেইটাৰ সম্পাদনাৰ দায়িত্ব বহন কৰিছিল- ড০ ভুৱনমোহন দাস আৰু ড০ হৰেন্দ্ৰনাথ শৰ্মা (প্ৰথম খণ্ড), ড০ সোণেশ্বৰ শৰ্মা, ড০ প্ৰতুল গোস্বামী আৰু অধ্যাপক যশোদানন্দ ভৰালী (২য় খণ্ড) আৰু ড০ পবিত্ৰ কুমাৰ শৰ্মা আৰু ড০ কুলেন্দু পাঠক (৩য় খণ্ড)। ড০ পবিত্ৰ কুমাৰ শৰ্মাই ‘ৰসায়ন শিক্ষা’ নামেৰে এখন ৰসায়ন বিজ্ঞান বিষয়ক দুমহীয়া জনপ্ৰিয় বিজ্ঞান আলোচনীও সম্পাদনা কৰিছিল। ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত এনে প্ৰচেষ্টা ভাৰতীয় ভাষাবোৰৰ ভিতৰত সম্ভৱ ইয়েই প্ৰথম আছিল। বিগত কেইবাটাও বছৰ জুৰি ইলোৰা বিজ্ঞান মঞ্চই ‘সমীক্ষণ’ নামেৰে প্ৰকাশ কৰি অহা বিজ্ঞানমনস্কতা বিষয়ক আলোচনীখনো এই প্ৰসঙ্গত উল্লেখযোগ্য সংযোজন।

অসমীয়া ভাষাত জনপ্ৰিয় বিজ্ঞান বিষয়ক এক উল্লেখযোগ্য সামূহিক প্ৰচেষ্টা হ’ল- অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি হোমেন বৰগোহাঞিদেৱৰ নেতৃত্বত গঢ় লৈ উঠা ‘বিশ্বকোষ আন্দোলন’ৰ ফচল ‘বিজ্ঞান বিশ্বকোষ’। এই বিজ্ঞান বিশ্বকোষৰ মুখ্য সম্পাদকৰ দায়িত্বত আছিল- প্ৰখ্যাত বিজ্ঞান লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামী। সহযোগী সম্পাদকৰ দায়িত্ব চম্ভালিছিল অধ্যাপক ক্ষীৰধৰ বৰুৱা আৰু ড০ সোণেশ্বৰ শৰ্মাই। এই বিজ্ঞান বিশ্বকোষত ২৬০ গৰাকী বিজ্ঞান লেখক-লেখিকাৰ জনপ্ৰিয় বিজ্ঞান বিষয়ক সুপৰিকল্পিত প্ৰবন্ধই স্থান পাইছিল। ইয়াৰ মুঠ পৃষ্ঠাৰ সংখ্যা ২৪০০, ৰঙীণ ছবি আছে ৩৬১ খন আৰু ক’লা বগা ছবি আছে ১৮৬০ খন।

জনপ্ৰিয় বিজ্ঞানৰে এক উল্লেখযোগ্য ভাগ হ’ল কল্পবিজ্ঞান। ১৯৩৭ চনত ‘আৱাহন’ত প্ৰকাশিত হৰিপ্ৰসাদ বৰুৱাৰ ‘বিৰচতীয়াৰ দেশ’ নামৰ কাহিনীটোকে অসমীয়া ভাষাত প্ৰথম কল্পবিজ্ঞান ৰচনা হিচাপে অভিহিত কৰিব পাৰি। ১৯৩৮ চনত ‘আৱাহন’ত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ‘ৰসায়ন’ নামৰ আন এটা কল্পবিজ্ঞান গল্প প্ৰকাশিত হয়। ই আছিল দ্বিতীয়টো কল্পবজ্ঞান গল্প। অৱশ্যে তাৰো অনেক বছৰ আগতে ১৯১৪ চনতে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ‘জগতৰ শেষ আদৰ্শ আৰু বিশ্বশান্তি স্থাপন’ৰ নামৰ এটা প্ৰবন্ধ লিখিছিল আৰু তাত মহাকাশ ভ্ৰমণ, অংগ প্ৰতিষ্ঠাপন আদিৰ কথাও কৈছিল। কল্পবিজ্ঞানৰ পূৰ্ণাংগ গ্ৰন্থৰ ক্ষেত্ৰত কুমুদেশ্বৰ বৰঠাকুৰৰ ‘গোলাই চিৰিজ’ৰ ‘এটম বোমা’ (১৯৪৬) নামৰ গ্ৰন্থখনকে  প্ৰথম প্ৰয়াস বুলিব পাৰি। ১৯৫০ চনত ৰচিত সৌৰভ কুমাৰ চলিহাৰ ‘আৱাজ’ হ’ল আধুনিক কল্পবিজ্ঞানৰ বিশেষত্বপূৰ্ণ প্ৰথম ৰচনা (অৱশ্যে বহু পাছতহে এই কাহিনীটো প্ৰকাশিত হৈছিল)। এওঁলোকৰ অৱদানৰ কথা মনত ৰাখিও ক’ব লাগিব যে অসমীয়া বিজ্ঞান সাহিত্যৰ কল্পবিজ্ঞানৰ শিশুটি ড০ দীনেশ চন্দ্ৰ গোস্বামী, ড০ বিজয়কৃষ্ণ দেৱ শৰ্মা আদিৰ হাতত ধৰিহে বাহিৰলৈ ওলাই আহিছে। বিশেষকৈ ড০ গোস্বামীয়ে যথেষ্ট সংখ্যক কল্পবিজ্ঞান গল্প তথা উপন্যাস অকলেই লিখি উলিয়াইছে আৰু অসমীয়া কল্পবিজ্ঞান সাহিত্যক ভাৰতৰ প্ৰেক্ষাপটত এক সন্মানজনক স্থান প্ৰদান কৰিছে। তাৰ এক সুন্দৰ প্ৰমাণ হ’ল নেছনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰা ‘ড০ দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প’ নামৰ কল্পবিজ্ঞানৰ পুথিখন। এইখন কিতাপ আন ভাৰতীয় ভাষালৈও অনুবাদৰ ব্যৱস্থা কৰা হৈছে আৰু এইখন হ’ল তেওঁলোকে প্ৰকাশ কৰা প্ৰথম আৰু একমাত্ৰ কল্পবিজ্ঞানৰ পুথি। আমাৰ আদৰৰ নৱকান্ত বৰুৱায়ো আনকি ‘অ-পদাৰ্থ’ নামৰ এখন কল্পবিজ্ঞান বিষয়ক উপন্যাস লিখিছিল। এই বিষয়ৰ এখন বিখ্যাত কিতাপ হ’ল ড০ লক্ষ্মীনন্দন বৰাৰ ‘কায়কল্প’। শান্তনু তামূলী আৰু বন্দিতা ফুকনেও যথেষ্ট সংখ্যক কল্পবিজ্ঞান সাহিত্য সৃষ্টি কৰিছে। কল্পবিজ্ঞানৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগ বঢ়াইছে ৰথীন্দ্ৰনাথ গোস্বামী, ছাকিল জামাল, ড০ মিহিৰ কুমাৰ গোস্বামী, অজন্তা দাস, ড০ এ কে জিয়াউদ্দিন আহমেদ, প্ৰভাত গোস্বামী, মানবেন্দ্ৰ কুমাৰ বৰুৱা, পৰাণ ৰাজখোৱা আদি লেখকে। এই লেখকেও এই ক্ষেত্ৰত কিছু কাম কৰিবলৈ চেষ্টা কৰি আহিছে।

অসমত ‘ছাইণ্টুন’ বা বিজ্ঞান কাৰ্টুন অংকণৰ ক্ষেত্ৰত বাটকটীয়া হ’ল ক্ষীৰধৰ বৰুৱা। তেখেতৰ সুপুত্ৰ সুমন্ত বৰুৱাই মাহেকীয়া আলোচনী ‘সাতসৰী’ত যোৱা কেইবা বছৰো ধৰি নিয়মীয়াকৈ ‘ছাইণ্টুন’ আঁকি আহিছে। আনহাতে নাটককো জনপ্ৰিয় বিজ্ঞান কৰি তোলাৰ ক্ষেত্ৰত আন এজন খ্যাতিসম্পন্ন লেখক, নাট্যকাৰ ড০ শ্যামাপ্ৰসাদ শৰ্মাই প্ৰথম উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল। জনপ্ৰিয় বিজ্ঞান বিষয়ক লেখকসকলৰ ভিতৰত আগতে উল্লেখ কৰা লেখকসকলৰ উপৰি ড০ যজ্ঞেশ্বৰ হাতীবৰুৱা, ড০ চন্দ্ৰমোহন শৰ্মা, ড০ বসন্ত ডেকা, ড০ অৱনী কুমাৰ ভাগৱতী, ড০ অৱনী কুমাৰ গোস্বামী, অনিল কুমাৰ শৰ্মা, অধ্যাপক ডিম্বেশ্বৰ চলিহা, ড০ শিৱনাথ বৰ্মণ, ড০ অখিল কুমাৰ ডেকা, ড০ পদ্মপাণি, ড০ কুলেন্দু পাঠক,  ড০ বাৰীন্দ্ৰ কুমাৰ শৰ্মা, ড০ অমিয়া ৰাজবংশী, ড০ অমৰজ্যোতি চৌধুৰী, ড০ সুৰেন্দ্ৰনাথ মেধি, ড০ ললিত বৰা, ড০ হীৰালাল দুৱৰা, ড০ কনক মহন্ত, ড০ পৰমানন্দ মজুমদাৰ, ড০ পৰমানন্দ মহন্ত, ড০ দীনেশ বৈশ্য, ড০ মোহন চন্দ্ৰ কলিতা, ড০ অনিল কুমাৰ বৰুৱা, বন্দিতা ফুকন, ড০ পুষ্প গগৈ আদিয়ে যথেষ্ট বৰঙণি আগবঢ়াই গৈছে। লগতে এইটোও বৰ উত্সাহৰ কথা হৈছে যে আন বহুসংখ্যক প্ৰতিভাসম্পন্ন লেখক-লেখিকাই এই ক্ষেত্ৰত নিৰলসভাবে অৱদান আগবঢ়াই আহিছে। তাৰ ভিতৰত থাওকতে মনত পৰা কেইটামান নাম হ’ল - ড০ অদিতি বেজবৰুৱা, ড০ কল্পনা দুৱৰা, ড০ জয়ন্তী চুতীয়া, ড০ অখিল বৰুৱা, অচলা গোস্বামী, ড০ অৰুণমণি চৌধুৰী,  প্ৰদীপ কুমাৰ গগৈ, ড০ অন্নজ্যোতি গগৈ, মহানন্দ শৰ্মা, ড০ পান্নালাল গোস্বামী, মহানন্দ পাঠক, ডাঃ ৰাতুল শৰ্মা, দেৱজ্যোতি বৰা, ডাঃ দীপালী দত্ত, ড০ বিপিন খঙীয়া, ডাঃ গীতাৰ্থ বৰদলৈ, বিনয়মোহন শইকীয়া, ব্ৰজেন্দ্ৰ দেৱ মোহন শৰ্মা, আনন্দ চন্দ্ৰ দত্ত, শান্তনু কৌশিক বৰুৱা, ড০ মুকুন্দ ৰাজবংশী, ৰাণী দেৱী বৰা, মনোৰঞ্জন হাজৰিকা, মহানন্দ পাঠক, অচলা গোস্বামী, ড০ বিপুলজ্যোতি শইকীয়া, ড০ অঞ্জনা বৰুৱা, ড০ মানৱজ্যোতি বৰদলৈ, ড০ ৰমেশ চন্দ্ৰ গোস্বামী, ড০ অপৰাজিতা বৰকটকী, ড০ মন্তু ভূঞা, ড০ মালিনী, জয়ন্ত কুমাৰ পাঠক, ড০ মৃদুস্মিতা ফুকন, শান্তা শৰ্মা, স্বৰ্ভানু নাথ ডেকা, ড০ চৌধুৰী নাথ শইকীয়া, ড০ অপৰ্ণা বুজৰবৰুৱা, ড০ পৱন কুমাৰ চহৰীয়া, প্ৰশান্ত কুমাৰ দাস, ড০ মুনীন্দ্ৰ কুমাৰ মজুমদাৰ, শিখা বৰুৱা, ড০ প্ৰাঞ্জলজ্যোতি দত্ত, পুলমা তালুকদাৰ, ড০ ৰুমী গোস্বামী মহন্ত, জলি বৰা, শ্বামীম ৰহমান, ভৈৰৱ সন্দিকৈ, ড০ উমাকান্ত শৰ্মা, কৰবী দেউৰী, ড০ অপৰ্ণা দাস, কুশল শৰ্মা, ড০ বাণীকান্ত গোস্বামী, ড০ প্ৰশান্ত নেওগ, ডাঃ বিশ্বনাথ শৰ্মা, মানৱেন্দ্ৰ কলিতা, অজন্তা গগৈ দাস, লাৱণ্য লাহন চুতীয়া, বন্দনা দত্ত হাজৰিকা, দেৱজিত ফুকন, প্ৰতিভা দেৱী, কেশৱ চন্দ্ৰ গগৈ, ড০ ৰাজীৱ গগৈ, ড০ ৰাস্না ৰাজখোৱা, ড০ প্ৰতাপজ্যোতি সন্দিকৈ, ড০ দিলীপ কুমাৰ নেওগ, অৰুণ কুমাৰ সন্দিকৈ, ড০ প্ৰবাল শইকীয়া, প্ৰদীপ শইকীয়া, হেম শৰ্মা, ড০ চুম্বিত চলিহা, প্ৰসন্ন কুমাৰ দত্ত, হেমেন শইকীয়া, তপন কুমাৰ শৰ্মা, ডাঃ ৰফিক আলি, ড০ হিৰণ্য কুমাৰ চৌধুৰী, মৌচম হাজৰিকা, ড০ অনুৰাধা বৰুৱা, ড০ শাশ্বতী ফুকন, উপেন্দ্ৰ নাথ দেৱ শৰ্মা, ড০ প্ৰমোদচন্দ্ৰ নেওগ, ড০ গোলাপী দেৱী, চন্দন কুমাৰ দুৱৰা, ড০ বসন্ত কুমাৰ বৰা, উত্পল কুমাৰ কলিতা, পুলিন কলিতা, ড০ দিলীপ কুমাৰ কলিতা, ড০ দীপালী মজুমদাৰ, ড০ মণিমালা শইকীয়া, ধীৰেন্দ্ৰ কুমাৰ গগৈ, ড০ দীপালী খাৰঘৰীয়া কলিতা, সুৰেন্দ্ৰ নাথ লাউজাৰী, মৃদুল কুমাৰ গগৈ, ড০ কৰুণাকান্ত শৰ্মা, ড০ বিপিন খঙীয়া, অনুৰাধা দেবী, প্ৰণিতা শৰ্মা, গোপাল হাজৰিকা, ড০ অঞ্জুমণি শইকীয়া, ড০ দীপাংকৰ শৰ্মা, শিখা ৰাণী কাকতি, সংগীতা বেজবৰুৱা, ড০ সুৰভি কাকতি, প্ৰশান্ত কুমাৰ বৰুৱা, ড০ ইন্দিৰা বৰুৱা, প্ৰশান্ত কুমাৰ দাস, ড০ লিপিকা বৰুৱা (বৰা), শৈলেন বৈশ্য, কুমুদ ঘোষ, ডাঃ উদ্দীপ তালুকদাৰ, দেৱৰ্ষিপ্ৰীতম দাস, ড০ দিলীপ কলিতা, ড০ মৃণাল বৰ্মণ, ৰিপুঞ্জয় বৰদলৈ, ড০ জিতুমণি বড়া, মৌস্মিতা দেবী বৰকোচ, ড০ অলিউল হক, ড০ কমলাক্ষী দেৱী,  জিতু কলিতা, দেবজিত কলিতা, নীলমণি শৰ্মা, গীতিকা পাঠক, ড০ দণ্ডেশ্বৰ দত্ত, ড০ প্ৰশান্ত হাজৰিকা, মলয় ৰাজ, ৰাজদীপ দাস, ড০ শাৰদী বৰা, গৌৰীপ্ৰসন্ন ভৰালী, মনজুৰুল কাদেৰ আহমেদ, গাৰ্গী শৰ্মা, ড০ নিৰ্মলা দেৱী, নিতুল দেৱচৌধুৰী, ধ্ৰুৱজ্যোতি কলিতা, লক্ষ্মী নাৰায়ণ দাস, মুনীন কাকতি, ভৃগু পাঠক, ড০ গীতাঞ্জলি দেবী, ড০ মৃণাল কুমাৰ মিশ্ৰ, ড০ বুধিন বৰুৱা, ড০ বনজিত ভট্ট, হেমাংগ হাজৰিকা, অৰুণ দিহিঙীয়া, বিদ্যাজ্যোতি দেৱী, কন্দৰ্প তামূলী, তৰুণ ডেকা, পল্লৱী ডেকা, পংকজ দত্ত, বলীন বৰগোহাঞি, মানসজ্যোতি দত্ত আদি। অলপ চিন্তা কৰিলে হয়তো আৰু বহুতৰে নাম মনত পৰিব। জনপ্ৰিয় বিজ্ঞানৰ ভিতৰত বিজ্ঞান ভিত্তিক নাটক, ৰূপক আদিও পৰে যদিও এই ক্ষেত্ৰত কমসংখ্যক বিজ্ঞান লেখকেহে মনোনিৱেশ কৰা দেখা গৈছে।

শেহতীয়াকৈ অসমীয়া বিজ্ঞান সাহিত্যৰ ক্ষেত্ৰত বিশেষভাৱে উল্লেখ কৰিবলগীয়া দুটা কাম সম্পন্ন হৈছে। প্ৰথমে, ছাৰ আইজাক নিউটনৰ প্ৰিঞ্চিপিয়া মেথেমেটিকাৰ অসমীয়া অনুবাদৰ প্ৰকাশ। এই বিশ্ববিশ্ৰুত গ্ৰন্থখন অনুবাদ কৰিছে অধ্যাপক জয়ন্ত কুমাৰ শৰ্মাই। আনটো উল্লেখযোগ্য কাম হৈছে চাৰ্লছ্ ডাৰৱিনৰ অ’ৰিজিন অফ্ দা স্পেচিছৰ অনুবাদ। এইখন গ্ৰন্থৰ অনুবাদক ড০ অমিয়া ৰাজবংশী। বিশ্বৰ বিজ্ঞান জগতক সমৃদ্ধ কৰা এনে শ্ৰেষ্ঠ মৌলিক বিজ্ঞান-গ্ৰন্থৰ অনুবাদ যিমানে বাঢ়িব সিমানেই অসমীয়া সমাজখনো বিজ্ঞানমনস্কতাৰ দিশলৈ আগ বাঢ়িব বুলি ভাবিব পাৰি।

অসমীয়া বিজ্ঞান সাহিত্যৰ ক্ষেত্ৰত শেহতীয়াকৈ এক উল্লেখযোগ্য আৰু উৎসাহজনক কথা হ’ল যে অসমৰ দুই-এক স্বায়ত্তশাসিত মহাবিদ্যালয়ে তেওঁলোকৰ অসমীয়া বিষয়ৰ পাঠ্যক্ৰমত ‘অসমীয়া বিজ্ঞান সাহিত্য’ এক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিছে। তাৰ বাবে বিজ্ঞান সাহিত্যৰ কেইখনমান কিতাপ পাঠ্যপুথি হিচাপে নিৰ্বাচিত কৰা হৈছে আৰু নিয়মীয়াভাৱে পাঠদান কৰি থকা হৈছে। এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখ কৰিব পৰা এখন প্ৰখ্যাত মহাবিদ্যালয় হ’ল– ‘নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)’।          

অসমীয়া ভাষাৰ জনপ্ৰিয় বিজ্ঞান লেখা সম্পৰ্কত এটা মন কৰিবলগীয়া কথা হ’ল যে এই লেখাবোৰ মূলতঃ অনুবাদহে। তথ্যৰ বাবে লেখকসকলে প্ৰাসংগিক পুথি, ছায়েঞ্চ্ জাৰ্নেল, ইণ্টাৰনেট আদিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে আৰু সেই তথ্যবোৰ ইংৰাজী ভাষাতহে পোৱা যায়। গতিকে অনুবাদ এক অৱশ্যকৰ্ম হৈ পৰে। আনকি যিসকলে নিজৰ অননুকৰণীয় ভংগীত এনে ৰচনা কৰে, তেওঁলোকেও সেই অনুবাদকহে আচলতে নিজস্ব ৰূপ দিয়ে। গতিকে জনপ্ৰিয় বিজ্ঞানৰ ভাল লেখক এজন ভাল অনুবাদকো হ’ব লাগে। এই ক্ষেত্ৰত কষ্ট যিমানে কম কৰা যায়, সিমানেই বিফলতাৰ বাট প্ৰশস্ত হৈ পৰে।

বিজ্ঞানৰ প্ৰতি আগ্ৰহ, বিশেষকৈ অসমত এতিয়া বাঢ়ি অহা দেখা গৈছে। পিছে ইয়াৰ বাস্তৱ কাৰণ কি? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি কিছু কথা অলপ চালি-জাৰি চাব পাৰি।

সাম্প্ৰতিক সময়ত দেখা গৈছে যে বহুতো অভিভাৱকে আজিকালি নিজৰ ল’ৰা-ছোৱালীক বিজ্ঞান পঢ়ুৱাব খোজে আৰু বিদ্যালয় পৰ্যায়ত বাধ্যতামূলকভাবে বিজ্ঞান পঢ়াৰ পাছত উচ্চতৰ মাধ্যমিক স্তৰত বিজ্ঞান শাখাত নাম ভৰ্তি কৰায়। পিছে তাৰ কাৰণ- বিজ্ঞান তথা বৈজ্ঞানিক মানসিকতাৰ প্ৰতি তেওঁলোক আকৰ্ষিত বুলি ভাবিলে ভুল কৰা হ’ব। প্ৰকৃততে তাৰ এক প্ৰধান কাৰণ হ’ল যে উচ্চতৰ মাধ্যমিকত বিজ্ঞান পঢ়িলে চিকিত্সক, অভিযন্তা, কম্পিউটাৰ বৃত্তিধাৰী আদি বহুতো লোভনীয় কেৰিয়াৰৰ দুৱাৰ মুকলি হৈ যায়, আৰু তেওঁলোকৰ সন্তানে মাহেকত আনকি লাখৰ হিচাপত ধন লাভ কৰাৰ আকৰ্ষণীয় ‘পেকেজ’ পোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। কিন্তু এয়া পৰম পৰিহাসৰ কথা যে সৰুৰে পৰা বিজ্ঞান পঢ়াৰ এনে এক আকাংক্ষা ল’ৰা-ছোৱালীৰ মনত সুমুৱাই দিলেও প্ৰায়বোৰ অভিভাৱকে দৰাচলতে প্ৰকৃত বিজ্ঞানৰ প্ৰতি সন্তানসকলক আগ্ৰহী কৰি তোলাত প্ৰয়োজনীয় গুৰুত্ব নিদিয়ে। তেওঁলোকৰ বাবে বিজ্ঞান এক সুন্দৰ ‘কেৰিয়াৰ’ সৃষ্টি কৰাৰ আহিলা মাত্ৰ। তেওঁলোকে ভাবে যে বিজ্ঞানৰ নতুন নতুন চমকপ্ৰদ আৱিষ্কাৰসমূহৰ প্ৰতি শিশু বা কিশোৰসকল আগ্ৰহী নহ’লেও কথা নাই, কিন্তু পৰীক্ষাৰ প্ৰশ্ন কাকতত স্থান পাব পৰা কেপলাৰৰ তত্ত্ব, নিউটনৰ বলবিদ্যাৰ সূত্ৰসমূহ, ব’ৰৰ পাৰমাণৱিক মডেল, হাইজেনবাৰ্গৰ অনিশ্চয়তাৰ সূত্ৰ আদি ভালদৰে জানিব লাগিব! বহুত যোগ্য ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকৰ বিশুদ্ধ বিজ্ঞান পঢ়াৰ আৰু পঢ়ুউৱাৰ প্ৰতি ইচ্ছা নাই।

  অৱশ্যে নিৰাশাজনক পৰিৱেশৰ মাজতো এটা কথাই আমাক সততে আশ্বস্ত কৰে যে অসমৰ কিছু লোক আৰু ছাত্ৰ-ছাত্ৰী কিন্তু কেৱল ‘কেৰিয়াৰ’ৰ বাবেই বিজ্ঞানৰ প্ৰতি  আকৃষ্ট নহয়। তেওঁলোকে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰৰ বিষয়ে জানিব খোজে আৰু নতুন আৱিষ্কাৰবোৰ সম্পৰ্কেও শেহতীয়া তথ্যপাতিৰে সমৃদ্ধ হৈ থাকিব বিচাৰে। গতিকে অসমৰ লেখকসকলৰ ওপৰত এক গুৰু দায়িত্ব আহি পৰিছে। বিশেষকৈ বিজ্ঞান সম্পৰ্কীয় প্ৰবন্ধ-পাতি বা কল্পকাহিনী লিখিব পৰা লেখকসকলে এতিয়া এক গধুৰ দায়িত্ব বহন কৰিব লাগিব আৰু নতুন নতুন লেখক এই দিশত লিখা-মেলা কৰিবৰ বাবে আগবাঢ়ি আহিব লাগিব। কাৰণ এতিয়াও যিসকল লোক বা পাঠক প্ৰকৃতাৰ্থতে বিজ্ঞানৰ প্ৰতি আগ্ৰহী, সেইসকলৰ অনুসন্ধিত্সা পূৰণ কৰি এই ক্ষেত্ৰত আগবঢ়াই নিয়াৰ দায়িত্বতো তেওঁলোকৰে!

সাধাৰণভাৱে লিখা-মেলা কৰাতেই যথেষ্ট সমস্যা আছে। বিজ্ঞান সাহিত্য সৃষ্টি কৰাততো সমস্যা আৰু বেছি। কাৰণ সেই কাম এনে কিছু লোকে কৰিব লাগিব, যি লিখিব পাৰে, বিজ্ঞানৰ প্ৰতি যাৰ আগ্ৰহ আছে, বিজ্ঞানৰ বিষয়ে যি অধ্যয়ন কৰে আৰু সেই কথাবোৰ ভালদৰে বুজিও পায়। বিজ্ঞান সাহিত্য সৃষ্টিৰ প্ৰথম প্ৰয়োজনীয় কথাটো হ’ল বিজ্ঞানৰ কোনবোৰ কথা সাধাৰণ লোকৰ বাবে উপযোগী, কোনবোৰ কথা মানুহে জনাটো বেছি প্ৰয়োজন আৰু কোনবোৰ কথাই সেইসকলৰ মনত আকৰ্ষণীয় হৈ ধৰা দিব পাৰে, সেয়া লেখকসকলে বাছি উলিয়াব পাৰিব লাগিব। তাৰ পাছত সেই বিষয় সম্পৰ্কে নিজে গভীৰভাৱে অধ্যয়ন কৰি তাক ভালদৰে বুজি পাব লাগিব, আৰু সেয়া আকৰ্ষণীয়ভাৱে প্ৰকাশ কৰিব পাৰিব লাগিব। বিজ্ঞানৰ পাঠ্যপুথিৰ ক্ষেত্ৰত ভাব-ভাষা যিয়েই নহওক, ছাত্ৰ-ছাত্ৰীয়ে সেয়া পঢ়িব লাগিবই। কিন্তু আলোচনীৰ পাতত থকা বিজ্ঞান বিষয়ক প্ৰবন্ধৰ ক্ষেত্ৰত সেয়া প্ৰযোজ্য নহয়। পাঠকে সেয়া ভাল পালে পঢ়িব, বেয়া পালে নপঢ়ে। বিজ্ঞান বিষয়ক বেয়া বা নিৰস প্ৰবন্ধ পঢ়িবৰ বাবে কোনেও পাঠকক বাধ্য কৰিব নোৱাৰে। 

সফল বিজ্ঞান সাহিত্য সৃষ্টি কৰাটো চাবলৈ গ’লে এক প্ৰত্যাহ্বানজনক কাম। পিছে তেনে প্ৰত্যাহ্বানজনক কাম সফলতাৰে কৰিব পৰাতেইতো মজা বা আনন্দ বেছি!

*** 

 

 

অ
লেখকৰ পৰিচয়

অভিজিত শৰ্মা বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)