৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান - ২০২২’ প্ৰদান অনুষ্ঠান

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ১ মে’, ২০২৩
২ মিনিট পঠন • ৩৭৬৯ বাৰ পঢ়া হৈছে

মাহেকীয়া আলোচনী ‘অন্যযুগ’ৰ উদ্যোগত আৰু জগন্নাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আজি ২৩ এপ্ৰিল, ২০২৩ তাৰিখে ‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ ‘আজিৰ তাৰিখত অসমত শিল্পচৰ্চা’ শীৰ্ষক ‘অন্যযুগ বক্তৃতা’ প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰে৷ তেখেতে বৰ্তমান সময়ত শিল্পীসকলে নিজৰ সন্তুষ্টিৰ বাবে শিল্পচৰ্চা কৰাৰ পৰিবৰ্তে জনপ্ৰিয়তাৰ বাবে মানুহে পচন্দ কৰা ধৰণেহে শিল্প চৰ্চা কৰে বুলি তেখেতৰ বক্তৃতাত মত প্ৰকাশ কৰে৷ সেই একেই অনুষ্ঠানতে ‘অন্যযুগ সাহিত্য সন্মান-২০২২’ প্ৰদান অনুষ্ঠানো অনুষ্ঠিত হৈ যায়৷  ‘অন্যযুগ সাহিত্য সন্মান -২০২২’ প্ৰদান কৰা হয় বিশিষ্ট কবি, বিজ্ঞান লেখক, অনুবাদক, প্ৰাবন্ধিক ড০ বিপুলজ্যোতি শইকীয়াক৷ ‘অন্যযুগ’ৰ হৈ এই সন্মান প্ৰদান কৰে বিশিষ্ট শিশুসাহিত্যিক, বিজ্ঞান লেখক ‘মৌচাক’ আৰু ‘নতুন আবিষ্কাৰ’ৰ সম্পাদক শান্তনু তামূলীয়ে৷ ভাষণ প্ৰসংগত শ্ৰীশইকীয়াই পোনপটীয়া, সহজবোধ্য কবিতাতকৈ, যিবিলাক কবিতাই তেখেতক এবাৰ পঢ়াৰ পাছতো পুনৰবাৰ পঢ়িবলৈ মনৰ মাজত তাড়ণা অনুভৱ কৰায়, তেনে কবিতাৰ প্ৰতিহে বেছি আগ্ৰহী বুলি কয়৷  লগতে ‘অন্যযুগে’ তেখেতক এই সন্মান প্ৰদান কৰাৰ বাবে তেখেতে উদ্যোক্তাসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ ‘অন্যযুগ সাহিত্য সন্মান -২০২২’-অনুষ্ঠানটিৰ আঁত ধৰে ড০ জ্যোতিৰেখা হাজৰিকাই৷ সভাত যোৰহাটৰ বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান - ২০২২’ প্ৰদান অনুষ্ঠানৰ কেইটামান মুহূৰ্ত 


























অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)