৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জীৱনৰ কিতাপ!

লেখকঃ অভিজিৎ শৰ্মা বৰুৱা • প্ৰকাশিতঃ ২৭ ডিচেম্বৰ, ২০২২
১৪ মিনিট পঠন • ৬১৬ বাৰ পঢ়া হৈছে

 অভিজিত শৰ্মা বৰুৱা

 

 

        এজন মানুহে হয়তো চূণ, ধঁপাত বা আন মাদক দ্ৰব্য একো নাখায়, যিবোৰ খালে কেন্সাৰ হোৱাৰ আশংকা বাঢ়ে বুলি কোৱা হয়। কিন্তু দেখা গ’ল যে তেওঁৰহে মাৰাত্মক কেন্সাৰ ৰোগ হ’ল আৰু তেওঁ অকালতে মৃত্যুক সাবটি ল’লে। আন লোকৰ ক্ষেত্ৰতো ঘপকৈ আৰু কোনো আগজাননী বা আপাত কাৰণ নথকাকৈ কোনো দূৰাৰোগ্য ৰোগ আৰম্ভ হৈ যাব পাৰে। এনে ঘটনা খুব বিৰলো নহয়। আৰু এটা কথা মন কৰিবলগীয়া যে এক নিৰ্দিষ্ট সময়লৈকে হয়তো মানুহজনৰ বিশেষ একো হোৱা নাছিল, বা স্বাস্থ্য-পাতিও ভাল আছিল। কিন্তু হঠাতে মাৰাত্মক ৰোগবিধ ধৰা পৰিল আৰু ‘শেষৰ আৰম্ভণি’ হৈ গ’ল।

 

কাৰণ নোহোৱাকৈ একো নঘটে

কাৰণ নোহোৱাকৈ যে কিবা ঘটিব পাৰে, বিজ্ঞানে এই কথা মানি নলয়। কিন্তু আমি ওপৰত উল্লেখ কৰা ঘটনাৰ কাৰণ কি? আমি বাৰু ধৰি ল’ব পাৰোঁ নেকি যে আমাৰ শৰীৰৰ ভিতৰতে এনে এক গুৰুত্বপূৰ্ণ কণা আছিল, যাক কৈ থোৱা আছে- ‘এই মানুহজনৰ ইমান বছৰ হোৱাৰ লগে লগে তই এই অপকাৰী পদাৰ্থটোৰ নিঃসৰণ আৰম্ভ কৰি দিবি বা এই অতি প্ৰয়োজনীয় পদাৰ্থটোৰ নিঃসৰণ বন্ধ কৰি দিবি, যাতে মানুহজন সেই মাৰাত্মক ৰোগত আক্ৰান্ত হয়!’ তেতিয়া অৱশ্যে হিচাপটো মিলে ঠিকেই, কিন্তু প্ৰশ্ন উঠে- সেই নিৰ্দেশ ক’ত লিখা আছিল, কি বৰ্ণৰে সেয়া লিখা হৈছিল, তাৰ পাঠোদ্ধাৰ কোনে কৰিলে, কোনে সেই নিৰ্দেশ মতে সময় মতে সেই কাম আৰম্ভ কৰি দিলে, ইত্যাদি। পিছে প্ৰথম গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল- জীৱনৰ (বা মৰণৰ!) সেই বৰ্ণমালা বা কিতাপেই নো ক’ত? 

বিজ্ঞানীসকলে এনে প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ পথত আগ বাঢ়িছে। সকলো কথা এতিয়াও জলজল পটপট হোৱা নাই ঠিকেই, কিন্তু কিছু অন্ততঃ ৰহস্য ভেদ কৰিবলৈ বিজ্ঞানীসকল সক্ষম হৈছে। তেওঁলোকে কৈছে যে আমাৰ জীৱনত কি কি ঘটিব সেয়া বহুলাংশে আমাৰ দেহ-কোষৰ জিনতে লিখা থাকে। কিন্তু এক সাংকেতিক ভাষাত, যাক বিজ্ঞানীসকলে ‘জিনেটিক কোড’ নাম দিছে। কিন্তু এই জিনবোৰনো ক’ত থাকে?

জিনেটিক কোড

এক সাধাৰণ হিচাপ অনুসৰি এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত প্ৰায় ১০১৪ টা মান (অৰ্থাৎ একৰ পিঠিত ১৪ টা শূন্য) জীৱ কোষ আছে। প্ৰতিটো কোষৰ মাজত এটা কোষকেন্দ্ৰ আছে আৰু তাত অন্য পদাৰ্থৰ লগতে ২৩ যোৰ বা ৪৬ ডাল ক্ৰ’ম’জ’ম থাকে। ক্ৰ’ম’জ’মবোৰত ‘ডিঅ’ক্সিৰাইব’নিউক্লিক্ এচিড’ বা ডি এন এ নামৰ এক জটিল ৰাসায়নিক পদাৰ্থ থাকে। ডি এন এ অণুৰ বৈশিষ্ট্য হৈছে ইহঁতে প্ৰয়োজন হ’লে নিজৰ নিচিনা আৰু একোটা অনু গঠন কৰি ল’ব পাৰে। জিন হ’ল কিছু সংখ্যক ডি এন এ অণুৰে গঠিত এক একক গোট। জিনে সাধাৰণতে পূৰ্বপুৰুষৰ পৰা বংশগতিৰ লক্ষণসমূহ বহন কৰি আনে। এডাল ক্ৰ’ম’জ’মত থকা জিনবোৰক একেলগে জিন’ম বুলি কোৱা হয়। কোষৰ ভিতৰত জিনে এটা বৰ গুৰুত্বপূৰ্ণ কাম কৰে। সেয়া হ’ল ইহঁতে বিভিন্ন ধৰণৰ প্ৰ’টিন সংশ্লেষিত কৰে। জীৱনৰ বাবে– অৰ্থাৎ জীয়াই থকা কাৰ্যৰ বাবে  ই হ’ল আটাইতকৈ প্ৰয়োজনীয় কাম। এজন মানুহৰ শাৰীৰিক আৰু কিছু পৰিমাণে মানসিক বিশেষত্বৰো কাৰক হ’ল - এই জিনবোৰ। তদুপৰি বংশগতি প্ৰদত্ত বিভিন্ন ৰোগসমূহ জিনে বহন কৰি আনে। আন কিছু মাৰাত্মক ৰোগৰ (যেনে – বিশেষ প্ৰকাৰৰ কেন্সাৰ, এজমা, আলজেইমাৰ্ছ, মৃগী আদি) কাৰকবোৰো এই জিনতে নিহিত হৈ থাকে। অৰ্থাৎ আমি ভাবি অহাৰ দৰে আমাৰ কেৱল কপালতে বিধাতাই নিয়তিৰ বিধান লিখি থৈ নাযায়। নিয়তিৰ বহুকেইটা বিধান এই জিনতো লিপিবদ্ধ হৈ থাকে। মানে বিধাতাই যদি সেইবোৰ লিখিছিলেও,  জিনতে লিখিছিল, কপালত নহয়!  আৰু লিখিছিল আমি বুজি নোপোৱা ভাষা - ‘জিনেটিক কোড’ত!

 

জীৱনৰ বৰ্ণমালা

ডি এন এৰ গঠন দ্বিকুণ্ডলীয়। প্ৰায় তিনিশ কোটি উপগোটে এই দ্বিকুণ্ডলীয় গাঁথনিৰ সৃষ্টি কৰে। মেলি দিলে এই কুণ্ডলীটো প্ৰায় পাঁচ ফুট দীঘল হ’ব, কিন্তু ব্যাস হ’ব ৫০ মাইক্ৰ’ন, বা এডাল চুলিৰ প্ৰস্থৰ আধাৰো কম! উপগোটবোৰক আধাৰ যুগ্ম নামেৰে জনা যায়। আধাৰ যুগ্মবোৰত চাৰিবিধ ৰাসায়নিক দ্ৰব্য থাকিব পাৰে। এই চাৰিবিধ দ্ৰব্যক একেলগে নিউক্লিঅ’টাইড বুলি জনা যায়। চাৰিবিধ নিউক্লিঅ’টাইডৰ নাম হ’ল– এডেনাইন (Adenine– চমুকৈ A), থাইমাইন (Thymine– চমুকৈ T), চাইট’ছাইন (Cytosine – চমুকৈ C) আৰু গুৱানাইন (Guanine – চমুকৈ G)। এই নিউক্লিঅ’টাইডবোৰ যুগ্ম অৱস্থাত থাকে। মানে এক প্ৰকাৰৰ নিউক্লিঅ’টাইডৰ লগত আন এক প্ৰকাৰৰ নিউক্লিঅ’টাইড লাগি থাকে। সেই বুলি কিন্তু যেনেকৈ খুচী তেনেকৈ লাগি থাকিব নোৱাৰে। ‘A’ৰ লগত ‘T’হে থাকিব পাৰে আৰু ‘C’ৰ লগত ‘G’। এনেকৈ ‘A-T’ বা ‘C-G’ আধাৰ যুগ্ম গঠিত হয়।

একোটা জিনত হাজাৰৰ হিচাপত আধাৰ যুগ্ম থাকিব পাৰে। অৱশ্যে অনুমান কৰা মতে এই হাজাৰ-বিজাৰ আধাৰ যুগ্মৰ বেছি ভাগৰে বিশেষ কাম নাই। কিন্তু তাৰ ভিতৰতে কিছুমান গুৰুত্বপূৰ্ণ আধাৰ যুগ্ম আছে। সেই গুৰুত্বপূৰ্ণ আধাৰ যুগ্মবোৰ নিৰ্দিষ্ট ক্ৰম আৰু সজ্জা অনুসৰি থাকে। নিৰ্দিষ্ট ক্ৰম আৰু সজ্জাত থকা গুৰুত্বপূৰ্ণ আধাৰ যুগ্মবোৰে সৃষ্টি কৰে এক ‘জিনেটিক কোড’ৰ। ‘জিনেটিক কোড’বোৰ প্ৰকৃততে হ’ল একো একোটা নিৰ্দেশ। অৰ্থাৎ বিভিন্ন জিনেটিক কোডৰ জৰিয়তে জিনে কোষক নিৰ্দিষ্ট প্ৰটিন, এনজাইম আদি বিভিন্ন ধৰণে উৎপাদন কৰিবলৈ (বা কোনো নিৰ্দিষ্ট প্ৰটিন, এনজাইম আদিৰ উৎপাদন বন্ধ কৰিবলৈ!) বাধ্য কৰে। জিনেটিক কোডৰ নিৰ্দেশ কোষে বিনা বাক্যব্যয়ে মানিবই লাগে আৰু স্বাধীন সিদ্ধান্ত লৈ কোষে একো কাম কৰিব নোৱাৰে। জিনেটিক কোডৰ দ্বাৰা যদি সুস্থ কোষক ‘কেন্সাৰ কোষ’ তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিয়া যায়, তেন্তে সেই আদেশ কোষে অমান্য কৰিব নোৱাৰে, আৰু তেনেকৈ মানুহজন এক বিশেষ কেন্সাৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। 

সকলো কাম জিনেটিক কোডৰ মতে!

তাৰ মানে আমি বুজিলোঁ যে আমাৰ জীৱ-কোষক বা আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ তন্ত্ৰবোৰক দোষ দি লাভ নাই। সিহঁতে জিনেটিক কোডৰ মতে কাম কৰিবই লাগিব। গতিকে বিপদৰ পৰা হাত সৰাৰ উপায় এটাই। আমি সেই জিনেটিক কোড অৰ্থাৎ নিৰ্দেশকে সলনি কৰিব লাগিব। মানে এনে কৰিব লাগিব যাতে জিনেটিক কোডবোৰ আমাৰ কামত অহা বিধৰ হয় বা সেইবোৰে আমাৰ ভালহে কৰে, বেয়া নকৰে। এই কাম কৰিবলৈ যদি আমি (মানে আচলতে আমাৰ বিজ্ঞানীসমাজ) সমৰ্থ হওঁ, তেন্তে (ধৰা হওক) ৪২ বছৰত কেন্সাৰ হ’বলৈ কপালত (আচলতে জিনত বা জিনৰ আধাৰ যুগ্মৰ সজ্জাত) লিখা থকা মানুহজনক আমি ৰক্ষা কৰিব পাৰিম। মুঠতে জিনৰ দ্বাৰা সৃষ্ট সকলো মাৰাত্মক বেমাৰকে কলিতে, অথবা গুটি নগজোঁতেই বিনাশ কৰিব পাৰিম। আৰু আমি এতিয়া এইটোও গম পালোঁ যে চাৰিবিধ নিউক্লিঅ’টাইডৰ (A, T, C আৰু G)  ক্ৰম আৰু সজ্জাৰ পৰিৱৰ্তন কৰিব পাৰিলেই আমি ‘জিনেটিক কোড’ সলনি কৰি আমাৰ বাবে সুবিধাজনক হোৱাকৈ ‘জিনেটিক কোড’ বা ‘জিনৰ নিৰ্দেশ’ৰ সৃষ্টি কৰিব পাৰিম। এই অতি জটিল ‘জিনেটিক কোড’ৰ ভাষাটোত বৰ্ণ কিন্তু মাত্ৰ চাৰিটাহে আছে - A, T, C আৰু G। এই কেইটা ‘আখৰে’ৰেই জীৱনৰ কিতাপখন লিখা হৈছে। বৰ্ণকেইটা শিকিলেও জীৱনৰ ভাষা শিকি তাক ব্যৱহাৰ কৰিবলৈ এতিয়াও কিছু দূৰ আছে।  

‘জিনেটিক কোড’ৰ পাঠোদ্ধাৰ বা জীৱনৰ বৰ্ণৰ চিনাক্তকৰণৰ ক্ষেত্ৰত প্ৰথম উল্লেখযোগ্য পদক্ষেপটো পেলাব পৰা গৈছিল ২০০০ চনতে। লণ্ডনকেন্দ্ৰিক ‘হিউমেন জিন’ম প্ৰজেক্ট’ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘চেলেৰা জিন’মিক্স’ এই যুগান্তকাৰী আৱিষ্কাৰৰ লগত জড়িত হৈ আছিল। প্ৰথমটো হ’ল এটা আন্তৰ্জাতিক প্ৰচেষ্টা। ব্ৰিটেইনৰ ‘ৱেলকাম ট্ৰাষ্ট’ ইয়াৰ অন্তৰালৰ মূল প্ৰতিষ্ঠান হ’লেও আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, ফ্ৰাঞ্চ, জাৰ্মানী, চীনদেশ আৰু ব্ৰিটেইনৰো কেইটামান প্ৰতিষ্ঠান ইয়াৰ লগত সম্পৰ্কিত হৈ আছিল। আনহাতে ‘চেলেৰা জিন’মিক্স’ হ’ল এক ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টা। ইয়াৰ আঁৰৰ মূল ব্যক্তিজন আছিল ‘জে ক্ৰেইগ ৱেণ্টাৰ’। দুয়োটাই প্ৰায় একে সময়তে জিনেটিক কোডৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সমৰ্থ হৈছিল। কিন্তু কোনো একক (তাকো ব্যক্তিগত!) প্ৰতিষ্ঠানে তাৰ কৃতিত্ব ল’লে পাছৰ পৰ্যায়ত হ’ব পৰা জটিল পৰিস্থিতিৰ কথা উপলব্ধি কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ তেতিয়াৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে তাত হস্তক্ষেপ কৰিলে। ফলস্বৰূপে দুয়োটা প্ৰজেক্টে উভয়ৰে দ্বাৰা প্ৰাপ্ত তথ্যসমূহ ভাগ-বাটোৱাৰা কৰি ল’লে। লণ্ডনত ‘হিউমেন জিন’ম প্ৰজেক্টে’ পতা সংবাদমেলখনৰ কেইঘণ্টামানৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰত ‘চেলেৰা জিন’মিক্সে’ আন এক সংবাদ মেল পাতি ঘোষণা কৰিলে যে জিনেটিক ৰহস্য উদ্ঘাটন কৰিবলৈ তেওঁলোক সমৰ্থ হৈছে।

মানৱ জিন’মৰ মেপিং

তাৰ পাছতো অৱশ্যে আন এটা অতি গধুৰ কাম পৰিয়েই আছিল। সেয়া হ’ল- আমাৰ শৰীৰৰ কোষৰ ক্ৰ’ম’জ’মত থকা জিন’মৰ মেপিং বা চিত্ৰায়ন। অৰ্থাৎ জিনবোৰ কোনডাল ক্ৰ’ম’জ’মৰ ক’ত থাকে, কেনেকৈ থাকে, কি কামত ইহঁতে ভাগ লয় , কি কামৰ বাবে কোন প্ৰ’টিন নিঃসৰণ কৰিবলৈ বা নকৰিবলৈ ইহঁতে জিনেটিক কোড সৃষ্টি কৰে- এইবোৰ কথা উদ্ঘাটন কৰাটো ডাঙৰ সমস্যা হৈয়ে আছিল। ফিটা ক্ৰিমিৰ দৰে ক্ষুদ্ৰ প্ৰাণীৰ ক্ষেত্ৰত বাৰু খুব সমস্যা নাই। কিন্তু মানুহৰ দৰে জটিল আৰু কোটিৰ হিচাপত থকা আধাৰ যুগ্ম, জিন আদিৰ ক্ষেত্ৰত এই কাম মুঠেই সহজ নাছিল। তদুপৰি কোনো এটা একক গৱেষণা প্ৰতিষ্ঠানৰ বাবে এই কাম কম সময়তে সম্পূৰ্ণ কৰাটো সম্ভৱো নহয়। বিজ্ঞানী-গৱেষকসকলৰ প্ৰভূত কষ্টৰ পাছত এতিয়া অৱশ্যে এই কাম সম্পূৰ্ণ হৈছে। অৰ্থাৎ কোন জিনে কেনেকৈ কি কামত সহায় কৰে বা কি অপকাৰ কৰে সেয়া আমি প্ৰায় সঠিকভাবে জানিব পাৰিছোঁ।

 

প্ৰসংগতঃ ২০২২ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল পুৰস্কাৰ

২০২২ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল পুৰস্কাৰৰ ঘোষণাই বহুতকে আচৰিত কৰি তুলিছে। সাধাৰণতে চিকিৎসা বিজ্ঞানত নোবেল পুৰস্কাৰ দিয়া হয় চিকিৎসা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কোনো তত্ত্ব, প্ৰভাৱশালী আবিষ্কাৰ বা অভিনৱ কোনো চিকিৎসা পদ্ধতিৰ উদ্ভাৱনৰ বাবে। উদাহৰণ স্বৰূপে ২০২১ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল– উষ্ণতা আৰু স্পৰ্শ গ্ৰাহক আৱিষ্কাৰৰ বাবে ডেভিড জুলিয়াছ আৰু আৰ্ডেম পাটাপউটিয়ানে। সেইদৰে ২০২০ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল হাৰ্ভে জে অলটাৰ, মাইকেল হাউটন আৰু চাৰ্লছ এম ৰাইচে– হেপাটাইটিছ চি ভাইৰাছ আৱিষ্কাৰৰ বাবে আৰু ২০১৯ চনত এই বঁটা লাভ কৰিছিল – কোষে কেনেকৈ অক্সিজেনৰ উপস্থিতি গম পায় আৰু নিজকে তাৰ লগত অভিযোজন কৰি লয়, সেয়া আৱিষ্কাৰ কৰাৰ বাবে উইলিয়াম জি কেলিন, ছাৰ পিটাৰ জে ৰেটক্লিফ আৰু গ্ৰেগ এল ছেমেনজাই। এই বছৰো তেনে ধৰণৰ আৱিষ্কাৰৰ অভাৱ নাছিল। কিন্তু সকলোকে নেওচি এইবাৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা দিয়া হ’ল- ‘বিলুপ্ত মানৱসদৃশ প্ৰজাতিৰ জিন’ম আৰু মানৱ বিৱৰ্তনৰ ক্ষেত্ৰত আৱিষ্কাৰ’ৰ বাবে ছাণ্টে পাব’ নামৰ বিজ্ঞানীজনলৈ।

        ১৯৯০ ৰ দশকৰ শেষভাগত প্ৰায় সকলো মানৱ জিন’মৰ শ্ৰেণীবদ্ধকৰণ (Sequencing) কাম সমাপ্ত হয়। পাব’ই বৰ্তমানৰ মানৱ-প্ৰজাতিৰ এক নিকট সম্পৰ্কীয় প্ৰজাতি নিয়েণ্ডাৰথালৰ ডি এন এ অধ্যয়ন কৰাৰ চেষ্টা কৰিলে। কিন্তু নিয়েণ্ডাৰথালৰ ডি এন এ পোৱা গ’লেও সেয়া ৰাসায়নিকভাৱে পৰিবৰ্তিত হৈ নিচেই ক্ষুদ্ৰ কিছুমান অংশত পৰিণত হৈছিল। গতিকে তেওঁ নিয়েণ্ডাৰথালৰ মাইট’কণ্ড্ৰিয়াৰ পৰা ডি এন এ নিষ্কাষণ কৰিবলৈ চেষ্টা চলালে। তেওঁৰ নিজা সংশোধিত পদ্ধতিৰ জৰিয়তে পাব’ই ৪০,০০০ বছৰৰ পুৰণি এটুকুৰা হাড়ৰ পৰা মাইট’কণ্ড্ৰিয়েল ডি এন এ নিষ্কাষণ কৰি তাৰ এক অংশক শ্ৰেণীবদ্ধকৰণ কৰিবলৈ সক্ষম হ’ল। সেয়া আছিল এক বিলুপ্ত মানৱ সম্পৰ্কীয় প্ৰাণীৰ জিনৰ প্ৰথম শ্ৰেণীবদ্ধকৰণ।

পাব’ৰ এই মৌলিক আৱিষ্কাৰসমূহে এক সম্পূৰ্ণভাৱে নতুন বৈজ্ঞানিক ক্ষেত্ৰৰ সৃষ্টি কৰিছে। এই নতুন শাখাটোৰ নাম দিয়া হৈছে ‘পালিঅ’জিন’মিক্স’ (Paleogenomics)। এই শাখাত বিলুপ্ত প্ৰজাতিৰ জিনীয় তথ্য পুনৰ্গঠন আৰু বিশ্লেষণ কৰা হয়। সংগ্ৰহালয়সমূহত সংৰক্ষিত কংকালসমূহ, বৰফৰ গভীৰতাত বা প্ৰত্নতাত্ত্বিক স্থানসমূহত থকা প্ৰাচীন জীৱাশ্মৰ ডি এন এ-বোৰৰ (ancient DNA – aDNA) নিষ্কাষণ পদ্ধতি উন্নত হৈ উঠাৰ পৰিপ্ৰেক্ষিতত এতিয়া এনে বিশ্লেষণ সম্ভৱ হৈ উঠিছে। আনকি এতিয়া পৰৱৰ্তী প্ৰজন্মসমূহত ডি এন এ-সমূহৰ কি ৰূপান্তৰণ হ’ব পাৰে, তাকো ধাৰণা কৰিব পৰা গৈছে।

ভৱিষ্যতৰ বিজ্ঞান

‘জিনেটিক কোড’ সলনি কৰি নিজৰ ভৱিতব্য নিজেই লিখিব পৰাটো মানুহৰ বাবে এতিয়াও সম্ভৱ হোৱা নাই। কিন্তু জিন’ম প্ৰযুক্তিৰ ক্ষেত্ৰত মানুহৰ জ্ঞান ইমান আগবাঢ়ি গৈছে যে জিনেটিক কোড সলনি কৰি কোনো মানুহৰ হ’বলগীয়া মাৰাত্মক বেমাৰ আগতীয়াকৈ প্ৰতিহত কৰিবলৈ বৰ বেছি দিন হয়তো নাই। কোন লক্ষণৰ বাবে কেনে জিনেটিক কোড দায়ী, ভৱিষ্যতে সেয়া সম্পূৰ্ণকৈ জানি বিশেষজ্ঞসকলে যদি সেইমতে জিনেটিক কোড সৃষ্টি কৰিব পাৰে, তেন্তে সম্ভৱ ‘অৰ্ডাৰ’ দি প্ৰাপ্তবয়স্ক বয়সত ছফুট ওখ, জোঙা নাকৰ, নিৰোগী, খেলা-ধূলাত পাৰ্গত, সংগীতত ওস্তাদ, বুদ্ধিত বৃহস্পতি হোৱা সন্তানক জন্ম দিব পৰাও যাব। ‘জীৱনৰ কিতাপ’ ভালকৈ পঢ়িব পাৰিলে তেনে এখন কিতাপ নিজে লিখিবলৈনো কেত পৰ?

  

***** 

 

 

 

অ
লেখকৰ পৰিচয়

অভিজিৎ শৰ্মা বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)