৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জ্ঞাননাথ বৰাৰ ‘আসামত বিদেশী’ত প্ৰতিফলিত অৰ্থনৈতিক চিন্তা : প্ৰকৃতি, পৰিপ্ৰেক্ষা আৰু পথ-নিৰ্দেশনা

লেখকঃ ড° চন্দনজ্যোতি চুতীয়া • প্ৰকাশিতঃ ২৬ মে’, ২০২৩
১২ মিনিট পঠন • ৩০০২ বাৰ পঢ়া হৈছে

ড° চন্দনজ্যোতি চুতীয়া

ঊনবিংশ শতিকাৰ শেষৰ দশককেইটাৰ অসমৰ সমাজ-ৰাজনৈতিক প্ৰেক্ষাপট মূলতঃ ভাষিক-সাংস্কৃতিক স্বতন্ত্ৰতা ৰক্ষাৰ প্ৰবৃত্তিৰে সমৃদ্ধ আছিল৷ সমান্তৰালভাৱে সৰ্বভাৰতীয় ৰাজনৈতিক পৰিপ্ৰেক্ষাৰ লগত হোৱা সংযোগ, ভাষিক সমস্যাৰ সমাধান, ঔপনিৱেশিক শোষণ, বৰ্ধিত হাৰত বহিৰাগতৰ আগমন, অসমীয়াৰ বাণিজ্যিক আত্মপ্ৰতিষ্ঠাৰ প্ৰসংগ আদিয়ে এই সময়ছোৱাত অসমত এক আৰ্থ-ৰাজনৈতিক জাতীয়তাবাদৰ পটভূমিৰ সূচনা কৰিলে৷ এনে প্ৰেক্ষাপটতে জ্ঞাননাথ বৰাৰ  চিন্তা-চৰ্চাই বিকাশ লাভ কৰিছিল৷ বৰাৰ আসামত বিদেশী গ্ৰন্থখন অম্বিকাগিৰী ৰায়চৌধুৰী সম্পাদিত চেতনা আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল৷ পাছত ১৯২৫ চনত ই পুথি আকাৰে প্ৰকাশ পায়৷ আসামত বিদেশীৰ উপৰি আৱাহনৰ পাতত বৰাৰ কেইবাটাও ৰাজনৈতিক চিন্তা সম্বলিত প্ৰবন্ধ প্ৰকাশ পাইছিল৷ ইয়াৰে ‘কামৰূপ আৰু ভাৰতৰ্ষ’ (আৱাহন, ফাগুন, ১৮৫৮ শক, অষ্টম বৰ্ষ, সংখ্যা-৩, ১৯৩৬) আৰু ‘অসম দেশ ভাৰতবৰ্ষৰ ভিতৰত থাকিব কিয় (অসমীয়া জাতি আৰু কংগ্ৰেছ) (আৱাহন, ফাগুন-চ’ত, ১৮৬০ শক, দশম বৰ্ষ, সংখ্যা ৩-৪, ১৯৩৮) প্ৰবন্ধ দুটা ঐতিহাসিক দৃষ্টিকোণৰপৰা গুৰুত্বপূৰ্ণ৷ কাৰণ জ্ঞাননাথ বৰাই এই প্ৰবন্ধ দুটাৰ যোগেদি  স্বাধীন অসম বা স্বাধীন কামৰূপৰ যথাৰ্থতা সম্পৰ্কে যুক্তি  দাঙি ধৰিছিল৷ এই আলোচনাটিত মূলতঃ বৰাৰ আসামত বিদেশী শীৰ্ষক গ্ৰন্থখনত প্ৰকাশ পোৱা অৰ্থনৈতিক চিন্তাৰ স্বৰূপ বিচাৰ কৰিবলৈ যত্ন কৰা হৈছে৷

বিংশ শতিকাৰ প্ৰথমাৰ্ধত অসমৰ সমাজ জীৱনত ভিন্ন সমস্যাই গা কৰি উঠিছিল যদিও তদানীন্তন জাতীয়তাবাদীৰ দৃষ্টিত বিদেশী সমস্যাটোৱেই এই প্ৰদেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা ৰূপে পৰিগণিত হৈছিল৷ বৰ্ধিত জনসংখ্যাই কুৰি শতিকাৰ অসম তথা উত্তৰ-পূব ভাৰতৰ সচেতন মহলক চিন্তিত কৰি তুলিছিল৷ প্ৰণিধানযোগ্যে যে, ইউৰোপীয় চাহ খেতিয়কসকলৰ প্ৰত্যক্ষ তত্ত্বাৱধানতে অসমলৈ প্ৰব্ৰজনৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ চাহ বাগিচাৰ শ্ৰমিকৰ সমান্তৰালভাৱে বঙালী, মাৰোৱাৰী, নেপালী, বিহাৰী, হিন্দুস্তানী আৰু মৈমনচিঙীয়াৰ এই প্ৰদেশলৈ প্ৰব্ৰজন ঘটে৷ এই অত্যধিক প্ৰব্ৰজনে একাংশ আত্ম-পৰিচয় সচেতন অসমীয়াক শংকিত কৰি তুলিছিল৷ এনে প্ৰেক্ষাপটতে জ্ঞাননাথ বৰাই  এক আত্ম-প্ৰতিষ্ঠা আন্দোলনৰ প্ৰস্তাৱ দাঙি ধৰিছিল৷   

জ্ঞাননাথ বৰাই ‘আসামত বিদেশী’ শীৰ্ষক গ্ৰন্থখনত মূলতঃ অসমৰ বাণিজ্য ক্ষেত্ৰত বহিৰাগত ব্যৱসায়ীৰ ক্ৰমবৰ্ধমান আধিপত্যৰ দিশটোকহে অত্যধিক প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে৷ প্ৰকৃততে, ‘‘অসমীয়া জাতীয়তাবাদৰ বিশেষ এটা ধাৰাক প্ৰতিনিধিত্ব কৰিছে এই পুথিখনে৷ অসমীয়া মধ্যশ্ৰেণীৰ বাণিজ্য-নিৰ্ভৰ আৰু বাণিজ্যমুখী অংশটোৰ সৈতে এই ধাৰাটোৰ ওতঃপ্ৰোত [যথা] সম্পৰ্ক খুবেই স্পষ্ট আৰু প্ৰত্যক্ষ৷’’ৰ ইংৰাজে অসম অধিকাৰ কৰাৰ পাছতেই এই প্ৰদেশলৈ বেহা-বেপাৰৰ অৰ্থে বুজনসংখ্যক বহিৰাগতৰ আগমন ঘটে৷ পৰৱৰ্তী সময়ছোৱাত মাৰোৱাৰী বা ৰাজস্থানী ব্যৱসায়ীসকলে অসমৰ খুচুৰা আৰু পাইকাৰী দুয়ো ক্ষেত্ৰতে একচেতিয়া ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল৷ জন মে’কোছে ১৮৩৭ চনত প্ৰণয়ন কৰা তেওঁৰ Topography of Assam শীৰ্ষক গ্ৰন্থখনত অসমীয়া মানুহৰ ব্যৱসায়ীক অজ্ঞতাৰ বিষয়ে উল্লেখ কৰিছে৷২ জ্ঞাননাথ বৰাই সমসাময়িক প্ৰেক্ষাপটক সূক্ষ্মভাৱে নিৰীক্ষণ কৰি উপলব্ধি কৰিছিল যে, বহিৰাগতই অসমৰ বেপাৰ-বাণিজ্য নিজৰ হাতলৈ নিবলৈ ধৰিছে আৰু অসমীয়াই অসহায় হৈ সেয়া প্ৰত্যক্ষ কৰিছে৷ কিন্তু অসমৰ সৰ্বতোপ্ৰকাৰৰ উন্নতি কৰিবলৈ হ’লে অসমীয়াই বেপাৰ-বাণিজ্যত মনোযোগ দিয়াৰ প্ৰয়োজন আছে৷ বৰাৰ দৃষ্টিত, ধন নহ’লে জাতীয় উন্নতি, দেশৰ উন্নতি সম্ভৱ নহয়৷ আকৌ ধন আৰ্জনৰ প্ৰধান উপায় হৈছে বেপাৰ আৰু ব্যৱসায়৷ গতিকে, অসমৰ উন্নতি কৰাৰ অৰ্থ ইয়াৰ বাণিজ্য আৰু ব্যৱসায় অসমীয়াৰ হাতলৈ অনা৷ জ্ঞাননাথ বৰাই সেইসময়তে অসমত এক অৰ্থনৈতিক জাতীয়তাবাদৰ ভেটি গঢ় দিবলৈ যত্ন কৰিছিল৷ তেওঁৰ মতে, ‘‘যিমানে আমাৰ শিক্ষিত সমাজে চাকৰিলৈ খোৱাকামোৰা কৰে, সিমানে বিদেশীয়ে আহি বেপাৰ কৰি আমাৰ পৰা ধন নিবলৈ ধৰিছে৷...বেপাৰ আৰু ব্যৱসায়হে জাতীয় উন্নতিৰ ঘাই আহিলা৷’’  (আসামত বিদেশী, পৃ-৬২,৬১) অৰ্থাৎ বৰাৰ জাতীয়তাবাদী দৃষ্টিকোণে অসমীয়া শিক্ষিত শ্ৰেণীৰ চাকৰি-নিৰ্ভৰ দিশটোক প্ৰতিনিধিত্ব কৰা নাই, তাৰ পৰিৱৰ্তে অসমীয়াৰ বাণিজ্যমুখী আকাংক্ষাকহে প্ৰতিফলিত কৰিছে৷ জ্ঞাননাথ বৰাই তদানীন্তন অসমৰ নগৰসমূহ লক্ষ্য কৰি ব্যক্ত কৰিছে যে, ধুবুৰীৰ পৰা শদিয়ালৈকে আধাসংখ্যক স্থান বিদেশীয়ে অধিকাৰ কৰি দোকান, কল-কালখানা স্থাপন কৰিছে৷ তাৰ পৰিৱৰ্তে অসমত অসমীয়াৰ দোকান-পোহাৰৰ সংখ্যা একেবাৰে নগন্য৷ কিন্তু ভাৰতবৰ্ষৰ অন্য প্ৰদেশৰ পৰিৱেশ-পৰিস্থিতি সুকীয়া৷ অসমৰ দৰে কোনো প্ৰদেশৰ বাণিজ্য থলগিৰিৰ পৰিৱৰ্তে সমূলি বিদেশীৰ হাতত নাই৷ উল্লেখ্য যে, জ্ঞাননাথ বৰাই তেওঁৰ প্ৰবন্ধত অসমৰ স্থবিৰ অৰ্থনৈতিক পৰিপ্ৰেক্ষাৰ প্ৰকৃত ঐতিহাসিক কাৰণ উদঘাটনৰ যত্ন কৰা নাই৷ প্ৰাক্‌-ব্ৰিটিছ যুগৰ পশ্চাদৱত¹ অৰ্থনৈতিক পৰিকাঠামো, জাতীয় পুঁজিপতিৰ উত্থানত ব্ৰিটিছৰ বাধা, আভিজাতিকসকলৰ গৌৰৱ ক্ষুন্ন হোৱাৰ আশংকাত ব্যৱসায়ৰ প্ৰতি অনাসক্তি আদি আভ্যন্তৰীণ দিশসমূহে অসমৰ অৰ্থনৈতিক ব্যৱস্থা ত্বৰান্বিত কৰাত বাধা প্ৰদান কৰিছিল৷ বৰাৰ দৃষ্টিকোণ অনুসৰি, পূৰ্বে ভাষিক সমস্যাৰ মৰ্যাদাপূৰ্ণ সমাধানৰ বাবে অসমীয়াই যি অহোপুৰুষাৰ্থ কৰিছিল, এতিয়া অসমীয়াই অন্য এটি জাতীয় কৰ্তব্য পালন কৰিব লাগিব৷ সেয়া হৈছে - ধনবল লাভৰ যোগেদি জাতীয় উন্নতি সাধন কৰা৷ প্ৰণিধানযোগ্য যে, জ্ঞাননাথ বৰাই অসমৰ বাণিজ্যৰ ক্ষেত্ৰত বহিৰাগতৰ আগ্ৰাসনৰ বাবে ‘বিদেশী’ক দোষী সাব্যস্ত কৰা নাই৷ তেওঁৰ মতে, অসমীয়াসকলো বঙালীৰ দৰে সবল হোৱা হ’লে অন্য প্ৰদেশলৈ গৈ বাণিজ্য বিস্তাৰ কৰিলেহেঁতেন৷ গতিকে, বিদেশীসকলক শত্ৰুতাপূৰ্ণ আচৰণ কৰা যুগুত নহয়৷ তেওঁলোক কেতিয়াও অসমীয়াৰ শত্ৰু নহয়৷ বৰাই ‘আসামত বিদেশী’ গ্ৰন্থখনৰ যোগেদি এষাৰ কথা সজোৰে প্ৰতিপন্ন কৰিব বিচাৰিছে যে, অসমৰ উন্নতিৰ অৰ্থ ‘কেৱল ইয়াৰ বাণিজ্য আৰু ব্যৱসায় অসমীয়াৰ হাতলৈ অনা৷’ কিন্তু, ‘‘পুথিখনৰ ক’তো তেখেতে অসমৰ খেতিয়কৰ পশ্চাদপদতা  আৰু প্ৰয়োজনৰ কথা আলচ কৰা নাই৷ অথচ এটা জাতিৰ ৰাজহাড়স্বৰূপ এই লোক সমষ্টিৰ স্বাৰ্থক আওকাণ কৰি প্ৰকৃত আৰু স্থায়ী জাতীয় উন্নতি সম্ভৱ নহয়৷’’৩  বৰাই উল্লিখিত গ্ৰন্থখনত ‘ভাৰতীয় বিদেশী’ [পৃ-২৩, ২৮] শব্দদ্বয় ব্যৱহাৰ কৰা দৃষ্টিগোচৰ হৈছে৷ কিন্তু এই শব্দদ্বয়ৰ যোগেদি প্ৰকৃততে তেওঁ কি বুজাব বিচাৰিছে সেয়া স্পষ্টৰূপত প্ৰতিফলিত হোৱা নাই৷ 

‘আসামত বিদেশী’ গ্ৰন্থখনত বৰাই অসমে ভাৰতবৰ্ষৰ ভিতৰতে থাকি সুকীয়া অস্তিত্ব অটুট ৰখাৰ প্ৰসংগ উত্থাপন কৰিছে৷ সমান্তৰালভাৱে অসমে ভাৰতবৰ্ষৰ অন্য প্ৰদেশক অন্ধভাৱে অনুকৰণ কৰিবলৈ নগৈ নিজা সমস্যা আৰু সম্ভাৱনাৰ প্ৰতি মনোযোগ দিয়াৰ পোষকতা কৰিছে৷ জ্ঞাননাথ বৰাই অসমীয়া স্বৰাজ আৰু ভাৰতীয় স্বৰাজৰ পৃথকতা প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিছে যদিও, সেয়া মূলতঃ ভাৰতবৰ্ষৰ ভিতৰুৱাকৈ আৰ্থ-ৰাজনৈতিক স্বতন্ত্ৰতা লাভৰ মাজতে সীমাবদ্ধ৷ কিন্তু, ‘আসামত বিদেশী’ প্ৰকাশ পোৱাৰ পৰৱত¹ সময়ত ৰচনা কৰা ‘আৱাহন’ত প্ৰকাশিত উল্লিখিত প্ৰবন্ধ দুটাত বৰাই অসমক ভাৰতৰ পৰা বিচ্চিন্ন কৰি স্বাধীনভাৱে গঢ় দিয়াৰ প্ৰসংগ উত্থাপন কৰিছে৷ স্বাধীন অসমৰ প্ৰসংগ অতি বলিষ্ঠ ৰূপত উত্থাপন কৰা প্ৰথমজন ব্যক্তিয়ে হৈছে - জ্ঞাননাথ বৰা৷

বিংশ শতিকাৰ দ্বিতীয়, তৃতীয় দশকতে জ্ঞাননাথ বৰাই অসমত এক অৰ্থনৈতিক জাতীয়তাবাদৰ ভেটি গঢ়ি তুলিবলৈ যত্ন কৰিছিল৷ বৰাই সঠিকভাৱেই উপলব্ধি কৰিছিল যে, জাতীয় অৰ্থনীতিৰ অবিহনে জাতীয় সংস্কৃতি আৰু জীৱনধাৰা সুদৃঢ় নহয়৷ বৰাৰ মতে, ভাৰতবৰ্ষৰ সকলো প্ৰদেশৰ সমবিকাশৰ যোগেদিহে সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ উন্নয়ন সম্ভৱ হৈ উঠিব; গতিকে, প্ৰত্যেক প্ৰদেশৰ স্বতন্ত্ৰ উন্নতিত মনোযোগ দিয়াটো অপৰিহাৰ্য৷ প্ৰণিধানযোগ্য যে, জ্ঞাননাথ বৰাই উল্লেখ কৰা স্বতন্ত্ৰ আৰু সম এই দুয়োটা ধাৰণা একে নহয়৷ সম বিকাশৰ কাৰণে বৰাই যি স্বতন্ত্ৰ বিকাশৰ প্ৰসংগ উত্থাপন কৰিছিল, তাত আপেক্ষিক বিচাৰধাৰা এটাহে নিহিত হৈ আছে বুলি ক’ব পাৰি৷ সেয়া হৈছে, কেন্দ্ৰীয় নেতৃত্বই যিহেতু সম বিকাশ সাধন কৰিব পৰা নাই, স্বতন্ত্ৰ বিকাশৰ পন্থাই তুলনামূলকভাৱে বিকাশৰ অধিক সমতা প্ৰদান কৰিব৷ আকৌ, স্বতন্ত্ৰ বিকাশ বিচৰা মানেই পাৰস্পৰিক নিৰ্ভৰশীলতা অস্বীকাৰ কৰা৷ কিন্তু, অৰ্থনীতিৰ তত্ত্বই প্ৰায় ওঠৰ শতিকাৰ শেষৰ পৰাই পাৰস্পৰিক নিৰ্ভৰশীলতাৰ মাজতহে অধিক খৰতকীয়া অৰ্থনৈতিক বিকাশ সম্ভৱ হ’ব বুলি কৈ আহিছে৷ সেই বিচাৰধাৰা কিছু পৰিমাৰ্জন সাপেক্ষে অদ্যাপি অৰ্থনীতি তত্ত্বই তত্ত্বগতভাৱে স্বীকাৰ কৰি আহিছে৷ ডেভিদ ৰিকাৰ্ড (১৭৭২-১৮২৩) এই ধাৰাৰ এজন সৰ্বশ্ৰেষ্ঠ গুৰিয়াল৷ সেই দৃষ্টিৰে জ্ঞাননাথ বৰাৰ বিচাৰ উল্লিখিত প্ৰচলিত চিন্তাধাৰাৰ বিপৰীত যেন লাগে৷ অৱশ্যে এই কথাও গুৰুত্বপূৰ্ণ যে, জাৰ্মানীৰ ফ্ৰিডৰিছ লিষ্ট্ (১৭৮৯-১৮৪৬) আদি চিন্তকসকলে এনে স্বতন্ত্ৰধম¹ বিকাশৰ পন্থা এটা অতি অনগ্ৰসৰ অৰ্থনৈতিক কাঠামো এটাত প্ৰাথমিক পৰ্যায়ৰ বাবে গ্ৰহণযোগ্য পন্থা হিচাপেই স্বীকৃতি দিছে৷ তেখেতৰ মতে, যেতিয়া জাতীয় অৰ্থনীতি এটা বুনিয়াদীভাৱে সবল হয় তেতিয়াহে ই আন সমকালীন অৰ্থনৈতিক শক্তিসমূহৰ লগত খাপ খুৱাই নিজাকৈ বিকাশৰ কথা চিন্তা কৰিব পাৰে৷ অন্যথা নিশকতীয়া অৱস্থাতে আনৰ লগত খাপ খুৱাই চলিবলৈ ল’লে ই সমকালীন শক্তিবান অৰ্থনীতিসমূহৰ কবলত পৰি নিজৰ অস্তিত্বও বিপন্ন কৰিব লগাত পৰিব পাৰে৷ সেই দৃষ্টিকোণেৰে জ্ঞাননাথ বৰাৰ চিন্তা তদানীন্তন প্ৰতিষ্ঠিত অৰ্থনৈতিক চিন্তকসকলৰ পৰা পৃথক নহয়৷ 

অসমত এক স্বকীয় অৰ্থনৈতিক গাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত জ্ঞাননাথ বৰাৰ ৰচনাই কিছুমান নতুন চিন্তাৰ খোৰাক যোগোৱাৰ লগতে লেখকৰ দৃষ্টি আৰু স্থিতিয়ে সংশ্লিষ্ট ক্ষেত্ৰত কেইবাটিও দিশৰ পৰা পথ-নিদেৰ্শনা কৰা পৰিলক্ষিত হৈছে৷ বৰাৰ পথ-নিদেৰ্শনা অনুসৰি, অসমে বেপাৰ-বাণিজ্যৰ যোগেদি ধনবল লাভ কৰিব লাগিব৷ কিন্তু ইয়াৰ বাবে অসমৰ বেপাৰ-বাণিজ্য বিদেশীৰ পৰিৱৰ্তে থলগিৰিৰ হাতলৈ আহিব লাগিব৷ অসমৰ বাণিজ্যৰ ক্ষেত্ৰত বিদেশীৰ আগ্ৰাসন ৰোধ কৰিবলৈ  বৰাই তেওঁৰ গ্ৰন্থখনত একোটা পথ-নিদেৰ্শনা দাঙি ধৰিছে৷ সেয়া হৈছে - ‘অসমীয়াই অসমীয়াক সহায় কৰা’৷ (পৃ-১৪) অৰ্থাৎ, এচামে বেপাৰ-বাণিজ্যৰ বাবে আগবাঢ়ি আহিব লাগিব আৰু অসমীয়া ৰাইজে তেওঁলোকক সকলো প্ৰকাৰে সহায় কৰিব লাগিব৷ বৰাৰ দৃষ্টিকোণ অনুসৰি, বিদেশী বেপাৰীসকলক অসহযোগ কৰিহে তেওঁলোকক অসমৰ পৰা বিতাড়ন কৰিব পৰা যাব৷ এই ক্ষেত্ৰত বৰাই অসহযোগ আন্দোলনৰ দৰে এক আন্দোলনৰ পোষকতা কৰিছিল৷ কিন্তু, এই কাম যে যথেষ্ট কঠিন, সেই কথাও তেওঁ উপলব্ধি কৰিছিল৷ সমান্তৰালভাৱে এনে পৰিস্থিতিত বহিৰাগত বেপাৰীয়ে যে বহু কৌশল আৰু কূটনীতিৰ আশ্ৰয় ল’ব সেই সম্পৰ্কেও সকলোকে সজাগ কৰি দিছিল৷ আকৌ, অসমীয়াই অসমীয়াক সহায় বা উপকাৰ নকৰি অপকাৰ কৰা স্বভাৱ এৰিব নোৱাৰিলে অসমৰ বাণিজ্যৰ কোনো উদ্‌গতি নাই বুলি বৰাই খেদ প্ৰকাশো কৰিছিল৷ সম্প্ৰতি পুঁজিবাদসৃষ্ট নানান সংঘটনে জাতীয় জীৱন বিপৰ্যস্ত কৰি তোলা পৰিলক্ষিত হৈছে; এনে প্ৰেক্ষাপটত জ্ঞাননাথ বৰাৰ অৰ্থনৈতিক চিন্তা তথা নিৰ্দেশনাৰ গুৰুত্ব নিশ্চিতভাৱে বৃদ্ধি পাইছে৷

প্ৰসংগ সূত্ৰ :

১) প্ৰসেনজিৎ চৌধুৰী, সমাজ সংস্কৃতি ইতিহাস, অসম প্ৰকাশন পৰিষদ, প্ৰথম সংস্কৰণ  : ২০০৭, পৃ-৪

২) John M’cose, Topography of Assam, New Delhi, Logos Press, First Indian Reprint- 1986, P. 63 

৩) প্ৰসেনজিৎ চৌধুৰী, পূৰ্বোল্লিখিত, পৃ-১৩

ঠিকনা :

সহকাৰী অধ্যাপক, দমদমা মহাবিদ্যালয়, কুলহাটী, কামৰূপ -৭৮১১০৪

ইমেইল- cjyotichutia@gmail.com

ভ্ৰাম্যভাষ নং -৬০০০৯-২৭৩৭৪

ড
লেখকৰ পৰিচয়

ড° চন্দনজ্যোতি চুতীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)