৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চন্দ্ৰমুখীৰ পাছত এইবাৰ সূৰ্যমুখী!

লেখকঃ অভিজিত শৰ্মা বৰুৱা • প্ৰকাশিতঃ ২৫ ছেপ্টেম্বৰ, ২০২৩
১৫ মিনিট পঠন • ৩৬৮২ বাৰ পঢ়া হৈছে

 অভিজিত শৰ্মা বৰুৱা 

২০২৩ চনৰ ১৪ জুলাইত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organisation, চমুকৈ ‘ইছৰো’) চন্দ্ৰাভিমুখী যান চন্দ্ৰযান-৩-ৰ অভিযান আৰম্ভ কৰিছিল। সেইদিনা দুপৰীয়া ২ বাজি ৩৫ মিনিটত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ ‘সতীশ ধাৱান স্পেচ চেণ্টাৰ’ৰ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ‘জি এছ এল ভি মাৰ্ক থ্ৰী হেভি-লিফট লাঞ্চ ভেহিকল’-য়ে এই যানক মহাকাশলৈ উৎক্ষেপণ কৰিছিল। পূৰ্বপৰিকল্পনা অনুসৰিয়েই যোৱা ২৩ আগষ্ট, ২০২৩ ত ভাৰতীয় সময়মতে সন্ধিয়া ৬ বজাৰ খন্তেক পাছত চন্দ্ৰযান – ৩ ৰ ‘বিক্ৰম’ লেণ্ডাৰে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিলে। ইয়াৰ ফলত চন্দ্ৰপৃষ্ঠত কোনো যানক ‘মসৃণ অৱতৰণ’ (Soft landing) কৰোৱাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ চতুৰ্থ দেশ হিচাপে পৰিগণিত হ’ল। আনহাতে চন্দ্ৰৰ বিপদসংকুল দক্ষিণ মেৰু অঞ্চলত চন্দ্ৰযান-৩-ক মসৃণ অৱতৰণ কৰাই আৰু ‘প্ৰজ্ঞান’ নামৰ ৰ’ভাৰ যানখন নমাই এই অঞ্চলত এনে কাম কৰা বিশ্বৰ প্ৰথম দেশ হিচাপে ভাৰতে আন এক অনন্য কৃতিত্ব অৰ্জন কৰিলে।

চন্দ্ৰপৃষ্ঠত ‘প্ৰজ্ঞান’ৰ বিচৰণ

চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণৰ কথা আমি আগতে ক’লোৱেই। চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত স্থিৰ হৈ থকা বিক্ৰমৰ পৰা এক হেলনীয়া তলেৰে এইবাৰ চন্দ্ৰপৃষ্ঠলৈ নামি আহিল ‘প্ৰজ্ঞান’ নামৰ ৰ’ভাৰ যানখন আৰু চন্দ্ৰৰ ওখোৰা মোখোৰা মাটিত ঘূৰি ফুৰি তাৰ বাবে নিৰ্ধাৰিত কাম আৰম্ভ কৰিলে। প্ৰজ্ঞানে বিভিন্ন ফ’টো আৰু ভিডিঅ’ তুলি পৃথিবীৰ নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ কৰিলে আৰু তাত থকা বৈজ্ঞানিক আহিলাবোৰ ব্যৱহাৰ কৰিবলৈ ল’লে। ৰ’ভাৰখনৰ প্ৰথম ভিডিঅ’টো ‘ইছৰো’ৱে ২০২৩ চনৰ ২৫ আগষ্টত প্ৰচাৰ কৰে। এই ভিডিঅ’ত দেখা গৈছিল যে ৰ’ভাৰ যানখন বিক্ৰম লেণ্ডাৰৰ পৰা এক হেলনীয়া পৃষ্ঠইদি নামি আহিছে আৰু চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিছে। তাৰ পাছত ইছৰোয়ে এই ঘোষণাও কৰিলে যে ৰ’ভাৰখনে শ্লথ গতিত হ’লেও আঠ মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে আৰু সেইখনৰ দুটা বৈজ্ঞানিক আহিলাই বাঞ্ছিত ধৰণেৰে কাম আৰম্ভ কৰিছে। ২৬ আগষ্টত ইছৰোৱে আন এটা ভিডিঅ’ প্ৰচাৰ কৰিলে। এই ভিডিঅ’টো লেণ্ডাৰখনৰ পৰা লোৱা হৈছিল আৰু ইয়াত ৰ’ভাৰখনে গতি কৰি লেণ্ডাৰখনৰ কেমেৰাৰ ৰেঞ্জৰ বাহিৰলৈ গুচি যোৱা দেখা গৈছিল। ২৭ আগষ্টত ইছৰোৱে আন দুখন ফটো প্ৰকাশ কৰিলে। তাত দেখা গৈছিল যে ৰ’ভাৰখনৰ সমুখত প্ৰায় তিনি মিটাৰ দূৰত্বত জ্বালামুখীৰ গাঁত এটা আছে। অৱশ্যে ৰ’ভাৰখনে সেই গাঁতৰ কাষেদি নিৰাপদে পাৰ হৈ যাবলৈ সক্ষম হ’ল। ২৯ আগষ্টত ইছৰোৱে ঘোষণা কৰিলে যে ৰ’ভাৰখনৰ এক বৈজ্ঞানিক আহিলাই চন্দ্ৰত ছালফাৰ আৰু অক্সিজেনৰ উপস্থিতি নিশ্চিত কৰিছে আৰু লগতে হাইড্ৰ’জেনৰ সন্ধানো অব্যাহত ৰাখিছে।

৩০ আগষ্টৰ পুৱা ৭-৩৫ বজাত ৰ’ভাৰখনে বিক্ৰম লেণ্ডাৰৰ এখন ফটো তুলিলে। তাত দেখা গৈছিল যে লেণ্ডাৰখনত থকা দুটা বৈজ্ঞানিক আহিলাক কামত খটুওৱা হৈছে। সেই দিনাই লেণ্ডাৰখনৰ পৰা প্ৰায় ১৫ মিটাৰ দূৰত্বত থাকি ৰ’ভাৰখনে লেণ্ডাৰৰ আন এখন ফটোও তুলিলে।

ছেপ্টেম্বৰৰ ২ তাৰিখে ৰ’ভাৰ যানখনে তাৰ ওপৰত নিয়োজিত সকলো দায়িত্বৰ কাম শেষ কৰিলে আৰু শীতনিদ্ৰাত (Hybernation) প্ৰৱেশ কৰিলে। মানে সঞ্চিত শক্তি নিঃশেষ হোৱাৰ ফলত প্ৰজ্ঞান য’তে আছিল, তাতে পৰি থাকিল। লেণ্ডাৰখনৰ অৱস্থাও তেনে হ’ল। কাৰণ তেতিয়া চন্দ্ৰত ৰাতি আৰম্ভ হৈ যোৱা বাবে সৌৰশক্তিৰ যোগানো নাইকিয়া হ’ল। পাছত তাত আকৌ দিন হ’বলৈ কমেও ১৪ পৃথিবী-দিনৰ প্ৰয়োজন হ’ব। ক্ষীণভাৱে হ’লেও আশা কৰা হৈছিল যে ২২ আগষ্টত যেতিয়া চন্দ্ৰৰ সেই অংশত সূৰ্যৰ পোহৰ কিছু উলম্বভাবে পৰিব তেতিয়া চন্দ্ৰযান-৩-ৰ লেণ্ডাৰ-ৰ’ভাৰে পুনৰ হয়তো সাৰ পাই উঠিব আৰু আকৌ কাম আৰম্ভ কৰিব। কিন্তু সেই আশা পূৰণ হোৱা নাই। ২৪ ছেপ্টেম্বৰলৈকে লেণ্ডাৰ, ৰ’ভাৰ এখনেও সাৰ পোৱা নাই। সেই নিদ্ৰা পাছত চিৰনিদ্ৰা নহ’লেই ৰক্ষা।

অৱশ্যে এইটো কথাও ঠিক যে লেণ্ডাৰ আৰু ৰোভাৰখন যদি সূৰ্যৰ পোহৰত পুনৰ উজ্জীৱিত হৈ উঠে, তেন্তে তাক ‘ব’নাছ’ তথা অতিৰিক্ত কৃতিত্ব বুলিহে ধৰা যাব। কাৰণ যি কাম কৰিবলৈ লেণ্ডাৰ-ৰোভাৰক পঠিওৱা হৈছিল, সেই কাম সিহঁতে সম্পন্ন কৰিলে। এতিয়া প্ৰাপ্ত তথ্যবোৰৰ বিশ্লেষণ কৰি বিজ্ঞানীসকলে কিছু নতুন কথা আৱিষ্কাৰ কৰাৰহে কথা। 

সূৰ্যাভিমুখী যান – আদিত্য L1

চন্দ্ৰযান-৩-ৰ ধামধুমীয়াৰ মাজতো কিন্তু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আন এক প্ৰতিভাশালী বিজ্ঞানী দলৰ দ্বাৰা সূৰ্য অভিমুখী এখন নিৰীক্ষক মহাকাশ যান নিৰ্মাণৰ কাম কৰি আছিল। সেই কামো প্ৰায় শেষ হৈ আহিছিল। পাছে তেওঁলোকে হয়তো সেইখন উৎক্ষেপণৰ বাবে চন্দ্ৰযান-৩-ৰ সফলতা আৰু অনুকূল পৰিৱেশলৈ অপেক্ষা কৰি আছিল। সূৰ্যৰ প্ৰচণ্ড উত্তাপৰ বাবেই এতিয়াৰ প্ৰযুক্তিৰে অন্ততঃ সূৰ্যলৈ কোনো মহাকাশ যান পঠিওৱা সম্ভৱ নহয়। অৱশ্যে সূৰ্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰু নতুন তথ্য জানিবলৈ সূৰ্যৰ কিছু ওচৰলৈ নিৰীক্ষক মহাকাশ যান পঠিওৱা সম্ভৱ।

 ‘ইছৰো’ৰ ইতিহাস সৃষ্টিকাৰী প্ৰকল্প ‘চন্দ্ৰযান-৩ অভিযান’ৰ বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ’ভাৰে চন্দ্ৰত শীতনিদ্ৰাত শুই পৰাৰ দিনাই, অৰ্থাৎ ২০২৩ চনৰ ২ ছেপ্টেম্বৰত ‘ইছৰো’ৱে আন এক যুগান্তকাৰী অভিযান আৰম্ভ কৰি ভাৰতীয় সময়মতে দিনৰ ১১-৫০ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা ‘প’লাৰ ছেটেলাইট লাঞ্চ ভেহিকল’ৰ (PSLV-C57) সহায়ত সূৰ্য অভিমুখে এক নিৰীক্ষক মহাকাশযান ‘আদিত্য L1’-অক মহাকাশলৈ উৎক্ষেপণ কৰিলে। উৎক্ষেপণৰ পৰৱৰ্তী পৰ্যায়ত এটা দুটাকৈ চাৰিটা ৰকেট কাৰ্যক্ষম কৰাৰ পাছত আৰু ৬৩ মিনিট ২০ ছেকেণ্ডৰ উৰণৰ অন্তত ১২-৫৪ বজাত ‘আদিত্য L1’ তাৰ বাবে নিৰ্ধাৰিত অধিবৃত্তীয় কক্ষপথত গৈ উপনীত হ’ল। ১২-৫৭ বজাত এই যান চতুৰ্থ পৰ্যায়ৰ ৰকেটটোৰ পৰা পৃথক হৈ পৰে আৰু মহকাশত নিজা যাত্ৰা আৰম্ভ কৰে। এইবাৰ তাৰ গন্তব্য স্থান হ’ল সূৰ্য আৰু পৃথিবীৰ মাজৰ লাগ্ৰাঞ্জ বিন্দু L1। সেই স্থান পোৱাৰ আগতে আদিত্য যানৰ ওপৰত চাৰিবাৰ পৃথিৱীৰ পৰা নিয়ন্ত্ৰিত কক্ষপথীয় পৰিচালন কৌশল (Manoever) প্ৰয়োগ কৰা হ’ব আৰু ২০২৪ চনৰ ১২ জানুৱাৰিত এই যান সেই নিৰ্দিষ্ট স্থানত গৈ উপনীত হোৱাৰ কথা। 

 

আদিত্যৰ আৰম্ভণি

আদিত্য শব্দই হিন্দু বিশ্বাসমতে সূৰ্য দেৱতাক বুজায়। যিহেতু এই অভিযান মূলতঃ সূৰ্যাভিমুখী, সেয়ে এই মহাকাশ যানক এই নাম দিয়া হৈছে। 

২০০৮ চনতে ভাৰতৰ ‘মহাকাশ গৱেষণাৰ বাবে পৰামৰ্শদাতা সমিতি’য়ে (Advisory Committee for Space Research) সূৰ্যৰ বিভিন্ন পৰিঘটনা সম্পৰ্কত মহাকাশৰ পৰা অধ্যয়ন কৰিবৰ বাবে এক যান পঠিওৱাৰ চিন্তা কৰিছিল আৰু লগতে ‘আদিত্য’ নামেৰে সেই যানখন নিৰ্মাণ কৰাৰ আঁচনি প্ৰস্তুত কৰিছিল। প্ৰথমে ইয়াক প্ৰায় ৪০০ কিলোগ্ৰাম ভৰৰ এক সৰু কৃত্ৰিম উপগ্ৰহ হিচাপে নিৰ্মাণ কৰাৰ কথা ভবা হৈছিল। পৰিকল্পনামতে, এই যানে এক নিম্ন পৃথিবী কক্ষপথত (৮০০ কিলোমিটাৰ) থাকি সৌৰ আলোকমণ্ডল (Solar Corona) নিৰীক্ষণ কৰিব। ২০১৬-১৭ চনত এই যান নিৰ্মাণৰ বাবে ৩ কোটি টকাৰ এক পৰীক্ষামূলক বাজেট ধাৰ্য কৰা হৈছিল। কিন্তু তাৰ পাছত অন্যান্য দিশ কিছুমানো চিন্তা কৰি এই যানৰ কাম আৰু উদ্দেশ্যৰ পৰিসৰ বৃদ্ধি কৰা হ’ল আৰু ইয়াক বিভিন্ন সা-সঁজুলিৰে সুসজ্জিত কৰি লাগ্ৰাঞ্জ বিন্দু L1-অলৈ এক নিৰীক্ষক যান হিচাপে পৰিভ্ৰমণ কৰোৱাৰ পৰিকল্পনা কৰা হ’ল। তাৰ পাছত এই অভিযানৰ নাম সামান্য সলনি কৰি ‘আদিত্য L1’ কৰা হ’ল। ২০১৯ চনৰ জুলাইত এই প্ৰকল্পৰ বাজেট ৩৭৮ কোটি টকালৈ বৃদ্ধি কৰা হ’ল (উৎক্ষেপণৰ খৰচ বাদ দি)। আদিত্য L1-অৰ ভৰ হ’ল প্ৰায় ১৫০০ কিলোগ্ৰাম। সূৰ্যক নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত ভাৰতৰ এই প্ৰথম প্ৰকল্পৰ সঞ্চালক হিচাপে নিয়োগ কৰা হ’ল প্ৰখ্যাত মহাকাশ বিজ্ঞানী নিগাৰ ছাজিক  (Nigar Shaji) ।

‘আদিত্য L1’ যানখন গৈ উপনীত হ’বলগীয়া ‘লাগ্ৰাঞ্জ L1’ বিন্দুটো পৃথিৱীৰ পৰা প্ৰায় ১৫,০০,০০০ কিলোমিটাৰ দূৰত অৱস্থিত। আদিত্য L1-অক তাৰ হেল’ কক্ষপথত ৰখাৰ পৰিকল্পনা কৰা হৈছে। হেল’ কক্ষপথ হ’ল এক ত্ৰিমাত্ৰিক আৰু চক্ৰীয় কক্ষপথ। L1 বিন্দুৰ ওচৰত হেল’ কক্ষপথত প্ৰদক্ষিণ কৰি থকাৰ মূল সুবিধা হ’ল যে তেতিয়া কোনো গ্ৰহণ (Eclipse) বা গ্ৰাসৰ (Occultation) বাধা নোহোৱাকৈ সূৰ্যক নিৰৱচ্ছিন্নভাবে নিৰীক্ষণ কৰি থাকিব পৰা যাব। এই সুবিধাটোৱে বিজ্ঞানীসকলক সঠিক সময়ত সৌৰ কাৰ্যকলাপ আৰু মহাকাশীয় বতৰৰ ওপৰত সৌৰ কাৰ্যকলাপৰ প্ৰভাৱৰ বিষয়ে জনাত সহায় কৰিব। আদিত্য L1 এই কক্ষপথত কিমান দিন ঘূৰি থাকিব, সেয়া নিৰ্ধাৰিত নহয়। হয়তো ই ইয়াৰ নিৰ্ধাৰিত কাৰ্যকাল পাঁচ বছৰৰ পাছতো বছৰ বছৰ ধৰি এনেকৈয়ে থাকি যাব।


কিমান যে সমস্যা !

সূৰ্যক আবৰি যি পৰিমণ্ডল (Atmosphere) আছে, তাৰ একেবাৰে বাহিৰৰ তৰপৰ উষ্ণতা হ’ল প্ৰায় ১০,০০,০০০ ডিগ্ৰী চেলছিয়াছ আৰু একেবাৰে ভিতৰৰ তৰপৰ উষ্ণতা প্ৰায় ৫৭৩০ ডিগ্ৰী চেলছিয়াছ। উষ্ণতাৰ ইমান পাৰ্থক্য কিয় হ’ল, সেয়া সৌৰ পদাৰ্থবিজ্ঞানৰ (Solar Physics) বাবে এতিয়াও দুৰ্বোধ্য এটা সাঁথৰ। তদুপৰি এইটো কথাও স্পষ্ট নহয় যে সূৰ্যৰ বিকিৰণে পৃথিৱীৰ বায়ুমণ্ডলৰ গতিবিজ্ঞানত (Dynamics) দীৰ্ঘকালীন আৰু হ্ৰস্বকালীনভাৱে কেনে ধৰণে প্ৰভাৱ পেলায়। আদিত্য যানে সূৰ্যৰ যিমান পাৰি ওচৰত থাকি সূৰ্যৰ পৰিমণ্ডলৰ বিভিন্ন তৰপৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব আৰু ফটোও তুলিব। সেইবোৰৰ পৰা হয়তো সূৰ্যৰ শক্তি কেনেকৈ এটা তৰপৰ পৰা আনটো তৰপলৈ পৰিৱাহিত হয় আৰু কেনেকৈ সেই শক্তি বাঢ়ি যায়, তেনেবোৰ কথা জানিব পৰা যাব। কেৱল সেয়াই নহয়, সূৰ্য সম্পৰ্কীয় ৰহস্যময় কথা আৰু বহুতো আছে। আদিত্য যানৰ পৰা প্ৰাপ্ত তথ্যৰ পৰা সেই ৰহস্যৰো কিছু অন্ততঃ ভেদ ভঙাটো সম্ভৱ হ’ব।


‘আদিত্য L1’ অভিযানৰ মূল লক্ষ্য

এই অভিযানৰ মূল লক্ষ্য হ’ল –

•   সূৰ্যৰ বৰ্ণমণ্ডল (Chromosphere) আৰু আলোকমণ্ডলৰ (Corona) গতিবিজ্ঞান নিৰীক্ষণ কৰা।

• বৰ্ণমণ্ডল আৰু আলোকমণ্ডলৰ উত্তাপন, আংশিকভাবে আয়নীভূত প্লাজমাৰ পদাৰ্থবিজ্ঞান, আলোকমণ্ডলীয় ভৰৰ উৎস আৰু তাৰ নিৰ্গমন, আলোকমণ্ডলৰ চুম্বকীয় ক্ষেত্ৰ আৰু তাপ স্থানান্তৰণ কৌশল, অগ্নিশিখাৰ পৰিৱৰ্তন আদি অধ্যয়ন কৰা।

•        আদিত্য L1 যানৰ কাষত স্বাভাৱিকভাবে থকা ভৌতিক কণাসমূহৰ গতিবিধি নিৰীক্ষণ।

•        সৌৰ আলোকমণ্ডল আৰু তাৰ উত্তাপন কৌশল সম্পৰ্কত অধ্যয়ন।  

•    আলোকমণ্ডলীয় আৰু আলোকমণ্ডলীয় কুণ্ডলীৰ প্লাজমাৰ চিনাক্তকৰণঃ উষ্ণতা, বেগ আৰু ঘনত্ব।

•        সৌৰ আলোকমণ্ডলীয় ভৰ নিৰ্গমনৰ উৎস, বিকাশ আৰু গতিবিজ্ঞান।

•    সৌৰ আলোকমণ্ডল আৰু তাৰ তলৰ বিভিন্ন তৰপৰ পদ্ধতিবোৰৰ প্ৰণালীৱদ্ধকৰণ সম্পৰ্কত তথ্য আহৰণ।

•        সৌৰ অগ্ন্যুৎপাত সৃষ্টিৰ কাৰণ নিৰ্ধাৰণ।

•        সৌৰ আলোকমণ্ডলত চুম্বকীয় ক্ষেত্ৰৰ সংস্থিতি আৰু চুম্বকীয় ক্ষেত্ৰৰ জোখমাখ।

•    সূৰ্য আৰু পৃথিৱীৰ মাজৰ মহাকাশীয় বতৰ (Space Weather) আৰু তাৰ উৎস সম্পৰ্কত অধ্যয়ন কৰা, সৌৰ বতাহৰ সংযুক্তি আৰু গতিবিজ্ঞান অধ্যয়ন।


আদিত্য L1 আৰু ইয়াৰ বৈজ্ঞানিক আহিলা

এই মহাকাশযানে সাতবিধ বৈজ্ঞানিক আহিলা বা যন্ত্ৰ-পাতি (Payload) কঢ়িয়াই লৈ গৈছে। তাৰে চাৰিবিধ আহিলাই সূৰ্যক প্ৰত্যক্ষভাবে নিৰীক্ষণ কৰি থাকিব আৰু আন তিনিবিধ আহিলাই লাগ্ৰাঞ্জ বিন্দু L1-অত চুম্বকীয় ক্ষেত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰ আৰু কণাবোৰৰ স্থানিক (in-situ) অধ্যয়ন কৰিব। আদিত্য L1-অৰ আহিলাবোৰ প্ৰচণ্ড গৰম আৰু চৰম পৰিৱেশত কাম কৰিব পৰাৰ উপযোগীকৈ প্ৰস্তুত কৰা হৈছে।

আদিত্য L1 ৰ বৈজ্ঞানিক আহিলাসমূহ হ’ল –

১। ‘ভিজিবল এমিছন লাইন কৰণা’গ্ৰাফ’ (VELC) – ই এক ৰিম’ট ছেন্সিং আহিলা। ইয়াৰ মূল কাম হ’ল– আলোকমণ্ডল বা কৰণাৰ ফটো বা প্ৰতিবিম্ব সৃষ্টি কৰা, লগতে তাৰ বৰ্ণালী সৃষ্টি কৰা। 

২। ‘ছলাৰ আলট্ৰাভায়’লেট ইমেজিং টেলিস্ক’প’ (SUIT) – ই এক ৰিম’ট ছেন্সিং আহিলা। ইয়াৰ কাম হ’ল – প্ৰকাশমণ্ডল (Photosphere) আৰু বৰ্ণমণ্ডলৰ (Chromosphere)  ফটো বা প্ৰতিবিম্ব সৃষ্টি কৰা (নেৰ’ আৰু ব্ৰডবেণ্ড) (Narrow and Braodband)।

৩। ‘ছ’লাৰ ল’ এনাৰ্জী এক্স-ৰে’ স্পেকট্ৰমিটাৰ’ (SoLEXS)– ই এক ৰিম’ট ছেন্সিং আহিলা।ইয়াৰ কাম হ’ল – ছফট এক্স-ৰে’ স্পেকট্ৰমিটাৰ ব্যৱহাৰ কৰি সূৰ্যক এক নক্ষত্ৰ হিচাপে নিৰীক্ষণ কৰা।

৪। ‘হাই এনাৰ্জী L1 অৰ্বিটিং এক্স-ৰে’ স্পেকট্ৰ’মিটাৰ (HEL1OS)– ই এক ৰিম’ট ছেন্সিং আহিলা। ইয়াৰ কাম হ’ল হাৰ্ড এক্স-ৰে’ স্পেকট্ৰমিটাৰ ব্যৱহাৰ কৰি সূৰ্যক এক নক্ষত্ৰ হিচাপে নিৰীক্ষণ কৰা।

৫। ‘আদিত্য ছলাৰ উইণ্ড এক্সপেৰিমেণ্ট’ (ASPEX)– ই হ’ল এক স্থানিক (in-situ) আহিলা। প্ৰকৃততে ই হ’ল এক সৌৰ বতাহ আৰু কণা বিশ্লেষণ আহিলা। এই আহিলাই প্ৰ’ট’ন আৰু তাতকৈ গধুৰ আয়নবোৰ, তাৰ দিশৰ সৈতে, নিৰীক্ষণ কৰিব।

৬। ‘প্লাজমা এনালাইজাৰ পেকে’জ ফৰ আদিত্য’ (PAPA) - ই হ’ল এক স্থানিক আহিলা।  ইও এক সৌৰ বতাহ আৰু কণা বিশ্লেষণৰ আহিলা আৰু ই প্ৰ’ট’ন আৰু তাতকৈ গধুৰ আয়নবোৰ, তাৰ দিশৰ সৈতে, নিৰীক্ষণ কৰিব।

৭। ‘এডভাঞ্চড ট্ৰাই-এক্সিয়েল হাই ৰিজ’লিউছন ডিজিটেল মেগনেট’মিটাৰ’ - ই হ’ল এক স্থানিক আহিলা। ই সেই স্থানৰ বিভিন্ন চুম্বকীয় ক্ষেত্ৰৰ দিশ (Bx, By and Bz) নিৰীক্ষণ কৰিব।


এতিয়ালৈকে আদিত্য L1-অৰ ভ্ৰমণৰ ক্ৰমবিৱৰণী

২০২৩ চনৰ ২ ছেপ্টেম্বৰ – ভাৰতৰ প্ৰথম সৌৰ নিৰীক্ষক যান আদিত্য L1 ৰ সূৰ্য - পৃথিৱী L1 লাগ্ৰাঞ্জ পইণ্টলৈ যাত্ৰা আৰম্ভ।

৩ ছেপ্টেম্বৰ – প্ৰথম ‘পৃথিৱী নিয়ন্ত্ৰিত কক্ষপথীয় পৰিচালন কৌশল’ সফলতাৰে সম্পন্ন। ফলত নতুন কক্ষপথ হ’ল ২৪৫ কিমি × ২২৪৫৯ কিমি। 

৫ ছেপ্টেম্বৰ – দ্বিতীয় ‘পৃথিৱী নিয়ন্ত্ৰিত কক্ষপথীয় পৰিচালন কৌশল’ সফলতাৰে সম্পন্ন। নতুন কক্ষপথ হ’ল ২৮২ কিমি × ৪০২২৫ কিমি। 

১০ ছেপ্টেম্বৰ - তৃতীয় ‘পৃথিৱী নিয়ন্ত্ৰিত কক্ষপথীয় পৰিচালন কৌশল’ সফলতাৰে সম্পন্ন। নতুন কক্ষপথ হ’ল ২৯৬ কিমি × ৭১৭৬৭ কিমি। 

১৫ ছেপ্টেম্বৰ – চতুৰ্থ ‘পৃথিৱী নিয়ন্ত্ৰিত কক্ষপথীয় পৰিচালন কৌশল’ সফলতাৰে সম্পন্ন। এতিয়া নতুন কক্ষপথ হ’ল ২৫৬ কিমি × ১২১৯৭৩ কিমি।

১৮ ছেপ্টেম্বৰ – আদিত্য L1-য়ে বৈজ্ঞানিক তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে।

১৯ ছেপ্টেম্বৰ – সূৰ্য আৰু পৃথিবীৰ মাজৰ লাগ্ৰাঞ্জ L1 পইণ্টলৈ ৰাওনা।

২০২৪ চনৰ ১২ জানুৱাৰি- লাগ্ৰাঞ্জ L1 পইণ্টত গৈ উপনীত আৰু হেল’ কক্ষপথত থাকি সূৰ্যক নিৰীক্ষণৰ কাম আৰম্ভ।

 

***

  

 

অ
লেখকৰ পৰিচয়

অভিজিত শৰ্মা বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)