৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বন্ধৰ পদ্য

লেখকঃ ৰচনা পাঠক • প্ৰকাশিতঃ ২ আগষ্ট, ২০২০
৪ মিনিট পঠন • ১৪৮০ বাৰ পঢ়া হৈছে
বন্ধৰ পদ্য
ডাঙৰকৈ চাওক (Zoom)
ৰচনা পাঠক

কেনে মজা, আজি কোনে পায় কোৱাঁচোন,
লক্‌ডাউন, স্কুল নাই, তাতে দিছে বৰষুণ;
বৰ ভাল হ’ব জানা,
সঁচা মিছা ভবা মানা –
শুই শুই চাবলৈ মিঠা মিঠা ধুনীয়া সপোন।

নাথাকিব তাত জানা কিতাপৰ বোজা,
মিছ্ আৰু টিছাৰ চব তাত হোজা;
মা-দেউতায়ো খোলে আমাৰ লগত,
কিমান মধুৰ সেই সপোন জগৎ–
ময়ে তাৰ একমাত্ৰ প্ৰাণী জনা-বুজা।

হ’ম্‌ৱৰ্ক নাই বাবে নাই তিতা-কেহা,
কিতাপ-পত্ৰ লাগি থ’ক টেবুলতে ৰেহা,
খেলা-ধূলা উৎপাত,
পাক ঘৰ লুটপাত;
পুতলা পুতলা খেলোঁ ব’লাচোন নেহা।

নহ’লেবা আন এটা কাম কৰোঁ আহাঁ,
তুমি হোৱাঁ প্ৰিঞ্চিপাল, মই ছাৰ,– বাহাঃ
ক্লাছ টিছাৰ হ’বানে
ছাৰক পঢ়াই চাবানে·
ভাল লাগিব কৈ কৈ ঃ ‘ছাৰ, পঢ়াঁ পঢ়াঁ।’

‘ইস্কুলৰ চব ছাৰ শাৰী পাতি বহি
শুনি যাবা মোৰ কথা দুখ কষ্ট সহি,
নাকান্দিবা কিন্তু
নপঢ়াওঁ দিনটো,
উলিয়াই লোৱাঁহঁক কিতাপ আৰু বহী।

তুমিও বহিছা দেখোঁ মৰম লগা ছাৰ·
নবহিবা, তোমাৰ ভাৰ বে’ল বজোৱাৰ
তুমিতো নাপাৰাঁ গালি,
হাঁহি মাৰি কোৱাঁ খালি –
‘নপঢ়িলে উন্নতি নাই দুখীয়াৰ’।

লাজতে লুকাই থকা এইজনী কোন মিছ·
একো নকৈ হাঁহি থাকে ফিছ ফিছ ফিছ
প্ৰথমতে বহাঁ,
পাছতহে পঢ়া
নপঢ়িলে পিছে তুমি হৈ যাবা ডিছ্মিছ্!

এইজন কি ছাৰ ! পঢ়িব নাজানে·
পঢাঁ বুলি ক’লে মাথোঁ ভেঁ ভেঁকৈ কান্দে
(হে’ৰা) নপঢ়িলে নহ’ব!
পঢ়িবই লাগিব,
যেনেকৈ মাহঁতে আমাক নামানে।

তেনেকৈয়ে অজি তুমি পৰিলা ফাঁকত
মনোযোগ নিদিলে নহ’ব কিতাপত,
সদয়ে আমাক কোৱা
কথাষাৰ শুনি লোৱাঁ, –
ভয় নাই, নুলুকাবা দুৱাৰ-চুকত।

...ভাল লগা নাই পাই এইবোৰ খেলি,
ভাবি থাকোঁতেইচোন বুৰ গ’ল বেলি!
মা-দে’তা আহি পালে
আমাৰ ফালে চেল খালে;
নাখাওঁতেই কঁঠালটো থাকিবগৈ গেলি।

শিশু-কিশোৰৰ চ’ৰা
আজিৰ শিশুসকল পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী হ’লেহে ভৱিষ্যতেও তেওঁলোকে পঢ়া-শুনাৰ প্ৰতি দায়বদ্ধ হৈ ৰ’ব আৰু শিশুকালতে গঢ় দিয়া অভ্যাসটোৱে ভৱিষ্যতে বুজন বয়সত তেওঁলোকৰ ব্যক্তিত্ব আৰু প্ৰতিভাক উজলাই তুলিব। সেয়ে বৰ্তমান অসমৰ শিশু আলোচনীকেইখনৰ প্ৰকাশ অনিশ্চিত ধৰণৰ হৈ পৰালৈ লক্ষ্য ৰাখি শিশু আৰু কিশোৰসকলৰ মানসিক খোৰাক যোগাবলৈ এই শিতানটো আৰম্ভ কৰা হৈছে। অহা সংখ্যাৰ পৰা এই শিতানটোৰ কলেৱৰ বৃদ্ধি কৰা হ’ব। ইয়াত (১) শিশু আৰু কিশোৰৰ বাবে লিখা আৰু (২) শিশু আৰু কিশোৰে লিখা লেখা প্ৰকাশ কৰা হ’ব। আগ্ৰহীসকলক লেখা পঠাবলৈ অনুৰোধ জনালোঁ।

ৰ
লেখকৰ পৰিচয়

ৰচনা পাঠক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)