৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বিটকইন

লেখকঃ বিনয় মোহন শইকীয়া • প্ৰকাশিতঃ ২৪ নৱেম্বৰ, ২০২২
১২ মিনিট পঠন • ৭৯৩ বাৰ পঢ়া হৈছে
বিটকইন
ডাঙৰকৈ চাওক (Zoom)
বিনয় মোহন শইকীয়া

(৩) 

বিটকইনৰ প্ৰাসংগিকতা




 

বিটকইনৰ প্ৰাসংগিকতা কিয় আহিল সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে বিশ্বজুৰি প্ৰচলিত বেংক ব্যৱস্থাৰ কিছু কথা জানিব লাগিব আৰু এই ব্যৱস্থাৰ কিবা ত্ৰুটী আছে নেকি তাকো চালি-জাৰি চাব লাগিব। কিন্তু তাৰ আগতে বিটকইনৰ সৈতে জড়িত দুটামান প্ৰয়োজনীয় কথা জানি থোৱা প্ৰয়োজন হ’ব। প্ৰথম কথা, বিটকইন সকলোৰে বাবে নহয়। বিটকইনৰ ক্ৰয়-বিক্ৰয় তথা ব্যৱহাৰৰ উপৰি বিটকইন মুদ্ৰা সুৰক্ষিত কৰি ৰখাৰ বাবে কিছু পৰিমাণৰ কাৰিকৰী জ্ঞানৰ প্ৰয়োজন হয়। আৰু, এই জ্ঞান খুব সহজে আয়ত্ত কৰিব পাৰি বুলিও ক’ব পৰা নাযায়। দ্বিতীয়তে, আমি মনত ৰাখিব লাগিব যে বিটকইনৰ বজাৰখন বহু পৰিমাণে অস্থিৰ; পৰিৱেশ, পৰিস্থিতিৰ সামান্য সাল-সলনিতে বিটকইনৰ মূল্য সাংঘাতি‍ক ধৰণে উঠা-নমা কৰাৰ প্ৰৱণতা এটা সদায় থাকে। অৱশ্যে দিন যোৱাৰ লগে লগে এই বজাৰখনলৈ সুস্থিৰতা আহিব বুলি আশা কৰা যায়। কিন্তু সাম্প্ৰতিক অৱস্থাত ই এক অস্থিৰ বজাৰ বুলি মানি ল’বই লাগিব, যাৰ বাবে এই বজাৰখনত ধন বিনিয়োগ কৰা লোকসকলৰ বাবে হঠাতে আহিব পৰা বৃহৎ লাভৰ লগতে লোকচানৰ এটা অনিশ্চয়তা সদায় থাকি যায়।

বিটকইনৰ এই সীমাবব্ধতা সত্ত্বেও ইয়াৰ প্ৰতি মানুহৰ বাঢ়ি অহা আকৰ্ষণৰ কাৰণ কি হ’ব পাৰে? ইয়াৰ কাৰণ হৈছে, বিশ্বৰ প্ৰচলিত মুদ্ৰা ব্যৱস্থাত থকা কেতবোৰ উলাই কৰিব নোৱৰা দুৰ্বলতা। এই দুৰ্বলতাক একেবাৰে চমুকৈ ক’বলৈ হ’লে, এটা শব্দতে ক’ব পৰা যায়। সেয়া হৈছে, ‘বিশ্বাস বা আস্থা’। বিশ্বৰ প্ৰচলিত মুদ্ৰা ব্যৱস্থাত ‘বিশ্বাস বা আস্থা’ই মুখ্য স্থান আধিকাৰ কৰি আছে, আৰু এই ‘বিশ্বাস বা আস্থা’ৰ প্ৰতি সন্দেহৰ উদ্ৰেক কৰিব পৰাকৈ উদাহৰণো অৱশ্যে অনেক আছে। বিটকইন ধাৰণাৰ স্ৰষ্টা ছাটশ্বি নাকাম’ট’ই সেইবাবে তেওঁৰ বিটকইন সম্পৰ্কীয় স্বেতপত্ৰত স্পষ্টকৈ কৈছে, “আমি বিশ্বাসৰ ওপৰত ভৰসা নকৰাকৈ এটা ইলেক্ট্ৰনিক লেনদেন ব্যৱস্থাৰ প্ৰস্তাৱ কৰিছোঁ।” (“We have proposed a system for electronic transactions without relying on trust.”)

মুদ্ৰা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্ম প্ৰক্ৰিয়াত বিশ্বাসে কেনেদৰে কাম কৰে সেই বিষয়ে তলত আলোচনা কৰা হ’ল।

১) বাণিজ্যিক বেংক— আমি যেতিয়া বেংক ব্যৱহাৰ কৰোঁ, আমি এই বিশ্বাস ৰাখোঁ যে যেতিয়া আমি বিচাৰোঁ তেতিয়া এই ধন আমি উলিয়াব পাৰিম আৰু বেংকে আমাক ধন দিব নোৱৰা অৱস্থা এটা কেতিয়াও নাহে। এই বিশ্বাসৰ বিপৰীত অৱস্থা এটাৰ সৈতে আমি নিজে মুখামুখি নহ’লেও, তেনে অৱস্থা সৃষ্টি হোৱাৰ বাতৰি আমি নিজে প্ৰত্যক্ষ কৰা উদাহৰণ নিশ্চয় আছে। গতিকে আমি বেংকৰ ওপৰত বিশ্বাস কৰিলেও, এই কথা ঠিক যে সদায় সেই বিশ্বাসে কাম নকৰিবও পাৰে।

২) কেন্দ্ৰীয় বেংক— প্ৰত্যেকখন দেশৰে একোটাকৈ কেন্দ্ৰীয় বেংক থাকে যাৰ ওপৰত দেশখনৰ মুদ্ৰাৰ প্ৰচলন তথা নিয়ন্ত্ৰণ ব্যৱস্থা অৰ্পণ কৰা হয়। ভিন্ন দেশত এই বেংকটোক ভিন্ন নামেৰে জনা যায়; আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভ, ইংলণ্ডৰ বেংক অব ইংলেণ্ড, ইউৰোপিয়ান ইউনিয়নৰ ইউৰোপিয়ান চেণ্ট্ৰেল বেংক, ভাৰতৰ ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া, আদি কেন্দ্ৰীয় বেংকৰ উদাহৰণ।

আমি জানো যে অৰ্থনৈতিক সূত্ৰমতে সোণ, ৰূপ, আদি মূল্যৱান বস্তুবোৰক মূল আধাৰ হিচাপে‍ লৈ তাৰ সমমূল্যত কাগজৰ মুদ্ৰাৰ দৰে প্ৰতিভূ মুদ্ৰাৰ প্ৰচলন কৰা হয়। এই কাম লেনদেনৰ সুবিধাৰ বাবে কৰা হয় বুলি জনা যায়। কিন্তু বৰ্তমান সময়ত কেন্দ্ৰীয় বেংকবোৰে যি মুদ্ৰা প্ৰচলন কৰে, সেই মুদ্ৰাৰ বিপৰীতে কোনো ধৰণৰ মূল্যৱান বস্তু, যেনে, সোণ, ৰূপ, আদিক আধাৰ হিচাপে‍ গ্ৰহণ কৰা ব্যৱস্থাটো মানি চলা নহয়। তাৰ সলনি এই মুদ্ৰাবোৰক আইনী ব্যৱস্থাৰে বৈধতা প্ৰদান কৰা হয়। এনে ধৰণৰ মুদ্ৰাক ‘ফিয়েট মানি’ বুলি কোৱা হয়। গতিকে এই কথা সহজে অনুমেয় যে ফিয়েট মানিৰ নিজাকৈ কোনো অন্তৰ্নিহিত মূল্য নাথাকে আৰু ইয়াৰ কোনো ব্যৱহাৰিক মূল্যও নাই। মানুহে ইয়াক মূল্যৱান বস্তু বুলি বিশ্বাস কৰা বাবেহে ইয়াৰ মূল্য আহিছে আৰু ইয়াক বিভিন্ন লেন-দেনৰ ক্ষেত্ৰত অন্য মানুহে গ্ৰহণ কৰিব বুলি বিশ্বাস কৰে বাবেই ই চলি আছে। একাদশ শতিকাতে চীন দেশত এনেবিধৰ মুদ্ৰা প্ৰচলন কৰাৰ উদাহৰণ থাকিলেও আধুনিক কালত কুৰি শতিকাৰ আশীৰ দশকৰ আৰম্ভণিতেহে ইয়াৰ প্ৰচলন আৰম্ভ হয়। উল্লেখযোগ্য যে ১৯৭১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই মূল্যৱান বস্তুৰ প্ৰতিভূ হিচাপে‍ ইয়াৰ মুদ্ৰা ‘ডলাৰ’ প্ৰচলন কৰাৰ সলনি আইনৰ দ্বাৰাহে ইয়াৰ বৈধতা প্ৰদান কৰা আৰম্ভ কৰে। তাৰ পি‍ছৰপৰা এই ব্যৱস্থাটো অন্য দেশবোৰেও গ্ৰহণ কৰিবলৈ লয়৷ ফিয়েট মানিৰ মুখ্য উদ্দেশ্য হৈছে দেশখনৰ অৰ্থনৈতিক অৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকক অধিক ক্ষমতা প্ৰদান কৰা। এই ক্ষমতা প্ৰয়োগ কৰি কেন্দ্ৰীয় বেংকে ঠিক কৰে কিমান মুদ্ৰা ছপা কৰি অথবা প্ৰচলন কৰি অৰ্থনীতিক নিয়ন্ত্ৰণত ৰাখিব পৰা যাব। যদি প্ৰয়োজনতকৈ বেছি মুদ্ৰাৰ প্ৰচলন হয় তেনেহ’লে দেশত মুদ্ৰাস্ফীতি হয় আৰু তাৰ ফলত দেশখনৰ মুদ্ৰাৰ মূল্য হ্ৰাস পায়। মানুহে এই বিশ্বাস কৰে যে দেশে প্ৰয়োজনতকৈ অধিক মুদ্ৰা প্ৰচলন কৰি মুদ্ৰাস্ফীতিৰ দৰে অৱস্থাৰ সৃষ্টি নকৰিব। কিন্তু বাস্তৱ ক্ষেত্ৰত যে তেনে নোহোৱাকৈ থকা নাই সেই কথা সহজে গম পোৱা যায়। বিশেষকৈ ২০০৮ চনৰ বিশ্বজোৰা অৰ্থনৈতিক সংকটৰ পাছত সকলো দেশেই অধিক পৰিমাণে ফিয়েট মানি ছপা কৰি গৈছে আৰু এদিন ইয়ে আকৌ অন্য এক সংকটৰ সৃষ্টি কৰিব বুলি অনেকেই অনুমান কৰে।

৩) অনলাইন লেনদেনৰ মধ্যস্থতাকাৰী— আমি যেতিয়া অনলাইন ব্যৱস্থাৰে ধন প্ৰেৰণ কৰোঁ বা গ্ৰহণ কৰোঁ, এই লেনদেনৰ প্ৰক্ৰিয়াত আমি মধ্যস্থতাকাৰীৰ (পে’পল, ভিছা, আদি) ওপৰত দুই ধৰণে বিশ্বাস ৰাখোঁ; প্ৰথম বিশ্বাস হৈছে যে এই প্ৰক্ৰিয়াত একেখিনি ধনকে দুবাৰ খৰচ কৰা অৰ্থাৎ ডাবল স্পেণ্ডিং হোৱা নাই আৰু দ্বিতীয় বিশ্বাস হৈছে যে এই লেনদেনত, প্ৰেৰণ অথবা গ্ৰহণ, দুয়োটাৰ কোনোটোতে বিপৰীত লেনদেন, অৰ্থাৎ ৰিভাৰ্ছ ট্ৰেঞ্জেকশ্বন নহয়। আমি এই বিশ্বাসো ৰাখোঁ যে আমাৰ ধনখিনি আমি যেনেদৰে বিচাৰোঁ তেনেদৰে খৰচ কৰিব পাৰোঁ। কিন্তু বাস্তৱত তেনে নহয়। চৰকাৰৰ নিৰ্দেশত কেতিয়াবা এই মধ্যস্থতাকাৰীয়ে আমি বিচৰা ধৰণে আমাৰ ধন খৰচ কৰিবলৈ নিদিবও পাৰে।

৪) চৰকাৰ— আমাৰ ধনখিনিৰ ওপৰত চৰকাৰে কোনো ধৰণৰ কৰ্তৃত্ব নখটায় বুলি আমি যি বিশ্বাস কৰোঁ সেয়া যে সত্য নহয় সেই কথা বুজিবলৈ আমাৰ বাকী নাই। বিমুদ্ৰাকৰণৰ দৰে ব্যৱস্থা এতিয়া তেনেই সাধাৰণ কথা হৈ পৰিছে, য’ত চৰকাৰে নিশাটোৰ ভিতৰতে মুদ্ৰাৰ ক্ৰয়ক্ষমতা নোহোৱা কৰিব পাৰে।২০১৩ চনত চাইপ্ৰাছত চৰকাৰে বেংকত থকা বিনিয়োগকাৰীৰ সম্পত্তি বাজেয়াপ্ত কৰি চৰকাৰী ধাৰ পৰিশোধ কৰিছিল। ইয়াৰ উপৰি চৰকাৰে কিছুমান সামগ্ৰী তথা সেৱাক নিষিদ্ধ ঘোষণা কৰি অনলাইন প্ৰক্ৰিয়াৰ লেনদেন বন্ধ কৰি ৰাখে।

৫) লেনদেনত পৰিচয়ৰ প্ৰয়োজনীয়তা— বেংক, লেনদেনৰ মধ্যস্থতাকাৰী, চৰকাৰ, আটায়ে ধনৰ অনলাইন লেনদেনত লেনদেন কৰোঁতাৰ পৰিচয় বাধ্যতামূলক কৰিছে। গ্ৰাহকক জনাৰ উদ্দেশ্যত ‘কে ৱাই চি’ পদ্ধতিৰে প্ৰতিজন বেংকৰ গ্ৰাহকে নিজৰ পৰিচয় বিভিন্ন ধৰণে বেংকত জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ ফলত গ্ৰাহকে গোপণীয়তা তথা সুৰক্ষাৰ ক্ষেত্ৰত বহুখিনি আপোচ কৰিবলগীয়া হৈছে।

ওপৰত উল্লেখ কৰা প্ৰচলিত মুদ্ৰাৰ সৈতে জড়িত বিশ্বাসক বিটকইনে কেনেদৰে কম গুৰুত্ব প্ৰদান কৰিছে সেই বিষয়ে আমি এটা এটাকৈ পৰীক্ষা কৰি চাব পাৰোঁ।

১) বাণিজ্যিক বেংক— বিটকইনৰ ব্যৱহাৰত বেংকৰ প্ৰয়োজন নাই। বিটকইনৰ গৰাকী নিজেই নিজৰ ধনৰ বেংকৰ দৰে আৰু উপযুক্ত সাৱধানতা গ্ৰহণ কৰিলে সেই ধন ক্ষয়-ক্ষতি হোৱাৰ কোনো সম্ভাৱনা নাথাকে।

২) কেন্দ্ৰীয় বেংক— বিটকইন কোনো কেন্দ্ৰীয় বেংক বা কেন্দ্ৰীয় অনুষ্ঠানৰ সৃষ্টি নহয়। বিটকইন হৈছে এক নিৰ্দিষ্ট আৰু সুস্থিৰ জোখত নেটৱৰ্কে সৃষ্টি কৰা মুদ্ৰা। ইয়াত মুদ্ৰাস্ফীতিৰ কোনো সম্ভাৱনা নাই।

৩) লেনদেনৰ মধ্যস্থতাকাৰী— বিটকইনৰ লেনদেনত ধনৰ প্ৰেৰণ আৰু গ্ৰহণ কৰোঁতাৰ মাজত কোনো মধ্যস্থতাকাৰী নাথাকে। এইটো ইয়াৰ অন্যতম বৈশিষ্ট্য।

৪) চৰকাৰ— বিটকইন হৈছে ‘দেশহীন মুদ্ৰা’; ই গোটেই বিশ্বতে প্ৰচলিত মুদ্ৰাবিশেষ। গতিকে ইয়াত কোনো এখন দেশৰ চৰকাৰে কৰিব পৰা নঞৰ্থক প্ৰভাৱ সামান্য। চৰকাৰে বিটকইন বেংকৰপৰা বাজেয়াপ্ত কৰিব নোৱাৰে, বিটকইনৰ গৰাকীক চৰকাৰে বিটকইন খৰচ কৰাত কোনো ধৰণৰ বাধা বা নিষেধাজ্ঞা আৰোপ কৰিব নোৱাৰে। চৰকাৰে অৱশ্যে প্ৰচলিত এক্সেঞ্জত ইয়াৰ লেনদেন বন্ধ কৰি বিটকইনৰদ্বাৰা ফিয়েট মানি ক্ৰয় কৰাত বাধা আৰোপ কৰিব পাৰে। কিন্তু এয়া প্ৰচলিত মুদ্ৰাৰ তুলনাত তেনেই সামান্য নিয়ন্ত্ৰণ বুলি ক’ব পৰা যায়।

৫) লেনদেনত পৰিচয়ৰ প্ৰয়োজনীয়তা— বিটকইনৰ লেনদেনত যদি ধনৰ গৰাকীয়ে ইচ্ছা কৰে তেনেহ’লে নিজৰ পৰিচয় গোপনে ৰাখিব পাৰে। যদিও ইয়াৰ সকলো লেনদেন ব্লকচেইনত সকলোৰে সমুখত মুকলি হৈ থাকে, ধন প্ৰেৰণ আৰু গ্ৰহণ কৰোঁতাৰ পৰিচয় থাকে কেৱল সংখ্যা আৰু আখৰৰ বিশেষ বিশেষ সজ্জাত। ধনৰ গৰাকী সাৱধান হ’লে তেওঁৰ পৰিচয় অজ্ঞাতে ৰখাত কোনো অসুবিধা নাই।

ধনৰ ব্যৱহাৰ তথা লেনদেনত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিশ্বাসৰ ওপৰত অত্যধিক বিশ্বাস নোহোৱা কৰাটোৱে আছিল নাকাম’ট’ৰ প্ৰধান উদ্দেশ্য। সেই উদ্দেশ্য পূৰণ হোৱাৰ পাছতো বিটকইনৰ অন্য বহুতো সুবিধা পাছত প্ৰমাণিত হৈছে। তাৰে কেইটামান তলত উল্লেখ কৰা হ’ল।

ক) ব্যৱহাৰৰ সুচলতা— যদিও বিটকইন পাবলৈ ইমান সহজ নহয়, তাক খৰচ কৰিবলৈ বেচ সহজ। ধন যালৈ প্ৰেৰণ কৰা হয়, তেওঁৰ পাব্লিক এড্ৰেছটো নিৰ্দিষ্ট স্থানত লিখি বা তেওঁৰ ‘কিউ আৰ’ ক’ডটো স্কেন কৰি, ধনৰ পৰিমাণটো ভৰাই, ছেণ্ড বুটামটো টিপিলেই এই কাম সমাধা হয়।

খ) ইণ্টাৰনেটৰ সৈতে সংযোজিত— বিটকইন ইণ্টাৰনেটৰ বাবেই প্ৰস্তুত কৰা হৈছে। অনলাইন সেৱাৰ সৈতে বিটকইন সংযোজন কৰা বৰ সহজ। বহুকেইটা ৱেবছাইটে বিটকইনৰ লগত জড়িত বিভিন্ন সেৱা, যেনে, ইয়াৰ শেহতীয়া মূল্য, ব্লকচেইনৰ বিৱৰণ, আদি আগবঢ়ায়।

গ) দ্ৰুতগতি— বিটকইনৰ লেনদেন ই-মেইলৰ সমানেই দ্ৰুতগতিৰ। এখন দেশৰ প্ৰচলিত মুদ্ৰা অন্য দেশলৈ পঠাবলৈ হ’লে কেইবা দিনো লগাৰ পৰিৱৰ্তে বিটকইনক মাথোঁ কেই ছেকেণ্ড মানৰহে প্ৰয়োজন হয়।

ঘ) সুৰক্ষিত— বিটকইনৰ লগত থকা ক্ৰিপ্ট’গ্ৰাফি বা সাংকেতিক চিহ্ন খুব আগবঢ়া, আৰু বৰ্তমান ইয়াক ভঙাটো প্ৰায় অসম্ভৱ বুলি বিৱেচিত হৈছে। এতিয়ালৈকে বিটকইনৰ যিমান চুৰি হৈছে সেই সকলোবোৰ ব্যক্তিগত জমা অৱস্থাৰপৰা, অথবা এক্সেঞ্জ হেকিং কৰি কৰা হৈছে। বিটকইনৰ সৈতে জড়িত ক্ৰিপ্ট’গ্ৰাফি ভংগ কৰিবলৈ লুকাই চুৰকৈ কৰা প্ৰচেষ্টাৰ লগতে কেইবাজনো ছিকিউৰিটি এক্সপাৰ্টে মুকলিকৈ ইয়াৰ সুৰক্ষা ক’ড ভংগ কৰিবলৈ প্ৰত্যাহ্বান জনাই বিফল হৈছে।

ঙ) মুদ্ৰাস্ফীতিৰ সম্ভাৱনা নাই— বিটকইনৰ গোটেই প্ৰক্ৰিয়াত কিমান বিটকইন উৎপন্ন হ’ব আৰু কি হাৰত হ’ব, এই সকলো বিটকইনৰ ছফ্টৱেৰত নিৰ্দিষ্ট হৈ থকাৰ বাবে, ইয়াত মুদ্ৰাস্ফীতিৰ সম্ভাৱনা নাই।

অৱশ্যে পূৰ্বে উল্লেখ কৰাৰ দৰে বিটকইনৰ কিছুমান অসুবিধা নথকা নহয়।

ক) প্ৰথম আৰু মুখ্য অসুবিধাটো হৈছে ইয়াৰ তত্ত্ব আৰু কৰ্মপদ্ধতিৰ জটিলতা। ক্ৰিপ্ট’গ্ৰাফি, ব্লকচেইন, মাইনিং, নিজৰ বিটকইন সুৰক্ষিত কৰি ৰখা, ছফ্টৱেৰ আপডেট কৰা, আদি কথাবোৰে মানুহক প্ৰায়ে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ আগতেই নিৰাশ কৰি তোলে। সুখৰ কথা যে দিন যোৱাৰ লগে লগে ইয়াক বোধগম্য কৰি তুলিবৰ বাবে অনেক প্ৰচেষ্টা চলাই থকা হৈছে আৰু তাৰ সুফলো লাভ কৰিব পৰা হৈছে।

খ) বিটকইনৰ দুৰ্লভতা— বিটকইন নিজৰ হাতলৈ অনাটো এতিয়াও খুব সহজ পদ্ধতি নহয়। অনলাইন পদ্ধতিৰে ইয়াক লাভ কৰিবলৈ কেইবাদিনো নহয়, কেইবা সপ্তাহো লাগি যাব পাৰে। অৱশ্যে নতুন নতুন এক্সেঞ্জ প্ৰতিষ্ঠা কৰা হৈ আছে, আৰু মানুহৰ হাতত থকা বিটকইন অন্য মানুহক বেচাৰ সম্ভাৱনাও বৃদ্ধি পাই গৈ আছে।

গ) জমা সুৰক্ষা— অন্য মুদ্ৰাৰ দৰেই বিটকইন ভালদৰে সুৰক্ষিত কৰি নাৰাখিলে চুৰি হোৱা সম্ভাৱনা অধিক।

ঘ) অনিশ্চিত ভৱিষ্যৎ— বিটকইনৰ ভৱিষ্যৎ কি সেই বিষয়ে সঠিককৈ ক’ব পৰা নাযায়। ই বিশ্বৰ মুখ্য মুদ্ৰা ব্যৱস্থা হোৱাৰ পৰা নিশ্চিহ্ন হৈ যোৱালৈকে সকলো সম্ভাৱনাই ইয়াৰ সৈতে জড়িত হৈ আছে বুলি অনুমান কৰা হয়।

(আগলৈ)

ব
লেখকৰ পৰিচয়

বিনয় মোহন শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)