৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বিটকইন

লেখকঃ বিনয় মোহন শইকীয়া • প্ৰকাশিতঃ ২৮ জানুৱাৰী, ২০২৩
১৪ মিনিট পঠন • ২৮৪০ বাৰ পঢ়া হৈছে
বিটকইন
ডাঙৰকৈ চাওক (Zoom)



 

(৫)

বিটকইনৰ উৎস – বিটকইনৰ ‘মাইনিং’ বা খনন

 

সোণ, ৰূপ, হীৰা, আদি যিকোনো মূল্যৱান ধাতু প্ৰকৃতিৰপৰা পাবলৈ সাধাৰণতে খনন কৰা হয়। খননত লাভ কৰা মূল্যৱান ধাতুবিধে স্বাভাৱিকতে ইতিমধ্যে উপলব্ধ ধাতুবিধৰ ব্যৱহাৰ্যতাৰ পৰিমাণ বৃদ্ধি কৰে। এই ধাৰণাটোকে বিটকইনত প্ৰতীকী ৰূপত প্ৰয়োগ কৰা হৈছে। ডিজিটেল মুদ্ৰাৰ জটিল নেটৱৰ্ক ব্যৱস্থাটো চলাই ৰাখিবৰ বাবে সময়ে সময়ে নতুন বিটকইনৰ যোগান ধৰাটো এটা প্ৰয়োজনীয় চৰ্ত। গতিকে বিটকইনৰ নেটৱৰ্কত নতুন বিটকইন পাবলৈ যি পদ্ধতি প্ৰয়োগ কৰা হয় তাকে বিটকইনৰ মাইনিং বা খনন বুলি কোৱা হয়। বিটকইনৰ প্ৰ’গ্ৰামিঙত ব্যৱস্থাটোলৈ কেতিয়া, কিমান আৰু কেনেকৈ বিটকইন আহিব সেই নিৰ্দেশ তথা পৰিমাণ নিৰ্দিষ্ট কৰি ৰখা হৈছে। উল্লেখযোগ্য যে নেটৱৰ্কত বিটকইনৰ যোগান পৰ্যায়ক্ৰমে বাঢ়ি গৈ এটা সময়ত সেয়া শেষ সীমাত উপস্থিত হ’ব। সেই সময় সীমা হৈছে ২১৪০ চন, আৰু বিটকইনৰ সৰ্বোচ্চ সীমা হৈছে ২১ নিযুত বিটকইন। নেটৱৰ্কত ২১ নিযুত বিটকইন উপলব্ধ হোৱাৰ পাছত বিটকইনৰ মাইনিং বন্ধ হৈ যাব, অৰ্থাৎ বিটকইনৰ পৰিমাণ স্থিৰ হৈ ৰ’ব। আৰু, এই স্থিৰ পৰিমাণৰ বিটকইন লৈয়ে নেটৱৰ্কটোৰ বিভিন্ন লেনদেন চলি থাকিব।

       এতিয়া প্ৰশ্ন হয়, নেটৱৰ্কৰ বাবে প্ৰয়োজনীয় বিটকইন সময়ে সময়ে আহিব ক’ৰপৰা? বিটকইনৰ লেনদেন সম্পৰ্কত এই কথা উল্লেখ কৰা হৈছে যে নেটৱৰ্কৰ কিছুমান ব্যৱহাৰকাৰীয়ে প্ৰতিটো লেনদেনৰ ক্ষেত্ৰতে লেনদেনটো যে শুদ্ধ অথবা সঠিক সেই কথা প্ৰমাণ কৰে আৰু তাৰ পাছতে ইয়াক ব্লকত অন্তৰ্ভুক্ত কৰে যাতে গোটেই নেটৱৰ্কতে ই সকলোৰে দৃষ্টিগোচৰ হয়। এই কামটো কৰিবৰ বাবে এক বুজন পৰিমাণৰ ‘কম্পিউটিং পাৱাৰ’ বা গাণনিক শক্তিৰ প্ৰয়োজন হয়। গতিকে এই শক্তি খৰচ কৰি নেটৱৰ্কৰ অন্য ব্যৱহাৰকাৰীসকলে কিয় এই কাম কৰিবলৈ ইচ্ছা কৰিব? ব্যৱহাৰকাৰীসকলে এই কাম কৰিবলৈ ইচ্ছা কৰাৰ কাৰণ হৈছে, এই কামৰ বিনিময়ত তেওঁলোকক নিৰ্দিষ্ট পৰিমাণৰ বিটকইন প্ৰদান কৰি পুৰস্কৃত কৰা হয়। আৰু, এই পুৰস্কৃত বিটকইনখিনি নেটৱৰ্কে আন কোনো উৎসৰপৰা নিদিয়ে, ইয়াক নেটৱৰ্কে নতুনকৈ সৃষ্টি কৰি দিয়ে; অৰ্থাৎ, এই বিটকইনখিনিৰ মাইনিং বা খনন হয়, যি নেটৱৰ্কত ইতিমধ্যে থকা বিটকইনৰ পৰিমাণ বৃদ্ধি কৰে। 

       গতিকে ব্যৱহাৰকাৰীৰ ব্যক্তিগত কম্পিউটাৰক লেনদেনৰ প্ৰক্ৰিয়াত ফলপ্ৰসূভাৱে নিয়োগ কৰি নেটৱৰ্কটো চলাই ৰাখিব পৰা এই বিশেষ ব্যৱস্থাটোকে বিটকইনৰ মাইনিং বা খনন বুলি কোৱা হয়। আৰু, যিসকল ব্যৱহাৰকাৰীয়ে এই কাম সমাধা কৰে তেওঁলোকক কোৱা হয় মাইনাৰ। মাইনাৰে যিহেতু নেটৱৰ্কত হ’বলগীয়া লেনদেনৰ সত্য প্ৰতিপাদন কৰে, গতিকে পূৰ্বে উল্লেখ কৰা ব্লকৰ জটিল গাণিতিক সমস্যাও সমাধান কৰিবলৈ যত্ন কৰে। যিয়ে প্ৰথমে এই সমস্যাৰ সমাধান আগবঢ়ায়, তেওঁলোকক সেই ব্লকটো নেটৱৰ্কৰ সকলোৰে বাবে প্ৰকাশ কৰাৰ অধিকাৰ প্ৰদান কৰা হয়। যিয়ে ব্লকটো প্ৰকাশ কৰে তেওঁলোকেই পুৰস্কাৰ হিচাপে প্ৰাপ্য নিৰ্দিষ্ট পৰিমাণৰ বিটকইনৰ অধিকাৰী হয়। অৱশ্যে মাইনিঙৰ বাবদ বিটকইনৰ যি পুৰস্কাৰ আগবঢ়োৱা হয় তাৰ পৰিমাণ সদায় একে নাথাকে। এটা সময়ৰ ব্যৱধানত সেইখিনি আধালৈ কমি গৈ থাকে। ২০০৯ চনৰ ৩ জানুৱাৰিত নাকাম’ট’ই প্ৰথম ব্লকটো (জেনেছিছ ব্লক) নেটৱৰ্কত প্ৰকাশ কৰি তাৰ বিনিময়ত ৫০ বিটকইন লাভ কৰিছিল। উল্লেখযোগ্য যে দুটা ব্লকৰ প্ৰকাশৰ মাজৰ সময়খিনি ১০ মিনিট বুলি ধাৰ্য কৰা হৈছে। গতিকে প্ৰতি দহ মিনিটত নেটৱৰ্কত থকা বিটকইনৰ পৰিমাণ বৃদ্ধি পাই গৈ থাকে। প্ৰ’গ্ৰামিঙত থকা নিৰ্দেশ অনুসৰি প্ৰতি ২১০,০০০ সংখ্যক ব্লক প্ৰকাশৰ পাছত এই পুৰস্কাৰ আধালৈ কমি যায়। সেইমতে জেনেছিছ ব্লকৰ পাছত মাইনাৰে প্ৰতিটো ব্লকৰ বাবে ৫০ বিটকইন লাভ কৰাৰ সুবিধা ২০১২ চনৰ শেষলৈকে চলি আছিল। ২০১৬ চনত সেই পুৰস্কাৰ পূৰ্বৰ আধা অৰ্থাৎ ১২.৫ বিটকইনলৈ কমি যায়। ২০২০ চনৰ মে’ মাহত সেই পুৰস্কাৰ হয় ৬.২৫ বিটকইন, যিটো বৰ্তমান বাহাল আছে। অলপ মন কৰিলে গম পোৱা যাব যে প্ৰায় চাৰি বছৰৰ মূৰত পুৰস্কাৰৰ পৰিমাণ আধা হয়। এনেদৰে আৰম্ভণিৰপৰা ৬৪ বাৰ পুৰস্কাৰ আধা হোৱাৰ হিচাপ চলি থকাৰ পাছত এদিন বিটকইনৰ সৃষ্টি বন্ধ হৈ যাব। তেতিয়া নেটৱৰ্কত মুঠ বিটকইনৰ পৰিমাণ হ’ব ২১০০০০০০ (একৈছ নিযুত) বিটকইন। আৰু সেই সময়ৰ বছৰটো হ’ব ২১৪০ চন।

       সময়ৰ সৈতে বিটকইন মাইনিং পদ্ধতিলৈ বৃহৎ পৰিৱৰ্তন অহা দেখা গৈছে। ২০০৯ চনত যেতিয়া বিটকইন নেটৱৰ্ক আৰম্ভ হয়, তেতিয়া যিহেতু নেটৱৰ্ক ব্যৱহাৰকাৰীৰ সংখ্যা কম আছিল, সেই সময়ত সাধাৰণ জোখৰ কম্পিউটাৰ এটাই বিটকইন মাইনিং কৰিবলৈ সমৰ্থ হৈছিল। কিন্তু যেতিয়া বিটকইন ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়ি গ’ল কম্পিউটাৰৰ কম্পিউটিং শক্তিও বাঢ়িবলৈ বাধ্য হ’ল। তাৰ ফলত উন্নত কম্পিউটাৰ হাৰ্ডৱেৰৰ লগতে কম্পিউটাৰ চলাই ৰাখিবলৈ প্ৰয়োজন হোৱা বিদ্যুৎ শক্তিও বাঢ়ি গ’ল। এটা সময়ত বিটকইন মাইনিং ইমান প্ৰতিযোগিতামূলক হ’বলৈ ধৰিলে যে ব্যক্তিগত পৰ্যায়ত সেই কাম কৰাটো প্ৰায় অসম্ভৱ যেন হৈ পৰিল। ইফালে বিটকইন মাইনিঙৰ বাবে নতুন নতুন কম্পিউটাৰ হাৰ্ডৱে’ৰো বজাৰত উপলব্ধ হ’বলৈ আৰম্ভ কৰিলে আৰু তাৰ লগতে ইলেক্ট্ৰিচিটিৰ খৰচো বহু পৰিমাণে বাঢ়ি গ’ল। সেইবাবে যি ঠাইত বিদ্যুতৰ মূল্য অধিক সেই ঠাইত বিটকইন মাইনিং লোকচানজনক কাম হিচাপেহে পৰিগণিত হ’বলৈ আৰম্ভ কৰিলে। ইয়াৰ সমাধান হিচাপে ক্লাউড মাইনিং ব্যৱস্থাৰ সূচনা হ’ল, যি ব্যৱস্থাত সস্তা দৰৰ বিদ্যুৎ উপলব্ধ দেশত থকা শক্তিশালী কম্পিউটাৰৰ পৰা মাইনিং শক্তি ক্ৰয় কৰি মাইনিং কৰিব পৰা হয়। এই ব্যৱস্থাত এনে সেৱা আগ বঢ়োৱা গোটে দৈনিক বা মাহেকীয়া হিচাপত মাইনাৰৰপৰা এক নিৰ্দিষ্ট পৰিমাণৰ মূল্য আদায় কৰে।

       ‘কে’ম্ব্ৰিজ বিটকইন ইলেকট্ৰিচিটি কঞ্জাম্পশ্বন ইণ্ডেক্স’ৰ মতে, বিটকইন মাইনিঙৰ ফলত হোৱা বিদ্যুতৰ খৰচ ২০১৪ চনৰ ১.৯৫ টেৰাৱাট-আৱাৰ প্ৰতি বছৰৰ পৰা ২০১৯ চনত ৭৭.১ টেৰাৱাট-আৱাৰ প্ৰতি বছৰলৈ বৃদ্ধি পাইছে। সস্তা দৰৰ ইলেকট্ৰিচিটি বিচাৰি এতিয়া বিটকইনৰ মাইনাৰসকলে তেওঁলোকৰ মাইনিং কাম-কাজ আইচলেণ্ডত স্থাপন কৰিছে। কাৰণ তাত জিঅ’থাৰ্মেল বিদ্যুৎ কম দৰত উপলব্ধ হয় আৰু তাৰ শীতল বায়ুক কম্পিউটাৰ শীতলীকৰণৰ বাবে বিনা খৰচে ব্যৱহাৰ কৰিব পৰা হয়। অলপ দিনৰ আগলৈকে বিটকইন মাইনিঙত সকলোৰে আগত থকা চীন দেশে তিব্বতত অৱস্থিত কম খৰচী জলবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ ব্যৱহাৰ কৰিছিল। উত্তৰ আমেৰিকাত মাইনিঙৰ বাবে প্ৰাকৃতিক গেছৰ পৰা উৎপন্ন কৰা বিদ্যুৎ প্ৰয়োগ কৰাৰ উপৰি বায়ুৰপৰা উৎপন্ন কৰা বিদ্যুতো লাভজনক বুলি বিৱেচিত হৈছে। ২০২১ চনৰ এপ্ৰিল মাহলৈ চীনদেশৰ শ্বিনজিয়ান প্ৰদেশৰ কয়লাৰ পৰা উৎপন্ন কৰা বিদ্যুৎ প্ৰায় এক তৃতীয়াংশ বিটকইন মাইনিঙত ব্যৱহাৰ কৰা হৈছিল। ২০২১ চনৰ মে’ মাহত চীনত বিটকইন মাইনিং নিষিদ্ধ ঘোষণা কৰা হয় যদিও এতিয়াও তাত বিশ্বৰ ২০ শতাংশ মাইনাৰ থকা বুলি কোৱা হয়, যি বিশ্বৰ মুঠ বিটকইন শক্তিৰ বুজন অংশ খৰচ কৰে বুলি প্ৰকাশ পাইছে। চীনৰ উপৰি সমগ্ৰ বিশ্বৰে বিটকইন মাইনিঙত খৰচ হোৱা বিদ্যুতৰ মূল অংশীদাৰ হৈছে, আমেৰিকা যুক্তৰাষ্ট্ৰ (৩৫%), কাজাখস্তান (১৮%) আৰু ৰুছদেশ (১১%)।

 

বিটকইনৰ অন্যান্য উৎস

মাইনিঙৰ উপৰি বিটকইন লাভ কৰাৰ আন উৎসও আছে।

১) বিনামূল্যৰ বিটকইন – কিছুমান ৱে’বছাইট বা এপ্ আছে যিবোৰে ইচ্ছুক ব্যক্তিক বিনামূল্যে বিটকইন প্ৰদান কৰে। এনে ৱে’বছাইট বা এপক ‘বিটকইন ফ’চেট’ (faucet) বুলি জনা যায়। সাধাৰণতে ইচ্ছুক ব্যক্তিক কিছুমান সহজ সমস্যা সমাধান কৰিবলৈ দি পুৰস্কাৰ হিচাপে এনে বিনামূল্যৰ বিটকইন প্ৰদান কৰা হয়। বৰ্তমান সময়ত (১২/৭/২০২২) ১ বিটকইনৰ মূল্য ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১৬ লাখ। ইমান মূল্যৱান বস্তু এটা মানুহক বিনামূল্যে দিয়া কথাটো অবিশ্বাস্য যেন লাগিলেও সঁচা। ছাইটবোৰে এই কাম কৰাৰ মূলতে হৈছে যে মানুহে বিনামূল্যে বিটকইন লাভৰ আশাত এই ছাইটবোৰত প্ৰৱেশ কৰি তাত পঞ্জীয়ন কৰে আৰু এই পঞ্জীয়নকৃত গ্ৰাহককে মূলধন হিচাপে লৈ ছাইটবোৰত বিভিন্ন বিজ্ঞাপন প্ৰকাশ কৰা হয়। এনে বিজ্ঞাপনৰপৰা লাভ কৰা ধনৰ এটা অংশ তাৰ পঞ্জীয়নকৃত গ্ৰাহকক প্ৰদান কৰা হয়। আৰু, এনেদৰে প্ৰদান কৰা বিটকইনৰ পৰিমাণ সাধাৰণতে নিচেই কম হয়। পায়বোৰ ছাইটেই ১ ছাটশ্বি এককৰ বিটকইনহে মানুহক বিনামূল্যে প্ৰদান কৰে। ১ ছাটশ্বি = ০.০০০০০০০১ বিটকইন (১ বিটকইনৰ ১০০ নিযুত ভাগৰ এভাগ)। উল্লেখযোগ্য যে প্ৰথম অৱস্থাত মানুহক বিটকইনৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবেও বিনামূল্যে বিটকইন প্ৰদান কৰা হৈছিল যদিও বৰ্তমান তেনে সুবিধা নাই বুলিবই পাৰি।

২) বস্তু অথবা সেৱাৰ বিনিময়ত বিটকইন - মানুহে নিজৰ কিছুমান বস্তু বা সেৱা বিটকইনৰ বিনিময়ত বিক্ৰী কৰিও বিটকইন লাভ কৰিব পাৰে। ই-বে’ৰ (Ebay)দৰে কেতবোৰ ৱেবছাইটে বিনিময়ৰ মাধ্যম হিচাপে কেৱল বিটকইনহে গ্ৰহণ কৰি এনে ব্যৱস্থা সহজ কৰি তুলিছে। মানুহে ঘৰ, গাড়ী আদি বিটকইনৰ বিনিময়ত বিক্ৰী কৰাৰ অনেক উদাহৰণ আছে।

৩) প্ৰচলিত মুদ্ৰাৰ বিনিময়ত বিটকইন – বিটকইন লাভ কৰাৰ আটাইতকৈ সহজ আৰু প্ৰচলিত ব্যৱস্থাটো হৈছে প্ৰচলিত মুদ্ৰাৰে বিটকইন ক্ৰয় কৰাটো। এনেদৰে বিটকইন লাভ কৰাৰ বহুতো উপায় আছে যদিও বহুলভাৱে প্ৰচলিত দুটা উপায় হৈছে –

ক) দুজন ব্যক্তিৰ মাজৰ ব্যক্তিগতভাৱে কৰা লেনদেন – স্থানীয়ভাৱে দুজন ব্যক্তিয়ে মুখামুখিকৈ নিৰ্দিষ্ট মূল্যৰ বিনিময়ত বিটকইন ক্ৰয়-বিক্ৰয় কৰিব পাৰে। এনে ধৰণৰ লেনদেনৰ বাবেও কিছুমান ৱে’বছাইটে প্ৰয়োজনীয় সেৱা আগবঢ়ায়।

খ) এক্সেঞ্জৰ জৰিয়তে বিটকইন লাভ – বিটকইন লাভৰ আটাইতকৈ বেছি প্ৰচলিত ব্যৱস্থাটো হৈছে এক্সেঞ্জৰ জৰিয়তে বিটকইন ক্ৰয় কৰা। ডলাৰ, পাউণ্ড, ইউৰ’, য়েন, আদি বিশ্বৰ আগশাৰীৰ মুদ্ৰাৰ বিনিময়ত বিটকইন ক্ৰয় কৰাৰ সুবিধা অনেক এক্সেঞ্জে আগ বঢ়াই আহিছে। প্ৰকৃততে বিটকইনৰ নেটৱৰ্ক প্ৰসাৰিত কৰি তোলাৰ ক্ষেত্ৰত এই এক্সেঞ্জবোৰে প্ৰভূত অৰিহণা যোগাই আহিছে।

 

অন্যান্য ডিজিটেল মুদ্ৰা বা ক্ৰিপ্ট’ কাৰেঞ্চি

আমাৰ আলোচনাত ডিজিটেল মুদ্ৰাৰ বাটকটীয়া বিটকইনৰ বিষয়ে আলোচনা কৰা হৈছে যদিও বৰ্তমান সময়ত এনে ধৰণৰ বহু সংখ্যক ডিজিটেল মুদ্ৰা (বা ক্ৰিপ্ট’ কাৰেঞ্চি) বিশ্বত প্ৰচলন হৈ আছে। তাৰে কেইটামান উল্লেখযোগ্য ডিজিটেল মুদ্ৰাৰ সম্পূৰ্ণ আৰু চমু নাম তলত উল্লেখ কৰা হৈছে।

১) বিটকইন (Bitcoin (BTC) )

২) ইথেৰিয়াম (Ethereum (ETH) )

৩) টেথাৰ (Tether (USDT))

৪) বাইনেন্স কইন (Binance Coin (BNB))

৫) এক্স আৰ পি (XRP (XRP) )

৬) টেৰা (Terra (LUNA))   

৭) কাৰডানো (Cardano (ADA))

৮) ছোলানা (Solana (SOL))

৯) পোলকাডট (Polkadot (DOT))

১০) লাইটকইন (Litecoin (LTC))

 

ভাৰতত বিটকইন

চৰকাৰীভাৱে বিটকইন বা অন্য ডিজিটেল মুদ্ৰাক ভাৰতত আইনগত বৈধতা প্ৰদান কৰা হোৱা নাই। অৱশ্যে পূৰ্বে এইবিধ মুদ্ৰাক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ যি প্ৰস্তুতি চলিছিল তেনে স্থিতি এতিয়া বহুখিনি শিথিল হৈছে। ২০২২-২৩ বৰ্ষৰ বাজেট দাখিলৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বক্তব্যত এই কথাৰ প্ৰমাণ পোৱা গৈছে। কেন্দ্ৰীয় বাজেটত মন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কীয় দুটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে; প্ৰথমে, ভাৰত চৰকাৰে ‘ক্ৰিপ্ট’ এছেট’ অৰ্থাৎ ডিজিটেল সম্পত্তিত ৩০% কৰ আৰোপ কৰিব আৰু দ্বিতীয়তে, ২০২২-২৩ বিত্তীয় বৰ্ষৰপৰা দেশত ডিজিটেল টকা প্ৰচলন কৰিব। এই ঘোষণাৰপৰা এই কথা অন্ততঃ অনুমান কৰিব পৰা হয় যে আমাৰ দেশতো ডিজিটেল মুদ্ৰা বৈধ হোৱাৰ দিশে উচ্চ পৰ্যায়ত চিন্তা-চৰ্চা আৰম্ভ হৈছে। ভাৰতত ডিজিটেল মুদ্ৰা সম্প্ৰকীয় কোনো ধৰণৰ আইনগত বিধি-ব্যৱস্থা নহ’লেও বিভিন্ন সমীক্ষাৰপৰা এই কথা জানিব পৰা হৈছে যে ভাৰতত বৰ্তমান সময়ত প্ৰায় ২ কোটি মানুহে সক্ৰিয়ভাৱে ডিজিটেল মুদ্ৰাৰ বিনিয়োগত অংশ লৈ আছে। বিশেষকৈ সমগ্ৰ বিশ্ব জুৰি সাম্প্ৰতিক সময়ত মুদ্ৰাস্ফীতিৰ যি ঊৰ্ধ্বগতি দেখিবলৈ পোৱা গৈছে তাৰ পৰিপ্ৰেক্ষিতত ডিজিটেল মুদ্ৰাত বিনিয়োগ অতি প্ৰাসংগিক হৈ পৰিছে। ভাৰতত ‘ৱাজিৰএক্স’ (WazirX) বা অন্য বহুকেইটা ডিজিটেল মুদ্ৰাৰ এক্সেঞ্জত বিটকইন তথা অন্য ডিজিটেল মুদ্ৰাৰ লেনদেন সম্পাদন কৰিব পৰা হয়। এই এক্সেঞ্জবোৰৰ ৱেবছাইটত এই লেনদেন সম্পৰ্কে সবিশেষ জানিব পৰা যায়। 


                                             ***

সহায় লোৱা গ্ৰন্থ  : 

1.     Bitcoin for the Befuddled. by Conrad Barski and Chris Wilmer.

2.     Bitcoin Step by Step by Michael Caughey

3.     Bitcoin For Dummies by Pripto, Published by: John Wiley & Sons, Inc.,

4.     Learning Bitcoin by Richard Caetano

5.     Bitcoin Beginner by Sam Petterson

 

 

ব
লেখকৰ পৰিচয়

বিনয় মোহন শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)