৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মাজতে

লেখকঃ ড° ৰঞ্জিত দত্ত • প্ৰকাশিতঃ ২৭ নৱেম্বৰ, ২০২৫
১ মিনিট পঠন • ২৫০২ বাৰ পঢ়া হৈছে

মূল :  আলবেয়াৰ কে'মু  ( ফ্ৰাঞ্চ, সাহিত্যৰ ন'বেল বঁটা প্ৰাপক, ১৯৫৭)

অনুবাদ : ড° ৰঞ্জিত দত্ত

ঘৃণাৰ মাজতে

মই বিচাৰি পাইছিলোঁ

মোৰ ভিতৰত লুকাই থকা 

অজেয় প্ৰেম।

চকুৰ পানীৰ মাজতেই

মই বিচাৰি পাইছিলোঁ

মোৰ দুৰ্জেয় হাঁহিবোৰ।

সকলো বেমেজালিৰ মাজতেই,

বিচাৰি পাইছিলোঁ  মনৰ মাজত

এক অনাবিল শান্তি।

উপলব্ধি কৰিছিলোঁ

যেন সকলো শীতৰ মাজতেই 

বিচাৰি পাইছিলোঁ মই 

হেজাৰ বসন্তৰ কোলাহল।

আৰু সিয়েই মোক সুখী কৰে

কাৰণ পৃথিৱীখনে যিমানেই 

কঠিন  কিবা এটা

মোলৈ  ঠেলি নিদিয়ক কিয়,

মোৰ ভিতৰতো আছে 

এনে শক্তিশালী কিবা এটা,

এনে ভাল কিবা এটা, 

যিয়ে  ঠেলি পঠিয়াই দিয়ে

এই সকলোবোৰ পিছলৈ।


ড
লেখকৰ পৰিচয়

ড° ৰঞ্জিত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)