৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বুদ্ধিৰ সাগৰ বীৰবল

লেখকঃ ৰচনা পাঠক • প্ৰকাশিতঃ ২৫ ডিচেম্বৰ, ২০২১
১০ মিনিট পঠন • ১৯০ বাৰ পঢ়া হৈছে

ৰচনা পাঠক


(২)


সময়ৰ লগে লগে মহেশৰ বুদ্ধি আৰু জ্ঞানৰ ওচৰত শ্বাহেনশ্বাহৰ দৰবাৰৰ বাকীসকল সভাসদ মোলান পৰি গ’ল৷

মহেশ পূৰ্বতকৈও বেছি সাহসী হৈ উঠিল৷ একে সময়তে মানুহৰ সততা আৰু শঠতাৰ মাজৰ পাৰ্থক্যও মহেশে বেছিকৈ বুজিব পৰা হৈ আহিল৷

সভাসদসকলেই নহয়, মাজে সময়ে মহেশৰ বাক্‌পটুতা আৰু বুদ্ধিৰ ওচৰত স্বয়ং শ্বাহেনশ্বাহ আকবৰো জব্দ হ’বলৈ ধৰিলে৷ মহেশৰ তীব্ৰ বিদ্ৰুপ ভৰা বাক্য একোটাই আকবৰৰ কাম-কাজৰ বিসঙ্গতিকো ধৰা পেলাবলৈ সক্ষম হ’ল৷

সাধাৰণ ৰজা হোৱা হ’লে মহেশক কোনোবাদিনা আকবৰে হত্যাই কৰালেহেঁতেন; কাৰণ আকবৰ মহেশৰ কথা-কাণ্ডৰপৰা মাজে মাজে লজ্জিত হ’বলৈ বাধ্য হৈছিল৷ মাজে মাজে তেওঁ মহেশক এৰাই চলিবলৈও যত্ন কৰিছিল৷

কিন্তু আকবৰ আছিল উদাৰ আৰু গুণীৰ গুণ বুজা লোক৷ তেওঁ জানিছিল যে ফটা কঁথাতহে সোণ থাকে৷

এতেকে দেখিবলৈ বৰ সুন্দৰ নাছিল যদিও মহেশৰ মনৰ সুন্দৰতা আৰু জ্ঞানৰ গভীৰতা লক্ষ্য কৰি আকবৰে মহেশক নতুন নাম এটাৰে বিভূষিত কৰিলে : বীৰবল৷ অৰ্থাৎ জ্ঞানীলোক৷

কালক্ৰমত মহেশ নামটো তল পৰিল৷ সকলোৱে মহেশক বীৰবল বুলিহে চিনি পোৱা হ’ল৷

 

(৩)

মাজে মাজে এনেকুৱা ঘটনা একোটা ঘটে যে বীৰবলক শ্বাহেনশ্বাহে বেয়া পাই যায়৷ তেতিয়া দৰবাৰৰপৰা বীৰবলক বাহিৰ কৰি দি সম্ৰাটে কয় :

: তুমি ওলাই যোৱা বীৰবল৷ আৰু কোনোদিনে মই তোমাৰ মুখ চাব নোখোজো৷

বীৰবল ওলাই আহে৷ কেইদিনমান নিজৰ ঘৰতে সোমাই থাকে৷ দুদিনমানৰ মূৰত শ্বাহেনশ্বাহৰ কটকী আহি কয়হি,

: মন্ত্ৰীবৰ, আপোনাক শ্বাহেনশ্বাহে দৰবাৰলৈ মাতিছে৷

বীৰবল এনেভাৱে দৰবাৰ পায়গৈ যেন তেওঁ নোৱৰাতহে গৈছে! তেতিয়া শ্বাহেনশ্বাহে ধন-সোণৰ উপহাৰ দি বেয়া নাপাবলৈ ওভোটাই বীৰবলকহে খাটনি জোৰে৷

বীৰবলে মনৰ ভিতৰতে হাঁহি এটা মাৰে৷ কোনেও নেদেখে৷

 

(৪)

ভাৰতবৰ্ষৰ নিচিনা প্ৰকাণ্ড দেশ এখন চলোৱা মুখৰ কথা নেকি? নহয়৷ শ্বাহেনশ্বাহ আকবৰৰো দেশ চলাই চলাই মাজে মাজে ভাগৰ লাগে৷ ভাগৰ পলুৱাবলৈ তেওঁ যমুনা নৈৰ পাৰত এটা চালে চকু ৰোৱা মনোৰম ভৱন নিৰ্মাণ কৰিলে আৰু তাতে মন ভাল লগাব পৰা গান-বাজনাকে ধৰি সকলো ব্যৱস্থা কৰি ল’লে৷

মাজে মাজে ৰাজ কাৰেঙৰ পৰা গৈ পাত্ৰ-মন্ত্ৰীৰ সৈতে তেওঁ কেইটামান দিন তাতে কটায়গৈ৷ সেই কেইদিন ৰাজ্যশাসনৰ একো কথাকে তেওঁ চিন্তা নকৰে– তেহেলৈ বামুণেই মৰক বা লগুণেই ছিগক৷ যমুনাৰ পানী চুই বৈ যোৱা শীতল মলয়াই যেতিয়া সেই ভৱনত বাদশ্বাহৰ শৰীৰ জুৰ পেলায় তেতিয়া তেওঁ হৈ পৰে জগতৰ আটাইতকৈ সুখী মানুহজন৷

সেই কেইদিন প্ৰজাসকলৰ যি আহি যিহকে বিচাৰে শ্বাহেনশ্বাহে তাকে দিয়ে; কাকো বিমুখ নকৰে৷ সুখী হওক৷ চব সুখী হওক৷

তেনে দিন এটাৰে ঘটনা৷ মজলিছ চলি আছে৷ উপস্থিত সকলোৱে শ্বাহেনশ্বাহৰ সৈতে আনন্দত ভাগ লৈছে৷ বীৰবলে মন কৰিলে, ক’তো যেন কোনো মানুহৰ কোনো সমস্যা নাই; কাৰো যেন অসুখ বিসুখ, অকাল মৰণ হোৱা নাই!

এনে আনন্দ উলাহ ভাল নাপালেও বীৰবলে শ্বাহেনশ্বাহৰ বিৰোধিতা নকৰে৷ ৰজা-মহাৰজাসকলৰ বিভিন্ন ধৰণৰ খেয়াল-খুচি থাকে৷ থাকিবই৷

হঠাৎ মহাৰাজে সোঁহাতখন দাঙিলে৷ গান-বাজনা বন্ধ হ’ল৷ সভাসদসকল সাৱধান হ’ল– ক’বতো নোৱাৰি সম্ৰাটৰ খঙেই উঠিছে নে তেওঁৰ মনত নতুন প্ৰশ্নৰে উদয় হৈছে৷

আকবৰে মাৰ্বলৰ মজিয়াত তুলিকা এডালেৰে এডাল আঁচ টানিলে৷ সকলোৱে তেওঁৰ প্ৰশ্ন শুনিবলৈ উৎকৰ্ণ হৈ ৰ’ল৷ বীৰবলো৷

: শুনা সভাসদগণ! – বজ্ৰৰ দৰে কঠোৰ মাতেৰে আকবৰে ঘোষণা কৰিলে,

: এই ৰেখাডাল চুটি কৰি দিব লাগে৷ কিন্তু কোনেও ইয়াৰ সামান্য অংশও মচিব নোৱাৰিব৷

ইজনে সিজনৰ মুখলৈ চালে আৰু তলমূৰ কৰিলে৷ আটায়ে৷ বীৰবলে কিন্তু কেৱল ৰেখাডাললৈ চায়েই তধা লাগি ৰ’ল৷ আকবৰে সুধিলে, সভাসদসকল! পাৰিবনে? কোনেও মূৰ তুলি চাবলৈ সাহস নকৰিলে৷

সম্ৰাটে আকৌ ক’লে, যিসকলে নোৱাৰে নিজৰ নিজৰ হাত দাঙক৷

দাঙো নাদাঙোকৈ সভাসদসকলে ইখনৰ পাছত সিখনকৈ হাত দাঙি গ’ল৷ সম্ৰাটে দেখিলে, কেৱল বীৰবলৰ বাহিৰে বাকী আটায়ে হাত দাঙিলে৷

গোঁফকোছাৰ তলেদি মিহি হাঁহি এটা মাৰি আকবৰে বীৰবলক সুধিলে,

: বীৰবল! তুমিযে হাত নাদাঙিলা?

বীৰবলে একো নক’লে৷ কেৱল দুয়োখন হাত যোৰ কৰি সম্ৰাটক শ্ৰদ্ধা-সম্ভাষণ জনালে আৰু সম্ৰাটৰ সন্মুখৰ ৰঙৰ টেমি এটাৰপৰা তুলিকা এডালত ৰং অকণ লৈ সম্ৰাটে অঁকা আঁচডালৰ ওচৰতে আন এডাল দীঘল আঁচ টানিলে৷

হয়৷ সম্ৰাটে অঁকা আঁচডাল চুটি হৈ গ’ল৷

বীৰবলে তুলিকাডাল থৈ পুনৰ শ্বাহেনশ্বাহক নমস্কাৰ জনাই নিজৰ আসনত বহিলহৈ৷ মুখেৰে তেওঁ এষাৰো কথা নক’লে৷

হঠাৎ আকবৰে হাত চাপৰি বজাবলৈ আৰম্ভ কৰিলে৷ লগে লগে ক্ৰমশঃ বাকীসকল সভাসদেও৷

বীৰবলে থিয় হৈ পুনৰ সকলোকে সম্ভাষণ জনালে৷

(৫)

এদিন ৰাজদৰবাৰত শ্বাহেনশ্বাহে সমজুৱাসকললৈ এটা প্ৰশ্ন নিক্ষেপ কৰিলে– আটাইতকৈ প্ৰিয় কি বা কোন?

বিভিন্নজনে বিভিন্ন উত্তৰ দিলে৷ সৰহ সংখ্যকে ক’লে যে মাক-দেউতাকৰ বাবে সন্তানতকৈ প্ৰিয় আৰু একো হ’ব নোৱাৰে৷ এই কথাষাৰ বাদশ্বাহৰ মনঃপুত হ’ল৷

পিছে বীৰবলৰ মুখখন দেখি সম্ৰাট আচৰিত হ’ল– বীৰবলে যেন এই উত্তৰটো মানি ল’ব পৰা নাই৷ এনেকুৱা লাগিল আকবৰৰ৷ তেওঁ সুধিলে,

: কি হে’ বীৰবল? নিজে উত্তৰ দিব নোৱাৰিলা নাই৷ আনৰ উত্তৰটোক লৈও তুমি সন্তুষ্ট হ’ব পৰা নাই যেন লাগিছে কিয়?

বীৰবলে হাতযোৰ কৰি ক’লে,

: জাহাপনা! মোৰ মনত উত্তৰ এটা জন্ম হৈছে ঠিকেই; কিন্তু সৰহভাগৰে মতৰ আগলৈ ওলাবলৈ সি লাজ কৰিছে৷

: কোৱাঁ কোৱাঁ৷ নিৰ্ভয়ে কোৱাঁ৷ – বাদশ্বাহে ক’লে৷

: জাহাপনা! – বীৰবলে ক’বলৈ ধৰিলে, মোৰ উত্তৰটো আপুনি হয়তো ভাল নাপাব৷ কিন্তু মোৰ মতে সকলোৰে আটাইতকৈ প্ৰিয় বস্তু নিজৰ প্ৰাণটোহে৷

বাদশ্বাহে চকু ঘোপা কৰি বীৰবললৈ চালে আৰু সুধিলে৷

: তুমি তোমাৰ মত প্ৰমাণ কৰিব পাৰিবানে?

: যত্ন কৰিম জাহাপনা৷ – বীৰবলে সবিনয়ে ক’লে৷

পাছদিনা বীৰবলে জাহাপনা আৰু পাত্ৰ-মন্ত্ৰীসকলক লৈ চিৰিয়াখানাত সোমালগৈ৷ ঘূৰি পকি এটা সময়ত তেওঁলোকে দুটা পোৱালিৰ সৈতে খেলি থকা বান্দৰী এজনী দেখিলে৷ বীৰবলে জাঁপ মাৰি গৈ মাকজনীৰ পৰা পোৱালি দুটা কাঢ়ি দ গাঁত এটাত পেলাই দিলে আৰু লগে লগে ক’ৰবাৰপৰা দুজন কৰ্মী আহি গাঁতটোত পানী ঢালিবলৈ ধৰিলে৷

সম্ৰাটে বীৰবলক তিৰস্কাৰ কৰিলে : ই কেনে ব্যৱহাৰ বীৰবল? বন্য পশুৰ ওপৰত তোমাৰ এনে নিৰ্দয় আচৰণ কিয়?

বীৰবলে নামাতিলে৷ তেওঁ কেৱল কৰ্মী দুজনক পানী ঢালি থাকিবলৈ ইঙ্গিত দি থাকিল৷

সম্ৰাটে ভাবিলে, ই নিশ্চয় বীৰবলৰ কিবা নাটকেই হ’ব৷ নাটকখন শেষলৈ চাবলৈ তেওঁ সাজু হ’ল৷

মাক বান্দৰীজনীয়ে দেখিলে যে তাইৰ পোৱালি দুটা মৰিব এতিয়া! লগে লগে তাই নিজেও গাঁতটোত জাঁপ দিলে আৰু পোৱালি দুটাক উদ্ধাৰ কৰিবলৈ যত্নপৰ হ’ল৷

সঙ্গোপাঙ্গসকলে ক’লে,

: দেখিছে জাহাপনা? পুত্ৰ-কন্যাৰ সমান প্ৰিয় যে কোনো নাই ইয়েই প্ৰমাণ৷

: বীৰবল! – সম্ৰাটে ক’লে, সন্তানতকৈ প্ৰিয় আৰু আন কোনো হ’ব নোৱাৰে৷

বীৰবলে কৰ্মী দুজনক পানী ঢালিয়েই থাকিবলৈ নিৰ্দেশ দি থাকি ক’লে,

: নাটকখনৰ শেষ দৃশ্যটো চাই লওকচোন জাহাপনা!

আকবৰে দেখিলে, বান্দৰীজনীয়ে পোৱালি দুটাক নিজৰ মূৰৰ ওপৰত তুলি ৰক্ষা কৰিব খুজিছে৷ ইফালে বীৰবলৰ নিৰ্দেশত কৰ্মীদ্বয়ে গাঁতটোত পানী ভৰায়েই  আছে৷

এটা সময়ত বান্দৰীজনী নিজেও ঠাৱৰিব নোৱৰা হ’ল৷ পোৱালি দুটাক ৰক্ষা কৰাৰ চেষ্টা বাদ দি এইবাৰ তাই নিজে গাঁতটোৰপৰা পাৰলৈ উঠিবলৈ যত্ন কৰিবলৈ ধৰিলে৷

বীৰবলৰ নিৰ্দেশত কৰ্মী দুজনে পানী ঢলা বন্ধ কৰিলে আৰু মাক আৰু পোৱালি তিনিওকে উদ্ধাৰ কৰি পাৰলৈ তুলিলে৷

বীৰবলে সম্ৰাটক সুধিলে : জাহাপনা, সন্তানতকৈ প্ৰিয় একো নাই বুলি এতিয়াও আপুনি ভাবেনে?

আকবৰে বীৰবলৰ মত দ্বিধাহীনভাৱে মানি ল’লে৷ বাকীসকলক সভাসদেও৷

(৬)

জাৰকালি৷ সকলোৱে জোতা, টুপিকে ধৰি গৰম কাপোৰেৰে নিজৰ শৰীৰ গৰম কৰি ৰাজ দৰবাৰলৈ গৈছে৷

বীৰবলো৷

পিছে আটায়ে আচৰিত হ’ল৷ স্বয়ং শ্বাহেনশ্বাহে দেখোন জাৰ গুচাব পৰা কানি-কাপোৰ একো পিন্ধা নাই! কিয়? সকলো সভাসদেই ইজনে আনজনক সুধিবলৈ ধৰিলে৷

বীৰবলে কিন্তু কিবা এটা ৰহস্যৰ গোন্ধ পালে৷ আজি নিশ্চয় শ্বাহেনশ্বাহৰ কিবা মতলব আছে; নহ’লে এনে হাড় কঁপোৱা জাৰৰ দিনত এনেকৈ থাকিব কিয়৷

শ্বাহেনশ্বাহে সকলোলৈকে চাই  হাঁহি এটা মাৰিলে৷ তাৰ পাছত অন্তেষপুৰৰ ফালে ইঙ্গিত দিলে৷ লগে লগে এজন সেৱকে শৰাই এখনত কিবা আনি শ্বাহেনশ্বাহৰ সম্মুখত থৈ গুচি গ’ল৷

শ্বাহেনশ্বাহে সভাসদ এজনক মাতি শৰাইখনত কি আছে চাবলৈ ক’লে৷

: জাহাপনা, এইখন দেখোন এখন কম্বল! –সভাসদজনে ক’লে৷

: সেইখন মেলকচোন৷ – বাদশ্বাহে নিৰ্দেশ দিলে৷

সভাসদজনে কম্বলখন মেলিলে৷ ই কি? প্ৰায় এহাত বহল আৰু সমান দীঘল এইখন কম্বল নে হাত মচা ৰুমাল?

: শুনক সভাসদসকল! – শ্বাহেনশ্বাহৰ গুৰুগম্ভীৰ কথা শুনি দৰবাৰ নিতাল মাৰিলে৷ তেওঁ কৈ গ’ল,

: এইখন কম্বল মোৰ শৰীৰত এনেকৈ দিব লাগে যাতে মোৰ জাৰ গুচে৷ পাৰিবনে?

এইজনে কয় কি! – সভাসদসকলে ফুচ্‌ফুচনি তুলিলে, ৰুমালখনৰ সমান কম্বলখনেৰে বাৰু ইমান ওখ-ডাঙৰ মানুহজনৰ জাৰ গুচাব পাৰিনে?

নোৱাৰি! নোৱাৰি!! কোনোপধ্যেই  নোৱাৰি!

আটায়ে হাৰ মানিলে৷

তেতিয়া বীৰবল নিজৰ আসনৰ পৰা উঠিল আৰু সিংহাসনৰ ফালে এখাজ-দুখোজকৈ আগবাঢ়িল৷

সমজুৱাসকলে আকৌ ইজনে সিজনে চোৱাচুই কৰি ফিচিঙা ফিচিঙি কৰিবলৈ ধৰিলে : অসাধ্য সাধন কৰিবলৈ গৈছে চোঁৱা! পাৰিবহে যেনিবা!

বীৰবলে সম্ৰাটক প্ৰণাম কৰিলে আৰু কম্বল টুকুৰা লৈ আথেবেথে সম্ৰাটৰ ভৰিৰ পতা দুখন ঢাকি দিলে৷

সম্ৰাট আনন্দিত হ’ল৷ বীৰবলো পুৰস্কৃত হ’ল৷

বাকীসকল সভাসদৰ মুখবোৰ ৰঙাচিঙা পৰিল৷ লাজত৷

ৰ
লেখকৰ পৰিচয়

ৰচনা পাঠক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)