৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চৰাই চিনো আহক – ৩

লেখকঃ হেমন্ত কুমাৰ গগৈ • প্ৰকাশিতঃ ২৯ জুন, ২০২২
২ মিনিট পঠন • ৪১১১ বাৰ পঢ়া হৈছে
চৰাই চিনো আহক – ৩
ডাঙৰকৈ চাওক (Zoom)

 হেমন্ত গগৈ


অসমীয়া নাম : ম’ৰা চৰাই

ইংৰাজী নাম : Indian Peafowl/Common Peafowl

বৈজ্ঞানিক নাম : Nycticebus bengalensis

সংৰক্ষণ স্থিতি : নূন্যতম চিন্তনীয় (Least Concern) 

 

ম’ৰা চৰাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰাই। এইবিধ চৰাই কেৱল ভাৰতীয় উপ-মহাদেশতহে পোৱা যায়। আকাৰত ডাঙৰ এই চৰাইবিধৰ মতা আৰু মাইকী চৰাইৰ মাজত চকুত লগা পাৰ্থক্য আছে। মতা চৰাইটো উজ্জ্বল নীলা বৰণৰ আৰু মাইকীজনী মুগা বৰণৰ। মাইকী চৰাইজনীৰ ডিঙিটো সেউজীয়া ৰঙৰ। সংগমৰ বাবে মতা চৰাইটোৱে মাইকীজনীক আকৰ্ষিত কৰিবলৈ নিজৰ পাখিবোৰ মেলি ধৰে। ইয়াকে ম’ৰাই চালি ধৰা (Courtship Display) বুলি কয়। ম’ৰাই ফল-মুল, জেঠি, সাপ আৰু বিভিন্ন কীট-পতঙ্গ খাই জীয়াই থাকে। ই উৰিব পাৰে যদিও সততে বাঘৰ চিকাৰ হোৱা দেখা যায়। কাৰণ বাঘে খেদি গলে ম’ৰাই উৰাৰ সলনি দৌৰি জীৱন ৰক্ষা কৰিবলে চেষ্টা কৰে। যাৰ ফলত অতি সহজতে বাঘে ইয়াক চিকাৰ কৰি খায়।

অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত যথেষ্ট সংখ্যক ম’ৰা চৰাই দেখা যায়। ওপৰৰ ফটোখন মানাহ ৰাষ্ট্ৰীয় উদ্যানত লোৱা।


ঠিকনা :

গুৱাহাটী, অসম

দূৰভাষ : ৯৪৩৫১৪৩৮২২

হ
লেখকৰ পৰিচয়

হেমন্ত কুমাৰ গগৈ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)