৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নাই বৰষুণ তেনেই খৰাং

লেখকঃ নিৰু দত্ত • প্ৰকাশিতঃ ২৯ জুন, ২০২১
২ মিনিট পঠন • ১৬০ বাৰ পঢ়া হৈছে

নিৰু দত্ত 

তৰাং পানীত খল্‌খলায় 

        পুঠি মৰঠী খলিহনা

বেংবোৰে ঠেং মেলি

        সিহঁতক দিয়ে গৰিহণা।

 

ব’হাগ মাহৰ ন-পানী

        এইবাৰ উজান নুঠিল  

তলি ওলোৱা পুখুৰী 

        খালৈ মাছে নভৰিল।

 

থিয় সাঁতোৰ চিলনী সাঁতোৰ 

        ক’তনো দিবি বোপা?

পথাৰ দিলে ছিঁৰাল ফটা

       শুকালে চেঁচোৰৰ শিপা।

 

কৰ’নাৰ ভয়ত মানুহ লুকাল

        আলিবাটো হ'ল শূন্য

টুনু মুনু ৰুণুক জুনুক 

        ম’বাইলৰ কৃপাত ধন্য।

 

গুগ্‌ল মীট ডাউনল’ড কৰি

         চকু ৰাখে ম’বাইলত

শ্ৰেণীকোঠাত ছাৰ-বাইদেউ

        ছাত্ৰ-ছাত্ৰী ঘৰৰ টেবুলত।

 

কালৰো কাল বিপৰীত কাল

        বানপানী নহয় যমকাল

হাতেৰে চুলেই বিয়পে বেমাৰ

        চিধাই পহুচায় ইন্তেকাল।

 

 

ঠিকনা :
ডাক : সৰুপথাৰ
পিন : ৭৮৫৬০১
গোলাঘাট, অসম
যোগাযোগ : ৭০০২২৪১১৪৫
ন
লেখকৰ পৰিচয়

নিৰু দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)