৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গ্ৰন্থবাৰ্তা

লেখকঃ সম্পাদনা কক্ষ • প্ৰকাশিতঃ ২৭ ফেব্ৰুৱাৰী, ২০২৫
৩ মিনিট পঠন • ২৩৪২ বাৰ পঢ়া হৈছে
গ্ৰন্থবাৰ্তা
ডাঙৰকৈ চাওক (Zoom)

ঘাঁহফুলৰ মাজেদি


 

 এই সময়ৰ এক শক্তিশালী কবিকণ্ঠ কিশোৰ মনজিৎ বৰাৰ পঞ্চম কাব্যগ্ৰন্থ ‘ঘাঁহফুলৰ মাজেদি’ অলপতে প্ৰকাশ পাইছে৷ কবিগৰাকীৰ কাব্য পৰিক্ৰমা সন্দৰ্ভত স্বনামধন্য কবি-সমালোচক হৰেকৃষ্ণ ডেকাই কৈছে’- “একৈশ শতিকাৰ অসমীয়া কবিতাত কিশোৰ মনজিৎ বৰা এক শক্তিশালী কবিকণ্ঠ৷ তেওঁ অত্যাধুনিক সমাজ জীৱনৰ ওপৰত কৌতূহলী আৰু সমালোচনামূলক দৃষ্টি নিক্ষেপ কৰি আহিছে ৷ মানৱীয় সম্পৰ্ক আৰু পৰিৱেশৰ ওপৰত মানৱীয় ক্ৰিয়াৰ প্ৰতিক্ৰিয়া আদিৰ অনুভূতি চমকপ্ৰদ ভাষা আৰু প্ৰতীকী অনুষঙ্গৰে কিশোৰে উন্মোচন কৰিছে৷ তেওঁৰ কাব্য-ভাষাত এক নিজস্ব ঠাঁচ আছে৷”

        গুৱাহাটীৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী পূৰ্বাঞ্চল প্ৰকাশে আটকধুনীয়াকৈ প্ৰকাশ কৰা আলোচ্য কাব্য সংকলনটিত ২০১৮ চনৰপৰা ২০২৫ চনলৈ কবিৰ দ্বাৰা ৰচিত ৪৫ টা কবিতাই ঠাই পাইছে৷ মুঠ ১০৪ পৃষ্ঠাৰ কাব্যগ্ৰন্থখনৰ মূল্য ২২০ টকা৷ গ্ৰন্থখনিৰ সৰহ সংখ্যক কবিতাই প্ৰান্তিক, গৰীয়সী, সাতসৰী, প্ৰকাশ, অন্যযুগ, অসমীয়া প্ৰতিদিন, দৈনিক অসম, দৈনিক জনমভূমি আদি কাকত-আলোচনীত ইতিমধ্যে প্ৰকাশ পাইছে৷ বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীৰ মননশীল আগকথাসমৃদ্ধ  কাব্যগ্ৰন্থখনত কবিৰ এটা আছুতীয়া সাক্ষাৎকাৰো সন্নিৱিষ্ট হৈছে৷ প্ৰচ্ছদ অংকন কৰিছে সত্যজিৎ নাথে৷ বিশিষ্ট কবি, সমালোচক হৰেকৃষ্ণ ডেকা আৰু ড০° আনন্দ বৰমুদৈয়ে কিশোৰ মনজিতৰ কবিতা সন্দৰ্ভত প্ৰেৰণাদায়ক অভিমত আগবঢ়োৱা গ্ৰন্থখনিত ‘কলকাতা কবিতাগুচ্ছ’, ‘পেটিকোট ধোৱা মতা’, ‘পত্নী’, ‘ৰাতি পুৱাবনে...পুৱাব’, ‘কঁপে বাঁহপাত ম’ৰাপাখি’ আদি ভালেকেইটা বহুচৰ্চিত  কবিতা সন্নিৱিষ্ট হৈছে৷ যশস্বী সমালোচক অৰিন্দম বৰকটকীৰ ভাষাৰে

- “এই গ্ৰন্থখনৰ নাম ‘ঘাঁহফুলৰ মাজেদি’ হোৱা কথাটোত এনে এক প্ৰাকৃতিক নৈকট্য আছে যাৰ প্ৰতিফলন কবিৰ প্ৰায়বোৰ কবিতাত লক্ষ্য কৰিব পাৰি৷ এই প্ৰাকৃতিকতা কেৱল গছ-বনৰ সামগ্ৰিকতা নহয়- ইয়াৰ এক জৈৱিক মানৱীয় চৰিত্ৰ আছে যি ঘাঁহফুলৰ মাজৰ পৰা নাগৰিক বাস্তৱতালৈ পৰিভ্ৰমণ কৰি কবিৰ সৰল কবিমনক প্ৰশ্নবোধক চাৱনিৰে জীৱন অভিজ্ঞতাৰ পৰ্যবেক্ষণ কৰিবলৈ সুযোগ দিছে৷ সেই অৰ্থত ‘কলকাতা কবিতাগুচ্ছ’ত গদ্যৰ পৃথিৱীক এইজন কবিয়ে কবিতাৰ ভাষাৰে ধৰি ৰাখিছে৷ নীলমণি ফুকনে কৈ যোৱাৰ দৰে কিশোৰৰ কবিতাৰ পৰ্বান্তৰৰ বাবে এই নাগৰিক অভিজ্ঞতা জৰুৰী আছিল...৷’’ সাম্প্ৰতিক সময় প্ৰবাহক মসৃণভাৱে প্ৰতিনিধিত্ব কৰা সংকলনটিয়ে সুধী সমাজৰ বিশেষ সমাদৰ পাব বুলি আশা কৰা হৈছে৷

 

প্ৰকাশক : পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী

পৃষ্ঠা সংখ্যা : ১০৪

মূল্য : ২২০.০০ (দুশ টকা)মাত্ৰ৷

 


স
লেখকৰ পৰিচয়

সম্পাদনা কক্ষ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

ক’ৰোনা-কালৰ কথাৰ কাহিনী
পুলিন কলিতা • ২৩ আগষ্ট, ২০২৬
সংগীত সাগৰৰ পাৰত এজন অসমীয়া
পুলিন কলিতা • ২৫ জুলাই, ২০২৬
নোবোলো তোক সোণৰ অসম…
পুলিন কলিতা • ২৯ জুন, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)