৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

হ’টেল মেনেইজমেণ্ট (Hotel Management)

লেখকঃ ড°বুলজিৎ বুঢ়াগোহাঁই • প্ৰকাশিতঃ ১ জুলাই, ২০২০
৭ মিনিট পঠন • ১১৮০ বাৰ পঢ়া হৈছে
 ড° বুলজিৎ  বুঢ়াগোহাঁই

হ’টেল মেনেইজমেণ্ট (Hotel Management)-ক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব বিচাৰিলে শিক্ষাৰ্থীগৰাকীয়ে এই বিষয়ত চাৰ্টিফিকেইট, ডিপ্ল’মা, স্নাতক, স্নাতকোত্তৰ আদি পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰে৷ হ’টেল মেনেইজমেণ্টৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰয়োজন হোৱা শিক্ষাগত অৰ্হতা পাঠ্যক্ৰম অনুযায়ী বিভিন্ন হয়৷
হ’টেল মেনেইজমেণ্ট পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে বেছিভাগ শিক্ষানুষ্ঠানৰ বাছনি পৰীক্ষা  হয়৷ বাছনি পৰীক্ষাত Numerical Ability and Analytical Aptitude, Reasoning and Logical Deduction, General Knowledge & Current Affairs, English Language, Aptitude for Service Sector আদি বিষয় সামৰি লয়৷ লগতে শিক্ষাৰ্থীসকলে গ্ৰুপ ডিছ্‌কাশ্বন (Group Discussion) আৰু সাক্ষাৎকাৰৰ মুখামুখি হ’ব লাগে৷ হ’টেল মেনেইজমেণ্টৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এটা উল্লেখযোগ্য বাছনি পৰীক্ষা ‘নেশ্বনেল কাউন্সিল ফৰ হ’টেল মেনেইজমেণ্ট এণ্ড কেটাৰিং টেক্‌ন’লজি (National Council for Hotel Management and Catering Technology)’-এ পৰিচালনা কৰে। এই পৰীক্ষাৰ সবিশেষ ইয়াৰ ৱেবছাইটত (http://www.nchm.nic.in) চাব পাৰে৷
হ’টেল মেনেইজমেণ্টক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব বিচৰাসকলৰ কিছুমান গুণ থাকিব লাগে৷ যেনে— ধৈৰ্য, নিয়মানুৱৰ্তিতা, একনিষ্ঠতা, উদ্যমী, সুন্দৰ যোগাযোগৰ দক্ষতা, সকলো শ্ৰেণীৰ মানুহৰ লগত কথা পাতিব পৰা দক্ষতা, সুন্দৰ কথনশৈলী তথা প্ৰকাশভংগী, কষ্ট কৰাৰ মানসিকতা আদিৰ প্ৰয়োজন৷
দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো হ’টেল মেনেইজমেণ্ট পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা শিক্ষানুষ্ঠান আছে৷ এই শিক্ষানুষ্ঠানকেইখন হ’ল— ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি‍ এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন, গুৱাহাটী (http://www.ihmctanghy.org.in), অসম ডাউন টাউন বিশ্ববিদ্যালয় (https://adtu.in), গেইটৱে’ ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট  (www.gatewayihm.com) আদি।   
হ’টেল মেনেইজমেণ্ট পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল— ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং এণ্ড ন্যুট্ৰিশ্বন, নতুন দিল্লী (http://www.ihmpusa.net); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি‍ এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন, মুম্বাই (http://www.ihmctan.edu ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কলকাতা (http://www.ihmkolkata.org); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, বাংগালোৰ (http://www.ihmbangalore.kar.nic.in ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজী এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন, শ্বিলং ( http://www.ihmshillong.nic.in ), ড° আম্বেদকাৰ ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং এণ্ড ন্যুট্ৰিশ্বন, চণ্ডীগড় (http://ihmchandigarh.org); দিল্লী ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট এণ্ড কেটাৰিং টেকন’লজি, নতুন দিল্লী (http://www.dihm.net); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন,গোৱা (https://ihmgoa.gov.in ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, চেন্নাই (www.ihmchennai.org ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন, হায়দৰাবাদ (http://www.ihmhyd.org ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন, জয়পুৰ (http://www.ihmjaipur.com ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, হাজিপুৰ (http://ihmhajipur.net); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং এণ্ড ন্যুট্ৰিশ্বন, চিমলা (http://ihmshimla.org); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, আহমেদাবাদ (http://www.ihmahmedabad.com ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, ভূপাল (https://www.ihmbhopal.ac.in); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, কেটাৰিং টেকন’লজি এণ্ড এপ্লাইড ন্যুট্ৰিশ্বন, ভূৱনেশ্বৰ (http://www.ihmbbs.org ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, গুৰদাসপুৰ (http://www.ihmgurdaspur.org ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, গোৱালিয়ৰ (http://www.ihmgwalior.net ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, লক্ষ্নৌ (http://www.ihmlucknow.com ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, শ্ৰীনগৰ (http://www.ihmsrinagar.org ); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, তিৰুৱন্তপুৰম (https://www.ihmctkovalam.ac.in); ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট, ঔৰংগাবাদ (http://www.ihmaurangabad.ac.in); অশোক ইন্‌ষ্টিটিউট অব হস্পিটেলিটি এণ্ড টুৰিজ্‌ম মেনেইজমেণ্ট ( https://itdc.co.in/); বানাৰসিদাস চান্দিৱালা ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট এণ্ড কেটাৰিং টেকন’লজি (http://www.bcihmct.ac.in); লক্ষ্য ভাৰতী ইন্‌ষ্টিটিউট অব ইণ্টাৰনেচনেল হ’টেল মেনেইজমেণ্ট (http://www.lbiihm.com); ৰয় বিশ্ববিদ্যালয়, দিল্লী (http://www.raiuniversity.edu); এছ. আৰ. এম. ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট (http://www.srmuniv.ac.in); ড° ৱাই. এছ. আৰ. নেশ্বনেল ইন্‌ষ্টিটিউট অব টুৰিজ্‌ম এণ্ড হস্পিটেলিটি মেনেইজমেণ্ট (http://www.nithm.ac.in); চণ্ডীগড় ইন্‌ষ্টিটিউট অব হ’টেল মেনেইজমেণ্ট এণ্ড কেটাৰিং টেকন’লজি (http://cihmct.com); চিটকাৰা স্কুল অব হস্পিটেলিটি, চণ্ডীগড় ( http://www.chitkara.edu.in/hospitality) আদি৷ এই শিক্ষানুষ্ঠানবোৰৰত নামভৰ্তি কৰিবৰ বাবে প্ৰয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে৷ লগতে নামভৰ্তিৰ বাবে বিজ্ঞাপন বাতৰি কাকতত প্ৰকাশ হয়৷
হ’টেল মেনেইজমেণ্টত শিক্ষাগ্ৰহণ কৰা শিক্ষাৰ্থীৰ বাবে বিভিন্ন ধৰণৰ কেৰিয়াৰৰ সুবিধা আছে৷ নিযুক্তি লাভ কৰিব পৰা ক্ষেত্ৰবোৰৰ কিছুমান হ’ল— হ’টেল, ৰেষ্ট্যুৰেণ্ট, এয়াৰলাইন কেটাৰিং, হস্পিটেল মেনেইজমেণ্ট এণ্ড কেটাৰিং, হ’টেল আৰু কেটাৰিঙৰ প্ৰতিষ্ঠান; ৰেইলৱে’, বেংক আদিৰ কেটাৰিং বিভাগ, অতিথিশালা, পৰ্যটন বিভাগ আদি৷


ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com

ড
লেখকৰ পৰিচয়

ড°বুলজিৎ বুঢ়াগোহাঁই

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অঁ সময়ত
নিতুপৰ্ণ ৰাজবংশী • ৩১ অক্টোবৰ, ২০২৬
অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী • ২ আগষ্ট, ২০২৬
অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী • ১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)