৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জি (Industrial Psychology)

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই • প্ৰকাশিতঃ ২৯ জুন, ২০২৫
৭ মিনিট পঠন • ৪১৫৫ বাৰ পঢ়া হৈছে

 ড০ বুলজিৎ বুঢ়াগোহাঁই

 

ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জি, যাক অৰ্গেনাইজেশ্বনেল ছাইক’ল’জি বুলিও কোৱা হয়, ই হৈছে মনোবিজ্ঞানৰ এটা শাখা, যি কৰ্মস্থান তথা সংগঠনত মানুহৰ ব্যৱহাৰৰ অধ্যয়নৰ সৈতে জড়িত৷ এই খণ্ডৰ মনোবিজ্ঞানীসকলে মানৱব্যৱহাৰৰ ওপৰত ভিত্তি কৰি নানা ধৰণৰ সমস্যা সমাধান কৰাৰ লগতে কৰ্মচাৰী আৰু সংগঠনৰ সামগ্ৰিক কাৰ্যক্ষমতা উন্নত কৰাৰ বাবে মনোবৈজ্ঞানিক তত্ত্ব আৰু গৱেষণা প্ৰয়োগ কৰে৷

ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্ট (Industrial Psychologist) এজনে বিভিন্ন ক্ষেত্ৰসমূহত কাম কৰে, যেনে -চাকৰি দিবলৈ উপযুক্ত প্ৰাৰ্থী নিৰ্বাচনৰ বাবে মনোবৈজ্ঞানিক পৰীক্ষা আৰু গঠিত সাক্ষাৎকাৰ পদ্ধতি ব্যৱহাৰ কৰে; কৰ্মচাৰীৰ উৎপাদনক্ষমতা আৰু উৎসাহ বৃদ্ধি কৰিবলৈ প্ৰেৰণামূলক পদ্ধতি আৰু সুস্থ কৰ্মপৰিৱেশ গঢ়ি তোলে; কৰ্মস্থানত সংঘটিত দ্বন্দ্বৰ সমাধান আৰু মানসিক স্বাস্থ্য সংৰক্ষণত সহায় কৰে; প্ৰশিক্ষণ আৰু উন্নয়নমূলক কাৰ্যসূচী সাজে আৰু ৰূপায়ণ কৰে; সাংগঠনিক পৰিৱৰ্তন আৰু উন্নয়নৰ সুবিধা প্ৰদান কৰা আদি৷

মনোবিজ্ঞান আৰু ব্যৱসায় উভয়ৰে প্ৰতি আগ্ৰহী ব্যক্তিৰ বাবে এই কেৰিয়াৰ পথটো উপযুক্ত৷ এই পেছাত আগবাঢ়িবৰ বাবে সাধাৰণতে মনোবিজ্ঞানত স্নাতক ডিগ্ৰীৰ পাছত ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিত স্নাতকোত্তৰ ডিগ্ৰী বা পিএইচ ডি কৰাটো প্ৰয়োজনীয়৷

এজন সফল  ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্ট (Industrial Psychologist) হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ  কিছুমান গুণ থকা দৰকাৰ, যেনে –বিশ্লেষণাত্মক দক্ষতা (Analytical Skills), যোগাযোগ কৌশল (Communication Skills), সমস্যা সমাধান ক্ষমতা (Problem-Solving Ability), আন্তঃ-ব্যক্তিক দক্ষতা (Interpersonal Skills), ব্যৱসায়িক পৰিচালনাৰ জ্ঞান (Knowledge of Business Operations), সূক্ষ্ম দৃষ্টিভংগী (Attention to Detail) আদি৷

ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্টসকলে ব্যৱসায়, চৰকাৰী সংস্থা, কাৰখানা, ঔদ্যোগিক প্ৰতিষ্ঠান কৰ্পোৰেট হাউচ আৰু শৈক্ষিক প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰে৷

কৰ্পৰেট খণ্ড (Corporate Settings): ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্টে ডাঙৰ প্ৰতিষ্ঠানসমূহত কনছালটেণ্ট (পৰামৰ্শদাতা) বা ইন-হাউচ ছাইকলজিষ্ট হিচাপে নিযুক্তি লাভ কৰে৷ তেওঁলোকে কৰ্মচাৰী বাছনি, প্ৰশিক্ষণ, আৰু সংস্থাগত উন্নয়নৰ ওপৰত বিশেষভাৱে কাম কৰে৷

পৰামৰ্শদাতা প্ৰতিষ্ঠান (Consulting Firms):  কিছুমান  ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্টে পৰামৰ্শদাতা প্ৰতিষ্ঠানৰ বাবে কাম কৰে, তেওঁলোকে বাহ্যিক গ্ৰাহকসকলৰ বাবে মানৱসম্পদৰ পদ্ধতি আৰু সাংগঠনিক পৰিৱেশন উন্নত কৰাত বিশেষজ্ঞ৷

চৰকাৰী সংস্থা  (Government Agencies): কৰ্মশক্তিৰ ব্যৱস্থাপনা, কৰ্মচাৰীৰ সন্তুষ্টি, আৰু জনসেৱাৰ দক্ষতাক উন্নত কৰাৰ বাবে চৰকাৰী সংস্থাসমূহেও ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্টসকলক নিয়োগ দিব পাৰে৷

একাডেমিক্ষেত্ৰ (Academia): বিশ্ববিদ্যালয়ত শিক্ষাদান কৰা বা ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিৰ ক্ষেত্ৰত গৱেষণা কৰাও এটা কেৰিয়াৰ পথ৷

স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠান (Healthcare and Research Institutes): কিছুমানে  ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জিষ্টে স্বাস্থ্য খণ্ড বা গৱেষণা ক্ষেত্ৰত কাম কৰি কৰ্মস্থলৰ সৈতে জড়িত স্বাস্থ্য সমস্যা, আৰামদায়কতা (ergonomics), বা মনোবল সম্পৰ্কে অধ্যয়ন কৰে৷

নন-প্ৰফিট সংস্থা (Nonprofit Organizations): কিছুমান ইণ্ডাষ্ট্ৰিয়েল ছাইকলজিষ্টে নন-প্ৰফিট সংস্থাসমূহৰ সৈতে কাম কৰি সংস্থাটোৰ কাৰ্যক্ষমতা আৰু কৰ্মচাৰীৰ সম্পৃক্ততা (employee engagement) বৃদ্ধি কৰাৰ বাবে কৌশল বিকাশ কৰে৷

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো  ‘মনোবিজ্ঞান (Psychology)’ত শিক্ষা গ্ৰহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে৷ গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in), ডিব্ৰুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in), কটন বিশ্ববিদ্যালয়  (https://cottonuniversity.ac.in), অসম মহিলা বিশ্ববিদ্যালয় (https://www.awu.ac.in), লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান, তেজপুৰ (https://www.lgbrimh.gov.in), অসম ডন বস্ক’ বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in), অসম ডাউন টাউন বিশ্ববিদ্যালয় (http://www.adtu.in), ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় (https://www.rgu.ac), গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (https://gcuniversity.ac.in) আদি৷

‘মনোবিজ্ঞান (Psychology)’ৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল - দিল্লী বিশ্ববিদ্যালয় (www.du.ac.in), কলকতা বিশ্ববিদ্যালয় (https://www.caluniv.ac.in), পুণে বিশ্ববিদ্যালয়  ( http://www.unipune.ac.in), পাঞ্জাৱ বিশ্ববিদ্যালয় ( http://puchd.ac.in), বৰকাতুল্লাহ বিশ্ববিদ্যালয়, ভূপাল (http://www.bubhopal.ac.in), খ্ৰীষ্ট বিশ্ববিদ্যালয় (https://christuniversity.in/), প্ৰেচিডেন্সি কলেজ (https://presidencycollege.ac.in/), বেনাৰস হিন্দু বিশ্ববিদ্যালয়  (https://www.bhu.ac.in), এমিটি বিশ্ববিদ্যালয় (https://www.amity.edu), ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্ৰতিষ্ঠান (https://nimhans.ac.in), টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্স(https://tiss.edu), জামিয়া মিলিয়া ইছলামিয়া (https://jmi.ac.in), চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ছাইকিয়াট্ৰি (https://cipranchi.nic.in), আলিগড় মুছলিম বিশ্ববিদ্যালয় (https://amu.ac.in), চণ্ডীগড় বিশ্ববিদ্যালয় (https://www.cuchd.in), পাৰুল বিশ্ববিদ্যালয় (https://paruluniversity.ac.in), চুইকাৰ একাডেমী অৱ ৰিহেবিলিটেশ্বন ছায়েন্সছ (https://sarsacademy.org.in),  ফাৰ্গুছন কলেজ (https://www.fergusson.edu), ইনষ্টিটিউট অৱ হিউমেন বিহেভিয়াৰ এণ্ড এলাইড ছায়েন্স (https://ihbas.delhi.gov.in), ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (http://www.ignou.ac.in) আদি৷   এই প্ৰতিষ্ঠানসমূহত বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰিব বাবে প্ৰয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে প্ৰতিষ্ঠানসমূহৰ ৱেবছাইটত চাব পাৰে৷ লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্ৰকাশ হয়৷

 

ড০ বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা তথা

মুৰব্বী, যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

বি.দ্ৰ. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে৷

 

 

ড
লেখকৰ পৰিচয়

ড° বুলজিৎ বুঢ়াগোহাঁই

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)