অভিজিত শৰ্মা বৰুৱা
ৰাতিৰ আকাশখনে সেই তাহানি কালৰে পৰা
এতিয়ালৈকে মানুহক আকৰ্ষণ কৰি আহিছে। ৰাতি আকাশত জিক্মিক্
কৰি থকা তৰাবোৰে মুগ্ধ কৰিব নোৱৰা লোক, বিশেষকৈ শিশু, নাই বুলিবই পাৰি। তৰাবোৰ ঐতিহাসিকভাৱে পৃথিবীৰ সকলো সভ্যতাৰ
ক্ষেত্ৰত বেছ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে। প্ৰাচীন জ্যোতিৰ্বিদসকলে
পৃথিবীৰ ওপৰত থকা এক স্বৰ্গীয় গোলকৰ ভিতৰৰ পৃষ্ঠত তৰাবোৰ লাগি আছে বুলি ভাবিছিল
আৰু এই ভাব বহু দিনলৈ বেছ জনপ্ৰিয় হৈ আছিল।
তৰাবোৰনো আচলতে কি?
ইংৰাজীত ‘Star’ শব্দৰ অৰ্থ আমি তৰা বুলি ক’লেও ‘Star’ শব্দই মূলতঃ নক্ষত্ৰক বুজায়। গ্ৰহৰ বাবে
ইংৰাজীত ‘Planet’ শব্দটো আছে। পাছে তৰা বুলি ক’লে আমি সাধাৰণতে আকাশ পোহৰাই
তোলা গ্ৰহ-নক্ষত্ৰ আদি সকলো মহাকাশীয় বাসিন্দাকে বুজোঁ।
শুক্ৰ গ্ৰহক আমি কওঁ ভোটা তৰা। তেন্তে গ্ৰহবোৰো দেখোন তৰাই। এই প্ৰবন্ধত পাছে আমি
তৰা বুলি কওঁতে আচলতে নক্ষত্ৰবোৰৰ কথাই বুজাম। সাধাৰণভাৱে
আমি জানো যে যিবোৰ মহাকাশীয় বাসিন্দাৰ নিজা পোহৰ আছে, সেইবোৰ
নক্ষত্ৰ; আৰু যিবোৰে কোনো নক্ষত্ৰক প্ৰদক্ষিণ কৰি থাকে,
যাৰ নিজা পোহৰ নাই, আনৰ পোহৰ প্ৰতিফলিত কৰিহে
যিবোৰ উজ্জ্বলি উঠে, সেইবোৰ গ্ৰহ।
তৰা, অৰ্থাৎ নক্ষত্ৰবোৰ, হ’ল প্লাজ্মা অৱস্থাত থকা উত্তপ্ত পদাৰ্থবোৰৰ এক
জ্বলন্ত গোলক। আমি জানো যে পদাৰ্থৰ অৱস্থা সাধাৰণতে তিনিটা হ’লেও অতি উষ্ণতাত পদাৰ্থবোৰৰ প্লাজ্মা নামৰ এক
চতুৰ্থ অৱস্থাও আছে। উষ্ণতা যথেষ্ট বৃদ্ধি হ’লে তৰল, কঠিন— সকলো পদাৰ্থ গেছীয় অৱস্থাপ্ৰাপ্ত হয়। পাছে
উষ্ণতা যদি তাতোকৈও যথেষ্ট পৰিমাণে বাঢ়ি যায়, তেতিয়া সেই অতি উচ্চ উষ্ণতাত গেছৰ
আয়নীভৱন ঘটে (মানে গেছ বা গেছীয় অৱস্থাত থকা পদাৰ্থটোৰ অণুবোৰ আধানযুক্ত হৈ পৰে)
আৰু এই নতুন অৱস্থাক প্লাজমা বুলি কোৱা হয়। তৰাবোৰ তাত থকা হাইড্ৰ’জেন হিলিয়ামলৈ ৰূপান্তৰিত হোৱা নিউক্লীয়
সংযোজন বিক্ৰিয়াৰ সহায়ত নিজৰ জীৱনৰ এটা কাল অন্তত জিলিকি থাকে। সেই বিক্ৰিয়াৰ ফলত
তৰাৰ অভ্যন্তৰত প্ৰচুৰ শক্তিৰ সৃষ্টি হয় আৰু সেই শক্তি ক্ৰমে বাহিৰলৈ ওলাই আহে।
তৰাৰ অন্তঃস্থলত থকা হাইড্ৰ’জেন হিলিয়ামলৈ ৰূপান্তৰিত
হৈ শেষ হোৱাৰ পাছত তাত হিলিয়ামতকৈ গধুৰ প্ৰাকৃতিক পদাৰ্থ সৃষ্টি হ’ব পাৰে।
আমাৰ পৃথিৱীৰ একেবাৰে ওচৰত থকা তৰাটো হ’ল সূৰ্য। সূৰ্যৰ লগত ৰাতিৰ আকাশৰ দেখাত ক্ষুদ্ৰ তৰাবোৰৰ তুলনা নহয় যদিও
সেই তৰাবোৰৰ বহুত আচলতে সূৰ্যতকৈও ডাঙৰ আৰু উত্তপ্ত। পৃথিৱীৰ
বহু দূৰৰ পৰা নিশ্চয় সূৰ্যকো এনেকুৱা ক্ষুদ্ৰ তৰা হিচাপেই দেখা যায়।
তৰাৰ জন্ম, জীৱন আৰু মৃত্যু
এটা তৰা জন্ম হয় বা তাৰ জীৱন আৰম্ভ হয়— মূলতঃ হাইড্ৰ’জেনেৰে গঠিত এক গেছীয় নীহাৰিকাৰ মহাকৰ্ষণিক
সংকোচন হোৱাৰ বাবে। নীহাৰিকা হ’ল মহাকাশত থকা উজ্জ্বল,
উত্তপ্ত, বৃহদাকাৰ ঘূৰ্ণীয়মান বাষ্পপিণ্ড।
সংকোচনৰ ফলত তাৰ পদাৰ্থবোৰ ক্ৰমে গাঢ় হৈ আহি মাজতে এক অন্তঃস্থলৰ সৃষ্টি হয়। এই
অন্তঃস্থলৰ ঘনত্ব অতি বেছি হ’লে আৰু লগতে ই অতি উত্তপ্ত হৈ উঠিলে তাত নিউক্লীয় সংযোজন বিক্ৰিয়া আৰম্ভ
হয়। ফলত অন্তঃস্থলত থকা হাইড্ৰ’জেন লাহে লাহে হিলিয়ামলৈ ৰূপান্তৰিত হ’বলৈ আৰম্ভ কৰে আৰু তাৰ ফলত যথেষ্ট শক্তি
উত্পন্ন হয়। সেই শক্তিয়ে সৃষ্টি কৰা তাপ, তৰাৰ অভ্যন্তৰত থকা
বাকী পদাৰ্থবোৰে বিকিৰণ, পৰিবহণ আদি প্ৰক্ৰিয়াৰে তৰাৰ পৃষ্ঠলৈ পৰিবহণ কৰে আৰু তৰাৰ পৃষ্ঠও যথেষ্ট উত্তপ্ত হৈ উঠে। যেতিয়া কোনো তৰাৰ ভিতৰৰ
হাইড্ৰ’জেন ইন্ধন শেষ হয়, তেতিয়া সেই
তৰাৰ শেষ দিন চমু চাপি আহে। তেনে অৱস্থাত সূৰ্যতকৈ অন্তত ০.৪ গুণ ভৰসম্পন্ন (০.৪ সৌৰভৰ)
তৰাৰ প্ৰসাৰণ হয় আৰু এইবোৰ ‘ৰঙা দৈত্য’ (Red Giant) তৰা হয়গৈ। তৰাটোৰ
তাৰ পাছৰ অৱস্থা ‘বগা বামন’ (White Dwarf), নিউট্ৰন তৰা বা কৃষ্ণ গহ্বৰ হ’ব পাৰে। ০.৪ সৌৰভৰতকৈ
কম ভৰৰ বা অতি কম ভৰৰ তৰাবোৰ সাধাৰণতে ‘দৈত্য’ তৰাৰ দলত নোসোমায় আৰু
একেকোবে ‘বগা বামন’ তৰালৈ বিৱৰ্তিত হয়। ১.৮-২.২ সৌৰভৰৰ
তৰাবোৰ পাছে বৃহদাকাৰ ‘দৈত্য’ শ্ৰেণী তৰাত প্ৰৱেশ কৰে আৰু সেই অৱস্থাত
হিলিয়ামৰ এক অন্তঃস্থল গঠন কৰে। ২-৫ সৌৰভৰৰ তৰাবোৰে হিলিয়ামৰ উপৰি
কাৰ্বন-অক্সিজেনো থকা এক অন্তঃস্থল গঠন কৰে। ৭-১০ সৌৰভৰৰ অতি বৃহৎ তৰাবোৰৰ জীৱন
সাধাৰণতে অন্তঃস্তৰৰ দ্ৰুত সংকোচনৰ ফলত হোৱা ছুপাৰন’ভা বিস্ফোৰণত শেষ হয়। ছুপাৰন’ভা বিস্ফোৰণ হ’ল তৰাৰ প্ৰায় সকলো পদাৰ্থই
অংশগ্ৰহণ কৰা এক বিস্ফোৰণ আৰু এই বিস্ফোৰণৰ ফলত ইমান শক্তি উত্পন্ন হয় যে তৰাটোৰ উজ্জ্বলতা
কিছু সময়ৰ বাবে সূৰ্যৰ উজ্জ্বলতাৰ শ, হাজাৰ, আনকি কোটি গুণো হৈ যায়।
তাৰকা ৰাজ্য
মূল অনুক্ৰমৰ তৰা
কোনো তৰাই অমৰ নহয়
এটা তৰাৰ মৃত্যু অৱধাৰিত। অৱশ্যে ইহঁতৰ
জীৱনকাল যথেষ্ট দীঘল। আমাৰ সূৰ্যৰ জীৱনকাল ১০০০ কোটি বছৰ বুলি ঠাৱৰ কৰা হৈছে। অতি বৃহৎ
তৰাবোৰে ইন্ধন খুব দ্ৰুতভাৱে খৰচ কৰে আৰু সেইবাবে সেইবোৰ সোনকালে মৃত্যুৰ মুখত
পৰে। কম ভৰৰ তৰাবোৰে ইন্ধন বেচ লাহে লাহে খৰচ কৰে। ০.২৫
সৌৰভৰতকৈ কম ভৰৰ তৰাবোৰে (যাক ৰঙা বামন তৰা বুলি জনা যায়) নিজৰ ভৰৰ প্ৰায় সকলো
অংশই ইন্ধন হিচাপে খৰচ কৰিব পাৰে। আমাৰ সূৰ্যই নিজৰ ভৰৰ প্ৰায় ১০ শতাংশ ইন্ধন
হিচাপে খৰচ কৰিব পাৰিব।
*****
|
তৰাৰ বিভিন্ন প্ৰকাৰ ১. মূল অনুক্ৰম তৰা : তৰাৰ অন্তঃস্থলত নিউক্লীয়
সংযোজন বিক্ৰিয়া আৰম্ভ হোৱাৰ পাছত তৰাবোৰক মূল অনুক্ৰম তৰা বুলি জনা যায়। ২. ৰঙা দৈত্য তৰা : যেতিয়া এটা তৰাই তাৰ সকলো
হাইড্ৰ’জেন ইন্ধন শেষ কৰি পেলায় তেতিয়া তাক ৰঙা দৈত্য তৰা
বুলি কোৱা হয়। ই পাছত বগা বামন তৰা, নিউট্ৰন তৰা বা কৃষ্ণ
গহ্বৰৰ সৃষ্টি কৰিব পাৰে। আমাৰ ওচৰতে থকা বেটলেগেউছ (Betlegeuse) নামৰ এই পৰ্যায়ত থকা তৰাটোত যিকোনো মুহূৰ্ততে
ছুপাৰন’ভা বিস্ফোৰণ হ’ব পাৰে। ৩. বগা বামন তৰা : ৰঙা দৈত্য পৰ্যায়
পোৱাৰ পাছত কিছুমান তৰাৰ বহিৰ্মুখী বিকিৰণ চাপ মহাকৰ্ষণিক চাপতকৈ বেছি হয় আৰু
তেতিয়া তাৰ প্ৰসাৰণো অধিক হয়। তৰাটোৰ বাহিৰৰ অংশ মহাজাগতিক মাধ্যমৰ লগত মিলি যাব
পাৰে আৰু অন্তঃস্থলৰ সামান্য অৱশিষ্ট অংশহে থাকি যায়। তেনে অৱস্থাত ইয়াক বগা বামন
তৰা বুলি কোৱা হয়। অৱশ্যে ই ঠিক তৰাও নহয়। কাৰণ তেতিয়া তাত নিউক্লীয় সংযোজন বিক্ৰিয়া
চলি নাথাকে। আমাৰ সূৰ্যৰ অৱস্থাও পাছলৈ এনে হ’ব। ৪. নিউট্ৰন তৰা : ই হ’ল তৰাৰ
এক মহাজাগতিক অৱশেষ। ছুপাৰন’ভা বিস্ফোৰণৰ পাছত এনে অতি বেছি
ঘনত্ববিশিষ্ট অৱশিষ্ট থাকি যাব পাৰে। ইয়ো প্ৰকৃতাৰ্থত তৰা নহয়। আমি যদি এনে এটা
নিউট্ৰন তৰা ক’কাক’লাৰ এটা কেনত ভৰাই থ’ব পাৰোঁ, তেন্তে তাত থকা পদাৰ্থৰ ভৰ হ’ব গোটেই চন্দ্ৰটোৰ ভৰৰ সমান। ইয়াতকৈ বেছি ঘনত্ব কেৱল কৃষ্ণ গহ্বৰৰহে আছে। ৫. কৃষ্ণ গহ্বৰ : অতিশয় বৃহৎ তৰাৰ সংকোচন হ’লে এনে কৃষ্ণ গহ্বৰৰ সৃষ্টি হ’ব পাৰে। ছুপাৰন’ভা বিস্ফোৰণৰ পাছত সেই অতিশয় বৃহৎ তৰাৰ অন্তঃস্থলটো ইমান বেছি ঘনত্বৰ আৰু
ইমান বেছি মহাকৰ্ষণ শক্তিসম্পন্ন হ’ব পাৰে যে পোহৰো তাৰ
আকৰ্ষণৰ পৰা সাৰি যাব নোৱাৰে। ৬. মুগা বামন তৰা : এইবোৰো আচলতে তৰা নহয়। ইহঁতক
বিফল তৰা বুলি ক’লেহে শুৱাব। ইহঁত প্ৰকৃত তৰা গঠনৰ প্ৰক্ৰিয়াৰে
গঠিত হ’বলৈ আৰম্ভ
কৰিছিল ঠিকেই, পাছে অন্তঃস্থলত নিউক্লীয় সংযোজন বিক্ৰিয়া
ঘটাব পৰাকৈ উষ্ণতা বা বেছি ভৰ যোগাৰ কৰিব নোৱাৰিলে। এই তৰাবোৰ মূল অনুক্ৰম তৰাতকৈ
সৰু। আকাৰত হয়তো বৃহস্পতি গ্ৰহৰ সমান হ’ব পাৰে, পাছে তাতকৈ বেছি ঘনত্বৰ। ৭. পৰিৱৰ্তনশীল (Variable) তৰা : কিছুমান তৰাৰ উজ্জ্বলতা
কম-বেছি হৈ থাকে। তাৰ কাৰণ হ’ল সেই তৰাবোৰৰ মাজত হৈ থকা প্ৰসাৰণ
আৰু সংকোচন। সেই তৰাটো অপত্য তৰা হৈ থাকোঁতে পাছে সেয়া
দেখা নাযায়। পাছত পূৰ্ণাংগ তৰা অৱস্থাতহে উজ্জ্বলতা কম-বেছি হৈ থকাটো মন কৰা যায়।
|
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)