৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

“বুঢ়ী আইৰ সাধু”ৰ পাতনি, বেজবৰুৱা দেৱৰ জাতি প্ৰেমৰ এক দলিল! mukali-mancha-bipul-sarma-november-2026

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২০ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ১৩৫৫ বাৰ পঢ়া হৈছে

বিপুল শৰ্মা

 

 “স্বদেশ আৰু স্বজাতিৰ মঙ্গল মন্দিৰৰ সিংহদুৱাৰ মাতৃভাষা বুলি দৃঢ়তাৰে চিঞৰি যোৱা সাহিত্যচাৰ্য লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ “বুঢ়ী আইৰ সাধু”ৰ পাতনিখন জাতিপ্ৰেমৰ এক দলিলস্বৰূপ৷ এই পাতনি নপঢ়াকৈ যদি সাধুসমূহ পঢ়িছে, তেতিয়া হ’লে বেজবৰুৱাদেৱৰ জাতি প্ৰেম, মাতৃভাষাৰ প্ৰতি দায়বদ্ধতা, তেখেতৰ বৈজ্ঞানিক মানসিকতা আৰু জ্ঞানৰ বহু কথা নজনাকৈ ৰৈ যাব৷ কাৰণ বেজবৰুৱা দেৱৰ নিজৰ ঐতিহ্য আৰু শিপা সন্ধান সম্পূৰ্ণ বৈজ্ঞানিক আৰু তথ্য ভিত্তিক কৰিছিল৷ সেই বাবে আমাৰ অতীতৰ পৰা মৌখিকভাৱে চলি অহা সাধুসমূহ যে আমাৰ ভাষাৰ এক নজহা-নপমা সম্পদ৷ ইয়াক যদি বৈজ্ঞানিক আৰু প্ৰণালীবদ্ধৰূপত সংৰক্ষণ কৰা নহয়, তেনে হ’লে, সাধু সমূহৰ মুখে মুখে চলি অহা ৰূপ আনদেশৰ ভাষালৈ বাগৰি যাব আৰু ফলত আন ভাষাৰ লোকে নিজৰ বুলি দাবী কৰিব৷ কাৰণ বহু বাংলাভাষাৰ লোকে অসমীয়া ভাষাক বাংলাভাষাৰ ৰূপ বুলি ক’ব বিচাৰে৷ বেজবৰুৱাদেৱে বুঢ়ী আইৰ সাধুৰ পাতনিত এই কথা উল্লেখ কৰিছে,—“ আমি অসমীয়া সাধু বংগ দেশত ঘাইকৈ পূৰ্ববংগত অনেক পাওঁ৷ আৰু এটা কথা মন কৰিবলৈ পাহৰিব নালাগে যে পূৰ্ববংগ আৰু উত্তৰবংগৰ এডোখৰ পুৰণি কামৰূপ ৰাজ্যৰ ভিতৰত থকা বাবে আমাৰ বহুত কামৰূপীয়া অৰ্থাৎ অসমীয়া সাধু বঙালী হ’ল৷ … আমাৰ কথাৰ প্ৰমাণ দুখন বঙলা সাধুকথাৰ কিতাপেৰে দিওঁ, যেনে - পূৰ্ববংগ দেশীয় গ্ৰন্থকৰ্তাৰ “টুনটুনিৰ বই” আৰু পশ্চিম বংগ দেশীয় গ্ৰন্থকৰ্তাৰ “ঠাকুৰমাৰ ঝুলি”৷”এইয়া হৈছে বেজবৰুৱাৰ জাতি আৰু ভাষাৰ প্ৰেম৷ নিজৰ সম্পদ আৰু গৰিমা ৰক্ষাৰ দায়বদ্ধতা৷ বেজবৰুৱাৰ সাহিত্যৰ আলোচনা কৰিবলৈ গৈ ড°বাণীকান্ত কাকতিয়ে এনেদৰে কৈছিল,— “...স্বদেশ প্ৰীতিয়ে বেজবৰুৱা সাহিত্যৰ মূলমন্ত্ৰ৷”

 

 আনহাতে ‘বেজবৰুৱাৰ- ৰচনাৱলী’ সম্পাদনা কৰা বিশিষ্ট চিন্তাবিদ ড°নগেন শইকীয়াদেৱে ‘ভূমিকা’ত এনেদৰে লেখিছে—“.... লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰে নায়ক নহয়, আধুনিক অসমীয়া মানুহৰ বৌদ্ধিক চেতনা আৰু জাতীয় চেতনাৰো নায়ক আছিল৷”তাৰ উদাহৰণ “বুঢ়ী আইৰ সাধু”ৰ পাতনিত পাওঁ এনেদৰে—“প্ৰত্যেক জাতিৰ আৰু প্ৰত্যেক দেশৰ সুকীয়া ভাষা থকাদি সুকীয়া সাধু-কথা(Folklore)আছে৷ ভাষা যেনেকৈ কোনো এটা জাতিৰ জাতীয় জীৱনৰ গুৰিপৰা আত্মপ্ৰকাশ আৰু আত্মজীৱনীচৰিত, পুৰণি সাধু কথাবোৰো সেইদৰে জাতীয় জীৱনৰ পুৰণি কালৰপৰা আত্মপ্ৰকাশ আৰু আত্ম-জীৱনচৰিত৷ কোনো এটা জাতিৰ ভিতৰুৱা শিক্ষিত-অশিক্ষিত, সভ্য-অসভ্য, জ্ঞানী-অজ্ঞানী সকলো মানুহৰে চৰণৰ ছাপ যেনেকৈ সেই জাতিৰ নিজা ভাষাত মচ নোখোৱাকৈ থাকি যায়, জাতীয় পুৰণিকলীয়া সাধুকথাবিলাকতো সেইদৰে সেই জাতিৰ ভিতৰুৱা সকলো শ্ৰেণীৰ মানুহৰ পুৰণি আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ সাঁচ মচ নোখোৱাকৈ থাকি যায়৷ সেই দেখি মানুহৰ জাতীয় জীৱনত অলিখিত পুৰণি বুৰঞ্জী জানিবৰ নিমিত্তে “ফাইল’লজি”(philology)অৰ্থাৎ ভাষাতত্ত্ব আৰু “মাইথ’লজি”(Mythology)অৰ্থাৎ পুৰাণতত্ত্ব যেনেকুৱা লাগতিয়াল,ফকল’ৰ অৰ্থাৎ সাধুকথাতত্ত্বও তেনেকুৱা লাগতিয়াল৷”

 

লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুৰ সম্পৰ্কে বৈজ্ঞানিক দৃষ্টিভংগী আৰু বিশেষ জ্ঞান আছিল৷ এইয়া  ১৯১২ চনত(কোনো কোনোৰ মতে ১৯১১চনত)প্ৰকাশ পোৱা “বুঢ়ী আইৰ সাধু”ৰ পাতনিত তেতিয়াই লেখিছিল —“এদেশৰপৰা আন এদেশৰ সাধুৰে মিলি যোৱা কেইবাটাও কাৰণ আছে, তাৰে প্ৰথমটো হৈছে—সাধুবোৰ ইমান পুৰণি যে অতীজৰ আৰ্যবংশীয় মানুহবোৰে একেলগে থাকোঁতেই সেইবোৰ ৰচিত হয়৷ কালক্ৰমত আৰ্যবিলাক ফাটি ইউৰোপ আৰু এছিয়াত ভাগ ভাগ হৈ পৰিলত দেশ-কাল-পাত্ৰ অনুসৰি তেওঁলোকৰ স্বভাৱ আৰু গঢ়-গতিৰ সলনি হোৱাদি সেই সাধুবোৰৰো গঢ়-গতিৰ সলনি ঘটিছে৷ কিন্তু সেইবুলি সেইবোৰৰ জঁকাৰ সলনি ঘটা নাই আৰু ঘটিব নোৱাৰেও৷…

 

 দ্বিতীয়তে, এদেশৰ সাধু লাহে লাহে মুখে মুখে বাগৰি আন দেশলৈ নগৈ নাথাকে আৰু যাওঁতে বাটত তাৰ মোট সলনি নহৈ নাথাকে৷ প্ৰবাসত দীৰ্ঘকাল বাস কৰা বাবে শিষত সিবোৰ পৰবাসেই দিশৰ পৰাও সাধুৱে অহা-যোৱা কৰিবলৈ সুচল পায়৷…

 

আৰু এটা কাৰণতে সাধুকথাৰ মিল ঘটে৷ সেইটো হৈছে আকস্মিক মিল৷ মানুহ সকলো ঠাইতে মানুহ আৰু তেওঁৰ ভাবিবৰ প্ৰণালীও পৃথিৱীৰ সকলো ঠাইতে অনেক বিষয়ত একে৷”সাধুকথা যে বিভিন্ন দেশত উপাদান প্ৰায় একেই হোৱাৰ যি প্ৰব্ৰজন সম্পকীয় ধাৰণা ই তাত্ত্বিক ৰূপ পায় ৱাল্টাৰ এণ্ডাৰছনে ১৯২৩ চনত ৰচনা কৰা Kaiser und Abt গ্ৰন্থখনৰ যোগেদি৷ কিন্তু ইয়াৰ প্ৰায় এক দশকৰ পূৰ্বে “বুঢ়ী আইৰ সাধু”গ্ৰন্থৰ পাতনিত লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ যুক্তিৰে উল্লেখ কৰি গৈছে ওপৰৰ কথাখিনিৰ যোগেদি৷

 

এনেবোৰ দৃষ্টি ভংগীৰে ক’ব পাৰি যে বেজবৰুৱা দেৱৰ “বুঢ়ী আইৰ সাধু”ৰ পাতনিখন এখন জাতি আৰু মাতৃভাষা প্ৰেমৰ দলিল৷

 

***

 

লেখকৰ ঠিকনা—

সেউজ নগৰ, সম্বন্বয় পথ, ৱাৰ্ড নং - ৫

ধেমাজি-৭৮৭০৫৭

ভ্ৰাম্যভাষ -৮০১১৫৯০৩৭৯

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬
অঁ, সময়ত
অন্যযুগ সাহিত্য পৰিষদ • ৩০ ছেপ্টেম্বৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)