চন্দ্ৰাৱলী বৰঠাকুৰ
সময়ৰ লগে লগে আমাৰ বাট পথসমূহ উন্নত হৈছে৷ গাঁও তথা নগৰৰ পথবোৰো
উন্নত পদ্ধতিৰে নিৰ্মিতও হৈছে৷ ই সমগ্ৰ অসমৰ প্ৰকৃত ছৱি নহ’লেও ই সাধাৰণভাৱে যোগাযোগ
ব্যৱস্থাৰ উন্নয়নৰ কথা সূচায়৷ অৱশ্যে ভালকৈ চালে দেখা পোৱা যায় যে এনে নিমাৰ্ণতো বহুত
আসোঁৱাহ আছে৷ উদাহৰণস্বৰূপে নগৰৰত থকা অসুৰক্ষিত উন্মুক্ত ফুটপথৰ কথা ক’ব পাৰি৷ হয়তো
নলাসমূহ সময়ে সময়ে পৰিষ্কাৰ কৰাৰ উদ্দেশ্যে এনেকৈ ৰখা হয় কিন্তু বহু ক্ষেত্ৰত ইয়াত
পৰি অনেকজন আহত হোৱাৰ লগতে মৃত্যু পৰ্যন্তও হোৱাৰ খবৰ পোৱা যায়৷ প্ৰকৃতপক্ষে চৰকাৰী
প্ৰশাসনৰ এই ক্ষেত্ৰত দৃষ্টি দিয়াটো প্ৰয়োজনীয় কথা৷ কিন্তু বাস্তৱ ক্ষেত্ৰত তাক
ভালকৈ প্ৰয়োগ কৰা দেখা নাযায়৷
এনে এক অৱস্থা হৈছিল মুম্বাই ২০১৫৷ শান্তি সুখেৰে বাস কৰিছিল
দাদাৰাও বিলহোৰৰ সৰু পৰিয়ালটো৷ ফলমূল, পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোলৈ
হঠাৎ বাৰিষাৰ এটি ঘটনাই কাল অমাৱস্যা কঢ়িয়াই আনে৷ ঘটনাটি হৈছিল ২৫ জুলাই’ ২০১৫ চনত৷
দাদাৰাও বিলহোৰৰ ১৬ বছৰীয়া পুত্ৰ প্ৰকাশে প্ৰৱেশিকা পৰীক্ষত উত্তীৰ্ণ হৈ পলিটেক্নিক
ইন্ষ্টিটিউটত নামভৰ্তিৰ বাবে গৈছিল৷ যোগেশ্বৰী ভিক্টৰী অন্ধেৰীৰ গেটত এটা গাঁতত পৰি থিতাতে মৃত্যুৰ সন্মুখীন
হ’ব লগা হয় প্ৰকাশৰ৷ সেই ঠাইৰ ডাঙৰ ডাঙৰ গাঁত তথা ৰাস্তাৰ দুৰৱস্থাৰ বাবে এনে শোকাবহ দুঘৰ্টনা সংঘটিত হয়৷ উজ্জ্বল ভৱিষ্যত
বনোৱাৰ প্ৰাক্ মুহূৰ্ততে আনৰ ভুলৰ বাবেই পৃথিৱীৰ পৰা চিৰ বিদায় ল’লে প্ৰকাশে৷
মানৱ জীৱন পৰিবৰ্তনশীল৷ মৃত্যু চিৰন্তন সত্য কিন্তু ইও কেতিয়াবা সমাজলৈ এক
অভাৱনীয় পৰিৱৰ্তন আনে৷ দাদাৰাও বিলহোৰৰ ঘৰত সকলো মৌন... স্তব্ধ! অবিশ্বাস্য হলেও সত্য
যে মৃত্যুৰ কাৰণ মাথোঁ এটা সাধাৰণ গাঁত তথা বেয়া ৰাস্তা৷ সেই মাহতে ভাৰতৰ আন তিনিওজন
ব্যক্তিয়েও এনে পথৰ দুৰ্গতিৰ বাবে মৃত্যুৰ সন্মুখীন হ’ব লগা হয়৷ এই ঘটনাৰ পাছতেই
প্ৰশাসনৰ তত্ত্বাৱধানত চহৰৰ গাঁতসমূহ পুতি পেলোৱা হয়৷ এই কায্যই পিতৃৰ মনত পুত্ৰ শোক কমাব নোৱাৰিলে কাৰণ প্ৰশাসনৰ এই পদক্ষেপ কিছু দিন
পূৰ্বে হোৱা হেতেঁন, তেওঁৰ পুত্ৰক হেৰুৱাবলগা অৱস্থা নহ’লহেতেঁন !
সেয়েহে পুত্ৰক অমৰ কৰি তুলিবলৈ তেওঁ নতুন পদক্ষেপ ল’লে৷ নগৰ-গাঁওৰ
আলি পথত দেখা পোৱা গাঁতসমূহ নিজ প্ৰচেষ্টাৰে
ইটা বালি বস্তাৰে ভৰাই পুতি পেলাব লৈ ধৰিলে৷ এই কাম কৰিবলৈ যাওঁতে বহুতে দাদাৰাওক নিন্দা
কৰিছিল, বহু লোকে পাগল বুলি হাঁহিছিল৷ কিন্তু দাদাৰাওৰ বাবে এইয়া আছিল তেওঁৰ জীৱন
সৰ্ব মহৎ কৰ্ম৷ তেওঁ বিচাৰিছিল তেওঁৰ দৰে আন কোনো পিতৃ মাতৃয়ে যাতে তেওঁ পোৱা দুখ পাব লগা নহয়৷ প্ৰতিটো গাঁতপূৰণেই
তেওঁৰ অন্তৰত জ্বলি থকা জুইকুৰাত শীতলতা প্ৰদান কৰিছিল৷ প্ৰতিটো
গাঁত পূৰণেই তেওঁৰ বাবে আছিল পুত্ৰৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলিস্বৰূপ৷ কোনো কাৰণতে পিছলৈ
ঘূৰি নোচোৱাকৈ পথ দুঘৰ্টনা প্ৰতিৰোধেই হৈ পৰিছিল দাদাৰাওৰ জীৱনৰ লক্ষ্য৷
২০১৫ পৰা বৰ্তমানলৈকে তেওঁ হাজাৰতকৈ অধিক গাঁত পুতি অনেকৰ জীৱন বচাইছে৷ তেওঁৰ এই মহৎ কৰ্মৰ বাবে তেওঁক
“পটহ’ল দাদা” নামেৰে জনাজাত হয়৷ এই কৰ্মৰ বাবে তেওঁ “মহাৰাণা মেৱাৰ সন্মান” আৰু বিভিন্ন
সাহসী বঁটা প্ৰদান কৰা হয়৷ ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁৰ অনুপ্ৰেৰণামূলক
কামৰ বাবে নিমন্ত্ৰণো জনায় ৷
কেতিয়াবা জীৱনৰ আঘাতেও মানুহক মানসিকভাৱে ভাঙি নেপেলাই বৰং
শক্তিশালী তথা প্ৰত্যাহ্বানেৰে আন বহু যুদ্ধৰ বাবে আমাক সাহসহে যোগায়৷ মানসিক শক্তি
তথা বলেৰে আমি নিজৰ পুনৰ নিৰ্মাণ কৰি সুন্দৰভাৱে
নিজকে জীয়াই তুলিব পাৰো৷ সেয়েহে Lala Anthony ৰ এটা কথাই মোৰ বাৰুকৈ অনুপ্ৰেৰণা
জগাই যে--
"Life
is filled with ups
and
downs and it’s
just about
how you
react
to them"
ঠিকনা:
চন্দ্ৰাৱলী বৰঠাকুৰ,
গুৱাহাটী বিশ্ববিদ্যালয়
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)