৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

‘আটক চাউল’ৰ আঁত ধৰি :

লেখকঃ অমৃত গোস্বামী • প্ৰকাশিতঃ ২২ অক্টোবৰ, ২০২৫
৭ মিনিট পঠন • ৮৬০ বাৰ পঢ়া হৈছে

 অমৃত গোস্বামী

 

মাহঁতৰ মুখত শুনা এটা অদ্ভুত নাম মোৰ আজিও মনত আছে— ‘আটক চাউল’৷ সেই চাউলবিধ  হেনো বৰ মিহি আছিল, আৰু চাউলবিধৰ ভাতো হেনো বৰ ভাল হৈছিল৷ দ্বিতীয় মহাসমৰৰ দিনৰ চাউলৰ নাটনিৰ সময়ত আমাৰ মানুহবোৰে সেই চাউলবিধ ঘৰলৈ ক্ৰয় কৰিছিল৷ তেতিয়াৰ ব্ৰহ্মদেশ, অৰ্থাৎ আজিৰ ম্যানমাৰৰ পৰা আমদানি কৰা হৈছিল সেই চাউল৷ আটকীয়া দিনত বা নাটনিৰ সময়ত উপলব্ধ হোৱাৰ কাৰণেই বোধহয় চাউলবিধে নাম পাইছিল—‘আটক চাউল’৷ 

এইটো কথাৰ উপৰিও দ্বিতীয় মহাসমৰৰ কালৰ সাধু সাধু লগা অনেক কথা/কাহিনী আমি সৰু হৈ থাকোঁতে ডাঙৰসকলৰ মুখত শুনিবলৈ পাইছিলো৷ 

যি কি নহওক কেৱল আমাৰ দেশতে নহয়, দ্বিতীয় বিশ্বযুদ্ধৰ কালত খাদ্যৰ নাটনিয়ে সমগ্ৰ বিশ্বজুৰি এক ভয়াৱহ ৰূপ ধাৰণ কৰিছিল৷ এই সমস্যা কেৱল যুদ্ধত জড়িত দেশবোৰৰ বাবেই হোৱা নাছিল, প্ৰায় সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিছিল৷ সেই সময়ত মানুহে কেৱল বোমা-বাৰুদৰ আৰু ধ্বংসৰ ভয়তে নহয়, অনাহাৰ আৰু ক্ষুধাৰ যন্ত্ৰণাতো দিন কটাবলগীয়া হৈছিল৷

 

বিশ্বযুদ্ধৰ কালত উপনিৱেশসমূহৰ খাদ্য সামগ্ৰীবোৰ উপনিৱেশবাদী দেশসমূহে নিজৰ দেশলৈ ৰপ্তানি কৰিছিল৷ সেই সময়ত ব্ৰিটিছৰ  অধীনত থকা ভাৰতবৰ্ষৰ পৰা চাউল আৰু অন্যান্য খাদ্যসামগ্ৰী সংগ্ৰহ কৰি, ব্ৰিটিছে নিজদেশৰ সৈন্যসকলৰ বাবে প্ৰেৰণ কৰিছিল৷ ফলস্বৰূপে ১৯৪৩ চনত বঙ্গদেশত এক ভয়ংকৰ দুৰ্ভিক্ষ হৈছিল৷ এই দুৰ্ভিক্ষৰ ফলত দুই নিযুতৰো অধিক ভাৰতীয় লোক মৃত্যুমুখত পৰিছিল৷ 

বঙ্গদেশত হোৱা সেই দুৰ্ভিক্ষৰ পটভূমিতে বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ ৰচিত কাহিনীৰ ওপৰত ভিত্তি কৰি, প্ৰখ্যাত চলচ্ছিত্ৰ নিৰ্মাতা সত্যজিত ৰায়ে ১৯৭৩ চনত ‘অশনি সংকেত’ নামৰ বিখ্যাত বাংলা ভাষাৰ চলচ্ছিত্ৰখন নিৰ্মাণ কৰিছিল৷  

যুদ্ধকালিন খাদ্যসংকট এক অৰ্থনৈতিক তথা সামাজিক সমস্যা ৰূপে পৰিগণিত হৈছিল৷ তাৰ লগে লগে এই সংকট  নৈতিক বিপৰ্যয়ৰ এটা কাৰণো হৈ পৰিছিল৷ যুদ্ধৰ সময়ত ক্ষুধাক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল– নিঃশব্দ অথচ এক ভয়ংকৰ অস্ত্ৰ৷ 

দ্বিতীয় বিশ্বযুদ্ধৰ কালছোৱাত যুদ্ধৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত দেশসমূহত তীব্ৰ খাদ্যসংকটে দেখা দিয়াৰ কাৰণসমূহ জানিবলৈ ইচ্ছা হৈছিল৷‌ বিচাৰি কিছু কথা পালোঁ৷‌  

যুদ্ধৰ সময়ত বহুতো কৃষিভূমি যুদ্ধভূমিলৈ পৰিণত হৈছিল৷ ইউৰোপ, ৰাছিয়া, চীন আৰু দক্ষিণ-পূৱ এছিয়াৰ বহু অঞ্চলৰ খেতিপথাৰবোৰ বিস্ফোৰক পদাৰ্থ, টেংক আৰু বোমাৰ আক্ৰমণৰ ফলত নষ্ট হৈ সেই অঞ্চলসমূহৰ উৎপাদনক্ষমতা সম্পূৰ্ণৰূপে বিনষ্ট হৈছিল৷

ফ্ৰাঞ্চ, পোলেণ্ড আৰু ইউক্ৰেইনৰ এক বিশাল অংশ যুঁজৰ মাজত পৰিছিল৷ এইকেইখন দেশত শস্যৰ গুদাম, খেতিপথাৰ আৰু জলসিঞ্চন ব্যৱস্থাবোৰ প্ৰায় ধ্বংস হৈ গৈছিল৷ 

যুদ্ধৰ সময়ত কৃষক সম্প্ৰদায়ৰ এক বৃহৎ অংশক ৰাষ্ট্ৰসমূহৰ চৰকাৰে সেনা বাহিনীত নিয়োগ কৰিছিল৷ তাৰ ফলত খেতিপথাৰত কাম কৰা মানুহৰ নাটনি হৈছিল৷‌ সেইসমূহ দেশত তেতিয়া কেৱল মহিলা আৰু বৃদ্ধসকলেই কৃষিকাৰ্য কৰিবলৈ বাধ্য হৈ পৰিছিল৷ কম অভিজ্ঞ মহিলা আৰু বৃদ্ধ লোকসকলে কৃষিকাৰ্য সম্পন্ন কৰিব লগা হোৱা বাবে কৃষিৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পাইছিল৷ 

বিশ্বযুদ্ধৰ সময়ত মিত্ৰশক্তিয়ে জাৰ্মানী আৰু জাপানৰ নৌ-পৰিৱহনক অৱৰোধ কৰিছিল৷ মিত্ৰশক্তিৰ নৌ-পৰিৱহনক কৰা অৱৰোধৰ বাবে জাৰ্মানীয়ে খাদ্য আমদানি কৰিব পৰা নাছিল৷ আনহাতে, জাৰ্মানীয়েই আকৌ আটলাণ্টিক মহাসাগৰত মিত্ৰশক্তিৰ, বিশেষকৈ ব্ৰিটেইনৰ দিশে যোৱা খাদ্যবাহী জাহাজবোৰ ডুবাই দিছিল৷ এইবোৰ কাৰণে সমুদ্ৰ পথেদি খাদ্য যোগান ধৰাত যথেষ্ট বাধাৰ সৃষ্টি হৈছিল আৰু লগতে বহু পৰিমাণৰ খাদ্যসামগ্ৰী নষ্টও হৈছিল৷ 

যুদ্ধৰ সময়ত প্ৰায়বোৰ দেশেই খাদ্য, ইন্ধন আৰু অন্যান্য উৎপাদিত সামগ্ৰীৰ এক বৃহৎ অংশ সৈন্যবাহিনীৰ বাবে সংৰক্ষণ কৰি ৰাখিছিল৷ যুদ্ধত বিজয়ী হোৱাটো যিহেতু দেশসমূহৰ মূল লক্ষ্য আছিল সেই হেতুকে সেনাৰ বাবে খাদ্য যোগানেই প্ৰধান্য লাভ কৰিছিল৷ বিশেষকৈ ৰাছিয়া, জাৰ্মানী আৰু ইংলেণ্ডত খাদ্য যোগানৰ অধিকাংশ সেনাৰ বাবেহে সংৰক্ষিত ৰখা হৈছিল৷ এই সংৰক্ষণৰ ফলত সাধাৰণ নাগৰিকে যথেষ্ট পৰিমাণে খাদ্যসংকটৰ সন্মুখীন হৈছিল৷ 

জাৰ্মানী, জাপান আৰু অন্যান্য একাধিক দেশৰ সৈন্যবাহিনীয়ে তেওঁলোকৰ দ্বাৰা অধিকৃত অঞ্চলসমূহৰ পৰা খাদ্য লুট কৰিছিল৷ চীন, কোৰিয়া আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহত এনে ধৰণৰ সামৰিক লুট বৃহৎ পৰিমাণত হৈছিল৷  

ইউক্ৰেইন, বেলাৰুছ আৰু ৰাছিয়াৰ পৰা বিশাল পৰিমাণত শস্য জাৰ্মানীলৈ পঠোৱা হৈছিল৷ ফলস্বৰূপে সেই দেশসমূহৰ স্থানীয় জনগণে খাদ্য সংকটৰ সন্মুখীন হৈ অনাহাৰ আৰু মৃত্যুৰ মুখামুখি হ’ব লগাত পৰিছিল৷ 

যুদ্ধৰ সময় বহু দেশত ‘ৰেশ্বনিং’ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল৷ ৰেশ্বনিং পদ্ধতিৰে প্ৰতিজন নাগৰিকক চেনি, গম, চাউল, মাংস ইত্যাদি খাদ্য সীমিত পৰিমাণতহে দিয়া হৈছিল৷ তদুপৰি ৰেশ্বন কাৰ্ড থকাসকলৰ বাবেও খাদ্য সহজলভ্য হৈ থকা নাছিল ৷ 

যুদ্ধৰ সময়ত ক’লা বজাৰে গঢ় লৈ উঠিছিল, য’ত খাদ্যৰ দাম বহুগুণ বৃদ্ধি পাইছিল৷ মুদ্ৰাস্ফীতিয়ে সাধাৰণ মানুহৰ বাবে খাদ্য ক্ৰয় কৰাটো অসম্ভৱ কৰি তুলিছিল৷

বিমান আক্ৰমণ, টেংকৰ আগ্ৰাসন আৰু সামৰিক কৌশল প্ৰয়োগৰ ফলত বহু ঠাইত ৰে’লপথ, বন্দৰ, বাট-পথ আৰু গুদামঘৰ আদি ধ্বংস হৈ পৰিছিল৷ ফলস্বৰূপে গাঁও অঞ্চলৰ পৰা নগৰ-চহৰলৈ খাদ্য পঠিওৱাত অসুবিধাৰ সৃষ্টি হৈছিল৷ বহুকেইখন দেশৰ আভ্যন্তৰীণ পৰিৱহন ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিল৷ 

সৰ্বোপৰি, মানৱতাক লজ্জিত কৰি যুদ্ধৰ সময়ত কিছুমান ৰাষ্ট্ৰই ক্ষুধাক যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল৷‌ লক্ষ লক্ষ লোকে লোক অনাহাৰে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল৷ 

ইতিহাসৰ অন্যতম ভয়ংকৰ দৃষ্টান্ত আছিল লেনিনগ্ৰাডৰ অৱৰোধ৷ বৰ্তমান চহৰখনৰ নাম ছে’ণ্ট পিটাৰ্ছবাৰ্গ, আগতে নাম আছিল লেনিনগ্ৰাড৷ জাৰ্মানীয়ে দ্বিতীয় মহাসমৰৰ কালত ৰাছিয়াৰ এই দ্বিতীয় বৃহত্তম চহৰ, শিল্প-বাণিজ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঠাইখন প্ৰায় আঢ়ৈ বছৰ সময় ধৰি অৱৰোধ কৰি ৰাখিছিল৷ এই অৱৰোধৰ প্ৰভাৱত দহ লক্ষৰো অধিক লোকে অনাহাৰত মৃত্যু বৰণ কৰিবলগীয়া হৈছিল ...৷ 

যুদ্ধৰ ইতিহাসৰ এই অংশ মানৱ সভ্যতাৰ কলঙ্কবোৰৰ এটাত পৰিণত হৈছে৷

 ***

 

ভ্ৰাম্যভাষ : ৯৪৩৫০ ১৪৪৫৫

 

অ
লেখকৰ পৰিচয়

অমৃত গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)