পংকজ প্ৰতিম বৰদলৈ
মোৰ কৰ্মক্ষেত্ৰখন কলা সংগ্ৰহালয়, ঐতিহ্য সংৰক্ষণৰ লগত জড়িত। সেই সুবাদতে মই বিভিন্ন সময়ত লণ্ডনস্থিত ব্ৰিটিছ সংগ্ৰহালয়কে ধৰি আন বহু সংগ্ৰহালয় চোৱাৰ সুবিধা পাইছোঁ। পূৰ্বৰ বছৰকেইটাৰ কেইবাটাও যাত্ৰাতকৈ এই বছৰৰ ফেব্ৰুৱাৰি মাহত মই লণ্ডনলৈ কৰা যাত্ৰাৰ এক বিশেষ গুৰুত্ব আছিল। পূৰ্বৰ যাত্ৰাৰ সময়ছোৱাত কিছু সময় আৰু আন ভিন্ন কাৰণত ‘টাৱাৰ অব লণ্ডন’ চোৱাৰ সুযোগ পোৱা নাছিলোঁ। এইবাৰ সেইটো সুযোগ গ্ৰহণ কৰিছিলোঁ। ফেব্ৰুৱাৰি মাহৰ সময়ছোৱাত লণ্ডনত কিছু ঠাণ্ডা আছিল যদিও আন ঠাই ভ্ৰমণ কৰি আহি ‘টাৱাৰ অব লণ্ডন’ পোৱালৈ দুপৰীয়া হৈছিলগৈ। ৰ’দঘাই দিনটোত আমি ইয়াৰ প্ৰৱেশ পথত অন্তৰ্ভাগলৈ যাবৰ বাবে থকা দীঘলীয়া শাৰীত থিয় হ’লোঁগৈ। এঘণ্টাৰ অধিক সময় এনেদৰে শাৰী পাতি আগবাঢ়ি মূল প্ৰৱেশ পথত উপস্থিত হ’বলৈ সক্ষম হ’লোঁ। অন্তৰ্ভাগত কোনো ধৰণৰ ফটো তোলা নিষেধ যদিও ম’বাইল ফোন লৈ যাবলৈ অনুমতি দিয়ে। আশ্চৰ্যকৰভাৱে প্ৰৱেশৰ সময়ত আমাৰ কোনো ‘নিশ্ছিদ্ৰ তালাচী’ (যিটো আমাৰ ইয়াত অতি সাধাৰণ ঠাই বা অনুষ্ঠান এটাতো কৰা হয়!) চলোৱা হোৱা নাছিল তথা আমাক সৰু বেগ আদি লৈ যাবলৈও অনুমতি দিয়া হৈছিল। পাছত গম পাইছিলোঁ অন্তৰ্ভাগত অতি শক্তিশালী কেমেৰা আৰু ছেঞ্চৰযুক্ত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল। প্ৰতিজন দৰ্শকৰ ওপৰত যন্ত্ৰ আৰু কেমেৰাই তীক্ষ্ণ দৃষ্টি ৰাখিছিল।
আমাৰ উদ্দেশ্য আছিল ‘কহিনুৰ দৰ্শন’। বেইল ছিষ্টেমেৰে চলি যোৱা চিৰিৰ জৰিয়তে ‘কহিনুৰ’ দৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছিল। কোনো এজন ব্যক্তিয়েই থিয় হৈ একে ঠাইতে ৰৈ বেছি সময় চাই থাকিব নোৱাৰিছিল। ফলত ভিৰ সৃষ্টি নহৈছিল। দুয়ো ফালৰপৰা এনেদৰে চোৱাৰ ব্যৱস্থা কৰা হৈছিল। ‘টাৱাৰ অব লণ্ডন’ৰ ‘জুৱেল হাউছ’ত ‘কহিনুৰ’ হীৰাৰ উপৰি আন বহু আপুৰুগীয়া সম্পদ আছে।
২০১৮ চনত একেদৰেই মোৰ ব্ৰিটিছ সংগ্ৰহালয়ৰ তেতিয়াৰ এটা অত্যাধুনিক গুদামঘৰ ‘Blyth House’-অত থকা আমাৰ মহাপুৰুষীয়া বৈষ্ণৱ পৰম্পৰাৰ প্ৰতিভূ ‘বৃন্দাবনী বস্ত্ৰ’ দেখাৰ সৌভাগ্য হৈছিল। মোৰ আন কোনো এটা ভ্ৰমণৰ সময়ত চাইছিলোঁ বিখ্যাত ভিক্ট’ৰিয়া এণ্ড এলবাৰ্ট’ সংগ্ৰহালয়ত থকা ‘টিপুজ টাইগাৰ’ নামৰ টিপু চুলতানে নিৰ্মাণ কৰা বিখ্যাত বাঘৰ পুতলাটো, যিটোৱে এজন ব্ৰিটিছ সামৰিক পোছাক পৰিধান কৰি থকা সেনাক আক্ৰমণ কৰি ধৰাশায়ী কৰিছিল। এই ভ্ৰমণসমূহৰ সময়ত মই এনে অগণন কলাকৃতি দৰ্শনৰ সুযোগ লাভ কৰিছিলোঁ, যিবোৰ মূলতঃ ভাৰতৰ ইতিহাসৰ লগত জড়িত।
বিশ্বৰ বৌদ্ধিক মহলত আৰু বিশেষকৈ আমাৰ সংগ্ৰহালয় ক্ষেত্ৰত চলি থকা এক বিশেষ বিতৰ্ক হ’ল ঔপনিৱেশিকতাৰপৰা মুক্তি (Decolonization) আৰু সাংস্কৃতিক সম্পদৰ প্ৰত্যৰ্পণ (Repatriation of cultural properties)। প্ৰথমটোৱে থোৰতে ক’বলৈ গ’লে - ঔপনিৱেশিক শাসনৰ অধীনত থকা ৰাষ্ট্ৰসমূহৰ সংগ্ৰহালয়সমূহৰ চিন্তা-চৰ্চা তথা কলা সম্পদৰ অন্তৰ্নিহিত বাগধাৰাৰ ব্যাখ্যাৰ ঔপনিৱেশিক প্ৰভাৱমুক্ত হোৱাৰ এক নিৰবচ্ছিন্ন প্ৰক্ৰিয়াক বুজায়। আকৌ, ঔপনিৱেশিক শাসনৰ সময়ত লুট কৰি বা বলপূৰ্বক সংগ্ৰহ কৰি লৈ যোৱা সাংস্কৃতিক সম্পদসমূহক সিবোৰৰ প্ৰকৃত গৰাকীৰ ওচৰলৈ স-সন্মানে ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াও বহু পশ্চিমীয়া দেশে আৰম্ভ কৰিছে। ইয়াক Repatriation of cultural properties বুলি ক’ব পাৰি। এই বছৰ জুলাইত নেদাৰলেণ্ডছৰ বিভিন্ন সংগ্ৰহালয়ত থকা ৪৮৪ বিধ বহুমূলীয়া কলাকৃতি ইণ্ডোনেছিয়া আৰু শ্ৰীলংকাক ঘূৰাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ভিতৰত ইণ্ডোনেছিয়াৰ বিখ্যাত ‘Lombok Treasures’ নামৰ অমূল্য পাথৰ, সোণ আৰু ৰূপৰ গহনাৰ এটা সংগ্ৰহ আৰু আটকধুনীয়া তথা চমৎকাৰভাৱে সজ্জিত ব্ৰঞ্জ আৰু সোণপানী চৰোৱা ‘Canon of Kandy’ বা ‘কেণ্ডিৰ বৰতোপ’ শ্ৰীলংকাক ঘূৰাই দিয়া হৈছে। এই দুয়োটা কলাবস্তুৱেই নেদাৰলেণ্ডছৰ বিখ্যাত ‘ৰিক্ছ মিউজিয়াম’ৰ অন্তৰ্ভুক্ত আছিল।
আফ্ৰিকাৰ দেশ নাইজেৰিয়াত ১৮৯৭ চনত ব্ৰিটিছে চলোৱা আক্ৰমণৰ সময়ত লুট কৰা বিখ্যাত ‘বেনিন ব্ৰঞ্জ’ নামৰ ব্ৰঞ্জৰ বিভিন্ন কলাবস্তুৰ এটা সংগ্ৰহ বৃটিছ সংগ্ৰহালয়ৰ লগতে ইউৰোপৰ আন বহুকেইখন দেশৰ সংগ্ৰহালয়ত প্ৰদৰ্শিত হৈ আছে। এই বেনিন ব্ৰঞ্জৰ কিছু অংশ অলপতে জাৰ্মানিৰ বিভিন্ন সংগ্ৰহালয়ৰপৰা লৈ জাৰ্মান চৰকাৰে নাইজেৰিয়াৰ চৰকাৰক ঘুৰাই দিছে। সততেই এনে এক বিতৰ্ক চলি আহিছে যে ব্ৰিটিছ সংগ্ৰহালয়কে ধৰি ইউৰোপৰ সংগ্ৰহালয়বোৰ একো একোখন “চোৰ বজাৰ”। যদি এনেদৰেই কলাকৃতিসমূহ ঘূৰাই লয়, তেন্তে প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেমেৰুণৰ ভাষাত ‘ব্ৰিটিছ মিউজিয়াম অচিৰেই শূন্য হৈ পৰিব৷’ গ্ৰীচে বহুবাৰ অনুৰোধ জনোৱাৰ পাছতো ‘Elgin Marbles’, যি গ্ৰীচৰ শাস্ত্ৰীয় শৈলীৰ মাৰ্বল স্থাপত্যৰ উৎকৃষ্ট উদাহৰণ তাক সম্পূৰ্ণকৈ ঘূৰাই দিবলৈ ব্ৰিটিছ চৰকাৰ মান্তি হোৱা নাই। এথেঞ্চৰ পাৰ্থিয়নন মন্দিৰৰ পৰা লৰ্ড এলগিনে এই সম্পদসমূহ লৈ আহিছিল। ঠিক তেনেদৰে ১৮০২ চনত ইজিপ্তৰ পৰা লৈ অহা ‘Rosetta Stone’, মিছৰীয় ইতিহাসৰ অভিন্ন অংগ তথা খ্ৰীষ্টপূৰ্ব ১৮০ৰো পূৰ্বৰ টোলেমী পঞ্চমৰ সময়ৰ ইতিহাসৰ লগত জড়িত। অগণন কলাকৃতিৰে ভৰা এই তালিকাখন অতি দীঘল।
ঔপনিৱেশিক শাসন ভাৰতৰ ইতিহাসৰ অন্যতম চেকা। সামাজিক, সাংস্কৃতিক অৱক্ষয়ৰ লগতে ঔপনিৱেশিক শাসনে জাতীয় আৰু ৰাষ্ট্ৰীয় চেতনাৰ পুনৰ্নিৰ্মাণতো মানসিক হতাশাৰ সৃষ্টি কৰিছিল। স্বাধীনতা পোৱাৰ পাছত যোৱা ৭৫টা বছৰে এই মানসিক হতাশা বহু পৰিমাণে লাঘৱ হৈছে। তৎসত্ত্বেও ঔপনিৱেশিক শাসনৰ সময়ছোৱাত আমাৰ পূৰ্বজৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে ঔপনিৱেশিক জাতি হিচাপে, তেওঁলোকৰ পূৰ্বজসকলে কৰা অত্যাচাৰৰ বাবে এক ধৰণৰ ক্ষমা প্ৰাৰ্থনা কৰাটো হয়তো প্ৰায়শ্চিত্তৰে সমকক্ষ হ’ব। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বা আমাৰ ঘৰুৱা ‘পথৰুঘাটৰ বিদ্ৰোহ’ৰ কঠোৰ দমন আদিৰ বিষয়ে এই ধৰণৰ ক্ষমা প্ৰাৰ্থনাই যে মানসিক মলমৰ কাম কৰিব, সি নিশ্চিত। ১৯৭০ চনত জাৰ্মানীৰ চেঞ্চেলৰ Willy Brandt-এ Warsaw চহৰত উপস্থিত হৈ পোলেণ্ডৰ ইহুদী সম্প্ৰদায়ৰ ওচৰত হিটলাৰৰ দিনত জাৰ্মানীয়ে চলোৱা অত্যাচাৰৰ বাবে ক্ষমা ভিক্ষা মাগিছিল।
একে সময়তে ঔপনিৱেশিক দেশসমূহে এনেদৰে লুট কৰি নিয়া সাংস্কৃতিক ঐতিহ্যসমূহ ঘূৰাই দিয়াটোও যেন এই পদক্ষেপৰে এক অংশ হ’ব পাৰে। ভাৰতৰ বিভিন্ন মন্দিৰসমূহত (মূলতঃ দক্ষিণ ভাৰতৰ) থকা অমূল্য ব্ৰঞ্জ, শিল আদিৰ বিভিন্ন দেৱ-দেৱীৰ চুৰি হোৱা মূৰ্তি ইউৰোপৰ বিভিন্ন সংগ্ৰহালয়ত পোৱা যায় আৰু তামিলনাডু চৰকাৰৰ পুলিচ বাহিনীৰ ‘Idol Wing’-অৰ তৎপৰতাত এনে বহু সম্পদ দেশলৈ ঘূৰাই অনা সম্ভৱ হৈছে, যদিও ই অতি ক্ষুদ্ৰ অংশহে আৰু এই প্ৰক্ৰিয়া অতি জটিল আৰু দীঘলীয়া।
চৰকাৰ আৰু সামাজিক সংগঠনৰ সংঘৱদ্ধ প্ৰচেষ্টাৰে এনে প্ৰক্ৰিয়া বিশেষভাৱে গ্ৰহণ কৰা উচিত। তেতিয়া হয়তো এনে এটা দিন আহিব যেতিয়া ‘কহিনুৰ’ ভাৰতৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় বা তেনে জাতীয় অনুষ্ঠানৰ সম্পদ হ’ব। ‘বৃন্দাবনী বস্ত্ৰ আমি অসমৰ কোনো সংগ্ৰহালয়তে চাব পাৰিম! এই সপোন অলীক নহয়, বাস্তৱ হ’ব পাৰে।
(লেখক ৰাষ্ট্ৰপতি ভৱনৰ কলা আৰু সংগ্ৰহালয় বিভাগৰ উপ সঞ্চালক)
ভ্ৰাম্যভাষ ; ৮৮০০৯-৪৮৮০৮
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)