৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মহাকবি কালিদাসৰ ৰঘুবংশ

লেখকঃ মূল: মহাকবি কালিদাস • প্ৰকাশিতঃ ২৬ অক্টোবৰ, ২০২২
১২ মিনিট পঠন • ৪১৭০ বাৰ পঢ়া হৈছে
মহাকবি কালিদাসৰ ৰঘুবংশ
ডাঙৰকৈ চাওক (Zoom)

ৰঘুবংশ : ৪ৰ্থ অধ্যায়


মূল : মহাকবি কালিদাস

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত 

সন্ধিয়া যিদৰে অগ্নি উজলি উঠে সূৰ্যৰ তেজেৰে সমৃদ্ধ হৈ।

পিতৃপ্ৰদত্ত ৰাজ্যত অধিষ্ঠিত হৈ ৰঘুও উজলিল তেনেকৈ ।

স ৰাজ্যং গুৰুণা দত্তং প্ৰতিপদ্যাধিকং বভৌ |

দিনান্তে নিহিতং তেজঃ সবিত্ৰেব হুতাশনঃ || ৪-১||

দিলীপৰ পিছত ৰঘু ৰাজ্যত প্ৰতিষ্ঠিত হোৱা শুনি

ৰজাগণৰ হৃদয়ত ঈৰ্ষাত 

উমি উমি জ্বলা জুই হ’ল প্ৰজ্বলিত অগনি ।

দিলীপানন্তৰং ৰাজ্যে তং নিশম্য প্ৰতিষ্ঠিতম্ |

পূৰ্বং প্ৰধূমিতো ৰাজ্ঞাং হৃদয়েঽগ্নিৰিবোত্থিতঃ || ৪-২||

ইন্দ্ৰৰ পতাকাৰ দৰে নৱ-অভ্যুদয় দেখি

প্ৰজাসহ সুখী হ’ল ৰঘুৰ সন্তান-সন্ততি ।

পুৰুহূতধ্বজস্যেৱ তস্যোওন্নয়নপঙ্ক্তয়ঃ |

নবাভ্যুত্থানদৰ্শিন্যো ননন্দুঃ সপ্ৰজাঃ প্ৰজাঃ || ৪-৩||

ৰাজনে গজেন্দ্ৰগমনে একে সময়তে 

কৰিলে পিতৃৰ সিংহাসনত আৰোহণ

আৰু চৌদিশে কৰিলে শত্ৰুক দমন ।

সমমেৱ সমাক্ৰান্তং দ্বয়ং দ্বিৰদগামিনা |

তেন সিংহাসনং পিত্ৰ্যমখিলং চাৰিমণ্ডলম্ || ৪-৪||

সাম্ৰাজ্যত অভিষিক্ত ৰঘুক যেন শ্ৰীলক্ষ্মীয়ে কৰিলে ছত্ৰধাৰণ।

চকুৰে নেদেখিলেও দিব্যকান্তিয়েই দিয়ে তাৰ সুমংগল অনুমান ।

ছায়ামণ্ডললক্ষ্যেণ তমদৃশ্যা কিল স্বয়ম্ |

পদ্মা পদ্মাতপত্ৰেণ ভেজে সাম্ৰাজ্যদীক্ষিতম্ || ৪-৫||

এনে লাগিল যেন স্বযং বাগ্দেৱী আহি স্তুতিচাৰণৰ সতে

স্তুতি কৰিছেহি ৰঘুৰ যশস্যা বঢ়াবলে ।

পৰিকল্পিতসাংনিধ্যা কালে কালে চ বন্দিষু |

স্তুত্যং স্তুতিভিৰৰ্থ্যাভিৰুপতস্থে সৰস্বতী || ৪-৬||

যদিও মনু আদি ৰাজন্যবৰ্গই উপভোগ কৰি গৈছে পৃথিৱী

বসুন্ধৰা যেন প্ৰথমবাৰলৈ হ’ল ৰঘুৰ প্ৰতি অনুৰাগিনী  ।

মনুৰ্প্ৰভৃতিৰ্মান্যৈৰ্ভুক্তা যদ্যপি ৰাজভিঃ |

তথাপ্যনন্যপূৰ্বেব তস্মিন্নাসীদ্বসুংধৰা || ৪-৭||

নিৰপেক্ষ আৰু সমতাৰে কৰি দণ্ডবিধান

নাতিশীতোষ্ণ বায়ুৰ দৰে কৰিলে সবাৰে মনোহৰণ ।

স হি সৰ্বস্য লোকস্য যুক্তদণ্ডতয়া মনঃ |

আদদে নাতিশীতোষ্ণো নভস্বানিব দক্ষিণঃ || ৪-৮||

আমৰ ফল পালে যেনেকৈ মানুহে পাহৰি যায় আমে মলিওৱাৰ কথা

সৰ্বগুণী ৰঘুক পাই প্ৰজাই পাহৰি থাকিলে ৰাজপিতৃ দিলীপৰ কথা ।

মন্দোৎকণ্ঠাঃ কৃতাস্তেন গুণাধিকতয়া গুৰৌ |

ফলেন সহকাৰস্য পুষ্পোদ্গম ইব প্ৰজাঃ || ৪-৯||

নীতিজ্ঞসকলে যেতিয়া নতুন সম্ৰাটৰ আগত 

ব্যাখ্যা কৰে সজ-অসজ দুই পক্ষ 

অসজক ত্যাগ কৰি ৰঘুৱে লয় প্ৰথম পক্ষ ।

নয়বিদ্ভিৰ্নবে ৰাজ্ঞি সদসচ্চোপদৰ্শিতম্ |

পূৰ্ব এবাভবৎপক্ষস্তস্মিন্নাভবদুত্তৰঃ || ৪-১০||

নতুন নৃপতিৰ নৱচিন্তাৰে সকলো হ’ল নতুন 

পঞ্চভূতৰ সকলো গুণৰ হ’ল উৎকৰ্ষ সাধন ।

পঞ্চানামপি ভূতানামুৎকৰ্ষং পুপুষুৰ্গুণাঃ |

নবে তস্মিন্মহীপালে সৰ্বং নৱমিবাভবৎ || ৪-১১||

অৰ্থৰ মূলতে 

চন্দ্ৰ তেওঁৰ নাম  কৰে আনন্দ দান

প্ৰবল উত্তাপৰ উৎস  তেওঁ তপন

প্ৰজাৰঞ্জন বাবেই সাৰ্থক ৰঘুৰ ৰজা নাম ।

যথা প্ৰহ্লাদনাচ্চন্দ্ৰঃ প্ৰতাপাত্তপনো যথা |

তথৈব সোঽভূদন্বৰ্থো ৰাজা প্ৰকৃতিৰঞ্জনাৎ || ৪-১২||

দুচকু আছিল বিশাল আকৰ্ণবিস্তৃত

পিছে ৰঘুৰ প্ৰকৃত অক্ষ আছিল 

সূক্ষ্ম কাৰ্যনিৰ্দেশক শাস্ত্ৰ ।

কামং কৰ্ণান্তবিশ্ৰান্তে বিশালে তস্য লোচনে |

চক্ষুষ্মত্তা তু শাস্ত্ৰেণ সূক্ষ্মকাৰ্যাৰ্থদৰ্শিনা || ৪-১৩||

বুদ্ধি আৰু পৰাক্ৰমেৰে শান্তিস্থাপনৰ সুখী ক্ষণতে

পদুম ফুলেৰে স্বাগত জনালে দ্বিতীয় ৰাজলক্ষ্মী স্বৰূপ শৰতে ।

লব্ধপ্ৰশমনস্বস্থমথৈনং সমুপস্থিতা |

পাৰ্থিবশ্ৰীৰ্দ্বিতীয়েব শৰৎপঙ্কজলক্ষণা || ৪-১৪||

ৰঘুৰ প্ৰতাপ বিস্তৃত হ’ল দশোদিশে

সূৰ্যৰ প্ৰতাপ যিদৰে বিয়পি পৰে

বাৰিষাৰ শেষত শৰতৰ পাতল মেঘেৰে ।

নিৰ্বৃষ্টলঘুভিৰ্মেঘৈৰ্মুক্তবৰ্ত্মা সুদুঃসহঃ |

প্ৰতাপস্তস্য ভানোশ্চ যুগপদ্ব্যানশে দিশঃ || ৪-১৫||

ইন্দ্ৰই যেতিয়া সামৰি থ’লে বৰ্ষাৰ ইন্দ্ৰধনু

ৰঘুৱে কৰিলে ধাৰণ বিজয় ধনু ।

এনেকৈয়ে পৰ্যায়ক্ৰমে দুয়ো ধাৰণ কৰে ধনু 

সজ উদ্দেশ্য যাৰ প্ৰজা মংগলৰ হেতু ।

বাৰ্ষিকং সংজহাৰেন্দ্ৰো ধনুৰ্জৈত্ৰং ৰঘুৰ্দধৌ |

প্ৰজাৰ্থসাধনে তৌ হি পৰ্যায়োদ্যতকাৰ্মুকৌ || ৪-১৬||

বগা পদুমৰ ছত্ৰ ধাৰণ কৰি

আৰু কঁহুৱাৰ চামৰেৰে বিৰাজ কৰি

ৰঘুক অনুকৰণ কৰিলে শৰতে 

কিন্তু তেওঁৰ সৌন্দৰ্য চুব নোৱাৰিলে ।

পুণ্ডৰীকাতপত্ৰস্তং বিকসৎকাশচামৰঃ |

ঋতুৰ্বিডম্বয়ামাস ন পুনঃ প্ৰাপ তচ্ছ্ৰিয়ম্ || ৪-১৭||

সুন্দৰ প্ৰসন্ন ৰঘুৰ মুখচন্দ্ৰৰ দ্যুতি

যেন একেই সুন্দৰ জোনৰ শুভ্ৰকান্তি

দুয়ো সাধিছিল দৃষ্টি দিয়াজনৰ প্ৰীতি ।

প্ৰসাদসমুখে তস্মিংশ্চন্দ্ৰে চ বিশদপ্ৰভে |

তদা চক্ষুষ্মতাং প্ৰীতিৰাসীৎসমৰসা দ্বয়োঃ || ৪-১৮||

ৰঘুৰ গৰিমা যেন বিচ্ছুৰিত কৰে তৰাৰ থুপিয়ে

গুণগান কৰে উৰি যোৱা ৰাজহংসৰ শাৰীয়ে

যশ বিয়পায় পদুমেৰে ভৰা পূৰ্ণ জলাশয়ে ।

হংসশ্ৰেণীষু তাৰাসু কুমুদ্বৎসু চ বাৰিষু |

বিভূতয়স্তদীয়ানাং পৰ্যস্তা যশসামিব || ৪-১৯||

কুঁহিয়াৰৰ ছাঁত বহি ধানৰখীয়া তিৰোতাই জুৰিছে গান

সেই গানৰ উৎস ৰঘুৰ যশগুণ

শিশুহঁতৰ  কথাতো তেওঁৰেই গুণগান  ।

ইক্ষুচ্ছায়নিষাদিন্যস্তস্য গোপ্তুৰ্গুণোদয়ম্ |

আকুমাৰকথোদ্ধাতং শালিগোপ্যো জগুৰ্যশঃ || ৪-২০||

কলচী-জাত ঋষিৰ (অগস্ত্য) নক্ষত্ৰৰ উদয়ত 

জলাধাৰ হ’ল স্বচ্ছ শীতৰ আগমনত ।

পিছে শতৰুৰ মন মোলান পৰিল পৰাক্ৰমী ৰঘুৰ ভয়ত ।

প্ৰসসাদোদয়াদম্ভঃ কুম্ভয়োনেৰ্মহৌজসঃ |

ৰঘোৰভিভবাশঙ্কি চুক্ষুভে দ্বিষতাং মনঃ|| ৪-২১||

লীলাক্ৰমে ৰঘুৱে যেনেকৈ কৰে বিক্ৰমৰ প্ৰদৰ্শন

বিশাল কুঁজৰ ষাঁড়ৰ এজাকে কৰে বিদীৰ্ণ 

নদীৰ পলসুৱা পাৰ ক্ৰীড়াতে যেন  ।

মদোদগ্ৰাঃ ককুদ্মন্তঃ সৰিতাং কূলমুদ্ৰুজাঃ |

লীলাখেলমনুপ্ৰাপুৰ্মহোক্ষাস্তস্য বিক্ৰমম্|| ৪-২২||

মদগন্ধি সপ্তপৰ্ণ ফুলৰ গোন্ধত হৈ মতলীয়া

ৰঘুৰ হস্তীবাহিনীয়ে যেন 

অসূয়াতে বৰষিলে মদস্ৰাৱ সপ্তধাৰা ।

প্ৰসবৈঃ সপ্তপৰ্ণানাং মদগন্ধিভিৰাহতাঃ |

অসূয়য়েব তন্নাগাঃ সপ্তধৈব প্ৰসুস্ৰুবুঃ|| ৪-২৩||

নদ-নদী হ’ল তৰাং বাট-পথ হ’ল বোকাহীন

শৰতে যেন ৰণলৈ মাতিলে যাত্ৰা কৰি সুগম ।

সৰিতঃ কুৰ্বতী গাধাঃ পথশ্চাশ্যানকৰ্দমান্ |

যাত্ৰায়ৈ চোদয়ামাস তং শক্তেঃ প্ৰথমং শৰৎ|| ৪-২৪||

প্ৰথমেই,

অশ্ব-আৰতিৰ নিৰাঞ্জনা যজ্ঞ ৰাজনে কৰিলে সম্পন্ন

প্ৰজ্জ্বলিত বহ্নি দক্ষিণমুখী হৈ কৰিলে যেন জয়দান ।

তস্মৈ সম্যগ্ঘুতো বহ্নিৰ্বাজিনীৰাজনাবিধৌ |

প্ৰদক্ষিণাৰ্চিৰ্ব্যাজেন হস্তেনেব জয়ং দদৌ|| ৪-২৫||

ৰাজধানী আৰু দূৰ্গ কৰি সুৰক্ষিত

ৰাজ্যৰ প্ৰান্তৰো কৰি ৰক্ষণৰে শুদ্ধ

দৈৱবলেৰ সহায়ত কৰিলে দ্বিগ্বিজয় যাত্ৰা 

লগত লৈ ছয় প্ৰকাৰ সৈন্য ।

স গুপ্তমূলপ্ৰত্যন্তঃ শুদ্ধপাৰ্ষ্ণিৰয়ান্বিতঃ |

ষড্বিধং বলমাদায় প্ৰতস্থে দিগ্জিগীষয়া|| ৪-২৬||

বৃদ্ধা পুৰনাৰীসকলে যাত্ৰাপথত ৰঘুলৈ ছটিয়ালে চাউল

যেন মন্দাৰ পৰ্বতত ঠেকা খাই 

ক্ষীৰসাগৰৰ জলবিন্দু বিষ্ণুৰ শৰীৰতহে পৰিল ।

অবাকিৰন্বয়োবৃদ্ধাস্তং লাজৈঃ পৌৰয়োষিতঃ |

পৃষতৈৰ্মন্দৰোদ্ধূতৈঃ ক্ষীৰোৰ্ময় ইবাচ্যুতম্|| ৪-২৭||

অন্য এক ইন্দ্ৰ যেন ৰঘুৱে ধ্বজা উৰুৱাই গমন

শত্ৰুকুলক কৰি তৰ্জন-গৰ্জন ।

প্ৰথমেই পূৰ্বদিশে কৰিলে অভিযান ।

স যয়ৌ প্ৰথমং প্ৰাচীং তুল্যঃ প্ৰাচীনবৰ্হিষা |

অহিতাননিলোদ্ধূতৈস্তৰ্জয়ন্নিব কেতুভিঃ|| ৪-২৮||

ৰথৰ চকাৰ ধূলি ওপৰলৈ উৰি  

আকাশক কৰিলে পৃথিৱী সমান ।

কলীয়া মেঘৰ দৰে হাতীৰ দলে 

পৃথিৱীক কৰিলে আকাশ সমান ।

ৰজোভিঃ স্যন্দনোদ্ধূতৈৰ্গজৈশ্চ ঘনসংনিভৈঃ |

ভুবস্তলমিব ব্যোম কুৰ্বন্ব্যোমেব ভূতলম্|| ৪-২৯||

চতুৰংগ সেনানীয়ে কৰিলে চাৰিভাগ হৈ গমন

যেন সমুখত ৰজাৰ প্ৰতাপ তাৰ পাছত প্ৰজাৰ সিংহনাদ

তাৰপিছত যায় পদাতিকৰ ধূলি আৰু তাৰপিছত ৰথাদি ।

প্ৰতাপোঽগ্ৰে ততঃ শব্দঃ পৰাগস্তদনন্তৰম্ |

যয়ৌ পশ্চাদ্ৰথাদীতি চতুঃস্কন্ধেব সা চমূঃ|| ৪-৩০||

তেওঁৰ শক্তিৰ প্ৰভাৱত 

মৰুপ্ৰান্তৰ হৈ উঠিল সুজলা

বিশাল নদীবোৰ হৈ পৰিল পাৰাপাৰ যোগ্য

উজলি উঠিল অন্ধকাৰ অৰণ্য ।

মৰুপৃষ্ঠান্যুদম্ভাংসি নাব্যাঃ সুপ্ৰতৰা নদীঃ |

বিপিনানি প্ৰকাশানি শক্তিমত্ত্বাচ্চকাৰ সঃ|| ৪-৩১||

হৰৰ জটাৰ পৰা খহি পৰা গংগাক যেনেকৈ 

পথ প্ৰদৰ্শন কৰিছিল ভগীৰথে ।

পূৰ্বসাগৰমুখী বিশাল সেনানীক পৰিচালনা কৰি

ৰঘুৱেও শোভা পালে ।

স সেনাং মহতীং কৰ্ষন্পূৰ্বসাগৰগামিনীম্ |

বভৌ হৰজটাভ্ৰষ্টাং গঙ্গামিব ভগীৰথঃ|| ৪-৩২||

হাতীৰ জাক পাৰ হৈ গ’লে তৰু যেনেকৈ 

ফলবিহীন আৰু ছিন্নভিন্নহৈ বাট মুকলি হয়

ৰঘু  পাৰ হৈ যোৱা দেশসমূহৰ 

পৰাজিত নৃপতিসকলে

বিধ্বস্ত হৈ পথ এৰি যায় । 

ত্যাজিতৈঃ ফলমুৎখাতৈৰ্ভগ্নৈশ্চ বহুধা নৃপৈঃ |

তস্যাসীদুল্বণো মাৰ্গঃ পাদপৈৰিব দন্তিনঃ|| ৪-৩৩||

এইদৰেই জয় কৰি পূবৰ সকলো দেশ

তালগছেৰে শ্যামল পূৰ্বসমুদ্ৰৰ তীৰত কৰিলে প্ৰবেশ ।

পৌৰস্ত্যানেবমাক্ৰামংস্তাংস্তাঞ্জনপদাঞ্জয়ী |

প্ৰাপ তালীবনশ্যামমুপকণ্ঠং মহোদধেঃ|| ৪-৩৪||

তেওঁৰ সৈন্যদলে বশ নমনাক কৰে উচ্ছেদ

কোবাল নদীয়ে হালি নপৰা তৃণক উভলাৰ দৰে ।

সেয়ে সুব্ৰহ্মদেশৰ ৰজাসকলেও 

বেতবনৰ দৰে লেওসেও হৈ বশ্যতাস্বীকাৰ কৰিলে।

অনম্ৰাণাং সমুদ্ধৰ্তুস্তস্মাৎসিন্ধুৰয়াদিব |

আত্মা সংৰক্ষিতঃ সুহ্মৈৰ্বৃত্তিমাশ্ৰিত্য বৈতসীম্|| ৪-৩৫||

নৌকাযুদ্ধত বংগদেশৰ ৰজাসকলক উৎখাত কৰাৰ পিছত

ৰঘুৱে বিজয়স্তম্ভ থাপিলে গংগাস্ৰোতৰ দ্বীপসমূহত ।

বঙ্গানুৎখায় তৰসা নেতা নৌসাধনোদ্যতান্ |

নিচখান জয়স্তম্ভান্গঙ্গাস্ৰোতোন্তৰেষু সঃ|| ৪-৩৬||

উৎখাত অধিপতিসকলে প্ৰণিপাত জনালে পাদপদ্মত

প্ৰতিস্থিত কৰিছিল সবাকে পুনৰ নিজৰ পদত ।

এবাৰ উঘালি পুনৰ ৰোপন কৰা

 ধানৰ ঠোক ভৰপূৰ হয় যেনেকৈ

ৰঘুও উপঢৌকনেৰে সংবৰ্ধিত হ’ল তেনেকৈ ।

আপাদপদ্মপ্ৰণতাঃ কলমা ইব তে ৰঘুম্ |

ফলৈঃ সংবৰ্ধয়ামাসুৰুৎখাতপ্ৰতিৰোপিতাঃ|| ৪-৩৭||

কপিশা নদী কৰিলে অতিক্ৰম সেনানীয়ে হাতীৰে নিৰ্মিত সেতুৰে 

উৎকলবাসীয়ে দেখুৱা পথৰে যাত্ৰা কৰিলে কলিংগলৈ ।

স তীৰ্ত্বা কপিশাং সৈন্যৈৰ্বদ্ধদ্বিৰদসেতুভিঃ |

উৎকলাদৰ্শিতপথঃ কলিঙ্গাভিমুখো যয়ৌ|| ৪-৩৮||

মাউতে অংকুশেৰে হাতীৰ মূৰত খোছাৰ দৰে

মাজপথত থকা মহেন্দ্ৰ পৰ্বতৰ শীৰ্ষত 

তেওঁ প্ৰতাপ স্থাপন কৰিলে ।

স প্ৰতাপং মহেন্দ্ৰস্য মূৰ্ধ্নি তীক্ষ্ণং ন্যবেশয়ৎ |

অঙ্কুশং দ্বিৰদস্যেব যন্তা গম্ভীৰবেদিনঃ|| ৪-৩৯||

পাখি কাটিবলৈ উদ্যত ইন্দ্ৰক 

শিলা দলিয়াই আক্ৰমণ কৰিছিল যিদৰে পৰ্বতে ।

হস্তীবাহিনীৰে বলীয়ান কলিংগৰাজেও 

স্বজন বিনাশ দেখি ৰঘুক আক্ৰমণ কৰিলে ।

প্ৰতিজগ্ৰাহ কালিঙ্গস্তমস্ত্ৰৈৰ্গজসাধনঃ |

পক্ষচ্ছেদোদ্যতং শক্ৰং শিলাবৰ্ষীব পৰ্বতঃ|| ৪-৪০||

তীখাৰ কাঁড়ৰ বৰষুণৰ বিষ এনেকৈ সহিলে

কাকুৎস্থৰ উত্তৰাধিকাৰী ৰঘুৱে

বিধিমত মংগলস্নান যেন বিজয়ৰ বাবে ।

দ্বিষাং বিষহ্য কাকুৎস্থস্তত্ৰ নাৰাচদুৰ্দিনম্ |

সন্মঙ্গলস্নাত ইব প্ৰতিপেদে জয়শ্ৰিয়ম্ || ৪-৪১||

তাতেই ভাল ঠাই চাই ৰঘুৰ সৈন্যদলে

পাণৰ পাতৰ পানপাত্ৰত পান কৰিলে  নাৰিকলৰ মদিৰা 

তাৰ লগতেই যেন পি থ’লে শত্ৰুপক্ষৰ যশস্যা ।

তাম্বূলীনাং দলৈস্তত্ৰ ৰচিতাপানভূময়ঃ |

নাৰিকেলাসবং যোধাঃ শাত্ৰবং চ পপুৰ্যশঃ || ৪-৪২||

মহেন্দ্ৰৰাজক জয় কৰি ৰঘু ধৰ্ম-বিজয়ী

ভূমি হৰণ নকৰি কেৱল হৰিলে ৰজাৰ শ্ৰী ।

গৃহীতপ্ৰতিমুক্তস্য স ধৰ্মবিজয়ী নৃপঃ |

শ্ৰিয়ং মহেন্দ্ৰনাথস্য জহাৰ ন তু মেদিনীম্ || ৪-৪৩||

তাৰপিছত তামোল গছৰে শোভিত সমুদ্ৰতটেৰে 

কৰিলে দক্ষিণলৈ বিজয়-নিস্পৃহ অগস্ত্য যাত্ৰা ।

ততো বেলাতটেনৈব ফলবৎপূগমালিনা |

অগস্ত্যাচৰিতামাশামনাশাস্যজয়ো যয়ৌ || ৪-৪৪||

সুবাসিত হ’ল কাবেৰী নদী

সৈনিকৰ জলকেলি আৰু হস্তীকুলৰ মদগন্ধৰে 

জলাধিপতি সমুদ্ৰ যেন সন্দিহান হ’ল প্ৰিয়া কাবেৰীৰ প্ৰতি ।

স সৈন্যপৰিভোগেণ গজদানসুগন্ধিনা |

কাবেৰীং সৰিতাং পত্যুঃ শঙ্কনীয়ামিবাকৰোৎ || ৪-৪৫||

ম
লেখকৰ পৰিচয়

মূল: মহাকবি কালিদাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)