৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মৰ্মান্তিক

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২৬ জুলাই, ২০২৫
২ মিনিট পঠন • ৩৯২১ বাৰ পঢ়া হৈছে

 কুশল দত্ত

 

আহাৰ-শাওণে জাগল পাতিছে

আটাইবোৰ সেউজীয়া কজলা হৈ তিতি আছে শোকত

 

ঘাঁহ বন জোপোহা লতাবোৰ তিতি আছে শোকত

পুনি মেটেকা ভেঁট পদুমবোৰ তিতি আছে শোকত

কলমৌ কেঁহেৰু চেঁচুৰ শেলুকবোৰ তিতি আছে শোকত

ইকৰা খাগৰি উলূ বৰতাবোৰ তিতি আছে শোকত

পাটীদৈ তৰাপাত কৌপাত কলপাতবোৰ তিতি আছে শোকত

বাঁহ বেত শাল শলখ মজ পূজাৰ আঁহত আজাৰ আটাইবোৰ

হোলোং ওদাল শিমলু মদাৰ উৰি-আম হিজল আটাইবোৰ

 

আৰু

আটাইৰে বেজাৰত চকুপানীৰ বৰষুণত

আয়ুসৰ চাউল গণি গণি ঘৰৰ মূধচত

চৌকাৰ জুইত উতলা পানীৰ দৰে উতলি

অনন্ত কালৰ অপেক্ষাৰে মই মাথোঁ ৰৈ আছোঁ

এখন নাৱৰ বাবে

 

কাইলৈও যদি পানী নকমে

নাহৰণি টিলা ডুবি গাভিনী গঁড়জনী উটি যাব

বন দেৱতাৰ সখী জলকুঁৱৰীৰ ঘৰলে’

 

গঁড়জনীৰ দৰেই দুখত কজলা হৈ

অলপ দূৰৈৰ আন এটা ঘৰৰ মূধচৰপৰা

ভাহি আহিছে এফাকি অকলশৰীয়া ঘোষা

তাতোকৈও দূৰৈৰপৰা শুনি কি নুশুনি পানী ভেদি

বতাহ ভেদি আকাশ ভেদি তিনিজাঁই গুলী—

বিকট-বিবৰ্ণ-মৰ্মান্তিক...

***

২৫-০৭-২৫

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)