৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আশাবাদী সমীকৰণ Poem February 2026

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ২৪ জানুৱাৰী, ২০২৬
২ মিনিট পঠন • ২৩৮০ বাৰ পঢ়া হৈছে

অঞ্জুমণি ভৰালী


এখন "নাম্মা য়াত্ৰি" অট'লৈ অপেক্ষা
এডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়া
একাপ ফিল্টাৰ কফি.. গৰম
...
যিমান দূৰলৈ চাব পাৰি
গোটেই বাটতো লানি পাতি থকা গাড়ীবোৰ
ৰৈ থকাৰ বিচিত্ৰতা..বিভিন্নতা
মোৰ পদাৰ্থ বিজ্ঞানৰ অংকবোৰলৈ মনত পৰিছে
KE = ½mv²
আৰু ফ্ৰিকচন
আমি যে ইয়াত ৰৈ থাকিও গৈ আছোঁ আচলতে
হিচাপ কৰাঁচোন স্থিতি শক্তি ..গতি শক্তি
এবাৰ তোমাৰ
এবাৰ মোৰ
এবাৰ আমাৰ
সমীকৰণবোৰ সহজ আৰু জীৱনতো
সহজ যেন লগাটো নাই !
...
মনত আছেনে পঢ়িছিলো "পলায়ন বেগ"
কিমান বেগেৰে গুছি গলে আমি
আকৰ্ষণৰপৰা মুক্ত হৈ পৰিম !
মানুহৰ আকৰ্ষণ
পৃথিৱীৰ মধ্যাকৰ্ষণ
...
সকলোৰে কেন্দ্ৰবিন্দু থাকে
প্ৰায় সকলোৰে
তুমি কি ভাবাঁ...
...
কফিকাপ শেষ হ'ল
অ'টখন যে আহিব পাৰিব
তাৰ আশাও প্ৰায় নোহোৱা হ'ল
...
শুনা, এইবাৰ মোক লগ পাবলৈ
এই অনিশ্চিত বাটেৰে নাহিবা
সুনিশ্চিতহৈ আহিবা..
আৰু লগপোৱাৰ পিছত
মোৰ ডায়েৰিত..তোমাৰ কলমেৰে
আমি কেন্দ্ৰবিন্দু আৰু কক্ষপথৰ
এটা নতুন সমীকৰণ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম
আশাবাদী ..
***

ঠিকনা : বাংগালোৰ, কৰ্ণা'ক
অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)