৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এডৰা সোণালী ধান হৈ poem-niru-dutta-2024

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ • প্ৰকাশিতঃ ৩০ নৱেম্বৰ, ২০২৪
২ মিনিট পঠন • ৩৬৮৪ বাৰ পঢ়া হৈছে

 নিৰু দত্ত

 

মোৰ দেউতাৰ ঘামৰ

সোণালী মুকুতা আঘোণ

কুঁৱলীৰ সীপাৰে

শাওণৰ বুকুত লেটি লোৱা

আইৰ কুশলী  হাতৰ বাখৰ ।

 

উদং পথাৰখন বুকুত লৈ

দৌৰি ফুৰে এজাক ল'ৰালি

ৰবাবৰ ফুটবল গুৰিয়াই তহিলং

দদাইৰ কঠিয়াতলি ।

 

হুৰাই অনা ল'ৰালিয়ে 

আখৰত চকু থৈ

সন্ধিয়া বৰশী বায়

আইৰ আখল মলমলাই

টোকণি পুখুৰী চবিয়াই

ধৰি অনা পুঠি-দৰিকণা

বাৰীৰ ন-শাকৰ সানমিহলি।

 

গোঁসাই  ঐ,  নৰাই কটা কলাফুলৰ

অম্ল-মধুৰ বিষত মিঠাতেলৰ পৰশ!

নৰা-পেঁপাৰ ৰাগ মাৰ যায়

 চেঁচোৰৰ শিপাত  ।

 

শ্বেয়াৰ মাৰ্কেটৰ সূচ্যাংকৰ দৰে

কেৰিয়াৰ নামৰ বাহনত  উঠাৰে পৰা

ছেট জিপিটিয়ে খৰকৈ আঙুলি চলায়

ধাৰ কৰা মগজুত

চিন্তাৰ পাক সলাই সলাই

মৰণা এটাই ধান সৰায় ।

 

এডৰা সোণালী ধান হৈ

আঘোণ আহে দুচকুলৈ

মৌসৰা সপোনতো  চকু মুদো

কিজানি ভাগি আহে অবাধ্য সাগৰ।

           ***

সৰুপথাৰ-৭৮৫৬০১

গোলাঘাট

 

অ
লেখকৰ পৰিচয়

অন্যযুগ সাহিত্য পৰিষদ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)