৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰন্ধন কলা

লেখকঃ নিতুমণি দাস শৰ্মা • প্ৰকাশিতঃ ৩০ ডিচেম্বৰ, ২০২০
৩ মিনিট পঠন • ৪১১ বাৰ পঢ়া হৈছে
ৰন্ধন কলা
ডাঙৰকৈ চাওক (Zoom)

নাৰিকলৰ সৈতে বৰা চাউলৰ চুঙাপিঠা



উপকৰণ:
বৰা চাউলৰ পিঠাগুড়ি‍:  ১/২ কেজি
নাৰিকল: এফাল ৰুকি লোৱা
চেনি: ১ কাপ
বাঁহৰ চুঙা: দুটা 

প্ৰণালী: বৰা চাউলখিনি ৮ ঘণ্টা পানীত তিয়াই থ’ব৷ তাৰ পাছত টুকি লৈ ভালকৈ ধুই ৰুকি লোৱা নাৰিকল আৰু চেনিৰ লগত মিহলাই তৈয়াৰী কৰি ৰখা চুঙাকেইটাত  আধালৈ ভৰাই জোখমতে সিজিব পৰাকৈ পানী দি  বাঁহৰ মুখখন খেৰ বা কলপাতেৰে ঢাকি কমেও ২০ মিনিট সময় জুইত পুৰিব৷ চুঙাটোৰ বাহিৰখন ক’লা পৰিলে জুইৰ পৰা আঁতৰাই ঠাণ্ডা হলে চুঙাটো ফালি পিঠাখিনি উলিয়াই দৈ আৰু গুৰৰ লগত পৰিৱেশন কৰক৷

  কাজুৰে গিলাচ পিঠা

 

উপকৰণ:

পিঠাগুড়ি‍: ৪ কাপ
চেনি: ৪ চাহ-চামুচ
নিমখ: এচিকুট 
কাজু: ১৫০ গ্ৰাম গুৰি কৰি ল'ব৷
কাগজৰ চাহ খোৱা কাপ: ২ টা

প্ৰণালী: পাত্ৰ এটিত পিঠাগুড়ি‍খিনিৰ সৈতে কাজুৰ গুড়ি‍, চেনি আৰু নিমখ এচিকুট সানি লৈ চালনি এখনত লৈ ভালকৈ হাতেৰে হেচি চালি ল’ব৷ তাৰ পাছত কাগজৰ গিলাচ দুটাৰ তলত  ছিদ্ৰ কৰি লৈ গিলাচৰ মুখলৈকে পিঠাগুড়িখিনি ভৰাই ল'ব। কুকাৰ এটাত আধালৈ পানী  উতলাই তাত হুইছেলটো খুলি ঢাকনিখন লগাই হুইছেলৰ ঠাইত গিলাচটো বহুৱাই ওপৰত বাটি‍ এটাৰে ঢাকি দিব। দুই মিনিটৰ পাছত নমাই থওক৷  ঠিক তেনেদৰে আনটো গিলাচো কৰক৷ এইদৰে গোটেইখিনি পিঠাগুড়িৰে পিঠাখিনি প্ৰস্তুত কৰি গিলাচৰ পৰা উলিয়াই পৰিৱেশন কৰিব। 

বীট আৰু নাৰিকলৰ লাড়ু

 
উপকৰণ:
নাৰিকলৰ গুড়ি: ১ কাপ 
বীট: এটা ৰুকি ল’ব 
মিল্ক্‌মেইড: ১/২ কাপ
ইলাচিৰ গুড়ি: ১/২ চামুচ
কাজু, কিচমিচ, চেৰী,  মিহিকৈ কাটি লোৱা: ১/২ কাপ
ঘিউ: ২ চামুচ 

প্ৰণালী: কেৰাহী এটা গেছত বহুৱাই ঘিউ দিব। ঘিউ গলি গ’লে তাতে বীটখিনি ভাজিব। মজি আহিলে ড্ৰাই ফুডখিনি দি দিব৷ এইদৰে আৰু দুই মিনিট ভাজি তাত নাৰিকলৰ গুড়ি দি আৰু ৫/৬ মিনিটমান কম জুইত ভাজি তাতে মিল্ক্‌মেইডখিনি  মিহলাওক৷ তাৰ পাছত ইলাচিৰ গুড়িখিনি দি ভালদৰে লৰাই লাড়ু বান্ধিব পৰা হ’লে মিশ্ৰণখিনি নমাই, চুব পৰা হ’লে লাড়ুকেইটা বান্ধি লৈ চাহৰ লগত পৰিৱেশন কৰক৷

নিতুমণি দাস শৰ্মা

ভ্ৰাম্যভাষ: ৮৮৭৬২৫৩৫৯১

ন
লেখকৰ পৰিচয়

নিতুমণি দাস শৰ্মা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অঁ সময়ত
নিতুপৰ্ণ ৰাজবংশী • ৩১ অক্টোবৰ, ২০২৬
অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী • ২ আগষ্ট, ২০২৬
অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী • ১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)