৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সেউজপুৰৰ সাধু

লেখকঃ স্মৃতিৰেখা দেৱী • প্ৰকাশিতঃ ২৬ নৱেম্বৰ, ২০২০
১৫ মিনিট পঠন • ৪১৪৬ বাৰ পঢ়া হৈছে
সেউজপুৰৰ সাধু
ডাঙৰকৈ চাওক (Zoom)

 স্মৃতিৰেখা দেৱী

 (যোৱা সংখ্যাৰ পাছৰ অংশ)

জোন ওলাবলৈ পালে কি নাপালে, বাটলুৰ বাহিৰে বাকী কেউজন সভাসদ ইতিমধ্যে মহাৰাজ কেশৰীৰ বাসস্থানত আহি উপস্থিত হ’লহিয়েই৷

‘তাৰ মানে বিষয়টোৰ গুৰুত্ব সকলোৱে বুজি পাইছে’– মহাৰাজে ভাবিলে৷

: আপোনাৰ চিন্তাৰ কাৰণটো মই কিছুদূৰলৈ বুজি পাইছোঁ মহাৰাজ৷ ৰাইজৰ মাজত অতি কম দিনৰ ভিতৰতে হোৱা কিছুমান ভাল নলগা ধৰণৰ পৰিৱৰ্তন ময়ো নেদেখাকৈ থকা নাই৷ মহামন্ত্ৰী বৃকোদৰে গহীনাই ক’লে৷ সেনাপতি হিতৰামেও ক’বলৈ ধৰিলে–

: হয় মহাৰাজ৷ ঘাইকৈ ডেকাচামক মই মন কৰি আছোঁ৷ হঠাতে বৰ অশিষ্ট হৈ উঠিছে ইহঁতবোৰ৷ কথা এষাৰ ক’লেই একেবাৰে গুজৰি-গুমৰি আহে দেখোন৷ আগতেতো সেউজপুৰত কাহানিও এনে হোৱা নাছিল৷

মহাৰাজে চকুমুদি কথাবোৰ শুনি আছিল৷ এইবাৰ তেওঁ মুখ খুলিলে–

: এতিয়া কি কৰিলে ভাল হয় আপোনালোকেই কওকচোন৷ মই মোৰ মৰমৰ প্ৰজাসকলৰ মাজত মৰামৰি হ’বলৈ দিব নোৱাৰোঁ৷ মই মোৰ পূৰ্বপুৰুষক কি বুলি উত্তৰ দিম? যিখন সেউজপুৰ ৰাজ্যৰ গুৰিতেই মৰম-চেনেহ, সহৃদয়তা, মিলাপ্ৰীতি, সেইখন সেউজপুৰত এতিয়া কিবোৰ যে হ’বলৈ ধৰিছে ...৷ মই ক’ত ভুল কৰি পেলালোঁ জানো...! যি কৰিছোঁ মোৰ প্ৰজাসকলৰ ভাল হওক বুলিয়ে কৰিছোঁ৷ কিন্তু এতিয়া দেখিছোঁ...

মহাৰাজে কথাষাৰ শেষ নকৰাকৈয়ে গভীৰ চিন্তাত মগ্ন হৈ পৰিল৷ কেউজন সভাসদেও মহাৰাজলৈ একোবাৰ চাই তলমূৰকৈ কিবা চিন্তা কৰিবলৈ ধৰিলে৷ এবাৰত মহামন্ত্ৰী বৃকোদৰে মহাৰাজৰ মনৰ ভাৰ লাঘৱ হওক বুলিয়েই ক’লে, ‘মহাৰাজ আপুনি ইমান চিন্তা নকৰিবচোন৷ এতিয়াও পৰিস্থিতি ইমান বেয়ালৈ যোৱা নাই৷ ’

ইমানপৰে মনে মনে বহি থকা বগলী পণ্ডিতে এইবাৰ গলহেকাৰি এটা মাৰি মুখ মেলিলে–

: এতিয়া প্ৰথমে আমি আমাৰ প্ৰজাসকলৰ মাজত মৰম-চেনেহ, সহৃদয়তা আদি ভাল গুণবোৰ হঠাতে নোহোৱা হোৱাৰ কাৰণটো বিচাৰি উলিয়াব লাগিব৷ কাৰণটো পালেহে তাৰ সমাধানৰ উপায় ভাবিবলৈ সুবিধা হ’ব৷ নে কি কয়? – এইবুলি বগলী পণ্ডিত অলপ ৰ’ল৷ মহাৰাজৰ মুখলৈ এবাৰ চাই তেওঁ আকৌ ক’বলৈ ধৰিলে–

: অৱশ্যে এই সমস্ত ঘটনাৰে কাৰণ কিছু দূৰলৈ মই বিচাৰি পাইছোঁ যেন লাগিছে৷ – বগলী পণ্ডিতৰ বাক্যটো শেষ হোৱাৰ লগে লগে মহাৰাজকে ধৰি কেউজনে তেওঁৰ মুখলৈ আগ্ৰহেৰে চালে৷ তেওঁলৈ চাই মহাৰাজে ক’লে–

: কৈ যোৱাঁ কৈ যোৱাঁ৷ ইমানবেলি তুমি মনে মনে থকা দেখিয়েই মই অনুমান কৰিছিলোঁ যে তুমি কিবা এটা সম্ভেদ নোপোৱাকৈ থকা নাই৷

: হয় মহাৰাজ৷ আপোনালোকে কিজানি মন কৰিছেই, আপোনাৰ নিৰ্দেশ অনুসৰি মই প্ৰায়ে অতিথি শিক্ষকদুজনৰ বিশ্ৰামগৃহলৈ অহা-যোৱা কৰি আছোঁ৷

: হয় হয়৷ কওকচোন কওক৷ আপুনি কি গম পাইছে? – আটায়ে একেলগেই সুধিলে৷

: প্ৰথম দিনা সকলো ঠিকেই আছিল৷ দ্বিতীয় দিনা মই অতিথিশালালৈ গৈয়ে তাত কিবা এটা ৰহস্যৰ গোন্ধ পাবলৈ ধৰিলোঁ৷

: কেনেকৈ? কি? – হিতৰাম অধৈৰ্য হৈ উঠিল৷

: প্ৰথম দিনা জেক বোলাজনে মোক দুখনমান কিতাপ দি কৈছিল, ‘তুমি কেইদিনমান ইয়ালৈ আহি এই কিতাপকেইখন পঢ়ি ল’বা৷’ সেইদিনা মই বিশেষ পঢ়া-শুনা নকৰি এনেয়ে দুপাতমান লুটিয়াই চাই থৈ আহিলোঁ৷ পাছদিনাহে পঢ়িবলৈ লৈ দেখিলোঁ৷

: কি দেখিলা, কি দেখিলা? – এইবাৰ মহাৰাজে যেন ধৈৰ্য হেৰুৱাই পেলালে৷

: মহাৰাজ, কিতাপ কেইখনত ভাষা, গণিত, বিজ্ঞান আদি বিষয়তকৈ কিবা বিপ্লৱৰ কথাহে বেছিকৈ আছে৷

: বিপ্লৱ!!! আটাইকেইজনে একেলগে আচৰিত হ’ল৷

: হয় মহাৰাজ, বিপ্লৱ৷ ইংলেণ্ডৰ জমিদাৰী পামক পশুপামলৈ ৰূপান্তৰিত কৰাৰ আঁৰত থকা বিপ্লৱ৷ কি ভয়ঙ্কৰ মহাৰাজ ! কি ভয়ঙ্কৰ সেই ষড়যন্ত্ৰবোৰ ! যিজন লোকে অতি কষ্টৰে পামখন পাতিছিল সেইজনৰে বিৰুদ্ধে বিপ্লৱ কৰি তেওঁক সেই পামৰপৰা পহুখেদা দি গাহৰিসকলে পশুপাম প্ৰতিষ্ঠা কৰাৰ ভয়ঙ্কৰ বৰ্ণনা মহাৰাজ৷ পশুপাম প্ৰতিষ্ঠাৰ কালত এষাৰ কথা কোৱা হৈছিল, ‘সকলো পশু সমান৷ ’ পিছে পাছলৈ হ’লগৈ কি, বোলে ‘কেৱল গাহৰিবোৰহে শ্ৰেষ্ঠ, বাকীবোৰ তলখাপৰ পশু৷ ’ আচলতে তাত গাহৰিবোৰে তলে তলে নিজৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিবলৈকে সেই বিপ্লৱৰ ধাৰণাটো জন্ম দি অকলে নোৱাৰি কাৰণে কৌশল কৰি বাকীসকল পশুৰ সহায় লৈছিল৷  বিপ্লৱৰ শেষত যিহেতু তেওঁলোক গজগজীয়া হ’ল, সেয়ে বাকীসকলৰ সহায় নহ’লেও হ’ব বুলি নিশ্চিত হৈ বাকীসকলক হেয়জ্ঞান কৰিবলৈ আৰম্ভ কৰিছিল৷ কিতাপখনৰ মতে মহাৰাজ, গাহৰিবোৰে বাকীসকল পশুক একেবাৰে ভৃত্যৰ দৰে ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকৰ বিৰোধিতা কৰিলেই চৰম শাস্তি প্ৰদান কৰিছিল৷

দীঘলীয়াকৈ কথাখিনি কওঁতে যেন বগলী পণ্ডিতৰ উশাহ-নিশাহ বন্ধ হৈহে আছিল৷ কথা শেষ কৰিয়েই তেওঁ দীঘল দীঘলকৈ উশাহ দুটামান টানি বুকুখন ভৰাই ল’লে৷ তাৰ পাছতহে তেওঁ বাকীসকলৰ মুখলৈ চালে– সকলোৰে মুখ গম্ভীৰ৷ কোনেও আনকি চকুৰ পছাৰ এটাও পেলোৱা নাই৷ হঠাতে মন্ত্ৰী বৃকোদৰে মাত লগালে–

: তাৰ পাছত?

: তাৰ পাছত কিছুদিন একো খবৰ-খাতি নাছিল৷ এতিয়া গম পাইছোঁ, বুঢ়া মেজৰ বোলা সেই বিপ্লৱৰ পৰিকল্পনা কৰা গাহৰিটোৰ নাতি-পুতিবোৰে গোপনে গোটেই পৃথিৱীৰ অৰণ্যত সেই বিপ্লৱৰে বাণী বিলাই ফুৰিছে৷ সিহঁতে বিশ্বৰ বনভ্ৰমণ কৰা বুলি এনেয়ে প্ৰচাৰহে কৰিছে৷ আচলতে কিন্তু সিহঁতৰ উদ্দেশ্যটো ভয়ঙ্কৰ৷ কাৰণ, বিভিন্ন অৰণ্যৰ গাহৰিবোৰক সিহঁতে নিজৰ মন্ত্ৰৰে প্ৰভাৱান্বিত কৰিবলৈ আৰম্ভ কৰিছে৷

কথাখিনি কৈ পণ্ডিতে আটাইলৈকে চালে৷ কোনেও একো কোৱাৰ লক্ষণ নেদেখি তেওঁ আকৌ ক’বলৈ ধৰিলে–

: এই বিষয়ে মই মোৰ গুৰু বৰটোকোলা ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ৷ তেখেতো আমাৰ সমস্যাটোক লৈ গভীৰভাৱে চিন্তিত৷ তেখেতৰ মতে বিপ্লৱ মানে কেৱল কাৰোবাৰ বিৰোধিতা কৰা বা কাজিয়া কৰা নহয়৷ সেউজপুৰৰ বিপ্লৱ হৈছে পাৰস্পৰিত মিলাপ্ৰীতিৰ, সহনশীলতাৰ৷ কিন্তু এতিয়া বিদেশী বিপ্লৱৰ আৰ্হি আহি আমাৰ ৰাজ্যতে সিন্ধি খান্দিব খুজিছে৷ পণ্ডিত ৰ’ল৷ মহামন্ত্ৰীয়ে ক’লে–

: কোনোবা এখিনিত আমাৰ কিবা এটা ভুল হৈ গৈছে, মহাৰাজ৷ আমাৰ চকুত নপৰাকৈয়ে আমি এনে এটা ভুল কৰি পেলাইছোঁ যাৰ কাৰণে আজি এনে সংকটৰ মুখামুখি হ’বলগীয়াত পৰিছোহঁক...

তেনেতে উধাতু খাই ফোঁপাই-জোপাই বাটলু আহি পালেহি৷ আহি পাই সি উশাহ নসলোৱাকৈয়ে কৈ গ’ল–

: ক্ষমা কৰিব মহাৰাজ৷ মোৰ আহি পোৱাত পলম হ’ল৷ আলোচনা কিজানি বহুদূৰ আগ বাঢ়িল৷ মই সময় মতেই ওলাইছিলোঁ, কিন্তু হঠাতে বাটতে অতিথিশালাৰ ফালে কিবা এটা দেখি ভাবিলোঁ সন্দেহটো মাৰি যোৱাই ভাল হ’ব৷

কথাখিনি কৈহে সি উশাহ ল’লে৷ মহাৰাজে তেওঁৰ তীক্ষ্ণ দৃষ্টিৰে লক্ষ্য কৰিলে, বাটলুৰ অকণমানি বুকুখনে খুব ঘন ঘনকৈ উশাহ লৈছে৷ তাৰ মানে ই কিবা এটা উত্তেজক খবৰ আনিছে, তেওঁ ভাবিলে৷ ভিতৰি ভিতৰি তেওঁ জানিবলৈ অধৈৰ্য হৈ উঠিলেও বাটলুৱে দিনৰ দিনটো পৰিশ্ৰম কৰাৰ কথা মনলৈ আনি ভাবিলে, ‘লওক, বেচেৰাটোৱে উশাহ দুটামান লৈ সুস্থ হৈ লওক৷ কথা পাছে-পৰেও শুনিম৷ সি যি দেখি আহিছে সেইখিনিতো ক’বই৷ ’ তেওঁ ক’লে, ‘হ’ব দে বোপাই, আমি বুজি পাইছোঁ৷ তই লাজো কৰিব নালাগে, লৰালৰিও কৰিব নালাগে৷ জুৰণিপাৰৰপৰা আহি পায়েই যে তই আকৌ আমাৰ সভালৈ বুলি উধাতু খাই আহিছ সেয়ে বহুত৷ এখুদমান প্ৰাণীটো হৈও তই যে নিজৰ দুখ-ভাগৰকো গণিতা নকৰি ৰাজ্যখনৰ সমস্যা সমাধানৰ কাৰণে চিন্তা কৰিছ৷ নে কি কয় সভাসদসকল? ’

আটায়ে হয় হয় বুলিলে৷

: তেনেকৈ নক’ব মহাৰাজ৷ সেউজপুৰ ৰাজ্যখন আপোনাৰ কাৰণে যি মোৰ কাৰণেও তাতকৈ কোনোগুণে কম নহয়৷ ৰাজ্যখনৰ সমস্যা মানেই আমাৰ আটাইৰে সমস্যা৷

: হয় অ’ বাটলু৷ তোৰ দৰেই আমাৰ সন্মানীয় সভাসদসকলেও তেনেকৈয়ে ভাবে৷ মই বৰ ভাগ্যৱান অ’ বাটলু৷ তহঁতৰ দৰে সভাসদ লাভ কৰি মই সঁচাকৈয়ে গৌৰৱ বোধ কৰোঁ৷ আজি সেনাপতিৰ লগতে তই, মলুৱা আৰু ছট্‌ছটী মিলি জুৰণিপাৰৰ ৰাইজৰ সমস্যাৰ যি সমাধান উলিয়ালি তাকে ভাবি মোৰ মনটো তেনেই উখল-মাখল লাগি আছে৷ তহঁত কেউজনকে মই অন্তৰৰপৰা ধন্যবাদ জনাইছোঁ৷

মহাৰাজৰ লগতে বাকীসকল সভাসদেও হিতৰাম, বাটলু, মলুৱা আৰু ছট্‌ছটীক সাধুবাদ দিলে৷ বাটলুৱে সৌহাদ্যসূচক মূৰ দুপিয়ালে৷ পিছে সেনাপতি হিতৰামহে কিছু অস্বস্তিত পৰিল৷ তেওঁ লাহেকৈ ক’বলৈ ধৰিলে–

: মহাৰাজ, আচলতে জুৰণিপাৰৰ সমস্যাটোৰ সমাধান আমাৰ বাটলু ডাঙৰীয়াইহে কৰিলে৷ একেবাৰে অকলে কৰিছে৷ মই কালি ৰাতিপুৱাৰেপৰা ৰাইজখনৰ সম্মুখত আকাশ-পাতাল ভাবি-গুণি বহিয়েই থাকিলোঁ, কিন্তু তেখেতৰ নিচিনা একো সমাধানকে উলিয়াব নোৱাৰিলোঁ৷ এখেতৰ নিচিনা বুদ্ধিৰ আগত মইহেন প্ৰকাণ্ড বাঘটো আচলতে একোৱেই নহওঁ৷

: হ’ব হ’ব৷ সেইবোৰ এতিয়া এৰক, সেনাপতি ডাঙৰীয়া৷ সমস্যা একোটা সমাধান কৰাটোহে ঘাই কথা৷ কোনে সমাধান কৰিলে কোনে কৰিব নোৱাৰিলে সেইবোৰ আলোচনা কৰাৰপৰা কাৰো একো লাভ নহয়৷ এতিয়া আচল কথালৈ অহা যাওক৷ মহাৰাজ, আলোচনা কিমান দূৰ আগ বাঢ়িল?

: একো আগ বঢ়া নাই অ’ বাটলু৷ কেৱল বগলী পণ্ডিতে বিদেশী গাহৰিদুজনে গোপনে গোপনে আমাৰ গাহৰিসকলৰ মাজত কিবা বিপ্লৱৰ কথা প্ৰচাৰ কৰাৰ প্ৰমাণ পাইছে৷  বিষয়টোৱে আমাক বৰ চিন্তাত পেলাইছে৷

: পণ্ডিত মহোদয়ে ঠিকেই কৈছে তেনেহ’লে, মহাৰাজ৷ এতিয়া মই দেখা-শুনাখিনি কওঁ শুনক৷

: ক ক৷

: মই কেইটামান সন্দেহজনক দৃশ্য দেখি আহিলোঁ মহাৰাজ৷ – কথাষাৰ কৈ বাটলু ৰ’ল আৰু আটাইৰে মুখবোৰ লক্ষ্য কৰিলে৷ মহাৰাজকে ধৰি কেউজন সভাসদে উৎসুক হৈ তাৰ ফালেই চাই আছে৷ সি কৈ গ’ল–

: মই আহি থাকোঁতে বগী নামৰ গাহৰিজনীৰ লগতে তাইৰ সমনীয়া গাহৰিদুটাক অতিথিশালাৰ পিনে যোৱা দেখিলোঁ৷ সিহঁত সাধাৰণভাৱে যোৱা নাছিল, কিবা যেন বেয়া কাম এটা কৰিবলৈহে আনে নেদেখাকৈ গৈছে তেনেকৈ গৈছিল৷ ইপিনে-সিপিনে চাই চোৰৰ দৰে যোৱা সিহঁতক দেখি মোৰ মনত সন্দেহে বাহ ল’লে৷ লগে লগে ময়ো মনে মনে সিহঁতৰ পিছ ল’লোঁ৷ মহাৰাজ, ভোলা নামৰ শৰণাৰ্থী গাহৰিটো আগৰপৰাই অতিথিশালাতে আছিল আৰু জেপোলিন নামৰ বিদেশী মাষ্টৰটোৱে... অ নহয়, মাষ্টৰজনে হাতোৰা জোঁকাৰি জোঁকাৰি তাক কিবা বুজাই আছিল৷ কথাবোৰ ভালকৈ শুনো বুলি মই আগ বাঢ়ি গ’লোঁ৷ ওচৰ চাপিহে দেখিলোঁ, ইতিমধ্যে সেউজপুৰৰ প্ৰায় আটাইবোৰ গাহৰি তাত গোট খাই কিবা গুপ্ত আলোচনা কৰিছে৷ অলপ পৰ ৰোৱাৰ পাছত মই যিটো দৃশ্য দেখিলোঁ মহাৰাজ...আপোনালোকে কিজানি বিশ্বাসেই নকৰিব৷

কথাখিনি কৈ উত্তেজিত হৈছিল বাটলু৷ সি ৰৈ দিলে৷ পিছে মহাৰাজে সুধিলে–

: কি দেখিলি? কি দেখিলি? কৈ নেপেলাৱ কিয়?

: দেখিলোঁ মানে মহাৰাজ, মোৰ নিজৰ চকুকে বিশ্বাস কৰিবলৈ টান পালোঁ জানেনে? ভুল দেখিছোঁ নেকি বুলি কেইবাবাৰো চকুহালকে টিপিয়াই চালোঁ৷ কিন্তু মই ঠিকেই দেখিছিলোঁ মহাৰাজ৷ কি দেখিলোঁ জানেনে? জেক নামৰ গাহৰিটোৱে... অ নহয়, গাহৰিজনে পিছঠেং দুটাত ভৰ দি থিয় হৈ হাতোৰা দুখনক মানুহৰ হাতৰ নিচিনাকৈ ব্যৱহাৰ কৰিবলৈ শিকাই আছিল৷ মই স্পষ্টভাৱে দেখিলোঁ৷

: সেইটো আকৌ কেনে কাণ্ড? – বাটলুৰ কথা শুনি মন্ত্ৰী বৃকোদৰে আচৰিত হৈ সুধিলে, ‘মোৰ ইমানখিনি বয়স হ’ল, অথচ কোনো গাহৰিকে তেনেকৈ মানুহৰ নিচিনাকৈ থিয় হোৱা দেখা নাই৷ অকল বান্দৰসকলৰ বাহিৰে বাকী কোনো জন্তুৱেই তেনে কৰা মই দেখা নাই৷ আপোনালোকে দেখিছে যদি অৱশ্যে মই নাজানো৷ ’

আটায়ে দেখা নাই দেখা নাই বুলি মত প্ৰকাশ কৰিলে৷ বাটলুৱে আকৌ ক’বলৈ ধৰিলে–

: মজাৰ কথাটো হ’ল, আমাৰ সেউজপুৰীয়া গাহৰিবোৰক বিদেশীটোৱে তেনে কৰিবলৈ কোৱাত প্ৰত্যেকেই যত্ন কৰিবলৈ গৈ ধুপুচ্‌ ধুপুচ্‌কৈ বাগৰিহে পৰিল৷ দৃশ্যটো বৰ ভাল লগা হৈছিল৷ ... কিন্তু মই বৰ দুখ পালোঁ, সেউজপুৰীয়া গাহৰিসকলে যেন বিদেশী গাহৰিদুটাকে নিজৰ হৰ্তা-কৰ্তা-বিধাতা বুলি মানি লৈছে৷ তাত থকা কিতাপ-পত্ৰৰ ওখ দ’মটোৰ ওপৰত উঠি মই সকলোকে ভালকৈ চালোঁ৷ সিহঁতৰ আটাইবোৰ কথাও শুনি আহিছোঁ ভালকৈ৷ বিদেশীহঁতে আমাৰ গাহৰিবোৰক কিছুমান কথা চিঞৰি চিঞৰি ক’বলৈ শিকাইছে৷ কথাবোৰ এনেকুৱা– গাহৰিসকল এখন অৰণ্যৰ মগজুস্বৰূপ৷ গাহৰিসকলেই শ্ৰেষ্ঠ, বাকীবোৰ পশু নিকৃষ্ট৷ আটাইতকৈ ডাঙৰ কথাটো হৈছে মহাৰাজ, সেউজপুৰত হেনো গাহৰিৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব সিহঁতে৷ পৃথিৱীৰ প্ৰতিখন অৰণ্যতে হেনো সিহঁতৰ গিয়াতিবোৰে গাহৰিৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব৷ ... এতিয়া অতি সোনকালে কিবা এটা হেস্ত-নেস্ত কৰিব লাগে মহাৰাজ৷

: এৰা ! বুলি মহাৰাজে এটা দীঘলীয়া হুমুনিয়াহ এৰিলে, ‘কথাবোৰ দেখোন ভবাতকৈয়ো বেছি আগ বাঢ়িছে৷ ইমান কম সময়তে বিদেশী দুজনে এনে ষড়যন্ত্ৰ ৰচিব বুলি মই কস্মিনকালেও ভবা নাছিলোঁ৷ মোৰ মৰমৰ প্ৰজাসকলৰ মাজত ভেদভাব সিঁচি সেউজপুৰৰ সাতামপুৰুষীয়া ঐক্যৰ বান্ধোন তেনেই সোলোক-ঢোলোক কৰি পেলাব খুজিছে দেখোন৷

মহাৰাজ হতাশ হোৱা যেন অনুভৱ কৰি বগলী পণ্ডিতে বুজনিৰ সুৰত ক’লে–

: ইমানকৈ চিন্তিত নহ’ব, মহাৰাজ৷ আমি ভাবি-গুণি যিমান পাৰোঁ সোনকালে কিবা এটা ব্যৱস্থা কৰিম৷ আৰু আপোনাৰ প্ৰজা গাহৰিসকলে আপোনাৰ মৰম-চেনেহ ইমান সহজে পাহৰি যাব নোৱাৰে বুলিয়েই মই বিশ্বাস কৰোঁ৷ কেৱল কিবা এক মোহ বা ভুল ধাৰণাৰ বশৱৰ্তী হৈহে তেওঁলোকে বিদেশীৰ মন্ত্ৰ ধাৰণ কৰিব খুজিছে৷

পণ্ডিতৰ কথা শুনি মহাৰাজে কিছু সকাহ পোৱা যেন অনুভৱ কৰিলে৷ হঠাতে সেনাপতি হিতৰাম উথলি উঠিল–

: ইহঁতক আৰু লাই দিব নোৱাৰি মহাৰাজ৷ মোক অনুমতি দিয়ক, মই কাইলৈকে গৈ এই বিদেশী গাহৰিদুটাক সেউজপুৰৰপৰা খেদি পঠিয়াম৷ নহ’লে সিহঁতৰ বুকু ফালি চিৰাচিৰ কৰি আমাৰ গাহৰিহঁতক সিহঁতৰ কলিজা দুটা দেখুৱাম৷ পৃথিৱীত গাহৰি ৰাজ্য পাতে ! গাহৰি ৰাজ্য !

: শান্ত হোৱাঁ সেনাপতি৷ তেনে কৰিলে হিতে বিপৰীত হ’ব৷ ভাবি-গুণিহে সিদ্ধান্ত ল’ব লাগিব৷ –মহামন্ত্ৰী বৃকোদৰে ক’লে৷ হিতৰামে ভাবিলে, মহামন্ত্ৰীৰ ল’ৰা গদাধৰ যিহেতু ইংলেণ্ডতে পঢ়া-শুনা কৰি আছে, ল’ৰাৰ অপকাৰ হয় বুলিয়েই মন্ত্ৰী মহোদয়ে তেনেকৈ কৈছে৷ সেয়ে হিতৰামে আকৌ ক’লে, ‘আপোনাৰ ল’ৰা গদাধৰৰ সিহঁতে নোম এডালো লৰাব নোৱাৰে মহামন্ত্ৰী মহোদয়৷ লাগিলে মই নিজেই গৈ তেওঁক ইংলেণ্ডৰপৰা লৈ আহিমগৈ৷ ’

: ক্ষান্ত হোৱাঁ, সেনাপতি৷ মহামন্ত্ৰী ডাঙৰীয়াই নিজৰ সন্তানৰ কথা ভাবি তোমাক তেনেকৈ কৈছে বুলি মই ভবা নাই৷ তেখেতে চিন্তা কৰিছে সেউজপুৰৰ গৰিমা ৰক্ষাৰ কথাহে৷ নহয়নে মহামন্ত্ৰী মহোদয়?

: আপুনি ঠিকেই কৈছে মহাৰাজ৷

: বাৰু তেনেহ’লে আটায়ে চিন্তা কৰক, এই সন্ধিৰ বাঁহ কি বুদ্ধিৰে কাটিব পাৰি৷ আমি তেনেহ’লে আকৌ কাইলৈ গধূলিও এনেকৈয়ে লগ হ’ম৷ কাকো বেলেগে জাননী নিদিওঁ৷ আটায়ে কথাবোৰৰ গম ল’বলৈ যত্ন কৰকচোন৷

(অহা সংখ্যালৈ বাট চোৱাঁ৷) 

শ্ৰব্য ৰূপ
স
লেখকৰ পৰিচয়

স্মৃতিৰেখা দেৱী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)