মেঘালী দত্ত ঠাকুৰীয়া
“মোহন
ইস্কুল’ক নায! বিপিন মাষ্টৰে কৈছি ৰ’হ, তোৰ পঢ়াত মন নাই বুলে৷ কেৱল বেঞ্চত বহি
ঢোলৰ চাপাৰ মাৰি থাকা! তোক
লৈ মই কি কৰিম হা...কো.. চুন৷ পিতেৰেৰ অসুখ!
ইমান টাউনৰ ডাক্তাৰক দেখলু, ভাল হ’ৱাৰ নামে
নলে দেখুন...৷ বেমাৰেও খুটি পুটি ব’ইছি দে৷ মই কোন
ফালে চাম... হা...৷”
কাঁথিৰ
পৰাই মাকৰ কথা শুনি সেমেনা-সেমেনিকৈ মোহনে
ফলি-পুথি লৈ স্কুললৈ দৌৰ
দিলে৷ “সি কি কৰবো ! পঢ়াত সি ইমান যত্ন
কৰিও মনটো বৌহাবা নৰে৷ যি হৈ হ’ব যা..৷” সি মনতে
কথাখিনি ভোৰভোৰালে ৷ মোহনে
স্কুললৈ গৈ কিতাপখিনি থেক্ চা মাৰি থৈ ল’চলি
ম’খাৰ লগত খেলা আৰম্ভ কৰি
দিলে৷ আঠ বছৰীয়া ল’ৰা এজনে কি বুজিব!
তাৰ দৰে সমনীয়াবোৰে খেলি ভাত খায়...৷
দিনে
দিনে মোহনৰ পিতাক
হৰকান্ত বৰ্মনৰ দেহা পৰি আহিল৷ মাক হৰিপ্ৰিয়াৰ
কষ্ট দেখি মোহনৰ মন বেজাৰত খহি পৰে৷
“মোহন পিতেৰে আৰু নাবাচে দে... মাতবুল বন্ধ হৈছি কালিৰ পেৰে৷ এনে উশাহ কাঢ়ি আছে দে...৷ জীৱটু যাউ যাউ কে আছে৷”
সঁচাকে বৰেৰপুৱাই হুৱাদুৱা লাগিল৷ হৰিপ্ৰিয়া কান্দি কাতি অস্থিৰ হ’ল৷ উপায় নাই৷ দৰিদ্ৰতা আৰু বেমাৰে মানুহজনক কোঙা কৰি পেলাইছে৷ হৰকান্ত বৰ্মনে শেষ নিশ্বাস ত্যাগ কৰিলে৷ অভাৱ-অনাটনত থকা ঘৰখনত আৰু এটা বিপদ আহিল৷
“মোহন, কেনকে চলবো এ ঘৰখান.. ক’বা নৰু দে...৷”
“হবুৰহ, পিতা যাবাৰনু কেইদিন হ’লাক৷ কৰিম ৰ’হ কিবা এটা...৷” মাকৰ কথাত উত্তৰ দিলে যদিও, সি গহীন হৈ পৰিল...৷
আঠ বছৰীয়া চ’লি
এটাই কি জানে!
সিয়ে বা কি কৰিব ৷ মাকে হুমুনিয়াহ কাঢ়ে৷
শৈশৱৰ সোণালী দিন দেখিবলৈও ভাগ্য লাগে! মোহনৰ ভাগ্য নহ৷ল ৷ পিতাকৰ
অকাল বিয়োগত আঠ বছৰ বয়সতে কুম’ইলা হাতেদি ঢোলৰ
মাৰি হাতত
তুলি ল’লে৷ কৈহাটীৰ ঢুলীয়া দলটো নতুনকৈ গঢ় দিলে মোহনে৷ ৰজনজনাই উঠিল
মোহনৰ ঢোলৰ চাপৰত গোটেই কৈহাটী৷ কামৰূপীয়া
কৈহাটীৰ ঢুইলাই অসমীয়া
কৃষ্টি- সংস্কৃতিৰ ধ্বজা উৰুৱাব৷
ঢুলীয়াই থিতাতে সংলাপ যুগুত কৰি ব্যংগাত্মক অভিনয়েৰে সমাজৰ বিভিন্ন দিশ উন্মোচন কৰি মনোৰঞ্জন দিয়ে ৷ ৰামায়ন- মহাভাৰতৰ আখ্যান ইয়াত উপস্থাপন কৰা হয়৷ সমাজত সচেতনতাৰ সৃষ্টি কৰাত কামৰূপী ঢুলীয়াৰ চং লোকসমাজত জনপ্ৰিয় হৈ পৰিল৷ এই চঙৰে কেন্দ্ৰীয় চৰিত্ৰ “ভাইৰা”৷
কত ত্যাগ আৰু কষ্টৰ বিনিময়ত মোহন চন্দ্ৰ বৰ্মন, মোহন ভাইৰা হ৷ল, তাক কৈহাটীৰ লগতে অসমৰ মানুহে জানে!
“মাইয়ে মই বৰপেটাৰ ৰাসোত যাম৷ পাছদিনা হে আহিম৷ তই যাবি নেকি ..হা... ?”
“নাযওঁ দে মই, এই ৰাতিখান৷ মই ক’তো থাইকপা যাবা নৰোঁ৷ তয়ে যাগে.. যা..৷”
মোহনৰ কথাত মাকে উত্তৰ দি ভাতৰ দিহা কৰিবলৈ ৰান্ধনীঘৰ সোমাল৷ মোহন ৰাতিয়ে বৰপেটালৈ যাব...৷
মোহন, নিততি আৰু দলৰ সকলোৰে গাত তত নোহোৱা হৈছে৷
“নিততি এইবাৰ আমাৰ কৈহাটীৰ ঢুইলাই নাম ক’ৰবা লাগব’ দে৷ ভাল ঢোল, তাল, ৰং, চাউলৰ গুৰা আৰু দাড়ি-মোচ বানবা আটা, ময়দা ল’বি৷ মোৰ নতুন সাজ একযোৰ চিলবা দিছু ৰ’হ৷”
“মোহন, একো চিন্তা নাই, কৈহাটীৰ ঢুইলাই এইবাৰ বৰপেটাৰ
ৰাস ফাটে দিবো৷
তোৰ বচন আৰু বুদ্ধিত কুইনো ন’ৰে দে...৷”
মোহন ভাইৰাৰ অভিনয় আৰু গোটেই দলটোৰ অভিনৱ কলা-কৌশলে নলবাৰীৰ কৈহাটীৰ ঢুলীয়া দলক উচ্চ শিখৰলৈ লৈ গ’ল৷
বৰপেটা ৰাসত তেতিয়াৰ ৰাজ্যপাল মহেন্দ্ৰ মোহন চৌধুৰী উপস্থিত আছিল৷ মোহন ভাইৰাৰ অভিনয় কৌশল আৰু ঢোল বাদনত মুগ্ধ হৈ তেখেতে পিন্ধি থকা জহৰ কোটটোকে মোহন ভাইৰাক উপহাৰ দিছিল৷
মোহন, নিততি ভৰালী আৰু দলৰ সকলোৰে আনন্দৰ সীমা নাই৷ প্ৰতিভা লুকাই নাথাকে...৷
সময়বোৰ গৈ থাকে৷ অভাৱে জুৰুলা কৰা সময় কেতিয়াবা সকলোৰে আহে! আৰ্থিক অভাৱ- অনাটনে জানো কাৰোবাৰ মনৰ ইচ্ছাক বাধা দিব পাৰে ? মোহন ভাইৰাকো নোৱাৰিলে৷ তেওঁলোকৰ হাড়ে-হিমজুৱে শিপাই আছে গাঁৱৰ কৃষ্টি- সংস্কৃতি৷ নিততি আৰু দলটোৱে ঢুলীয়া সংস্কৃতি জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰি যায়৷
“সময় একে নাই এ, নিততি৷ কি ক’ৰবি! পেটত গামচা বান্ধি থাকলিও মই ঢুলীয়া এৰবা নৰু৷ তই কি..ক’হে..হা..৷”
“মোৰো সেই একে কথা দে মোহন! বয়সো হলাক৷ ঢুইলা গায়, চং কৰিয়ে মৰিম দে...৷” মোহন ভাইৰাৰ মন বিষাদে গধুৰ কৰে৷ অৰ্থৰ অভাৱে জুৰুলা কৰে ঢুলীয়া সংস্কতি৷ ঘৰখন কেনেকৈ চলিব...৷ এটা যেন ডাঙৰ প্ৰশ্ন হৈ পৰিল...৷
কষ্টৰ ফল মিঠা....
মোহন ভাইৰাৰ ঘৰৰ কাঁথিত গাঁৱৰ মানুহৰ ভিৰ৷ ইকাণ-সিকাণ কৈ কথাটো বহুতে শুনিছিল৷ তথাপি ৰেডিঅৰ বাতৰি শুনিবলৈ ভিৰ লাগিল৷ বাতৰি আৰম্ভ হ’ল -
...“ভাৰত চৰকাৰে লোক সংস্কৃতিৰ প্ৰতি
আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে মোহন ভাইৰাক (মোহন চন্দ্ৰ বৰ্মন) সংগীত
নাটক একাডেমী বঁটাৰে সন্মানিত কৰে৷” (১৯৭৫)
মোহন ভাইৰাৰ কাঁথিখান কাঁহ পৰি জিন গেইছি...৷ মোহন ভাইৰাৰ চকুৱেদি বৈ আহিল ধাৰাসাৰ চকুপানী৷ আনন্দৰ চকুপানী৷ কষ্ট আৰু ত্যাগৰ চকুপানী...৷ মোহন চন্দ্ৰ বৰ্মনৰ পৰা “মোহন ভাইৰা” হোৱাৰ সময়খিনি কিমান কঠিন আছিল, সেয়া নিজে জানে..৷
নিততি ৰ’ব পৰা নাই৷ একে জাপে উঠি আহি মোহন ভাইৰাক সাবটি ধৰিলে৷ দুয়োৰে চকুত চকুপানী৷ আনন্দ আৰু জীৱনৰ সাধনাৰ চকুলো..৷
কৈহাটীৰ ঢুলীয়াৰ চং আৰু মোহন ভাইৰাৰ ঢোলৰ চাপৰত গোটেই অসম ৰজনজানাই গৈছে৷ নলবাৰীয়া উপভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ হ’ল৷ উপস্থিত বুদ্ধিৰে সকলোৰে মনঃসংযোগ কৰিব পৰা মোহন ভাইৰাক কোনেও চেৰ পেলাব নোৱাৰে...৷
ভাইৰা
(১) “ অ, ভায়া, আউগে আহা...
গান মাৰা চুন এটা..৷
ভাইৰা
(২) মোৰ গান
নাহে হা...
মানে.. আতখ্যান...
ভাইৰা
(১) অ,..বুজি
পাইছু...আখ্যান
আহে ...৷
অ৷,..গ...গ...তাকে...গ...হা৷
মাখিবাহাৰ সভাথলিত মানুহে ঠাহ খাই পৰিছে৷ মোহন ভাইৰাৰ চং দেখি কোনেও হাঁহিত ৰ’ব নোৱাৰা হয় ....৷
এনেকৈ হাঁহি- ধেমালিত একোখন সভা, মিটিং, পূজাথলীত মানুহৰ ভিৰ লাগে৷ জীয়াই থাকে ভাষা-সংস্কৃতি ৷ ঐতিহ্য৷
সময়বোৰ একে নাথাকে৷ মানুহৰ ৰুচিৰো পৰিবৰ্তন আহে৷ দৰিদ্ৰতাই কোঙা কৰে ঢুলীয়া সংস্কৃতি৷ হঠাতে এদিন খবৰ আহিল.....
নলবাৰীৰ কলেজ, স্কুল, অনুষ্ঠান সকলো বন্ধ হৈ পৰিল৷ সকলোৰে মনত শোকৰ ছাঁ পেলালে৷ মোহন ভাইৰাৰ দেহাৱসান হয়৷ (২০০০ চন)
দৰিদ্ৰতাৰ লগত যুদ্ধ কৰি গাঁৱলীয়া সমাজৰ কৃষ্টি-সংস্কৃতিৰ হকে আজীৱন কাম কৰি যোৱা মানুহ বীৰল৷ মোহন ভাইৰাৰ ত্যাগে সকলোৰে অন্তৰ চুই যায়৷ ছাত্ৰ সমাজৰ মাজত গুণাগাথা চলিল! কি কৰা যায়....৷
সেয়ে কৈহাটীৰ কেইজনমান উঠি আহা ডেকা আৰু ছাত্ৰ সন্থাৰ নলবাৰী শাখাই সংগীত নাটক একাডেমী বঁটা বিজয়ী মোহন ভাইৰাৰ স্মৃতিত এটা বঁটা দিবলৈ স্থিৰ কৰিলে...৷ লোক কলা-সংস্কৃতিৰ হকে কাম কৰা গ্ৰাম্য আঞ্চলৰ শিল্পীক এই বঁটা প্ৰদান কৰা হ’ব৷
নলবাৰীৰ কলেজ -স্কুলত সেইদিনা উথপথপ পৰিবেশ...৷ সকলোৱে যাব মোহন ভাইৰাৰ স্মৃতিত দিয়া বঁটা প্ৰদানৰ সভালৈ ...৷
“বীণা আজি স্বহীদ ভৱনক যাবিনা৷ ছাত্ৰ সন্থাৰ মিটিং আছে৷ আমাক যাবা কৈ গেইছি৷ মোহন ভাইৰাৰ নামত গ্ৰাম্য অঞ্চলৰ লোকশিল্পীক বঁটা প্ৰদান কৰবো৷”
“যাম দে, মোক লগ ধৰবি৷ ৰামচৰণ ভৰালীক এইবাৰ বঁটা দিয়া হ’ব বোলে...৷”
খৰখেদাকৈ দুয়ো যাবলৈ সাজু হ’ল...৷
অতীতৰ স্মতিয়ে কেতিয়াবা বৰ আমনি কৰে ৷ সকলোৱে জানে, সিহঁতেও জানে, জীয়াই ৰাখিলেহে জীয়াই থাকে ভাষা, কৃষ্টি- সংস্কৃতি...৷
***
ভ্ৰাম্যভাষ-৬০০২৯১৫০৫৪
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)