৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰঘুবংশ

লেখকঃ মূল : মহাকবি কালিদাস • প্ৰকাশিতঃ ২৭ আগষ্ট, ২০২৩
১৯ মিনিট পঠন • ৩৩২২ বাৰ পঢ়া হৈছে
ৰঘুবংশ
ডাঙৰকৈ চাওক (Zoom)

 মূল : মহাকবি কালিদাস

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত



 || ঊনবিংশ অধায় ||

জীৱনৰ বেলি পশ্চিম পালেহি জিতেন্দ্ৰিয় ৰাঘৱ সুদৰ্শনৰ,

অগ্নিৰ দৰে তেজস্বী পুত্ৰ অগ্নিবৰ্ণক দি ৰাজ্যভাৰ,

পশ্চিমৰ নৈমিষাৰণ্যলৈ সন্ন্যাসৰ বাবে কৰিলে গমন ।

অগ্নিবৰ্ণমভিষিচ্য ৰাঘবঃ স্বে পদে তনয়মগ্নিতেজসম্ |

শিশ্ৰিয়ে শ্ৰুতবতামপশ্চিমঃ পশ্চিমে বয়সি নৈমিষং বশী || ১৯-১||

তীৰ্থজলত স্নান কৰি পাহৰিলে ৰাজ-সৰোবৰ,

কুশশয্যাত স্নান কৰি পাহৰিলে সুখ পালেঙৰ,

ৰাজপ্ৰাসাদ পাহৰি গ’ল বাস কৰি কুটীৰত,

তপত মগন হ’ল নিস্পৃহ হৈ ফলাফলত ।

তত্ৰ তীৰ্থসলিলেন দীৰ্ঘিকাস্তল্পমন্তৰিতভূমিভিঃ কুশৈঃ |

সৌধবাসমুটজেন বিস্মৃতঃ সংচিকায় ফলনিঃস্পৃহস্তপঃ || ১৯-২||

অগ্নিবৰ্ণই মেদিনীৰ গুৰুভাৰ অনায়াসে কৰিলে বহন,

শত্ৰুঞ্জয়ী পিতৃয়ে সুপ্ৰতিস্থিত কৰি  

পুত্ৰক ভোগৰ বাবে কৰিলে পৃথিৱী অৰ্পণ ।

লব্ধপালনবিধৌ ন তৎসুতঃ খেদমাপ গুৰুণা হি মেদিনী |

ভোক্তুমেব ভুজনিৰ্জিতদ্বিষা ন প্ৰসাধয়িতুমস্য কল্পিতা || ১৯-৩||

কিছুবছৰ ধৰি কুলৰ মৰ্যাদাৰে নিজে কৰিলে ৰাজ্যশাসন,

তাৰ পাছত কাম আৰু ভোগপ্ৰিয় অগ্নিবৰ্ণই 

মন্ত্ৰীসকলৰ হাতত শাসনৰ ভাৰ কৰি অৰ্পণ,

নাৰীৰ সংগত যাপন কৰিলে নিজৰ নবীন যৌৱন ।

সোঽধিকাৰমভিকঃ কুলোচিতং কাশ্চন স্বয়মবৰ্তয়ৎসমাঃ |

সংনিবেশ্য সচিবেষ্বতঃপৰং স্ত্ৰীবিধেয়নবয়ৌবনোঽভবৎ || ১৯-৪||

কামিনীসকলৰ সাহচৰ্যত আৰু মৃদংগ-ধ্বনিত হ’ল ৰাজভৱন মুখৰ,

উৎসৱ-প্ৰীতিভোজৰ পয়োভৰে অতিক্ৰম কৰিলে পূৰ্বৰ অভিলেখ উৎসৱৰ ।

কামিনীসহচৰস্য কামিনস্তস্য বেশ্মসু মৃদঙ্গনাদিষু |

ঋদ্ধিমন্তমধিকৰ্দ্ধিৰুত্তৰঃ পূৰ্বমুৎসবমপোহদুৎসবঃ || ১৯-৫||

ইন্দ্ৰিয়সুখ অবিহনে নোৱাৰিছিল এপলকো থাকিব,

সেয়ে অন্তেষপুৰতে হৈছিল তেওঁৰ দিবা-নিশি অতিবাহিত,

তেওঁৰ সাক্ষাতৰ বাবে উৎসুক অধীৰ প্ৰজা হৈছিল বঞ্চিত ।

ইন্দ্ৰিয়াৰ্থপৰিশূন্যমক্ষমঃ সোঢুমেকমপি স ক্ষণান্তৰম্ |

অন্তৰেব বিহৰন্দিবানিশং ন ব্যপৈক্ষত সমুৎসুকাঃ প্ৰজাঃ || ১৯-৬||

কদাকাচিৎ মন্ত্ৰীমণ্ডলীৰ অনুনয়ত গৱাক্ষৰে দেখুৱাইছিল এখনি চৰণ,

তাৰেই সাধিত হৈছিল প্ৰজাসকলৰ আকংক্ষিত ৰাজদৰ্শন ।

গৌৰবাদ্যদপি জাতু মন্ত্ৰিণাং দৰ্শনং প্ৰকৃতিকাঙ্ক্ষিতং দদৌ |

তদ্গবাক্ষবিবৰাবলম্বিনা কেবলেন চৰণেন কল্পিতম্ || ১৯-৭||

কোমল আভাযুক্ত নখেৰে, উদিত সূৰুযৰ কিৰণত জিলিকা ,

ৰঙা পদুমৰ দৰে সেই চৰণত প্ৰজাসৱে জনাইছিল সেৱা ।

তং কৃতপ্ৰণতয়োঽনুজীবিনঃ কোমলাত্মনখৰাগৰূষিতম্ |

ভেজিৰে নবদিবাকৰাতপস্পৃষ্টপঙ্কজতুলাধিৰোহণম্ || ১৯-৮||

কামতৰংগত বুৰ গ’ল অগ্নিবৰ্ণ,

যৌৱনা নাৰীৰ উন্নত বক্ষৰ পৰশত কঁপি উঠা পদুমেৰে ভৰা আৰু

গোপন অভিসাৰগৃহযুক্ত জলাধাৰত তেওঁ জলকেলি কৰিলে ।

যৌবনোন্নতবিলাসিনীস্তনক্ষোভলোলকমলাশ্চ দীৰ্ঘিকাঃ |

গূঢমোহনগৃহাস্তদম্বুভিঃ স ব্যগাহত বিগাঢমন্মথঃ || ১৯-৯||

জলক্ৰীড়াত সুন্দৰীসকলৰ ধুই গৈছিল চকুৰ কাজল, 

উটি গৈছিল অধৰৰ ৰঞ্জক,

অংগনাসৱৰ প্ৰসাধনহীন প্ৰকৃত কান্তিময় মুখে

ৰজাক বেছিকৈহে কৰিছিল মোহিত ।

তত্ৰ সেকহৃতলোচনাঞ্জনৈৰ্ধৌতৰাগপৰিপাটলাধৰৈঃ |

অঙ্গনাস্তমধিকং ব্যলোভয়ন্নৰ্পিতপ্ৰকৃতকান্তিভিৰ্মুখৈঃ || ১৯-১০||

হস্তিনীৰ সৈতে গজৰাজে যেনেকৈ যায় সুৱাসিত কমলৰ সৰোবৰলৈ,

তেনেকৈ তেওঁ প্ৰেয়সীসকলক লৈ গৈছিল আকৰ্ষক মধুগন্ধী পানাগাৰলৈ ।

ঘ্ৰাণকান্তমধুগন্ধকৰ্ষিণীঃ পানভূমিৰচনাঃ প্ৰিয়াসখঃ |

অভ্যপদ্যত স বাসিতাসখঃ পুষ্পিতাঃ কমলিনীৰিব দ্বিপঃ || ১৯-১১||

সুৰাৰ ৰাগি লাগি সুন্দৰীসকলৰ তেওঁৰ প্ৰতি আকাংক্ষা বাঢ়ি গৈছিল গোপনে,

স্ত্ৰীসকলে পান কৰিছিল তেওঁ মুখৰ উচ্ছিষ্ট সুৰা বকুল-বৃক্ষই কৰা দোহদৰ দৰে।

সাতিৰেকমদকাৰণং ৰহস্তেন দত্তমভিলেষুৰঙ্গনাঃ |

তাভিৰপ্যুপহৃতং মুখাসবং সোঽপিবদ্বকুলতুল্যদোহদঃ || ১৯-১২||

সুনয়না, সুবচনী সুন্দৰী আৰু মনোহৰ ধ্বনিৰ বীণ,

তেওঁৰ কোলা এই দুইৰে পৰ্যায়ক্ৰমে ভৰি আছিল,

সেই কোলা কেতিয়াও শূন্য নহৈছিল। 

অঙ্কমঙ্কপৰিবৰ্তনোচিতে তস্য নিন্যতুৰশূন্যতামুভে |

বল্লকী চ হৃদয়ংগমক্ষমা বল্গুবাগপি চ বামলোচনা || ১৯-১৩||

অগ্নিবৰ্ণ স্বয়ং আছিল পাৰ্গত মৃদংগ বাদনত,

বজাইছিল মালা আৰু হাতৰ বলয়  কৰি আন্দোলিত,

নৰ্তকীয়ে ভুল কৰিছিল নৃত্যাভিনয়ত তেওঁৰ প্ৰতি হৈ মুগ্ধ

আৰু সমুখৰ গুৰুৰ আগত হৈ পৰিছিল বৰ লজ্জিত ।

স স্বয়ং প্ৰহতপুষ্কৰঃ কৃতী লোলমাল্যবলয়ো হৰন্মনঃ |

নৰ্তকীৰভিনয়াতিলঙ্ঘিনীঃ পাৰ্শ্ববৰ্তিষু গুৰুষ্বলজ্জয়ৎ || ১৯-১৪||

মোহনীয় নৃত্যৰ শেষত পৰিশ্ৰান্ত নৰ্তকীৰ ঘামত তিলক বৈ যায়,

সেই সৌন্দৰ্যময় মুখ আদৰেৰে শুঙি কৰিছিল অধৰসুধা পান,

যেন অমৰেশ্বৰ আৰু অলকেশ্বৰৰ সুখকো তেওঁ কৰিছিল অতিক্ৰম ।

(অমৰেশ্বৰ - ইন্দ্ৰ,  অলকেশ্বৰ- কুবেৰ)

চাৰু নৃত্যবিগমে স তন্মুখং স্বেদভিন্নতিলকং পৰিশ্ৰমাৎ |

প্ৰেমদত্তবদনানিলঃ পিবন্নত্যজীবদমৰালকেশ্বৰৌ || ১৯-১৫||

সদায়েই তেওঁ কৰিছিল নতুন কামনাৰ সংগীৰ সন্ধান,

প্ৰেয়সীয়ে সেয়ে সম্ভোগ আধৰুৱা কৰি,

পুনৰ্মিলনৰ আশাত অপূৰ্ণ কৰি থৈছিল সুখ মিলনৰ । 

তস্য সাবৰণদৃষ্টসংধয়ঃ কাম্যবস্তুষু নবেষু সঙ্গিনঃ |

বল্লভাভিৰুপসৃত্য চক্ৰিৰে সামিভুক্তবিষয়াঃ সমাগমা || ১৯-১৬||

প্ৰেয়সীক প্ৰবঞ্চনা কৰি তেওঁৰ ভাগ্যত মিলিছিল,

ক’ৰবাত ফুলৰ পাহিৰ দৰে আঙুলিৰ তৰ্জন-গৰ্জন,

ক’ৰবাত কটাক্ষৰে ভৰা কুটিল ভ্ৰূ-সংকোচন,

অথবা অদৃষ্টত আছিল কঁকালৰ কিংকিনীৰ বন্ধন ।

অঙ্গুলীকিসলয়াগ্ৰতৰ্জনং ভ্ৰূবিভঙ্গকুটিলং চ বীক্ষিতম্ |

মেখলাভিৰসকৃচ্চ বন্ধনং বঞ্চয়ন্প্ৰণয়িনীৰবাপ সঃ || ১৯-১৭||

ৰাত্ৰিযাপনৰ বাবে নিৰ্দিষ্ট প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ

শুনিছিল কামিনীৰ বিৰহকাতৰ প্ৰলাপ,

দূতীয়ে জনোৱামতেই গোপনে তেওঁৰ পিছত ৰৈ।

তেন দূতিবিদিতং নিষেদুষা পৃষ্ঠতঃ সুৰতবাৰৰাত্ৰিষু |

শুশ্ৰুবে প্ৰিয়জনস্য কাতৰং বিপ্ৰলম্ভপৰিশঙ্কিনো বচঃ || ১৯-১৮||

মহিষীসকলে যেতিয়া কৰি ৰাখে তেওঁক পৰিবেষ্টিত

দুৰ্লভ হৈ উঠে ঈপ্সিত নৰ্তকীৰ সংগ,

ঘামত সিক্ত তুলিকাৰে আলেখ্য আঁকি তেওঁলোকৰ অংগত 

কোনোমতে কৰিছিল সময় ব্যতীত ।

লৌল্যমেত্য গৃহিণীপৰিগ্ৰহান্নৰ্তকীষ্বসুলভাসু তদ্বপুঃ |

বৰ্ততে স্ম স কথংচিদালিখন্নঙ্গুলীক্ষৰণসন্নবৰ্তিকঃ || ১৯-১৯||

প্ৰেমগৰ্বিত বিপক্ষৰ প্ৰতি ঈৰ্ষাত দহি আৰু কামাতুৰা হৈ, 

ৰাণীসকলে খং-অভিমান সামৰি থৈ , 

উৎসৱ-বিধিৰ দোহাই দি কৃতাৰ্থ হৈছিল তেওঁক কাষত পাই ।

প্ৰেমগৰ্বিতবিপক্ষমৎসৰাদায়তাশ্চ মদনান্মহীক্ষিতম্ |

নিন্যুৰুৎসববিধিচ্ছলেন তং দেব্য উজ্ঝিতৰুষঃ কৃতাৰ্থতাম্ || ১৯-২০||

ৰাতিপুৱা যেতিয়া অভিমানী প্ৰণয়িনীয়ে দেখে 

তেওঁৰ শৰীৰত সম্ভোগ চিহ্ন, 

হাতযোৰ কৰি যেনেতেনে কৰে তেওঁলোকক প্ৰসন্ন ।

পিছে অগ্নিবৰ্ণৰ প্ৰণয়জনিত ভাগৰৰ বাবে তেওঁলোক পুনৰ হয় অসন্তুষ্ট ।

প্ৰাতৰেত্য পৰিভোগশোভিনা দৰ্শনেন কৃতখণ্ডনব্যথাঃ |

প্ৰাঞ্জলিঃ প্ৰণয়িনীঃ প্ৰসাদয়ন্সোঽদুনোৎপ্ৰণয়মন্থৰঃ পুনঃ || ১৯-২১||

সপোনতো যেতিয়া তেওঁ নাম লয় বিপক্ষ কোনো নাৰীৰ,

মহিষীসকলে নীৰৱে উচুপি সিক্ত কৰে শয্যাৰ কাপোৰ,

আৰু খঙত পিঠি দি শোওঁতে ভাগে বলয় হাতৰ  ।

স্বপ্নকীৰ্তিতবিপক্ষমঙ্গনাঃ প্ৰত্যভৈৎসুৰবদন্ত্য এব তম্ |

প্ৰচ্ছদান্তগলিতাশ্ৰুবিন্দুভিঃ ক্ৰোধভিন্নবলয়ৈৰ্বিবৰ্তনৈঃ || ১৯-২২||

দূতীয়ে দেখুৱাই দিয়া পথ অনুসৰণ কৰি লতাগৃহৰ ফুলশয্যাত,

সম্ভোগ কৰিছিল ৰাণীৰ ভয়ত কম্পিত পৰিচাৰিকাসকলক ।

কৃপ্তপুষ্পশয়নাঁল্লতাগৃহানেত্য দূতিকৃতমাৰ্গদৰ্শনঃ |

অন্বভূৎপৰিজনাঙ্গনাৰতং সোঽবৰোধভয়বেপথূত্তৰম্ || ১৯-২৩||

অন্যমনস্ক হৈ যদি তেওঁ ভুলকৈ মাতে অন্য নাৰীৰ নামেৰে,

সুন্দৰীয়ে কয় - মাতিলা মোক যাৰ নামেৰে,

মই হৈছোঁ লালায়িত তেওঁৰ সৌভাগ্যৰ আকাংক্ষাৰে।

নাম বল্লভজনস্য তে ময়া প্ৰাপ্য ভাগ্যমপি তস্য কাঙ্ক্ষ্যতে |

লোলুপং ননু মনো মমেতি তং গোত্ৰবিস্খলিতমূচুৰঙ্গনাঃ || ১৯-২৪||

মচখোৱা প্ৰসাধনেৰে পিংগল, ছিগি যোৱা ফুলৰ মালা সিঁচৰিত,

ছিন্ন-ভিন্ন কিংকিণী আৰু আলতাৰ ৰঙেৰে ৰঞ্জিত,

শয়নৰ পৰা উঠাৰ পাছত সেই অবিন্যস্ত শয্যাই ,

সেই কামবিলাসীৰ বিভিন্ন ৰতিক্ৰীড়াৰ কথা দিয়ে দেখুৱাই ।

চূৰ্ণবভ্ৰু লুলিতস্ৰগাকুলং ছিন্নমেখলমলক্তকাঙ্কিতম্ |

উত্থিতস্য শয়নং বিলাসিনস্তস্য বিভ্ৰমৰতান্যপাবৃণোৎ || ১৯-২৫||

নাৰীৰ চৰণত তেওঁ নিজহাতে আলতা আঁকিছিল ,

পিছে, যেতিয়া তেওঁলোকৰ কাপোৰ পিছলি প্ৰকট হৈছিল 

অকল কিংকিণী পিন্ধা উৰু আৰু নিতম্ব,

মনোনিৱেশ নহৈছিল অঁকাত, দৃষ্টি তাতে হৈছিল নিবদ্ধ।

স স্বয়ং চৰণৰাগমাদধে যোষিতাং ন চ তথা সমাহিতঃ |

লোভ্যমাননয়নঃ শ্লথাংশুকৈৰ্মেখলাগুণপদৈৰ্নিতম্বিভিঃ || ১৯-২৬||

চুম্বনৰ সময়ত ওঁঠ নিয়ে আঁতৰাই,

মেখলা শিথিল কৰিব খোজা হাততো ধৰি দিয়ে বাধা,

ইচ্ছাত বাধা পালেও জ্বলি থাকে নাৰীসম্ভোগৰ কামাগ্নি সৰ্বথা । 

চুম্বনে বিপৰিবৰ্তিতাধৰং হস্তৰোধি ৰশনাবিঘট্টনে |

বিঘ্নিতেচ্ছমপি তস্য সৰ্বতো মন্মথেন্ধনমভূদ্বধূৰতম্ || ১৯-২৭||

দাপোণৰ আগত ৰৈ চাই থাকোঁতে কামনাৰ পৰিভোগ-চিহ্ন,

গোপনে কামিনীৰ পিছত ৰৈ ৰজাই কৰে পৰিহাস,

হঠাতে তেওঁৰ প্ৰতিবিম্ব দেখি প্ৰেয়সী হয় লজ্জাৱনত । 

দৰ্পণেষু পৰিভোগদৰ্শিনীৰ্নৰ্মপূৰ্বমনুপৃষ্ঠসংস্থিতঃ |

ছায়য়া স্মিতমনোজ্ঞয়া বধূৰ্হ্ৰীনিমীলিতমুখীশ্চকাৰ সঃ || ১৯-২৮||

চৰণৰ আগেৰে স্পৰ্শ কৰি তেওঁৰ দুভৰি,

কোমল বাহুৰে কণ্ঠলগ্না হৈ প্ৰেয়সীয়ে,

শুই উঠি তেওঁৰ পৰা প্ৰাৰ্থনা কৰে,

এটি শেষ চুম্বন ৰাতিটো শেষ হ’লে ।

কণ্ঠসক্তমৃদুবাহুবন্ধনং ন্যস্তপাদতলমগ্ৰপাদয়োঃ |

প্ৰাৰ্থয়ন্ত শয়নোত্থিতং প্ৰিয়াস্তং নিশাত্যয়বিসৰ্গচুম্বনম্ || ১৯-২৯||

ইন্দ্ৰকো হাৰ মনাব পৰা নিজৰ ৰাজৱেশ দৰ্পণত দেখি 

নৱ-যুৱক অগ্নিবৰ্ণই  নাপায় সিমান তৃপ্তি,

যিমান সুখী হয় নাৰীৰ শৰীৰত জিলিকি থকা পৰিভোগ-চিহ্ন দেখি ।

প্ৰেক্ষ্য দৰ্পণতলস্থমাত্মনো ৰাজবেষমতিশক্ৰশোভিনম্ |

পিপ্ৰিয়ে ন স তথা যথা যুবা ব্যক্তলক্ষ্মপৰিভোগমণ্ডনম্ || ১৯-৩০||

বন্ধুৰ বিশেষ কাম আছে বুলি আঁতৰি যাব খুজিলে ছলেৰে,

চুলিত মুঠি মাৰি ধৰি কয় প্ৰেয়সীয়ে-

হে শঠ, তোমাৰ আঁতৰি যোৱাৰ চাতুৰী বুজোঁ ভালদৰে ।

মিত্ৰকৃত্যমপদিশ্য পাৰ্শ্বতঃ প্ৰস্থিতং তমনবস্থিতং প্ৰিয়াঃ |

বিদ্ম হে শঠ পলায়নচ্ছলান্যঞ্জসেতি ৰুৰুধুঃ কচগ্ৰহৈঃ || ১৯-৩১||

তেওঁৰ নিৰ্দয় ৰতিশ্ৰমত নাৰী ভাগৰুৱা হৈ,

বৃহৎ দুবাহুৰ মাজত শুই ‘কণ্ঠসূত্ৰ’ নামে আলিংগনৰ আশ্ৰয় লয় ।

আৰু  সুডৌল স্তনত লেপিত চন্দন বিমৰ্দনত মচ খায়।

তস্য নিৰ্দয়ৰতিশ্ৰমালসাঃ কণ্ঠসূত্ৰমপদিশ্য যোষিতঃ |

অধ্যশেৰত বৃহদ্ভুজান্তৰং পীবৰস্তনবিলুপ্তচন্দনম্ || ১৯-৩২||

ৰাতি সংগমৰ আশাত দূতীয়ে নিৰ্দেশ কৰা গোপন বাটেৰে হওঁতে অগ্ৰসৰ,

সুন্দৰী প্ৰেয়সীসৱে গম পাই তেওঁক টানি আনি কয়,

হে কামুক, আমাক কিয় কৰিছা বঞ্চনা আন্ধাৰৰ সুযোগ লৈ ?

সংগমায় নিশি গূঢচাৰিণং চাৰদূতিকথিতং পুৰোগতাঃ |

বঞ্চয়িষ্যসি কুতস্তমোবৃতঃ কামুকেতি চকৃষুস্তমঙ্গনাঃ || ১৯-৩৩||

জোনৰ পোহৰত ওৰে ৰাতি ফুলি থকা 

ভেঁটফুলে দিনত পাহি জপোৱাৰ দৰে,

ওৰে ৰাতি সাৰে থাকি ৰমণীৰ সংসৰ্গত,

ৰাজনে শয়ন কৰিছিল দিনত।

যোষিতামুডুপতেৰিবাৰ্চিষাং স্পৰ্শনিবৃতিমসাববাপ্নুবন্ |

আৰুৰোহ কুমুদাকৰোপমাং ৰাত্ৰিজাগৰপৰো দিবাশয়ঃ || ১৯-৩৪||

নৰ্তকীসকলে দন্তক্ষত হোৱা ওঁঠৰে বজাব পৰা নাছিল বাঁহী,

নখক্ষত থকা উৰুত লৈ বাদন কৰিব পৰা নাছিল বীণা,

এনে শিল্পকাৰ্যত কষ্ট হওঁতে তাহাঁতে কৰা কটাক্ষত মোহিত হৈছিল ৰজা ।

বেণুনা দশনপীডিতাধৰা বীণয়া নখপদাঙ্কিতোৰবঃ |

শিল্পকাৰ্য উভয়েন বেজিতাস্তং বিজিহ্মনয়না ব্যলোভয়ন্ || ১৯-৩৫||

নৰ্তকীসকলক নিজেই শিকাইছিল অভিনয়ৰ আংগিক, সাত্বিক আৰু সংগীত,

প্ৰয়োগনিপুণ নাট্যাচাৰ্যৰ সৈতে কৰিছিল প্ৰতিদ্বন্দ্বিতা মিত্ৰ-মণ্ডলীৰ উপস্থিতিত । 

অঙ্গসত্ত্ববচনাশ্ৰয়ং মিথঃ স্ত্ৰীষু নৃত্যমুপধায় দৰ্শয়ন্ |

স প্ৰয়োগনিপুণৈঃ প্ৰয়োক্তৃভিঃ সংজঘৰ্ষ সহ মিত্ৰসংনিধৌ || ১৯-৩৬||

বাৰিষা সজাই লৈ কৃত্ৰিম পাহাৰ 

আৰু তাত চতুৰ্দিশে এৰি নৃত্যৰত ময়ূৰ,

পিন্ধি কূটজ আৰু অৰ্জুন ফুলৰ মালা, 

প্ৰসাধন কৰিলে কদম্বফুলৰ ৰেণুৰে,

অতি ৰমণীয় সুখে বিহাৰ কৰিলে ।

অংসলম্বিকুটজাৰ্জুনস্ৰজস্তস্য নীপৰজসাঙ্গৰাগিণঃ |

প্ৰাবৃষি প্ৰমদবৰ্হিণেষ্বভূৎকৃত্ৰিমাদ্ৰিষু বিহাৰবিভ্ৰমঃ || ১৯-৩৭||

তেওঁ অনুনয় নকৰে অভিমান কৰি লগত শুবলৈ অনিচ্ছুক সংগিনীক,

মনতে কামনা কৰে মেঘৰ গৰ্জনত ভীতা হৈ নিজে আহি সোমাওক বাহুবন্ধনত ।

বিগ্ৰহাচ্চ শয়নে পৰাঙ্মুখীৰ্নানুনেতুমবলাঃ স তৎবৰে |

আচকাঙ্ক্ষ ঘনশব্দবিক্লবাস্তা বিবৃত্য বিশতীৰ্ভুজান্তৰম্ || ১৯-৩৮||

সুন্দৰী অংগনাসকলৰ লগত কাতিমাহৰ নিৰ্মল ৰাতি চন্দ্ৰতাপ অঁৰা প্ৰাসাদত,

উপভোগ কৰিছিল সম্ভোগৰ শান্তিহৰণকাৰী প্ৰকাশময় মেঘমুক্ত জোনাক।

কাৰ্তিকীষু সবিতানহৰ্ম্যভাগ্যামিনীষু ললিতাঙ্গনাসখঃ |

অন্বভুঙ্ক্ত সুৰতশ্ৰমাপহাং মেঘমুক্তবিশদাং স চন্দ্ৰিকাম্ || ১৯-৩৯||

ৰাজসৌধৰ গৱাক্ষৰে চাইছিল,

নাৰীৰ নিতম্ব সদৃশ নদীতীৰত ৰাজহংসৰ  কিকিংণী পিন্ধা 

নিজৰ প্ৰিয়াৰ দৰে সৌন্দৰ্যময়ী সৰযূনদীৰ শোভা ।

সৈকতং স সৰয়ূং বিবৃণ্বতীং শ্ৰোণিবিম্বমিব হংসমেখলম্ |

স্বপ্ৰিয়াবিলসিতানুকাৰিণীং সৌধজালবিবৰৈৰ্ব্যলোকয়ৎ || ১৯-৪০||

, 

অগৰুধূপৰ সুৱাসিত ধোঁৱাত ৰুণুজুনু ধ্বনিৰ সুবৰ্ণময় কঁকালবন্ধনী

আৰু হেমন্তকালত পিন্ধা বস্ত্ৰ সামান্য নমাই শৰীৰ প্ৰদৰ্শন কৰি, 

সৰু সুগঠিত কঁকালৰ সুন্দৰীয়ে প্ৰলোভিত কৰিছিল ৰজাক,

যিজন আছিল মেখলা শিথিল কৰা আৰু বন্ধন কৰাত অতিকে আগ্ৰহী ।

মৰ্মৰৈৰগুৰুধূপগন্ধিভিৰ্ব্যক্তহেমৰশনৈস্তমেকতঃ |

জহ্ৰুৰাগ্ৰথনমোক্ষলোলুপং হৈমনৈৰ্নিবসনৈঃ সুমধ্যমাঃ || ১৯-৪১||

নিথৰ বায়ুৰ কোঠাত অন্তেষপুৰৰ, 

অকম্পিত প্ৰদীপ জ্বলা শীতৰ ৰাতিবোৰ সাক্ষী হৈছিল,

তেওঁৰ কামক্ৰীড়াৰ সকলো কৌশলৰ ।

অৰ্পিতস্তিমিতদীপদৃষ্টয়ো গৰ্ভবেশ্মসু নিবাতকুক্ষিষু |

তস্য সৰ্বসুৰতান্তৰক্ষমাঃ সাক্ষিতাং শিশিৰৰাত্ৰয়ো যয়ুঃ || ১৯-৪২||

দক্ষিণা সমীৰত ফুলি উঠা আমৰ ফুল দেখি,

বিৰহ সহিব নোৱাৰি প্ৰেয়সীসকলে অভিমান এৰি

অনুনয় কৰিলে তেওঁৰ সান্নিধ্য বিচাৰি ।

দক্ষিণেন পবনেন সংভৃতং প্ৰেক্ষ্য চূতকুসুমং সপল্লবম্ |

অন্বনৈষুৰবধূতবিগ্ৰহাস্তং দুৰুৎসহবিয়োগমঙ্গনাঃ || ১৯-৪৩||

এগৰাকী অংগনাক কোলাত লৈ দোলনাত বহে

দোলাই  দিয়ে পৰিচাৰকে,

দোলনাৰ ৰচী তেওঁ কৌশলেৰে এৰি দিয়ে,

যাতে ভয়তে সুন্দৰীয়ে সজোৰে সাবটি ধৰে ।

তাঃ স্বমঙ্কমধিৰোপ্য দোলয়া প্ৰেঙ্খয়ন্পৰিজনাপবিদ্ধয়া |

মুক্তৰজ্জু নিবিডং ভয়চ্ছলাৎকণ্ঠবন্ধনমবাপ বাহুভিঃ || ১৯-৪৪||

অংগনাসকলে গ্ৰীষ্মত বক্ষত সানি চন্দন,

আকৰ্ষণীয় মুকুতাৰ অলংকাৰ কৰি পৰিধান,

নিতম্বত পিন্ধি মণিময় মেখলা, কৰে তেওঁৰ মনোৰঞ্জন।

তং পয়োধৰনিষিক্তচন্দনৈৰ্মৌক্তিকগ্ৰথিতচাৰুভূষণৈঃ |

গ্ৰীষ্মবেষবিধিভিঃ সিষেবিৰে শ্ৰোণিলম্বিমণিমেখলৈঃ প্ৰিয়াঃ || ১৯-৪৫||

বসন্তৰ শেষত মনলৈ অহা ক্লান্তি নাশি আনে নতুন উৎসাহ ঘূৰাই,

তেওঁ পান কৰা আম্ৰপল্লৱ আৰু তেজৰঙা পাটলফুলৰ ৰেণুৰ সুৰাই ।

যৎস লগ্নসহকাৰমাসবং ৰক্তপাটলসমাগমং পপৌ |

তেন তস্য মধুনিৰ্গমাৎকৃশশ্চিত্তয়োনিৰভবৎপুনৰ্নবঃ || ১৯-৪৬||

এনেদৰেই সকলো কৰ্মৰ প্ৰতি বিমুখ হৈ,

অত্যধিক কাম-বাসনা আৰু ইন্দ্ৰিয়সুখত বুৰ গৈ,

অতিৱাহিত কৰিলে সকলো ঋতু বাসনাত মত্ত হৈ ।

এবমিন্দ্ৰিয়সুখানি নিৰ্বিশন্নন্যকাৰ্যবিমুখঃ স পাৰ্থিবঃ |

আত্মলক্ষণনিবেদিতানৃতূনত্যবাহয়দনঙ্গবাহিতঃ || ১৯-৪৭||

যদিও আছিল বিষয়ভোগত প্ৰমত্ত, 

তেতিয়াও তেওঁৰ ৰাজশক্তি আছিল দৃঢ়,

সেয়েহে অন্য ৰজাই আক্ৰমণ কৰিব পৰা নাছিল তেওঁৰ ৰাজ্য,

পিছে দক্ষৰ শাপে চন্দ্ৰক আক্ৰান্ত কৰাৰ দৰে

অতিমাত্ৰা কাম-সম্ভোগৰ ৰোগত তেওঁ হ’ল আক্ৰান্ত ।

তং প্ৰমত্তমপি ন প্ৰভাবতঃ শেকুৰাক্ৰমিতুমন্যপাৰ্থিবাঃ |

আময়স্তু ৰতিৰাগসংভবো দক্ষশাপ ইব চন্দ্ৰমক্ষিণোৎ || ১৯-৪৮||

জানিও নেৰিলে দূষিত আসক্তি অমান্য কৰি বৈদ্যৰ নিৰ্দেশ ,

এবাৰ আকৃষ্ট হ’লে বৰ কঠিন ত্যাগ কৰা ৰমণীয় ইন্দ্ৰিয়সুখ। 

দৃষ্টদোষমপি তন্ন সোঽত্যজৎসঙ্গবস্তু ভিষজামনাশ্ৰবঃ |

স্বাদুভিস্তু বিষয়ৈৰ্হৃতস্ততো দুঃখমিন্দ্ৰিয়গণো নিবাৰ্যতে || ১৯-৪৯||

তেওঁৰ মুখ হ’ল শেঁতা হালধীয়া, 

ক্ষীণ শৰীৰত কমকৈ পিন্ধে অলংকাৰ,

অৱলম্বন লৈ কৰে গমন, ভগ্ন কণ্ঠস্বৰ ।

ৰাজযক্ষ্মাত ভূগি কামুকৰ দশা কামনাতে হ’ল ভংগুৰ ।

তস্য পাণ্ডুবদনাল্পভূষণা সাবলম্বগমনা মৃদুস্বনা |

ৰাজয়ক্ষ্মপৰিহানিৰায়য়ৌ কাময়ানসমবস্থয়া তুলাম্ || ১৯-৫০||

ক্ষয়ৰোগ আক্ৰান্ত ৰজাক লৈ সেই বংশৰ পৰিণতি হ’ল -

পশ্চিমত চন্দ্ৰৰ শেষ কলাৰ জিলিঙনি থকা আকাশৰ দৰে,

গ্ৰীষ্মৰ তাপত শুকাই সামান্য বোকা ৰৈ যোৱা জলাধাৰৰ দৰে,

নুমাওঁ নুমাওঁ যেন হোৱা প্ৰদীপৰ শিখাৰ দৰে । 

ব্যোম পশ্চিমকলাস্থিতেন্দু বা পঙ্কশেষমিব ঘৰ্মপল্বলম্ |

ৰাজ্ঞি তৎকুলমভূৎক্ষয়াতুৰে বামনাৰ্চিৰিব দীপভাজনম্ || ১৯-৫১||

মন্ত্ৰীবৰ্গই গোপনে ৰাখিলে ৰজাৰ অসুস্থতা,

অমংগলৰ আশংকাত ভোগে বুলি প্ৰজা,

বাৰম্বাৰ জনালে, পুত্ৰলাভৰ বাবে দিনটো ধৰ্ম-কৰ্মত ব্যস্ত ৰজা ।

বাঢমেষ দিবসেষু পাৰ্থিবঃ কৰ্ম সাধয়তি পুত্ৰজন্মনে |

ইত্যদৰ্শিতৰুজোঽস্য মন্ত্ৰিণঃ শশ্বদূচুৰঘশঙ্কিনীঃ প্ৰজাঃ || ১৯-৫২||

অলেখ নাৰীৰে সংসৰ্গ কৰিও অগ্নিবৰ্ণই

নেদেখিলে কুলসন্তানৰ মুখ পিতৃঋণ সুজিবলৈ,

তাৰ পাছত দীপে যেনেকৈ নোৱাৰে এৰাব বায়ু, 

ৰোগ অতিক্ৰম কৰিব নোৱাৰি,

বৈদ্যৰ যতন ব্যৰ্থ কৰি আঁকোৱালি ল’লে মৃত্যু ।

স ৎবনেকবনিতাসখোঽপি সন্পাবনীমনবলোক্য সংততিম্ |

বৈদ্যয়ত্নপৰিভাবিনং গদং ন প্ৰদীপ ইব বায়ুমত্যগাৎ || ১৯-৫৩||

অন্ত্যেষ্টিক্ৰিয়াত কুশলী পুৰোহিতেৰে,

ৰোগশান্তি কৰা বুলি প্ৰাসাদৰ উপবনতে, 

মন্ত্ৰীসকলে ৰজাৰ দাহকাৰ্য কৰিলে গোপনে।

তং গৃহোপবনএব সংগতাঃ পশ্চিমক্ৰতুবিদা পুৰোধসা |

ৰোগশান্তিমপদিশ্য মন্ত্ৰিণঃ সংভৃতে শিখিনি গূঢমাদধুঃ || ১৯-৫৪||

সাধুজনে দেখিলে অগ্নিবৰ্ণৰ সহধৰ্মিনী মহিষী সঁচাই শুভগৰ্ভলক্ষণা,

তাৰ পাছত মন্ত্ৰীসকলে মুখ্য পৌৰপতিসকলৰ সৈতে কৰি মন্ত্ৰণা,

সেই মহিষীকে ৰাজসিংহাসনত কৰিলে অধিষ্ঠিতা ।

তৈঃ কৃতপ্ৰকৃতিমুখ্যসংগ্ৰহৈৰাশু তস্য সহধৰ্মচাৰিণী |

সাধু দৃষ্টশুভগৰ্ভলক্ষণা প্ৰত্যপদ্যত নৰাধিপশ্ৰিয়ম্ || ১৯-৫৫||

ৰজাৰ এনে কৰুণ মৃত্যুত তপত চকুলোত উত্তপ্ত হৈ উঠা তেওঁৰ গৰ্ভ,

সোণৰ কলহ নিসৃত শীতল বংশাভিষেক জলত স্নান কৰি হ’ল শান্ত ।

তস্যাস্তথাবিধনৰেন্দ্ৰবিপত্তিশোকা-

দুষ্ণৈৰ্বিলোচনজলৈঃ প্ৰথমাভিতপ্তঃ |

নিৰ্বাপিতঃ কনককুম্ভমুখোজ্ঝিতেন

বংশাভিষেকবিধিনা শিশিৰেণ গৰ্ভঃ || ১৯-৫৬||

তাৰ পাছত, 

প্ৰজাই কৰিলে মাথোঁ প্ৰসৱৰ অপেক্ষা ।

মানুহৰ বাবে পৃথিৱীয়ে যিদৰে  শাওনত ৰোপণ কৰা শস্য ধাৰণ কৰে বক্ষত,

তেনেদৰে সগৰ্ভা ৰাজমহিষীয়ে স্বামীৰ ৰাজ্য শাসন কৰিলে যথাবিধি,

সোণৰ সিংহাসনত বহি অভিজ্ঞ মন্ত্ৰীগণৰ সহায়ত ।

তেওঁৰেই আজ্ঞা সৰ্বত্ৰ হৈ থাকিল অব্যাহত ।

তং ভাবাৰ্থং প্ৰসবসময়াকাঙ্ক্ষিণীনাং প্ৰজানা-

মন্তৰ্গূঢং ক্ষিতিৰিব নভোবীজমুষ্টিং দধানা |

মৌলৈঃ সাৰ্ধং স্থবিৰসচিবৈৰ্হেমসিংহাসনস্থা

ৰাজ্ঞী ৰাজ্যং বিধিবদশিষদ্ভৰ্তুৰব্যাহতাজ্ঞা || ১৯-৫৭||

( উনবিংশ অধ্যয় সমাপ্ত )

*ৰঘুবংশম্ মহাকাব্য সমাপ্ত*

ম
লেখকৰ পৰিচয়

মূল : মহাকবি কালিদাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)