৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জয়ন্ত বিষ্ণু নাৰ্লিকাৰলৈ শ্ৰদ্ধাঞ্জলি

লেখকঃ ড০ পৰমানন্দ মহন্ত • প্ৰকাশিতঃ ৩০ জুন, ২০২৫
৮ মিনিট পঠন • ৩৯৫১ বাৰ পঢ়া হৈছে
জয়ন্ত বিষ্ণু নাৰ্লিকাৰলৈ শ্ৰদ্ধাঞ্জলি
ডাঙৰকৈ চাওক (Zoom)

 ড০ পৰমানন্দ মহন্ত

 

ভাৰতৰ অগ্ৰণী জ্যোতিপদাৰ্থবিদ ড০ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ ২০ মে’ (২০২৫)ত দেহাৱসান ঘটে৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকাৰ সময়ত ১৯৬৪ চনতেই তেওঁ খ্যাতি লাভ কৰে মহাকৰ্ষণ সম্বন্ধে এটা বিকল্প তত্ত্ব দাঙি ধৰি৷ গৱেষণা গুৰু অধ্যাপক ফ্ৰড হয়লৰ লগত যুটীয়াভাৱে উদ্ভাৱন কৰা এই তত্ত্বটোৱে হয়ল-নাৰ্লিকাৰ তত্ত্ব নামেৰে প্ৰসিদ্ধি লাভ কৰে৷ মহাৰাষ্ট্ৰৰ কোলাপুৰত ১৯৩৮ (১৯ জুলাই) চনত জন্ম লাভ কৰা নাৰ্লিকাৰৰ কৰ্মস্থান বানাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বি. এছ. চি স্নাতক হৈ ১৯৫৭ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা আহৰণ কৰেগৈ৷ ১৯৫৭-৭২ চনৰ এই সুদীৰ্ঘ কালছোৱাত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ বি. এ., এম. এ., পি. এইচ্. ডি আৰু ডি. এছ. চি – এই আটাইকেউটা ডিগ্ৰী লাভ কৰাৰ উপৰি বি. এ. মহলাৰ গণিত বিষয়ৰ ৰেংলাৰ হৈ সুনাম আৰ্জিছিল৷ ১৯৬৫ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰা ইনষ্টিটিউট অব থিঅ’ৰিটিকেল এষ্ট্ৰ’ন’মিৰ প্ৰতিষ্ঠাপক সদস্য হৈ ১৯৭২ চনত ভাৰতলৈ ঘূৰি অহালৈকে কৰ্মৰত আছিল৷ ১৯৬৩ চনৰ পৰা তেওঁ কিংছ কলেজৰ সন্মানীয় ফেল’(সদস্য) হৈ আছিল৷

মুম্বাইৰ অগ্ৰণী গৱেষণা অনুষ্ঠান টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিছাৰ্চ (TIFR)ত অধ্যাপক পদত নিয়োজিত হৈ নাৰ্লিকাৰে জ্যোতিপদাৰ্থবিজ্ঞানৰ তাত্ত্বিক গৱেষণাৰ গোটটোক শক্তিশালী কৰিলে৷ ১৯৮৮ চনত বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ আহ্বানক্ৰমে তেওঁ পুণে আন্তঃবিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিপদাৰ্থবিজ্ঞান কেন্দ্ৰ (IUCAA) স্থাপন কৰি ভাৰতৰ বিশ্ববিদ্যালয়সমূহত জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিপদাৰ্থবিজ্ঞান শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখন উজ্জীৱিত কৰি তুলিলে৷ এই দুই বিষয়ত কেন্দ্ৰটোত হোৱা গৱেষণাই আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰিছে আৰু ইয়াক অতি উচ্চ উৎকৰ্ষৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়৷ এনে এটা অনুষ্ঠান গঢ় দিয়াৰ কৃতিত্বৰ কাৰণে Third World Academy নামৰ আন্তৰ্জাতিক গৱেষণা অনুষ্ঠানে ২০১৪ চনত নাৰ্লিকাৰক অতি সন্মানীয় Third World Academy Prize টো প্ৰদান কৰে৷ ২০০৩ চনত IUCAA সঞ্চালকৰ পদৰ পৰা অৱসৰ লোৱাৰ পাছতো এমেৰিটাছ অধ্যাপকৰূপে আমৃত্যু তেওঁ অনুষ্ঠানটোৰ লগত জড়িত হৈ আছিল৷

জ্যোতিপদাৰ্থবৈজ্ঞানিক গৱেষণাৰ বাহিৰেও নাৰ্লিকাৰ বিজ্ঞানৰ প্ৰচাৰৰ এজন উদ্যোগী কৰ্মী আছিল৷ কেম্ব্ৰিজত গৱেষণা কৰি থকা দিনৰপৰাই তেওঁ তেওঁৰ গৱেষণাৰ বিষয়বস্তুবোৰ বিজ্ঞান-চৰ্চাৰ লগত জড়িত নথকা সাধাৰণ লোকে বুজি পোৱাকৈ লিখিবলৈ লৈছিল৷ ইংলেণ্ডত থাকোঁতেই তাৰ স্থানীয় আলোচনীত প্ৰকাশ পোৱা তেওঁৰ এনে ৰচনাসমূহ পঢ়ুৱৈয়ে আদৰি লৈছিল৷ ভাৰতলৈ অহাৰ পাছত বিজ্ঞান জনপ্ৰিয়কৰণৰ প্ৰতি তেওঁৰ হেঁপাহটো যেন বাঢ়িহে গ’ল৷ ইংৰাজীৰে বাহিৰেও তেওঁ নিজৰ মাতৃভাষা মাৰাঠী আৰু হিন্দীতো নানা প্ৰবন্ধ প্ৰকাশ কৰিবলৈ ল’লে৷ ৰেডিঅ’ আৰু দূৰদৰ্শনৰ যোগেদিও তেওঁৰ কথিকা প্ৰচাৰ হ’ল৷ কল্পকাহিনী লেখক কাৰ্ল ছাগানৰ ‘কছ্‌মছ্‌’ নামৰ ধাৰাবাহিকখনৰ ধাৰাভাষ্যকাৰৰূপত অৱতীৰ্ণ হৈ হিন্দীভাষাত দিয়া তেওঁৰ টিপ্পনীয়ে ভাৰতীয় দৰ্শকক মুগ্ধ কৰিলে৷ তেওঁৰ প্ৰৰোচনাত ভাৰত চৰকাৰেও ‘ব্ৰহ্মাণ্ড’ নাম দি গ্ৰহ-নক্ষত্ৰ-বিশ্বব্ৰহ্মাণ্ডৰ সম্পৰ্কে ১৭ খণ্ডৰ ধাৰাবাহিক এখন নিৰ্মাণ কৰি প্ৰচাৰ কৰালে৷ এই ধাৰাবাহিকখনৰ পৰিকল্পনাৰ সম্পূৰ্ণ দায়িত্ব নাৰ্লিকাৰক দিয়া হৈছিল৷ কল্পকাহিনী ৰচনা কৰিও তেওঁ বিজ্ঞানৰ প্ৰচাৰ কাৰ্য চলাই আছিল৷ সুদক্ষ বক্তা হিচাপে দেশৰ বিভিন্ন অনুষ্ঠানত ভাষণ দি শ্ৰোতাক আপ্লুত কৰিছিল৷

এই চেগতে নাৰ্লিকাৰৰ দুবাৰ ডিব্ৰুগড় ভ্ৰমণৰ কথা জনাব খুজিছোঁ৷ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ হৈ নতুন সহস্ৰাব্দটোক আদৰণি জনাবলৈ পদাৰ্থবিজ্ঞানৰ দুটামান বিষয়ত এলানি বক্তৃতাৰ আয়োজন কৰি ভাৰতৰ আগশাৰীৰ বিজ্ঞানীক আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰিছিলোঁ৷ প্ৰথমটো বক্তৃতা ২০০০ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হৈছিল আৰু বক্তৃতাটো দিছিল বাংগালোৰৰ অধ্যাপক এন. মুকুন্দই৷ দ্বিতীয় সহস্ৰাব্দ-বক্তৃতাটো দিবলৈ আমি ড০ নাৰ্লিকাৰক নিমন্ত্ৰণ জনাইছিলোঁ৷ একে সময়তে উত্তৰ-পূব পদাৰ্থবিজ্ঞান একাডেমিয়ে তৃতীয় বাৰ্ষিক অধিৱেশনখন আয়োজন কৰিছিল৷ সেয়েহে ২০০২ চনৰ ৭ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ড০ নাৰ্লিকাৰক আমি অতিথি অধ্যাপকৰূপে পোৱাৰ সৌভাগ্য ঘটিছিল৷ সহস্ৰাব্দৰ বক্তৃতাটো তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘ৰংঘৰ’ প্ৰেক্ষাগৃহত প্ৰদান কৰে বিশ্বব্ৰহ্মাণ্ড তত্ত্বৰ সম্পৰ্কেই– পিছে সাধাৰণ মানুহে বুজি পোৱাকৈ, কাৰণ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰি চহৰৰ বহু গণ্য-মান্য লোকেও এই সুবক্তা বিজ্ঞানীজনক চাবলৈ আৰু শুনিবলৈ হেঁপাহ কৰিছিল৷ তদুপৰি ৮ নৱেম্বৰৰ দিনা তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়ৰ ছাত্ৰ, শিক্ষক আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ লগত অন্তৰংগ আলাপত মিলিত হৈ পদাৰ্থবিজ্ঞানৰ অনেক বিষয়ত আলোকপাত কৰে৷ তেখেতৰ সহজ-সাৱলীল প্ৰকাশভংগী আৰু অমায়িক আচৰণে বিজ্ঞানী আৰু সাধাৰণ মানুহৰ মাজৰ প্ৰাচীৰখন ভাঙি পেলাইছিল৷ ৯ নৱেম্বৰত তেওঁ ‘Recent Problems in Astrophysics and Cosmology’ শীৰ্ষক বক্তৃতাৰে উত্তৰ-পূব পদাৰ্থবিজ্ঞান একাডেমিৰ তৃতীয় বাৰ্ষিক সন্মিলনখন উদ্বোধন কৰে৷ এই জনপ্ৰিয় বিজ্ঞানীগৰাকীৰ আগমনত বাতৰি কাকতসমূহেও উৎসাহ প্ৰকাশ কৰি বাতৰি উলিয়ায় আৰু তেওঁৰ কৰ্ম আৰু জীৱন  সম্বন্ধে আলোকপাত কৰি প্ৰবন্ধ-পাতি প্ৰকাশ কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জীত নৱেম্বৰ মাহৰ এইকেইটা দিন স্মৰণীয় হৈ ৰৈছে৷

প্ৰায় ১৫ বছৰৰ পাছত ‘Cosmology, Astrophysics and High Energy Physics’-অৰ conference এখনলৈ আহি নাৰ্লিকাৰ দ্বিতীয়বাৰৰ কাৰণে আমাৰ বিশ্ববিদ্যালয়ত পদাৰ্পণ কৰিলে৷ এইবাৰ তেওঁ সস্ত্ৰীক আহিছিল আৰু আমাৰ নতুন অতিথিশালাত তেখেতসকলৰ থকাৰ ব্যৱস্থা কৰা হৈছিল৷ সন্মিলনত তেখেত ব্যস্ত আছিল যদিও তাৰ মাজতে এটা লোকবোধ্য বক্তৃতাৰ আয়োজন কৰা হৈছিল৷ আকাশবাণীৰ অনুৰোধত মই তেখেতৰ সাক্ষাৎকাৰ এটা ল’বলৈ সুবিধা পাইছিলোঁ৷ দিনটোৰ পৰিশ্ৰমৰ পাছত তেখেত ভাগৰুৱা হৈ পৰিলেও নিৰ্দিষ্ট সময়তে তেখেতে আমাৰ লগত বাৰ্তালাপ কৰিছিল৷ ভাৰতৰ শিক্ষাব্যৱস্থা, ভাৰতত বিজ্ঞানৰ বিকাশৰ দিশকে ধৰি নানা বিষয়ত তেখেতে মুকলিকৈ মত প্ৰকাশ কৰিছিল৷ সাক্ষাৎকাৰটোৰ পাছত মোক লগ দিয়া আকাশবাণীৰ বিষয়া খুৰছিদ আহমেদে কৈছিল, ‘ঋষিতুল্য মানুহ এজনক লগ পোৱাৰ সৌভাগ্য হ’ল৷’

 মন কৰিবলগীয়া যে তেওঁ নিৰৱচ্ছিন্ন আৰু একাণপতীয়া বিজ্ঞান জনপ্ৰিয়কৰণৰ প্ৰচেষ্টাৰ আন্তৰ্জাতিক স্বীকৃতিয়েই হৈছে UNESCO-ই প্ৰদান কৰা কলিঙ্গ বঁটাটো, ইণ্ডিয়ান ছায়েন্স একাডেমিৰ ইন্দিৰা গান্ধী বঁটা আৰু সাহিত্য একাডেমিৰ ‘একাডেমি বঁটা’ (মাৰাঠা সাহিত্য, ২০১৪ চন)৷ তদুপৰি বৈজ্ঞানিক ক্ষেত্ৰলৈ আগবঢ়োৱা স্বীকৃতিসমূহ আছেই – ভাৰতৰ ভাটনগৰ  বঁটা, এম পি বিড়লা বঁটা, কেম্ব্ৰিজৰ আদামছ্‌ প্ৰাইজ আদি; ভাৰতৰ তিনিখন বিজ্ঞান একাডেমিৰ সন্মানীয় সদস্যপদ, লণ্ডন্‌ছ ৰয়েল এষ্ট্ৰ’ন’মিকেল ছ’চাইটিৰ Associate, French Astronomical Society-ৰ Prix Janssen, ভাৰত চৰকাৰৰ তৃতীয় আৰু দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’(১৯৬৫) আৰু ‘পদ্ম বিভূষণ’ (২০০৪)৷

কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ এগৰাকী অগ্ৰণী ভাৰতীয় বিজ্ঞানী হিচাপে তেওঁ চিৰদিন স্মৰণীয় হৈ ৰ’ব৷                    

 

ড
লেখকৰ পৰিচয়

ড০ পৰমানন্দ মহন্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)