৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আহঁতগুৰিৰ নতুন চিনাকি

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য • প্ৰকাশিতঃ ৩১ ডিচেম্বৰ, ২০২২
৫ মিনিট পঠন • ২৭৮৪ বাৰ পঢ়া হৈছে

 নৱনীতা ভট্টাচাৰ্য্য

 

আজি কিছুদিনৰ পৰা আহঁতগুৰিৰ এৰা গছকেইজোপা একেবাৰে গপতে ওফন্দিয়ে আছে৷ সিহঁতৰ ফিতাহি মৰা কথা কিনো শুনিবা৷ এদিনটো এজোপা এৰাগছে কৈয়ে পেলালে, “বোলে, আহঁতগুৰিত আমাৰ দৰে বৃক্ষ পাবলৈ নাই!” কথাষাৰ কাৰো হজম নহ’ল, কিন্তু কি কৰিব, আহঁতগুৰিৰ আহঁতগছজোপা কটাৰ দিন ধৰি সিহঁত নিঠৰুৱা হৈ পৰিছে৷ সেইবাবে মন গ’লেও মুখ ফুটাই একো ক’ব নোৱাৰা হ’ল৷ যিয়ে নিজৰ পৰিচয়েই হেৰুৱাই পেলাইছে তাৰ বাবে এই দুখনো কি দুখ! অৱশ্যে আজিও সকলোৱে ঠাইখনক আহঁতগুৰি বুলিয়ে কয়৷ পিছে আগৰ সেই গহীন পৰিৱেশ নাই৷ কেনেকৈনো হ’ব আজি কিমান দিন হ’ল গছজোপা কটাৰ! কথাতে কয় নহয় গছ নথকা ঠাইত এৰাগছেই বৰগছ বুলি৷ তাকেই মানি লৈ আহঁতগুৰিৰ সকলো জীৱ-জন্তুৱেই এদিন নহয় এদিন সু-দিন ঘুৰি আহিব বুলি মনে মনে সকলো সহ্য কৰি আছে৷

অ’ আহঁতগুৰিৰ বিষয়ে ইমানবোৰ কথা ক’লো, কিন্তু ঠাইখনৰ চিনাকিটোহে দিয়া হোৱা নাই৷ সোণটিৰ ঘৰৰ পৰা পোনে পোনে গ’লেই যিটো তিনিআলি পোৱা যায় সেই তিনিআলিটোৰ নামেই আহঁতগুৰি৷ দৰাচলতে আজিৰ পৰা বহু বছৰ আগৰে পৰা মানে সোনটিৰ ককাকৰ মনত থকা দিনৰে পৰা তাত এজোপা বৃহৎ আহঁতগছ আছিল৷ কিন্তু কিছুদিন আগতে পথটো বহলোৱাৰ নামত গছজোপা কাটি পেলোৱা হ’ল৷ সেইদিনাৰ পৰাই এৰা গছকেইজোপাৰ এই আচৰণ৷ পিছে আজি আহঁতগুৰিত এনে এটা ঘটনা ঘটিল যে এক পলকতে এৰা গছেকইজোপাৰ দৰ্প চূৰ্ণ হ’ল৷ দৰাচলতে সিদিনাখন আহঁতগুৰিৰ কেইজনমান সচেতন লোকে সেই তিনিআলিটোতে আহঁতগছৰ পুলি এটা ৰুইছিল৷ গছজোপা কটাৰ আজি বহুত দিনেই হ’ল, তথাপি গছজোপাৰ উপকাৰ কোনেও পাহৰিব পৰা নাই। সেইবাবেই হয়তো তিনিআলিটোৰ দাঁতিতে পুনৰ গছ এজোপা ৰোৱাৰ সিদ্ধান্ত লৈছিল৷ নতুন আলহী অহা দেখি তিনিআলিটোত থকা সকলো জীৱ-জন্তুৰ মন উলাহেৰে ভৰি পৰিছিল৷ পিছে এৰা গছ কেইজোপাইহে লাজতে মূৰ তুলিব পৰা নাই। তাকে দেখি সকলোৰে মাজত বু-বু বা-বা চলিল৷ আহুকাণে-পহুকাণে কথাটো পলমকৈ হ’লেও গৈ বামুণ ভেকোলাৰ কাণত পৰিল৷ ক’ত নো কি ঘটিছে তাকে চাবলৈ বুলি সিও কেপো-জেপোকৈ পাৰলৈ উঠি আহিল। পিঠিত নোম গজা বামুণ ভৈকোলাক বাহিৰত দেখি সকলো আহি গোট খালেহি। বুঢ়া হোৱাৰে পৰা ভেকোলাই তেনেকৈ বাহিৰলৈ ওলোৱা-সোমাৱা নকৰাই হৈছে৷ আজি বাহিৰলৈ ওলাইছে যেতিয়া কথা কিছু গধুৰেই হ’ব৷ সেইবাবে সকলোৱে সমস্বৰে বাহিৰলৈ ওলোৱাৰ কাৰণটো সুধিলে৷

তাকে শুনি ভেকোলাই ক’লে, “বোলোঁ, ইমান দিনে ফিটাহি মাৰি ফুৰা এৰা গছেকইজোপাৰনো কি হ’ল তাকে চাবলৈহে ওলাই আহিলো? পিছে কথা গুৰিত৷”

ভেকোলাৰ কথা শুনি সকলো আচৰিত হ’ল৷ ক’ত নো কি ঘটিল তাকে জানিবলৈ ভেকোলাৰ মুখলৈ

বাট চাই ৰ’ল৷ ধৈৰ্য ধৰিব নোৱাৰি ফৰিঙে মাত লগালে, “পিছে উৰহী গছৰ ওৰ ক’ত আমি হ’লে ধৰিব পৰা নাই। অলপ বহলাই কোৱাঁচোন৷”

“কথাটো তেনেই উজু। তোমালোকেহে গমি-পিতি চোৱাত ভুল কৰিছা৷ আমাৰ ঠাইখনে পুনৰ ঠিকনা বিচাৰি পালে৷ আৰু কিছুদিন অপেক্ষা কৰাঁ, সেই সোণালী দিন পুনৰ ঘুৰি আহিব৷ তাকে দেখি মিছা গপত ওফন্দি থকাবিলাকৰ ভয়তে হাত-ভৰি পেটত লুকাইছে চাগে৷” ফৰিঙৰ কথা শুনি ভেকোলাই ক’লে।

ভেকোলাৰ কথাৰ পাক বুজি নাপাই উঁইচিৰিঙাটোৱে ক’লে, “সাঁথৰ এৰি আচল কথাটো কোৱাঁ?” 

“তোমালোকে দেখিছো কথাবোৰ বুজিয়েই পোৱা নাই৷ এই সকলোবোৰ নতুন আলহীৰ কৃপাতে সম্ভৱ হৈ উঠিছে৷” কথাষাৰ কৈ বামুণ ভেকোলাটো গছপুলিটোৰ ওচৰলৈ গ’ল আৰু ক’বলৈ আৰম্ভ কৰিলে, “এই গছপুলিটো দেখিছা নহয়৷ ই কোনো সাধাৰণ গছপুলি নহয়। এইটো হ’ল আহঁতগছৰ পুলি, আঁহতগুৰিৰ প্ৰকৃত চিনাকি। আৰু কিছুদিন অপেক্ষা কৰাঁ, এই অকণমানি গছপুলিটো অতি সোনকালে লহ-পহকৈ বাঢ়ি আহি বৃক্ষৰ ৰূপ ল’ব৷ আঁহত গছজোপাৰ নামাৰে জানো আমাৰ এই ঠাইখনৰ নাম আঁহতগুৰি নহয়৷ সেই সূত্ৰে আমি হ’লোঁ আঁহতগুৰিৰ বাসিন্দা৷ আনে যিমানেই ওফাইডাং মৰা কথা নকওক কিয়, কোনোবাই জানো আঁহতগছজোপাৰ ঠাই ল’ব পাৰিব৷ কোনোবাই জানো আমাক সেই চিনাকি দিব পাৰিব৷ এতিয়াৰ পৰা আমি সুৰক্ষিত৷ যোৱা সকলোৱে নিজৰ কামত ধৰাগৈ৷”

ভেকোলাৰ কথা শুনি সকলোৰে মনৰ দ্বিধা আঁতৰিল৷ সিদিনাখনৰ পৰা এৰা গছকেইজোপায়ো ওফাইডাং মৰি নুফুৰা হ’ল৷ আঁহতগুৰিলৈ অতি সোনকালে সু-দিন ঘুৰি আহিব বুলি জানি আমিও সন্তুষ্ট হৈ গুচি আহিলোঁ৷

 

ঠিকনা :

বেলতলা তিনিআলি

 ফোন : ৯৮৬৪২৩৩৩৫০

ন
লেখকৰ পৰিচয়

নৱনীতা ভট্টাচাৰ্য্য

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)